ourheritage123@gmail.com +91 0361-2636365

Current issue

ঘেৰিয়া বেৰিয়া কানাই মাৰে পিচকাৰী, ভিজি যায় ৰাধাৰাণীৰ নীলাম্বৰী শাৰী

লেখিকা - ভাস্বতী কলিতা


‘ফাকুৱাৰ ৰঙে কলিজাৰ ৰং
একাকাৰ হ’ল ফাগুনত 
জীৱনৰ ৰং আবিৰৰ স’তে
উৰিল ফাগুণী বতাহত....’
ঋতুৰাজ বসন্তৰ সুবাস লাগি থকা, পলাশ, শিমলুৰ প্ৰেমৰ বৃষ্টিত তিতি মন-প্ৰাণ পুলকিত কৰি তুলিবলৈ ফাগুণ আকৌ আহিল৷ বসন্তৰ এনেহেন ৰঙীণ উতলা দিনতে হেনো বৃন্দাবনত শ্ৰীকৃষ্ণই খেলিছিল ৰঙৰ উৎসৱ হোলী৷ দুষ্কৃতিক দমন কৰি সংস্কৃতি স্থাপন কৰাৰ উদ্দেশ্যেৰে নৱৰূপ ধাৰণ কৰা পূৰ্ণব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণই হৈছে ফল্গু উৎসৱৰ মহানায়ক৷  বিশ্বৰ প্ৰান্তে প্ৰান্তে ৰাধা আৰু কৃষ্ণৰ প্ৰেমৰ সুবাস লাগি থকা হোলী গীতসমূহৰ মাদকতা অপূৰ্ব৷ কৃষ্ণই প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত ৰাধাক তুলনা কৰি গোৱা বসন্তকালীন গীতসমূহ ভাৰতবৰ্ষৰ বহু ঠাইতে প্ৰচলন আছে৷ ঠাই বিশেষে প্ৰায়বোৰ হোলী গীতৰে প্ৰাণকেন্দ্ৰ আৰু মূল আধাৰ হৈছে ৰাধা ৰাণীৰ ৰূপ বৰ্ণনা, প্ৰেমৰ বৰ্ণনা আৰু বসন্তকালীন প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনা৷ ভাৰতবৰ্ষৰ পশ্চিমবংগৰ ফালে, ঋতুৰাজ বসন্তৰ এনে দিনতে বহু বসন্তকালীন গীত গুঞ্জৰিত হয়, য’ত ৰাধাৰ ৰূপৰ বৰ্ণনায়েই মূল- 
“পলাশেৰ ৰঙে আকাশ ভৰে
ৰাধাৰ বিয়াকুল মন৷
আবিৰে আবিৰে ৰঙেৰ মেলা
প্ৰেমেৰ ৰাগে বিয়াকুল গোপী গণ৷”
আৰু যেনে-
“ৰাধা ৰাণীৰ ৰূপ ঝৰে
ফাগুনেৰ বাতাসে..
সেই বাতাসেৰে লহৰে লহৰে
কৃষ্ণৰ প্ৰেম ঝৰে৷”
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বহু বসন্তকালীন গীতত কৃষ্ণ-ৰাধাৰ ভিন্ন স্বাদৰ ৰসৰ বৰ্ণনা আছে৷ যেনে- 
“ওগো ফাগুন
মনে ধৰেছে আগুণ
ৰাধা জয় পৰে
তুসেৰ নিশ্বাস ধৰে৷”
অসমৰ সৰ্বত্ৰে সঘনাই উচ্ছাৰিত এক প্ৰবাদ বাক্য হ’ল-
“কোচবিহাৰৰ ৰাস
গৌৰীপুৰৰ বলি
আৰু বৰপেটাৰ হোলী৷”
কৃষ্ণকেন্দ্ৰিক উৎসৱ দেউল বা হোলী উৎসৱক কেন্দ্ৰ কৰিয়েই বৰপেটাত অমিয়া ৰসেৰে সমৃদ্ধ হোলী গীতসমূহৰ প্ৰচলন যুগ-যুগান্তৰৰ৷ এক নিজস্ব স্বকীয়তা বহন কৰা বৰপেটাৰ হোলী গীতৰ মাজেৰেই যেন ফাগুন ধৰালৈ ধীৰে ধীৰে নামে৷ মন প্ৰাণ উতলা কৰা এই উৎসৱত যেন হোলী গীতৰ লহৰে দুগুণে ৰং চৰায়৷ বুৰঞ্জীয়ে কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত পদত সুৰাৰোপিত কৰিয়েই প্ৰথম অসমীয়া হোলী গীতৰ সৃষ্টি৷ অতিকৈ শ্ৰুতিমধুৰ হোলী গীতসমূহ প্ৰেম, বিৰহ, ভক্তিৰস আদিৰে ভৰপূৰ৷ ঋতুকালীন এই বসন্ত উৎসৱৰ সময়ত মনুষ্যই জীৱনৰ সমস্ত দুখ-কষ্ট পাহৰি নিজকে বিলীন কৰে এই গীতসমূহৰ মাজত-
“আকুলিত মন প্ৰাণে খেলে হোলী
জনে জনে..
দুখ দূৰ কৰা হৰি দুখ অন্তকাৰী৷”
কৃষ্ণই ৰাধাৰ সংগে হোলী খেলাৰ অনুপম বৰ্ণনাও আছে  হোলী গীতত, যেনে- 
“হোলী খেলায় হৰি ব্ৰজৰ নগৰীত 
বাউলী গোপিকা সঙ্গে মাৰি পিচকাৰী৷”
বৰপেটাত প্ৰচলিত হোলী গীতসমূহতো ৰাধাৰ ৰূপৰ বৰ্ণনা বাৰুকৈয়ে স্পষ্ট-
“ৰাধে সুন্দৰী
আবিৰ ৰঙে যেনে
মোহনীয়া ৰূপ দেখি 
কৃষ্ণয় কৰে ৰংগে৷” 
সৰ্বজনবিদিত লোকসংস্কৃতি, লোক পৰম্পৰা, লোকগীত-মাতৰ ধাৰাই অতীতৰ বুৰঞ্জীক বুকুত খোদিত কৰি লয়৷ যাৰ বাবে তাহানিৰ ঐতিহ্যক এতিয়া স্পষ্ট ৰূপত আমি অনুধাৱন কৰোঁ৷ বৰপেটাৰ হোলী গীতসমূহেও পুৰণি বৰ অসমৰ বহু অজান কাহিনী প্ৰকাশ কৰে৷ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত কোনো স্বদেশপ্ৰেমী অজ্ঞাত গীতিকাৰে হোলী গীতৰ মাজেৰে অতি সুন্দৰকৈ গান্ধীজীৰ দেশপ্ৰেমৰ বৰ্ণনা কৰি থৈ গৈছে-
“গান্ধী ওলাইছে 
ওলায়ে গোলমাল লগাইছে 
গান্ধী নাম কি নৌকা খালী 
জৱাহৰ নাম কি বৈঠা
স্বৰাজ আমি ল’বা লাগে
যঁতৰত সূতা কটা৷”
বিশ্বৰ ঠাই বিশেষে ভোজপুৰী, বিহাৰী, বেংগলী আদি সংস্কৃতিৰ লোকসমূহৰ হোলী গীতটো ৰাধা মূল আধাৰ৷ কৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ অমৃত জোৱাৰকে আদি কৰি বসন্তৰ ৰূপে তলবল কৰা ৰাধাৰ ৰূপৰ বৰ্ণনাও এই গীতসমূহত স্পষ্ট৷ মুঠতে বিশ্বৰ প্ৰায়বোৰ বসন্তকেন্দ্ৰীক উৎসৱত গোৱা হোলী গীতসমূহত ৰাধাৰ বৰ্ণনা স্পষ্ট৷ জ্যেষ্ঠজনে কয়- “কৃষ্ণৰ অপৰূপ লীলা, বসন্তোল্লাস আৰু ভক্তি মিশ্ৰিত ভাবোচ্ছাসৰ হোলী গীতবোৰ কিন্তু এসময়ত অকল পুৰুষসকলৰহে একচেটিয়া সম্পত্তি আছিল৷ কিন্তু ৰাধাবিহীন কৃষক সৰ্বভাৰতীয় কৃষ্ণ সংস্কৃতিয়ে জানো কল্পনা কৰিব পাৰিব? সেয়ে পিছলৈ হোলী গীতৰ পৰিৱৰ্তন হ’ল৷ নৰ-নাৰী সৰ্বজনে ৰাধা-কৃষ্ণ উভয়ৰে বৰ্ণনা আৰু ভক্তিৰস বোৱাই ন-ৰূপত হোলী গীতসমূহক এক সুকীয়া বৈশিষ্ট্য আনি দিলে৷ নবীন গীতিকাৰসকলেও ৰাধাকেন্দ্ৰীক বসন্তৰ গীতৰ সৃষ্টি কৰি ইয়াৰ অমিয়া ধাৰা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ বোৱাই দিলে-
“ঘেৰিয়া ঘেৰিয়া কানাই
মাৰে পিচকাৰী,
ভিজি যায় ৰাধা ৰাণীৰ 
নীলাম্বৰী শাৰী৷”
ৰঙৰ উৎসৱ হোলীয়ে সকলোৰে জীৱনত সুখ-সমৃদ্ধি আৰু শান্তিৰ ৰং সানক৷ এই আশাৰে সকলোলৈ হোলীৰ শুভেচ্ছা জনালোঁ৷