প্ৰশান্ত কুমাৰ কলিতা
পাল বংশৰ শাসনকালত প্ৰাচীন বেঙ্গল আৰু মগধত বহুসংখ্যক বৌদ্ধ মঠ থন ধৰি উঠিছিল। তিব্বতীয় উৎসৰ পৰা জানিব পাৰি যে এই অঞ্চলত সেই সময়ত পাঁচটা মহাবিহাৰ আছিল। সেই সময়ৰ বিখ্যাত বিশ্ববিদ্যালয় বিক্ৰমশীলা, ইতিমধ্যে সুখ্যাতিৰ সীমা পাৰ কৰি যোৱা নালন্দা- যাৰ খ্যাতি তেতিয়াও অন্ত পৰা নাছিল, সোমপূৰা, ওদন্তপুৰী আৰু জগদ্দল, এই পাঁচটা মঠৰ মাজত এক পাৰস্পৰিক সম্পকই গঢ় লৈ উঠিছিল। এই আটাইকেইখন বিশ্ববিদ্যালয়েই ৰজাঘৰীয়া ৰক্ষণাবেক্ষণত আছিল আৰু গোটেই কেইখনৰ মাজত কাৰ্য্যৰো সমন্বয় আছিল। তথ্য প্ৰমাণ আদিৰ পৰা উমান পোৱা যায় যে পাল বংশৰ ৰজাসকলৰ তত্ত্বাৱধানত থকা উত্তৰ পূবৰ বৌদ্ধ শিক্ষাৰ কেন্দ্ৰ কেইটাৰ মাজত যোগসূত্ৰ আছিল আৰু বিদ্বান পণ্ডিতসকলে সহজেই ইখনৰ পৰা সিখনলৈ স্থানন্তৰ হ’ব পাৰিছিল।
আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ঃ অষ্টম শতিকাত ৰজা ধৰ্মপালে স্থাপন কৰা বিক্ৰমশীলা মঠ প্ৰায় চাৰি শতিকা জুৰি শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰূপে জিলিকি আছিল। উত্তৰ মগধৰ (বিহাৰ) গঙ্গাৰ পাৰৰ এটা পাহাৰৰ ওপৰত এই প্ৰখ্যাত শিক্ষাকেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতিষ্ঠাতা ৰজা ধৰ্মপালে (৭৮৩-৮২০ খ্ৰীষ্টাব্দ) ইয়াৰ মন্দিৰ আৰু মঠ সমূহ নিৰ্মাণ কৰি দিছিল। তেওঁৰ উত্তৰাধিকাৰীসকলে বিশ্ববিদ্যালয়খন ধ্বংসপ্ৰাপ্ত হোৱাৰ আগলৈকে অৰ্থাৎ তেৰশ শতিকালৈকে তেওঁলোকৰ পৃষ্ঠপোষকতা অক্ষুণ্ণ ৰাখিছিল। এই অনুষ্ঠানৰ ভিক্ষুসকল অতি বিশিষ্ট পাণ্ডিত্যৰ অধিকাৰী আছিল আৰু তেওঁলোকৰ খ্যাতি হিমালয়ৰ সিপাৰলৈকে বিয়পি পৰিছিল। প্ৰায় চাৰি শতিকা ব্যাপি তিব্বত আৰু বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ মাজত ধাৰাবাহিক আদান-প্ৰদান চলিছিল। ভাৰতীয় পণ্ডিত সকলৰ কাষত শিক্ষা গ্ৰহণ কৰিবলৈ তিব্বতৰ পৰা অহা পণ্ডিত সকলৰ বাবে অতিথিগৃহৰ ব্যৱস্থা আছিল। ইতিহাসৰ পাতত বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ উচ্চস্তৰৰ নিৰৱছিন্ন পাণ্ডিত্যৰ ঐতিহ্যৰ কাহিনী বৰ্ণিত আছে। তিব্বতীয় উৎসত উল্লেখ আছে যে বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ আচাৰ্য্য বুদ্ধ জ্ঞানপদ, বৈৰোচন ৰক্ষিত, জীতাৰী, প্ৰাজ্ঞকৰমতি, ৰত্বাকৰশান্তি, জ্ঞান-শ্ৰী-মিত্ৰ, দীপাঙ্কৰ শ্ৰী-জ্ঞান, ৰত্ন বজ্ৰ, ভৱিষ্যব্ৰতকীৰ্ত্তি, বীৰ্য্যসিংহ, অভয়ঙ্কৰগুপ্ত, তথাগত-ৰক্ষিত, ৰত্নকীৰ্তি, মঞ্জুশ্ৰী আদি মহান পণ্ডিতসকলে সংস্কৃত ভাষাত অসংখ্য গ্ৰন্থ প্ৰণয়ণ কৰিছিল আৰু ইয়াৰে বহুসংখ্যক তিব্বতীয় ভাষালৈ অনুদিত হৈছিল। এই সকলো জ্যোতিষ্কৰ মাজত নিঃসন্দেহে সবাতোকৈ প্ৰতিভাশালী আছিল একাদশ শতিকাত বিকাশ লাভ কৰা দীপাঙ্কৰ শ্ৰী-জ্ঞান, যিজনক অটীচ উপাধ্যায় নামেৰেও জনা যায়। ৰজা ছাৰ চুবৰ (chan chub) নিমন্ত্ৰণ ক্ৰমে তেওঁ তিব্বতলৈ গৈছিল আৰু সেই দেশত বৌদ্ধধৰ্মৰ সংস্কাৰৰ ক্ষেত্ৰত আগৰণুৱা ভূমিকা গ্ৰহণ কৰিছিল। অতি কমেও দুশখন মৌলিক আৰু অনুবাদ গ্ৰন্থ দীপাঙ্কৰ শ্ৰী-জ্ঞানৰ নামত পোৱা যায়।
বিশ্ববিদ্যালয়ৰ ভৱনঃ বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ ভৱন সমূহ পৰিকল্পিত আৰু সকলো কামৰ বাবে উপযোগী আছিল। পদুমৰ পাপৰিৰ আকাৰত সজ্জিত ১০৮ টা মন্দিৰ আৰু ছয়টা অট্টালিকাৰ মাজত এটা মহাবোধি মন্দিৰ আছিল। মহাবিদ্যালয় আছিল ছয়খন আৰু প্ৰত্যেকখনলৈ প্ৰৱেশৰ বাবে ছয়খন প্ৰৱেশদ্বাৰ আছিল। প্ৰত্যেকটো আট্টালিকাতে বক্তৃতা প্ৰদানৰ বাবে আহল বহল প্ৰেক্ষাগৃহৰ সুবিধা আছিল। অট্টালিকা সমূহৰ চতুৰ্দ্দিশ ওখ দেৱালেৰে ঘেৰা আছিল।
বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যাঃ ওপৰত উল্লেখ কৰা বিশিষ্ট পণ্ডিত সকলৰ উপস্থিতিৰে মহিমামণ্ডিত বিক্ৰমশীলা বিশ্ববিদ্যালয়ে সাধাৰণতে যথেষ্টসংখ্যক ছাত্ৰক আকৰ্ষণ কৰিছিল। ‘‘There were three thousand monks at Vikramsila monastery.’’(Page No. 84, Indian Teachers of Buddhist Universities by Phanindranath Bose, 1923) বিশ্ববিদ্যালয়খনত এটা সমৃদ্ধ পুথিভঁৰাল আছিল, যিটো মুছলিম আক্ৰমণকাৰীসকলৰ আকৰ্ষণৰ কেন্দ্ৰ আছিল।
প্ৰশাসনঃ পাল বংশৰ শাসনকৰ্তাসকলে বিক্ৰমশীলাৰ প্ৰশাসনৰ দায়িত্ব মঠাধ্যক্ষৰ অধ্যক্ষতাৰে গঠিত ছয়জনীয়া সমিতি এখনৰ ওপৰত ন্যস্ত কৰিছিল। সমিতিখনৰ প্ৰত্যেকজন সদস্যৰ দায়িত্ব সমূহ বেলেগ বেলেগ আছিল, যেনে– নৱাগতসকলৰ অভিষেক কাৰ্য্য, কাম-কাজ কৰা ভৃত্যসকলৰ নিয়োগ আৰু পৰিচালনা, খাদ্য আৰু ইন্ধনৰ বিতৰণ, মঠ সংক্ৰান্তীয় বিভিন্ন ধৰণৰ কাম ইত্যাদি। ভিক্ষুসকলে ইমানেই সহজ সৰল জীৱন যাপন কৰিছিল যে এনে এজন অধ্যাপকৰ বাবে হোৱা খৰচ চাৰিজন সাধাৰণ ভিক্ষুৰ ভৰণপোষণৰ খৰচৰ সমান আছিল।
শৈক্ষিক প্ৰশাসনঃ শিক্ষা সম্বন্ধীয় প্ৰশাসনৰ দায়িত্ব আছিল মঠাধ্যক্ষৰ অধ্যক্ষকাৰে গঠিত ছয়জনীয়া দ্বাৰাপণ্ডিতৰ (Dvarapanditas) ওপৰত। এই দ্বাৰাপণ্ডিত সকলৰ দায়িত্ব আছিল বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে আগমণ হোৱা সকলৰ জ্ঞানৰ পৰীক্ষা লোৱা। ৰজা কণকৰ ৰাজত্বকালত দ্বাৰপণ্ডিত সকলৰ দায়িত্ব আছিল এনেধৰণৰ–
(১) পূবৰ প্ৰৱেশদ্বাৰঃ আচাৰ্য্য ৰত্নাকৰ-শান্তি
(২) পশ্চিমৰ প্ৰৱেশদ্বাৰঃ বাৰাণসীৰ ভাগিশ্বৰ-কীৰ্ত্তি
(৩) উত্তৰৰ প্ৰৱেশদ্বাৰঃ নৰোপ
(৪) দক্ষিণৰ প্ৰৱেশদ্বাৰঃ প্ৰজ্ঞাকৰ-মতি
(৫) প্ৰথম কেন্দ্ৰীয় প্ৰৱেশদ্বাৰঃ কাশ্মীৰৰ ৰত্ন-বজ্ৰ
(৬) দ্বিতীয় কেন্দ্ৰীয় প্ৰৱেশদ্বাৰঃ গৌড়ৰ জ্ঞান-শ্ৰী-মিত্ৰ
পাঠ্যক্ৰম আৰু উপাধিঃ বৌদ্ধধৰ্মত দীক্ষিত হৈ তাৰ প্ৰচাৰ কৰিব খোজা ভিক্ষু সকলকহে এই বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ দিয়া হৈছিল। মহাযানপন্থী সকলৰ দ্বাৰা পৰিচালিত হ’লেও হীনযানী সকলৰ গ্ৰন্থৰ অধ্যয়নো ইয়াত হৈছিল। ইয়াৰ উপৰিও হিন্দু সকলৰ আৱশ্যকীয় বিষয়সমূহো ইয়াত শিকোৱা হৈছিল যদিও সেইসমূহ বৌদ্ধধৰ্মৰ অন্তৰ্গত নাছিল। ‘‘This can be explained by the fact that Buddhism is not an entirely new religion as some believe. It is merely a phase of Hinduism and in most of its religious and social aspect resembles its parent faith. Some of the details common to Buddhism and Himduism are: Brahminical practices of asceticism, begging, non-violence, insistence on right habits and dominance of ceremonies. The courses did not cover all the branches of Hindu sciences but special stress was laid on Grammar, Logic, Metaphysics and Ritualism. A special significance was attached to Tantras which consists of religious doctrines teaching magical and mystical formularies for the worship of deities of attainment of supreme power.’’ (Page no. 49, Universities of Ancient India by D.G. Apte)। হিন্দু সকলৰ শিক্ষা পদ্ধতি অন্তৰ্গত বহুকেইটা বিষয় ইয়াত অন্তৰ্ভূক্ত নাছিল। সাধাৰণতে হিন্দু শিক্ষণ প্ৰণালীৰ চৈধ্য বিদ্যা, অষ্টাদশ শিল্প আৰু গৃহস্থী সকলৰ বাবে প্ৰয়োজনীয় চৌষষ্ঠী কলাই ইয়াত স্থান পোৱা নাছিল। বৌদ্ধধৰ্মত বৈষয়িক সুখ আৰু গৃহস্থী ধৰ্মৰ বিপৰীতভাবহে ফুটি উঠিছিল।
‘‘It laid great stress on the evanescent noture of the worldly existence and believed that all existence was a mere shodow and a source of sorrow and whatever was seen or felt was an 'airy nothing’’ (Page no. 49, Universities of Ancient India by D.G. Apte)। এনে ক্ষেত্ৰত এইটো কোনো আচৰিত হ’বলগা কথা নাছিল যে পাৰ্থিব জীৱন সমৃদ্ধ কৰিব পৰা বিষয়বোৰ ইয়াত এৰি চলা হৈছিল আৰু জীৱনৰ পৰিত্যাগী দিশটোৰ ওপৰত অধিক জোৰ দিয়া হৈছিল। ‘‘It is significant to note also that the institutions were meant for prospective Bhikkhus (Buddhist monks) and Bhikkhunis (Buddhist nuns) and the knowledge of items that create fetters for human beings should have been avoided.’’(Page no. 49, Universities of Ancient India by D.G. Apt)।
অৱশ্যে ইয়াৰ পাঠ্যক্ৰম নালন্দাৰ দৰে বিস্তৃত নাছিল। এই পাঠ্যক্ৰমৰ মিয়াদৰ বিষয়ে বিশেষ তথ্যপাতিৰ অভাৱ, যদিও সমসাময়িক বিখ্যাত বিশ্ববিদ্যালয়সমূহৰ দৰেই ইয়াৰ পাঠ্যক্ৰম পৰিশীলিত আছিল বুলি অনুমান কৰিব পাৰি। সেইসময়ৰ হিন্দু শিক্ষানুষ্ঠানত এটা বিষয়ত পাণ্ডিত্য লাভৰ বাবে ছাত্ৰৰ মেধা আৰু বুদ্ধি-বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল আৰু সাধাৰণতে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে বাৰ বছৰৰ প্ৰয়োজন হৈছিল। বিক্ৰমশীলাত ছাত্ৰসকলৰ সহজাত বুদ্ধিমত্তাৰ ওপৰত বিশ্বাস কৰিছিল আৰু সেইবোৰে বিভিন্ন পাঠ্যক্ৰম সমূহ সম্পূৰ্ণ কৰাৰ বাবে কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া নাছিল। পাঠ্যক্ৰম সম্পূৰ্ণ কৰা বিক্ৰমশীলাৰ ছাত্ৰক বেঙ্গলৰ ৰজা মহাপাল আৰু কণৰকৰ দ্বাৰা ‘পণ্ডিত’ উপাধি আৰু শিক্ষাগত যোগ্যতাৰ স্বীকৃতিপত্ৰ প্ৰদান কৰা হৈছিল। উপাধি প্ৰদান সম্পৰ্কে, ‘‘During the reign of king Mahapala (A.D. 899-940 according to Tibetian authorities) he (Jetari) Received the royal diploma of Pandita of the Vikramasila-Vihara from the hands of the king himself.’’ (Page no. 47, Indian Teachers of Buddhist Universities by Phanindranath Bose, 1923)। আকৌ ‘‘After he (Ratna-Bajra) finished the course of study in the University, the royal diploma of pandita was given to him by the king. Soon after he was appointed as the keeper of the middle gate by the king Canaka,’’ (Page no. 61, Indian Teachers of Buddhist Universities by Phanindranath Bose, 1923)।
নাগাৰ্জুন আৰু আটিচৰ দৰে বিশিষ্ট পণ্ডিত সকলৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে তেওঁলোকৰ প্ৰতিকৃতি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰখা হৈছিল।
ছাত্ৰ আৰু শিক্ষকঃ এই বিশ্ববিদ্যালয়ত কাৰ্য্যৰত শিক্ষক সকলৰ জ্ঞানৰ গভীৰতাৰ খ্যাতি ভাৰতত বাহিৰলৈকো বিয়পি পৰিছিল। ইয়াৰ বাবেই তিব্বতৰ লগত সাহিত্য-সংস্কৃতি বিষয়ত সম্পৰ্কই গঢ় লৈ উঠিছিল। তিব্বতৰ পণ্ডিত সকল বিশেষভাবে তন্ত্ৰৰ প্ৰতি অধিক আগ্ৰহী আছিল। এই বিশ্ববিদ্যালয়ৰ চাৰিশবছৰীয়া ইতিহাসত সেয়েহে তিব্বতী পণ্ডিত সকলৰ বাবে বিশেষ ব্যৱস্থাৰ বৰ্ণনা পোৱা যায়। প্ৰকৃততে বিক্ৰমশীলাৰ পণ্ডিত সকল তিব্বতৰ গঢ় লৈ উঠা ধৰ্মানুৰাগ, জ্ঞান আৰু ধৰ্মৰ অভিভাৱক স্বৰূপ আছিল। এই পণ্ডিতসকলৰ অধিকাংশই সংস্কৃত ভাষাত যথেষ্ট সংখ্যক গ্ৰন্থ ৰচনা কৰিছিল আৰু ইয়াৰ মাজৰে বহুখিনি তিব্বতীয় ভাষালৈও অনুবাদ কৰা হৈছিল। পণ্ডিত অটীচৰ দ্বাৰা অতি কমেও ২০০ খন মৌলিক আৰু অনুবাদ গ্ৰন্থ ৰচনা কৰা হৈছিল। বেঙ্গলৰ ৰজা ধৰ্মপালৰ দ্বাৰা প্ৰথম বিশ্ববিদ্যালয় স্থাপন কৰাৰ সময়ত ১০৮ জন অধ্যাপক আৰু আন বিশেষজ্ঞৰ সৈতে মুঠ ১৪৮ জন শিক্ষকক নিয়োগ কৰা হৈছিল। আগতেই কোৱা হৈছে যে তিব্বতৰ পৰা বহু সংখ্যক পণ্ডিত ভাৰতীয় পণ্ডিত সকলৰ কাষত শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল আৰু তেওঁলোকৰ বাবে অতিথিগৃহৰ ব্যৱস্থা আছিল। ভাৰতৰ অন্যান্য স্থানৰ পৰা ইয়াত অধ্যয়ন কৰিবলৈ অহা ছাত্ৰৰ সংখ্যাও নিচেই তাকৰ নাছিল।
বিশ্ববিদ্যালয়ৰ পতনঃ ১২০৩ খ্ৰীষ্টাব্দত মুছলিম আক্ৰমণকাৰী বখি্টয়াৰ খিলঞ্জীৰ দ্বাৰা এই বিশ্ববিদ্যালয়খন ধ্বংসপ্ৰাপ্ত হয়। চাৰিওফালৰ পৰা দেৱালেৰে আগুৰি থকাৰ বাবে আক্ৰমণকাৰীসকলে বিশ্ববিদ্যালয়খনক দূৰ্গ বুলি ভাবি ভুল কৰি আক্ৰমণ কৰা বুলি কোৱা হয়। সেই সময়ত মঠৰ দায়িত্বত আছিল শাক্যশ্ৰীভদ্ৰ। ‘‘The great number of the inhabitants of the place were Brahmanas, and the whole of those Brahmanas had their head shaven; and when all these books came under the observation of the Musalmans, they summoned a number of Hindus that they might give them information respecting the import of these books; but the whole of the Hindus have been killed. On becoming axquainted (With the contents of these books), it was found that the whole of that fortress and the city was a college, and in the Hindu tongue, they call a college Bihar.’’ (Page no. 552, Tabakat-I-Nasiri translated by H.G. Raverty, Vol- I, 1970).
সহায় লোৱা গ্ৰন্থঃ
(1) Indian Teachers of Buddhist Universities by Phanindranath Bose, 1923
(2) Universities of Ancient India by D.G. Apte
(3) Tabakat-I-Nasiri translated by H.G. Raverty, Vol-I, 1970