ভাস্বতী কলিতা
অসমৰ বিখ্যাত ডুবি দেৱালয় বৰপেটা জিলাৰ পাঠশালাৰ ডুবি নামৰ এখন গাঁওত অৱস্থিত৷ জনশ্ৰুতিমতে, এই দেৱালয়ৰ বিগ্ৰহ খোদিত অঞ্চল দুৰ্বলা নামেৰে এখন সৰু পাহাৰেৰে আবৃত আছিল৷ সময়ৰ সোঁতে সেই পাহাৰখন খণ্ডন কৰে আৰু ভাস্কৰ্যসমূহ ডুবি যায় আৰু সেই মৰ্মে সেই ঠাইখনৰ নাম ডুবি হয়৷ ইয়াৰ উপৰিও ডুবি শব্দৰ আভিধানিক অৰ্থ হ’ল- বিলৰ মাজৰ দ ঠাই৷ ডুবি গাঁওৰ ওচৰেদি পুষ্পভদ্ৰা নদীৰ এটুকুৰা দ ঠাই আছে বাবেও ডুবি বুলি জনা যায়৷ সৰ্ব-কৰ্ম মনোবাঞ্চা পূৰণ হোৱা এই দেৱালয়খন পৰিহৰেশ্বৰ আৰু বুঢ়া গোঁহাইৰ থান বুলিও বিখ্যাত৷ বুৰঞ্জীৰ মতে তথা কুমাৰ ভাস্কৰ বৰ্মাৰ তাম্ৰলিপিয়ে প্ৰমাণ কৰে যে শৈৱপীঠ এই দেৱালয়খন স্বৰ্গদেউ শিৱ সিংহই প্ৰতিষ্ঠা কৰিছিল৷ এই দেৱালয়খনত পৌৰাণিক স্মৃতিচিহ্ন হিচাপে শিৱ গোঁসাইৰ বিগ্ৰহ, লিংগপীঠ, গৌৰীপীঠ, দুৰ্গা মূৰ্তি, বলৰাম, বিষ্ণু, শিৱ-পঞ্চাননৰ মূৰ্তি, তাম্ৰপত্ৰ আছে৷ ডুবি দেৱালয়ৰ মূল শিৱৰ বিগ্ৰহটো প্ৰায় ২১০ বৰ্গফুট আয়তনৰ গহ৩১ৰ ভিতৰত এচটা শিলৰ ওচৰত সংলগ্ন হৈ আছে৷ ভূপৃষ্ঠৰ পৰা প্ৰায় ১২ ফুটমান তলত এই বিগ্ৰহটো অৱস্থিত৷ পূজাৰ সময়ত দিয়া সকলো জলপুষ্প শিলেৰে নিৰ্মিত নলাৰে গৈ উত্তৰফালে থকা পুখুৰীত পৰাৰ ব্যৱস্থা আছে৷
দেখা যায় পৃথিৱীৰ সকলো মঠ, মন্দিৰ, দেৱালয়, সত্ৰ আদিকে কেন্দ্ৰ কৰি অনেক অযুত লোকবিশ্বাস আৰু জনশ্ৰুতি থাকে৷ ডুবি দেৱালয়ো ইয়াৰ ব্যতিক্ৰম নহয়৷ ডুবি দেৱালয়ৰ সুন্দৰ কেতেকীবাৰীখনক লৈ জনশ্ৰুতিয়ে কয়- এবাৰ হেনো এগৰাকী দেৱদাসীৰ তাল ভংগ হৈ খোপাৰ কেতেকী ফুল সৰি পৰিল৷ তাতেই অসন্তুষ্ট হৈ মহাদেৱে দেৱদাসী গৰাকীক মৰ্ত্যত আহি কেতেকী ফুল হৈ ফুলি দহি দহি আনক সুগন্ধি বিলোৱাৰ অভিশাপ দিছিল৷ আৰু সেই বিশ্বাসমতেই কেতেকীবাৰীৰ সৃষ্টি৷ ডুবি দেৱালয়ৰ চৌহদত এডাল বহু পুৰণি তাল গছ আছে৷ লোকবিশ্বাসমতে- ‘হাজোৰ শাল আৰু ডুবিৰ তাল যেতিয়া দেখাদেখি হ’ব, তেতিয়াই বৰ্তমান মৰানদী নাম পোৱা পুষ্পভদ্ৰা নদীখন ব’বলৈ ল’ব৷’
ঐতিহ্যপূৰ্ণ জাগ্ৰত ডুবি দেৱালয়ৰ বিষয়ে ভাস্কৰ বৰ্মাৰ তাম্ৰলিপিৰ পৰা অনেক কথাৰ উমান পোৱা যায়৷ তাম্ৰলিপিৰ বৰ্ণনামতে এই মন্দিৰৰ অস্তিত্ব প্ৰায় বিলুপ্তিয়েই হৈছিল৷ কিন্তু ওঠৰশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে ধৰ্মবৰ নামৰ ব্ৰাহ্মণ এজনে কপিলী গাই এজনীয়ে বিৰিণা এজোপাৰ ওপৰত গাখীৰ দান কৰাৰ পম খেদি দেৱালয়ৰ বিগ্ৰহটো পুনৰ উদ্ধাৰ কৰে৷ আহোম ৰজা শিৱ সিংহৰ ৰাজত্বকালত বিগ্ৰহটো উদ্ধাৰ হয় আৰু ৰজা লক্ষ্মী সিংহৰ দিনত মন্দিৰটো নতুনকৈ সজোৱা হয়৷
দেৱদাসী নৃত্যৰ পৰম্পৰাৰ বাবে ডুবি দেৱালয় সেই তাহানিৰ পৰাই বিখ্যাত৷ এচাম পণ্ডিতৰ মতে শিৱ ভক্ত দ্ৰাবিড়সকলেই ভাৰতবৰ্ষলৈ দেৱদাসী প্ৰথা আনে আৰু এনেকৈয়ে আমাৰ অসমতো বিয়পে৷ দেৱতাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে পৰিৱেশন কৰা এই নৃত্যৰ কথা দশম শতিকাত কহলন ৰচিত ৰাজতৰঙ্গিনীত তথা কালিকা পুৰাণ, যোগিনী তন্ত্ৰতো সুন্দৰ বিৱৰণ আছে৷ জ্যেষ্ঠজনে কয়- স্বৰ্গদেউ শিৱ সিংহৰ দিনৰে পৰা ডুবি দেৱালয়ত দেৱদাসীসকলে ভিন্ন নৃত্যভংগীৰে শিৱক সন্তুষ্ট কৰাৰ উদ্দেশ্যে এই নৃত্যৰ পৰম্পৰাৰ পাতনি মেলে৷
বুৰঞ্জীৰ পাতে কয়- দেৱালয়ত পূৰ্বতে সাধাৰণতে দুবাৰ দেৱদাসী নৃত্য পৰিৱেশনৰ নিয়ম আছিল৷ দুপৰীয়া পূজাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়ত৷ দেৱদাসীসকলে নৃত্য পৰিৱেশন শেষ নোহোৱালৈকে ব্ৰতচাৰিণী হৈ থাকিব লাগিছিল৷ প্ৰত্যেক বাৰতে প্ৰায় এঘণ্টা কাল নাচিব লাগিছিল৷ ইয়াৰ ব্যতিক্ৰম হ’লে দেৱদাসীসকলে কঠোৰ দণ্ডৰো সন্মুখীন হৈছিল৷ নাচিবলৈ অসমৰ্থ হোৱা দেৱদাসীয়ে দেৱালয়ৰ দেৱতাক আঠুকাঢ়ি প্ৰণিপাত জনাই থাকিব লাগিছিল৷ দেখা যায়, ভিন্ন অজ্ঞাত কাৰণত এখন সমাজৰ সংস্কৃতিৰ ধাৰা বিলুপ্ত হয়৷ দেৱদাসী নৃত্যৰ বিলুপ্তিৰ আঁৰৰো বহু কাৰণ আৰু কাহিনী আছে৷ জানিব পৰামতে বৰ্তমান দেৱালয়ত প্ৰচলিত দেৱদাসী নৃত্যৰ ২২টা নৃত্যৰ ভংগিমা আৰু ১২টা তালৰ বোল পুনৰ উদ্ধাৰ হৈছে৷ ডুবিৰ বহুতো জ্ঞানী-গুণী লোকৰ তত্বাৱধানত তথা নৱপ্ৰজন্মৰ চেষ্টাৰ ফলত দেৱদাসী নৃত্য পুনৰ প্ৰাণ পাই উঠে৷ এয়া এক শুভ লক্ষণ৷ পূৰ্বৰ কালৰে পৰা প্ৰায়বোৰ ধম¹য় অনুষ্ঠানসমূহত বাৰ্ষিক উৎসৱ অনুষ্ঠানৰ দস্তুৰ আছে৷ ডুবি দেৱালয়তো দৌলযাত্ৰা, জন্মাষ্টমী, পূৰ্ণিমা তিথি, বিহু উৎসৱ, শিৱ পূজা, বিষ্ণু পূজা, লক্ষ্মী পূজাৰ লগতে প্ৰতিবছৰে শাৰদীয় দুগাৰ্ পূজাও পালন কৰা হয়৷ জ্যেষ্ঠ লোকসকলৰ বক্তব্যমতে ডুবি দেৱালয়ৰ দুৰ্গা পূজাৰ এক বিশেষ তাৎপৰ্য আছে৷ শিৱ সিংহৰ ৰাজত্বকালত দুৰ্গাপূজাৰ সময়ত ৰজাই শক্তি পাবলৈ নৰবলি দিয়াৰ প্ৰথাও আছিল বুলি স্পষ্ট কৰে৷ কিন্তু সময়ত এই নিয়ম সলনি কৰে৷ দুৰ্গা পূজাৰ সময়ত দেৱালয়ত এতিয়া বিশেষ ধৰণৰ অৰ্ধৰাত্ৰিৰ বলি দিয়াৰ প্ৰথা আছে৷ দুৰ্গা পূজাৰ সময়ত ইয়াত আমিষ ভোগ দিয়াৰ ব্যৱস্থা আছে৷ মাঘ মাহত এই দেৱালয়ত মাঘী মেলাৰ আয়োজন হয়৷ ‘পাৰসুঁৱেৰী’ উৎসৱ পালন কৰে ব’হাগ মাহত৷ বিয়াৰ পৰা আৰম্ভ কৰি মনুষ্য জীৱনৰ মাঙ্গলিক পৰ্যায়ৰ ভিন্ন অনুষ্ঠান, পূজা-পাতল আদিও সামাজিকভাৱে দেৱালয়ত অনুষ্ঠিত হয়৷ অতি জাগ্ৰত আৰু ভক্তৰ সৰ্ব মনোবাঞ্চা পূৰ্ণ হোৱা বাবেই গোটেই বছৰজুৰি ইয়াত লোকৰ সমাগম হয়৷ দুৰ্গা পূজাৰ সময়তো স্থানীয় লোকৰ উপৰিও দূৰ-দূৰণিৰ ভক্ত আহি দেৱালয়ত প্ৰণাম জনায়৷ জানিব পৰামতে, দুৰ্গা পূজাৰ সময়ত ইয়াত কোনো বিশেষ দুৰ্গা মূৰ্তি নানে, মূল বিগ্ৰহতে ষষ্ঠীৰ পৰা দেৱী বিসৰ্জন দিয়ালৈ অথাৰ্ৎ নৱমীলৈ পূজা-অৰ্চনা কৰা হয়৷ সময়ৰ লগে লগে ডুবি দেৱালয়তো দুৰ্গা পূজাৰ মেলাসদৃশ এক আনন্দমুখৰ পৰিৱেশ হয়৷
এটা জাতিৰ কলা-কৃষ্টিৰ মূল বাহক আৰু পৰিচায়ক হৈছে তেওঁলোকৰ স্থানীয় দেৱালয়, মঠ, মন্দিৰকে আদি কৰি ঐতিহ্যমণ্ডিত ঠাইসমূহ৷ সেয়ে ইয়াক সৰ্বদিশে সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰখাটো প্ৰতিজন নাগৰিকৰে দায়িত্ব৷ কাৰণ অতীতক বাদ দি ভৱিষ্যতৰ দিশে পোহৰ সিঁচা অসম্ভৱ৷