লেখক - ধীৰেণ শইকীয়া
পৃথিৱীৰ সকলো সভ্যতাতে বিভিন্ন দেৱ-দেৱীৰ কল্পনা আৰু পূজা-পাৰ্বণ দেখা যায়। যিকোনো সভ্যতাতে প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এই কাল্পনিক আৰু জনবিশ্বাস থকা দেৱ-দেৱতাৰ পূজা কৰি অহাটো বিভিন্ন জনগোষ্ঠীয় এক পৰম্পৰা। বিশেষকৈ অতীজৰে পৰা অসমৰ জনজাতিসকলৰ মাজতো মাতৃপ্ৰধান ধাৰা এটা আছে। সেই দৃষ্টিৰেও অসমৰ শাক্ত প্ৰবাহত জনজাতীয় মাতৃ উপাসনাৰ সোঁত এটা ক’ব নোৱাৰাকৈয়ে আহি পৰিছে। এই বিষয়ে বিভিন্ন জনশ্ৰুতিমূলক কাহিনীও দেখা যায়। এই দেৱ-দেৱীসকলৰ কিছুমান বিশেষ শক্তি থকা বুলিও বিভিন্ন ধৰ্ম-পুথিসমূহত উল্লেখ। শক্তি সাধনা আৰু শক্তিতত্ত্ব বিষয়টো নৃতাত্ত্বিক বিশ্লেষণৰ আন এটা সুকীয়া ধাৰা। শক্তিবাদৰ লগত কিছু কিছু ক্ষেত্ৰত তন্ত্ৰ-মন্ত্ৰও সংযোগ নথকা নহয়। লোককথা অধ্যয়নৰ ক্ষেত্ৰতো এইসকল ৰহস্যময় দেৱ-দেৱীৰ গৱেষণা আজিও চলি আছে। এই প্ৰবন্ধত তেনে কিছু অৱলোকন কৰা চেষ্টা কৰিছোঁ।
দেৱী দুৰ্গাৰ পূজা মৰ্ত্ত্যত প্ৰচলন কৰে কোনেঃ দেৱী দুৰ্গাৰ পূজা মৰ্ত্যত প্ৰচলন কৰে সপ্তদীপৰ অধীশ্বৰ মহাপৰাক্ৰমী সুৰথ ৰজা। দৈৱক্ৰমে যৱনৰ দ্বাৰা বিতাড়িত সুৰথে অগাধ অৰণ্যত প্ৰৱেস কৰি মহামুনি মেধসৰ আশ্ৰম পাওঁতে মহামুনি মেধসে সুৰথ ৰজাক মহাশক্তি দেৱীৰ দ্বাৰা জগত সৃষ্টি হোৱাৰ ঐতিহাসিক কাহিনীটো কৈছিল। সুৰথে তেতিয়া নদীৰ পাৰত অজস্ৰ বলিদানেৰে দুৰ্গাৰ পূজা কৰিছিল। এই পূজাত দেৱীৰ সন্তুষ্টিৰ বাবে নিজৰ দেহৰ অংগ কাটি তিনি বছৰ তপস্যা কৰিছিল। এই সময়ছোৱাত সুৰথ ৰজা আৰু তেওঁৰ লগত যোৱা সমাধি বৈশ্যক ঋকবেদৰ দেৱীসুক্তক মন্ত্ৰ জপ কৰিছিল বুলি কোৱা হয়, যাৰ অৰ্থ হ’ল সমগ্ৰ বিশ্ব চৰাচৰৰ অধিপতি দেৱীয়েই ঈশ্বৰী।
অসমীয়া সমাজ আৰু সংস্কৃতি গঢ়ি উঠিছে বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ত। সেয়েহে কোৱা হয় অসম জনগোষ্ঠীয়, নৃগোষ্ঠীয় অধ্যয়নৰ বাবে ভঁৰাল। তাহানিৰে পৰা অসম আহোম, কাৰ্বি, ডিমাছা, তিৱা, কোচৰাজবংশী, গাৰো, দেউৰী, ৰাভা, নেপালী, চাহ জনগোষ্ঠী, মৰাণ, মটক, মিচিং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী আদি অলেখ জনগোষ্ঠীৰে ভৰা।
ভাৰতবৰ্ষৰ শক্তিবাদৰ ইতিহাস অনুসন্ধান কৰিবলৈ হ’লে পাঁচ হেজাৰ বছৰৰ আগৰ ইতিহাস অধ্যয়ন কৰিব লাগিব। ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখিছে যে পাঁচ হাজাৰ বছৰতকৈও অধিক কাল আগৰে পৰা পঞ্জাৱৰ হৰপ্পা আৰু সিন্ধু দেশৰ মহেঞ্জদাৰো নগৰত দেৱীৰূপা শক্তিৰ পূজা হোৱাৰ প্ৰমাণ সিন্ধু নদীৰ তীৰত আৱিষ্কাৰ হোৱা অসংখ্য মৃন্ময়ী দেৱী মূৰ্তিৰ পৰা পোৱা গৈছে। ঋকবেদৰ দেৱী সূক্তই এতিয়ালৈকে প্ৰাচীনতম দেৱী মহাত্ম্য সম্পৰ্কীয় শ্লোক বুলি গৃহীত হৈছে। মধ্য যুগত ভাৰতৰ যি চাৰিখন পীঠত শাক্ততন্ত্ৰ ধৰ্মৰ প্ৰাধান্য দেখিবলৈ পোৱা গৈছিল হেৰজ্ৰ তন্ত্ৰমতে সেই চাৰিখন পীঠ হ’ল উদ্দীয়ান(উৰিষ্যা), পুণগিৰি, কামৰূপ আৰু জালন্ধৰ। এসময়ত কামৰূপৰ ভিতৰত আজিকালিৰ অসমৰ উপিৰ ৰংপুৰ, জলপাইগুৰি আৰু মৈমনসিং এই তিনিখন জিলা অন্তৰ্ভূক্ত আছিল। গতিকে এই বৃহৎ ভূমিভাগক দেৱী পূজাৰ ইতিহাস কেইবাহাজাৰ বৰ্ষীয়। জনামতে, মিথিলাৰ পৰা নৰক আহি কামৰূপৰ এই ভূমিভাগত ৰজা হোৱাৰ পাছৰে পৰা কামৰূপ হয়। ইয়াৰ আগতে প্ৰাগজ্যোতিষপুৰহে আছিল। এই বৃহৎ ভূমিভাগৰ নামৰ ক্ৰমটো বহুজনে এনে ক্ৰমত সজায়ঃ প্ৰাগজ্যোতিষপুৰ, কামৰূপ, অসম।
বিভিন্ন পুৰাণে সাক্ষ্য দিয়ে যে শাকদ্বীপি ব্ৰাহ্মণসকলে জ্যোতিষবিদ্যাৰ বাবে কামৰূপলৈ প্ৰব্ৰজন কৰিছিল। চীন পৰিব্ৰাজক হিউৱেন চাঙেও কামৰূপলৈ আহোতে পাহাৰ-পৰ্বতে ঘেৰা এই ভূমিভাগ ৰহস্যময় বুলি কোৱাৰ লগতে মহাপীঠস্থান বুলিও লিখিছে। নীলাচলত গোপনে শিৱক কাম প্ৰদান কৰিছিল হেনো কামাখ্যাই– এই কথাও শুনা যায়। কামক সাধনা কৰা অলেখ মন্দিৰ তথা পীঠস্থান যে কামৰূপত আছিল সেই কথা আজিও বিভিন্নজনে স্বীকাৰ কৰে। কেৱল কামাখ্যা পূজাই নহয়, কামৰূপত কেঁচাখাইতী, ৰাভাসকলৰ বায়খো দেৱী তামায়, গাৰোৰ আই মাতৃ ‘ফজৌৰ’, বড়োসকলে খাম মাইখা, ভাণ্ডাৰী, কুমাৰী, কাৰ্বিসকলে হাঈমু-ৰাছিনজা, তিৱাসকলে ভগৱতী, ৰঙা-ৰাঙলী, সাত আই আদিক পূজা কৰাৰ সমান্তৰালভাবে আহোমসকলে খানখামফা-জাচিংফা-দশভূজা দুৰ্গাদেৱীক পূজা কৰিছিল। আনহাতে, খাচীসকলে কামেইখা, গাৰোসকলে ফজৌ দেৱীক পূজা কৰাৰ কথাও জনা যায়। একেদৰে, জয়ন্তীয়াসকলে জয়ন্তেশ্বৰী, ডিমাছাসকলে হেৰেমডী, শদিয়াৰ কছাৰীসকলে সোতৰ শতিকামানলৈ বাইথ, কেঁচাখাইতী, বুঢ়া-বুঢ়ী, তাম্ৰেশ্বৰী আদি শালিসমূহত নানা পশু-পক্ষীৰ বলি বিধান চলাই আছিল। বহুতো জনগোষ্ঠীয়ে ভয়ানক বিপদৰ পৰা ৰক্ষা পাবলৈ এই পূজাস্থলী সুকীয়াকৈ নিৰ্মাণ কৰিছিল। শত্ৰুক বধ কৰিবলৈও এনে পূজা অনুষ্ঠিত কৰে। বহুতো জনগোষ্ঠীয়ে দেৱীক প্ৰকৃতি আৰু প্ৰাকৃতিক দুৰ্যোগৰ দেৱী বুলিও মানে। পূজাৰ দিনা মাহ-প্ৰসাদ, ভোগ-ভোজ ভাতো খায়।
জনামতে, সোণোৱাল কছাৰীসকলে বিশ্বাস কৰা আন এগৰাকী দেৱী হ’ল ভুৰুলী হাবুকি। এই জনগোষ্ঠীসমূহে বিভিন্ন আচাৰ-নীতিৰে দেৱীক পূজা কৰে। এই পূজাৰ উদ্দেশ্য মাৰি মৰক ৰোধ কৰা, সুখ-শান্তি দি অনাগত দিনবোৰত বল, সাহস আৰু উৰ্বৰা কৰা। তদুপৰি ঠাই বিশেষে শীতলা দেৱী, চণ্ডিকা, মনসা, পদ্মা, সৰস্বতী, লক্ষ্মী, ভাগৱতী, কালী, চামুণ্ডা আদি অলেখ দেৱীৰ মন্দিৰ গঢ়ি উঠিছে। লগতে এই দেৱীসকলৰ সন্তুষ্টিৰ বাবে তিৰোতাসকলে গীত-মাত গাই আহিছে যিবোৰক ‘আই গোসাঁনী’ নাম বুলি অভিহিত কৰা হৈছে। গৱেষকে এই নামবোৰ প্ৰণালীবদ্ধভাবে সজালে ইও শাক্ত সাহিত্যৰ এটা অন্ধকাৰ দিশ পোহৰাই তুলিব। সাধাৰণতে মনকৰৰ কাব্য, দুৰ্গাবৰৰ ‘পদ্মাৰ পাঁচালী’, সুকবি নাৰায়ণদেৱৰ ‘পদ্মাপুৰাণ’ আদিতো শক্তি সাহিত্যৰ বহু দিশ আজিও অটল গহ্বৰত আছে।
ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখিছে– ‘কিৰাতৰ ধৰ্মই যোগিনী পীঠৰ ধৰ্ম। যোগীনীতন্ত্ৰই কামৰূপৰ পীঠ আৰু উপ-পীঠৰ বৰ্ণনা দি কৈছে যে প্ৰতি পীঠতে নিজা ধৰ্ম, আচাৰ-নীতি পৰম্পৰাগতভাবে চলি আহিছে। এই যোগীনীপীঠবোৰত সন্যাসৰ, দীৰ্ঘব্ৰতৰ বা নিৰামিষ ভোজনৰ প্ৰয়োজন নাই।’ সেয়েহে হয়তো কোৱা হয়- কামৰূপৰ মানুহে হাঁহ, পাৰ, কাছ, পহাৰ আদিও ভক্ষণ কৰিব পাৰে বুলি কামৰূপৰ যোগিনীসকলৰ ঘৰে ঘৰে আদৰ পোৱা অতি প্ৰচলিত গ্ৰন্থ কৌলজ্ঞান নিৰ্ণয়, অকুল বীৰতন্ত্ৰ আৰু কামাখ্যা গুহ্যসিদ্ধি নামৰ তিনিখন তান্ত্ৰিক সাধন মাৰ্গক গ্ৰন্থত উল্লেখ আছে। গোৰক্ষনাথৰ গোৰক্ষসংহিতা আৰু কামৰত্ন তন্ত্ৰও দ্বাদস শতিকামানত কামৰূপত ৰচিত হৈছিল।
কামৰূপৰ এই বৃহৎ ভূভাগত আৱিষ্কৃত দেৱী মূৰ্তিসমূহেও(নুমলীগড়, দ পৰ্বতীয়া, মালিনী থান, নীলাচল, শিৱসাগৰ, তেজপুৰৰ কলপাৰ্ক, চিৰাজুলী, গুৱাহাটীৰ মদন কামদেৱ, আমবাৰী, ৰংমহল, ওডালবাক্ৰা, গোৱালপাৰাৰ সূৰ্য পাহাৰ আদিত আৱিষ্কৃত) এই বৃহৎ অঞ্চলত অতীজৰে পৰাই যে দেৱী পূজা চলিছিল তাৰেই সাক্ষ্য দিয়ে। এই সময়ত পশু-পক্ষীৰ লগতে নৰবলিও চলিছিল বুলিও প্ৰমাণ আছে। ভাৰতৰ আচাৰ্য শান্তিৰক্ষিত আৰু আচাৰ্য পদ্মসম্ভৱ খ্ৰীষ্টীয় সপ্তম শতিকামানত তিব্বতলৈ গৈ ভোটসকলৰ মাজত যি কথা দেখিছিল পণ্ডিত ৰাহুল সংস্কৃতায়নে তেওঁৰ ‘নিষিদ্ধ দেশত তিনি বছৰ’ গ্ৰন্থত লিখি থৈ যায়। গ্ৰন্থখনত লিখিথে যে তিব্বততো ভয়ংকৰ ৰূপত দেৱ-দেৱী আছে, তেওঁলোক পৰৱৰ্তী সময়ত মঙ্গোলীয় সোঁতেদি অসম সোমাইছিল। কোৱা হয় যে ভগদত্তৰ পিতৃ ভৌম নৰকেই পোনপ্ৰথমে শক্তিধৰ্ম প্ৰাগজ্যোতিষলৈ আনি স্থাপন কৰে। নৰকৰ সময় খ্ৰীষ্টপূৰ্ব ১৪০০ আৰু দুহেজাৰৰ ভিতৰত। সেই দিশৰ পৰা চাবলৈ গ’লে কামৰূপত শক্তি পূজাৰ আৰম্ভণিও খ্ৰীষ্টপূৰ্ব ১৪০০-২০০০ৰ ভিতৰত। বহুতেই কয়, কামৰূপত কালিকাপুৰাণ, যৌগিনীতন্ত্ৰৰ ৰচনা হৈছিল, এই দুয়োখন ৰচনা হোৱাৰ পৰাই কামৰূপত শাক্তধৰ্ম প্ৰচলন হয়।
ভীষ্মক দুহিতা ৰুক্মিনীয়ে শ্ৰীকৃষ্ণক পতিৰূপে পাবলৈ দেৱী ভৱানীৰ পূজা কৰাৰ সমান্তৰালভাবে বান ৰজাৰ কন্যা ঊষাই মহাভৈৰৱৰ উপাসনা কৰি শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক স্বামীৰূপে লাভ কৰাৰ কথাবোৰেও দেৱী পূজাৰ ভালেখিনি ইতিহাসক প্ৰতিনিধিত্ব কৰে। কালিকাপুৰাণত আন এক চমকপ্ৰদ কথাও আছে– সেইটো হ’ল বিষ্ণু আৰু পৃথিৱীয়ে নৰকক প্ৰাগজ্যোতিষপুৰলৈ লৈ আনোতেও প্ৰাগজ্যোতিষপুৰত আন এগৰাকী দেৱতাৰ পূজ-অৰ্চনা এইখন ভূমিত দেখিছিল সেইজন হ’ল শিৱ মহাদেৱ। আনকি জনগোষ্ঠীয় (বিশেষকৈ বড়ো-ডিমাছা-কছাৰী-তিৱা) সমাজত দেৱী পূজাৰ আগতেই শিৱ চেতনাই বিৰাজ কৰিছিল। অৱশ্যে এই শিৱৰ নাম ঠাইবিশেষে বুঢ়া দেৱতা, মহেশ্বৰ আদি। আকৌ নীলাচলৰ দেৱী পীঠত বহু ঋষিয়ে দেৱীৰ উপাসনা কৰি সিদ্ধিলাভ কৰিছিল। আনকি পৰশুৰামেও ইয়াতেই কৌলতত্ত্ব লাভ কৰিছিল। আনহাতে ঋষি বশিষ্ঠ, দুৰ্বাসা আদিয়েও কামাখ্যালৈ অহাৰ কথা আছে। অৰ্থাৎ কামাখ্যা, কাশ্মীৰ আৰু কাঞ্চী আছিল সেই যুগৰ জনপ্ৰিয় শক্তিপীঠ। বহুতে কামাখ্যালৈ বশিষ্ঠ অহা নাই বুলিও মত দাঙি ধৰিলেও দেৱী পূজাৰ আগতে কিৰাতসকলে যে দেৱতা পূজা কৰিছিল, সেয়া ওলাই পৰে এনে আলোচনাত।
অষ্টম শতিকাৰ দেৱী পুৰাণতো আছে কামৰূপত শক্তিপূজা কৰাৰ। নীলাম্বৰাচৰ্য, দামোদৰ মিশ্ৰ, পীতাম্বৰ সিদ্ধান্ত বাগীশ আদিৰ গ্ৰন্থতো মাটিৰ প্ৰতিমা আৰু নৱ পত্ৰিকাত দেৱী পূজা কৰাৰ বিষয়ে উল্লেখ আছে। ড০ বাণীকান্ত কাকতিৰ দৰে পণ্ডিতেও অসমৰ দেৱী পূজাৰ ধাৰাক চাৰিটা ভাগত ভাগ কৰিছেঃ (১) মাতৃদেৱী কামাখ্যা, (২) পত্নীৰূপী পাৰ্বতী, (৩) কুমাৰ ত্ৰিপুৰাসুন্দৰী আৰু (৪) সংহাৰৰূপিণী কেঁচাইখাইতী। ছিকিমৰ লেপচাসকলে মাই-লি-মো-লা-ওজানি, নেপালৰ লিম্বুসকলে বড়িবজ্জ বা য়ুমছাম শক্তি দেৱীৰ পূজা কৰিছিল।
আনহাতে, বাৰভূঞাসকলৰ মাজতো দেৱী পূজা চলিছিল, চুতীয়াসকলৰ মাজতো মহাকালিকাৰ পূজা কোচৰজা নৰনাৰায়ণৰ ৰাজত্ব কালতো দেৱী মহামায়াৰ পূজা-অৰ্চনা চলাৰ প্ৰমাণ আছে। মুঠতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ আগলৈ আৰু শংকৰদেৱৰ সময়ছোৱাতো শাক্ত ধৰ্মই অসমত সমান্তৰালভাবে ধৰ্মীয় দিশত মানুহক আকৰ্ষণ কৰিছিল।