লেখক - অজয় বৰুৱা
“হুদুম দেও হুদুম দেও
আমাক ফুটাক পানী দেও
আমাৰ দেশত নাই পানী
জীৱন ধিৰ টানা-টানি।”
অনাবৃষ্টিৰ ফলত দেশত দেখা দিয়া দূৰ্ভিক্ষৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষি নিৰ্ভৰশীল কোচ-ৰাজবংশী জনগোষ্ঠীৰ নাৰী সমাজে পালন কৰা এটি উৎসৱ হৈছে ‘হুদুম দেও’। অনাবৃষ্টিৰ দেৱতা ‘হুদুম’ক বৃষ্টি আনয়নৰ বাবে ব’হাগ মাহৰ শেষৰ পৰা জেঠমাহৰ যিকোনো মংগলবাৰ বা শনিবাৰে এই পূজা অনুষ্ঠিত কৰে। বিবাহিত আৰু বিধবা তিৰোতা সকলেহে কেৱল এই পূজাত অংশ গ্ৰহণ কৰে। গাঁৱৰ তিৰোতাসকলে অতি গোপনীয়ভাবে নৃত্য-গীতৰ মাজেৰে এই উৎসৱ বা পূজা পাতে। এই পূজাৰ লগত জড়িত (মানুহৰ মাজত প্ৰচলিত) দুটা গীতৰ অংশ হ’ল-
১) হুদুম দেও হুদুম দেও
নেও পূজা হাসিয়া খেলিয়াৰে...
২) কালা মেঘ ধলা মেঘ ডাকিয়া আন ঝাৰি,
আন্ধাৰ কৰিয়া দেওয়া, আইসে দাবাৰি/আদি
উত্তৰ পূৰ্বাঞ্চলত বাস কৰা বিভিন্ন জন-গোষ্ঠীৰ মাজত কোচ-ৰাজবংশীসকল অন্যতম। প্ৰাচীন কালৰ পৰাই এই জনগোষ্ঠীটোৱে উন্নত কৰ্ম সংস্কৃতিৰ নিদৰ্শন ধৰি আহিছে। কৃষিৰ ওপৰত নিৰ্ভৰশীল এই জনগোষ্ঠীটোৰ সংস্কৃতিও সেয়ে কৃষিকেন্দ্ৰিক। কৃষি নির্ভৰ এই সমাজখনে কেতিয়াবা অনাবৃষ্টিৰ আকাংক্ষাত ভূগিবলগীয়াত পৰে। প্ৰকৃতিৰ পৰা প্ৰায় অনাকাংক্ষিত এই সময়ছোৱাতে নামনি অসমৰ পুৰণি গোৱালপাৰা জিলা, বংগৰ কোচবিহাৰ, জলপাইগুৰি, দাৰ্জিলিং, বাংলাদেশৰ দিনাজপুৰ, ৰংপুৰ আদিৰ কোচ-ৰাজবংশী সম্প্ৰদায়ৰ কৃষক সমাজৰ মহিলা সকলে বৰ্ষাকামনাৰে পালন কৰে ‘হুদুম দেও ব্ৰত’। আচলতে এই ব্ৰত বা পূজা একান্তভাবে নাৰী কেন্দ্ৰিক অনুষ্ঠান। হুদুম মানে হ’ল হুদু চৰাই। যাক বৰষুণৰ দেৱতা ইন্দ্ৰৰ প্ৰতীক বুলি ভবা হয়। হুদু চৰাইয়ে কাচিতহে কান্দে। খৰাং বতৰত এই চৰাইটোৱে যদি একে লেথাৰিয়ে তিনিবাৰ কান্দে তেতিয়া বৰষুণ হয় বুলি এক জনবিশ্বাস আছে। পূৰ্বতে আউসীৰ নিশা হুদু চৰাই এটা ধৰি আনি পথাৰত খুটি পুতি বান্ধি থৈ গাঁৱৰ বিবাহিত মহিলাসকল একত্ৰিত হৈ সম্পূৰ্ণ উলংগভাবে তাৰ চাৰিওফালে নাচ, গান কৰিছিল। বৰ্তমান বন্দীদশা প্ৰাপ্ত জীৱন্ত হুদু চৰাইক পূজাৰ বেদীত স্থাপন কৰাৰ পৰিবৰ্তে (এতিয়া দুস্প্ৰাপ্য আৰু আইনৰ চকুত অপৰাধ) খেতিপথাৰত কলগছৰ (আঠীয়া কলৰ) পুলি পুতি এই পূজা কৰা হয়। এই কলগছৰ পুলিটোক ‘হুদুম খুটি’ বোলা হয়। এই খুটিটো খুব সততা আৰু নিষ্ঠা সহকাৰে আনি পোতা হয়। ‘এক কুশিয়া ছাওয়া’ মানে এটি সন্তানৰ মাতৃ এগৰাকীয়ে একে উশাহতে ৰাতিৰ এন্ধাৰত উলংগ হৈ কাটিব লাগে। এই খুটি পোতাৰ সাত দিন আগৰ পৰা প্ৰধান পূজাৰিনীৰ আহ্বানত তেওঁৰ নেতৃত্বত পূজাৰ আগৰ প্ৰত্যেক দিন সাত-আঠজনীয়া মহিলা আৰু অকুমাৰী ছোৱালী ‘মাগন’ত বাহিৰ হয়। নেত্ৰী আগে আগে যায় আৰু মূৰটো ফটা কৰা বাঁহৰ লাঠিৰে মাটিত স্পৰ্শ কৰি শব্দ কৰে। প্ৰতি গৰাকীয়ে কঁকালত বহন কৰে মাটিৰ একোটা ডাঙৰ কলহ আৰু হাতত একোখনকৈ কুলা। সিহঁত অহাৰ শব্দ শুনিলে ঘৰৰ ছোৱালীখিনিয়ে ঘৰৰ পৰা ওলাই যায় বা অইন কোনো ঘৰত সোমাই থাকে। ব্ৰত ধৰা মহিলা বা ছোৱালীবোৰে যি ঘৰৰ পানী ‘মাগন’ কৰিবলৈ যায় সেই গৃহত গৃহস্থনীয়ে ছোতালত ৰখা ধান খুন্দা চায়ত পানী থৈ দিয়ে। মূল পূজাৰিনীয়ে বাঢ়নীৰে চোতালখন প্ৰতীকি ৰূপত সাৰি চোতালৰ জাবৰবোৰ নিজৰ কুলাখনত উঠাই লয়। এনেদৰে চাৰিবাৰ মান কৰি গাঁৱৰ অন্য ঘৰলৈ ৰাওনা হয়।
হুদুম খুটিটো পোতা আগৰ ঠাইখিনি বিশুদ্ধ চিত্তে পৰিস্কাৰ-পৰিচ্ছন্ন কৰি মহিলা সকলে লগত লৈ যোৱা নাঙল যুঁৱলি ধুই মচি নিকা কৰি সেইবোৰত সেন্দুৰৰ ফোট লগাই দিয়ে আৰু সিহঁতে নিজে নিজে কোনোবাই বলধৰ ৰূপ কোনোবাই হালোৱাৰ ৰূপ ধৰি হালবোৱাৰ অভিনয় কৰে। মাটি চহ হ’লে কল পুলিটো গাত খান্দি পোতে পিছত ইতিমধ্যে সাতখন গৃহস্থৰ পৰা ‘মাগন’ কৰি সংগ্ৰহ কৰা পানী ছটিয়াই দিয়ে। গাঁতেটোৰ ভিতৰত সাতঘৰৰ পৰা মাগি অনা পানী, মকৰাৰ জাল, এটা সন্তান থকা মাতৃৰ স্নানকৃত পানী, ফেচকুলা চৰাইৰ বাঁহ, ঢোৰা কাউৰীৰ বাঁহ, গনিকাৰ দ্বাৰা মৃত্তিকা, হাতী দাঁতৰ মাটি, ঢেঁকী ধোৱা পানী, পতিতাৰ দ্বাৰা মৃত্তিকা, হাতী দাঁতৰ মাটি, ঢেঁকী ধোৱা পানী, পতিতাৰ যৌনকেশ, ঘূৰ্ণীবতাহত উৰা বস্তু, বুঢ়ীমানুহৰ কাপোৰৰ সূতা আদি দিয়া হয়। লগতে ষোল্লটা কল থকা একাষী ‘মনুৱা’ বা আঠিয়া কল, ফল, মূল, দৈ, গাখীৰ, গুৰ, চেনি, চাউল, পানীৰে পূৰ্ণ ঘট য’ত ৰঙা মাৰ্কিন কাপোৰ মেৰিয়াই ৰখা হয়, তামোল-পাণ, ধূপ-ধুনা, শলিতা, চাকি, সৰিয়হতেল, পাত, বাৰবিধ শস্য আৰু আমৰ পল্লৱ ৰখা হয়।
লোকবিশ্বাস মতে ‘হুদুমখুটি’ পোতাৰ লগে লগে বৰষুণ হয় আৰু তিনিদিনৰ ভিতৰত বৰষুণ নহ’লে আয়তীসকলে পূজাখন পুনৰায় পূৰ্ণাংগ ৰূপত আৰম্ভ কৰিব লাগে। সাৰ্বজনীন এই পূজাত কোনো বৈদিক নিয়ম বা আচাৰ নাই আৰু সম্পূৰ্ণ লৌকিক পদ্ধতিৰ দ্বাৰা ৰাজবংশী মহিলা সকলে এই পূজা ভাগ কৰে। লৌকিক আচাৰ অনুসৰি পূজা শেষ কৰি ‘হুদুমখুটি’ৰ চাৰিওফালে চক্ৰাকাৰে ঘূৰি ঘূৰি গোটেই ৰাতি মহিলাসকলে নগ্ন হৈ যৌনধৰ্মী গীতসমূহ গাই বৃষ্টি কামনাৰে ‘হুদুম দেও’ৰ ওচৰত আকুলচিতে প্ৰাৰ্থনা জনায়। অন্ধকাৰাছন্ন ৰাতি সম্পূৰ্ণ উলংগ হৈ লাজ-দ্বিধা নোহোৱাকে অন্তৰৰ আনন্দত শ্লীল-অশ্লীলতাৰ পৰিধি অতিক্ৰম কৰি পৰস্পৰে-পৰস্পৰক সাৱটি মৈথুন আৰু সংগমৰ অভিনয় কৰে। বিশ্বাস আছে যে কৃষক সমাজৰ বসুধা হ’ল নাৰী প্ৰকৃতি, হুকুম বা বৰুম বা ইন্দ্ৰ হ’ল তাইৰ পতি। এই স্বামীদেৱতাৰ বীৰ্য সদৃশ বৰষুণ পৰিলে স্ত্ৰী-ৰূপী বসুন্ধৰা উৰ্বৰা হয়। চৌদিশ শস্য, ফল-ফুলেৰে নদন-বদন হৈ পৰে। কেইটিমান ‘হুদুম দেও’ পূজাৰ গীত হ’ল-
‘‘হুদুম দেও হুদুম দেও
হাগা আচ্ছি পানী দেও
আমাৰ দেশত নাই পানী
হাগা-টিকা বাৰা-বানী।”
সেইদৰে
“হিল হালিছে মোৰ কোমৰটো
শিৰশিৰাইছে গাও
কুণ্ঠকনা গেছে এলা হুদুমেৰ দেখা পাওঁ...।”
সৃষ্টিৰ আধাৰস্বৰূপ নাৰীৰ উদ্দাম নৃত্য গীতে বৃষ্টিৰ আৱাহন আৰু ইয়াৰ ফলত বৰষুণ হোৱাটো আৱশ্যম্ভাবী। এনে বিশ্বাস হৃদয়ত লৈ কোচ ৰাজবংশী সকলে ‘হুদুম দেও’ পূজা কৰে। য’ত গোৱা গীতবোৰ কৃষক সমাজত বহুলভাৱে প্ৰচলিত। এই গীতবোৰ সম্পূৰ্ণ ৰাজবংশী ভাষাত বিৰচিত। এই গীতসমূহ আৰু পূজাৰ সমগ্ৰ ধৰণ-কৰণ তথা নীতি- নিয়ম সমূহ ৰাজবংশী সমাজৰ এক লোককৃষ্টি। ইয়াৰ সংৰক্ষণ আৰু যথোচিত পালনত গুৰুত্ব নিদিলে হয়তো ই কালক্ৰমত হেৰাই থাকিব।
সহায়ক গ্ৰন্থ –
১) প্ৰান্তিক
২) গোৱালপৰীয়া লোক সংস্কৃতি আৰু লোকগীত –ড0 ধীৰেণ দাস
৩) চান্দাৰ ডিঙা-স্মৃতিগ্ৰন্থ (অসম সাহিত্য সভা)
৪) নমামি ব্ৰহ্মপুত্ৰ স্মৃতিগ্ৰন্থ (ধুবুৰী,২০১৭)
৫) স্মৃতিগ্ৰন্থ-ৰূপালী জয়ন্তী সদৌ অসম লেখিকা সমাৰোহ সমিতি (২০১৯)