ourheritage123@gmail.com +91 0361-2636365

Current issue

অসমীয়া সমাজত প্ৰচলিত বিয়ানাম

লেখিকাঃ ড০ পূৰৱী কলিতা

বিবাহ এক সামাজিক বান্ধোন৷ সামাজিকভাৱে বিবাহৰ যোগেদি  বৰ-কন্যাই তেওঁলোকৰ যুগ্মজীৱনৰ পাতনি মেলে৷ বিবাহক মানৱ জীৱনৰ অন্যতম সংস্কাৰ ৰূপে সকলো ধৰ্মৰ মানুহে জ্ঞান কৰে৷ অসমীয়া সমাজৰ বিবাহ অনুষ্ঠানৰ কেইবাটাও পৰ্যায় আছে- জোৰোণ দিয়া, পানী তুলি দৰা-কইনাক নোওৱা-ধুওৱা, অধিবাস কৰা, দৈয়ন দিয়া, সম্প্ৰদান, খোবা-খুবুনি আদি৷ অসমীয়া লোক-সংগীতৰ এটি অনুপম শাখা বিয়ানাম৷ বিয়ানামত স্বতঃস্ফূৰ্তভাৱে মূৰ্ত হয় নাৰী হূদয়ৰ অলেখ সুকোমল স্বগতোক্তি৷ বিবাহ অনুষ্ঠানত মহিলা অথাৰ্ৎ আয়তীসকলে অগ্ৰণী ভূমিকা লয়৷ বিবাহ অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰা অন্তিম পৰ্যায়লৈকে বিভিন্ন উপলক্ষ্যৰ ৰজিতা খুৱাই মহিলাসকলে বিয়ানামবোৰ ৰচি পৰিৱেশন কৰি বিবাহ উৎসৱ আনন্দমুখৰ কৰি তোলে৷ সমাজত প্ৰচলিত লৌকিক আচাৰ অনুষ্ঠান সুচাৰুৰূপে পালন কৰিবলৈ বিবাহ অনুষ্ঠানৰ বিভিন্ন স্তৰত বিভিন্ন সুৰ লগাই গীতসমূহ গাই যাওঁতে পৰিৱেশন অতি মধুৰ আৰু প্ৰাণৱন্ত হৈ উঠে৷ নাৰীসুলভ কোমলতা আৰু অনুভূতিৰ প্ৰৱণতাৰ বাবেই বিবাহ উৎসৱৰ বিভিন্ন অৱস্থাৰ গুৰুত্ব উপলব্ধি কৰি অনুষ্ঠানসমূহ সম্পন্ন কৰিবলৈ নাৰীসকল তৎপৰ হৈ পৰা দেখা যায়৷ বিয়ানামত অসমীয়া মহিলাৰ স্বাভাৱিক কাব্য প্ৰতিভাৰ পৰিচয় পোৱা যায়৷ যদিও অনাস্বৰী স্বভাৱৰ কবিসকলে সেই নামবোৰ থিতাতে ৰচনা কৰি পৰিৱেশন কৰে, তাৰ মাজেদি প্ৰকাশ পায় নাৰী মনৰ মোহনীয় ভাৱ, অনুভূতি, চিন্তা, চেতনা, জীৱনৰ অভিজ্ঞতা, সমাজ জীৱনৰ চিত্ৰ, সাংসাৰিক জীৱনত নাৰীৰ দায়িত্ব, কৰ্তব্য সবোৰ্পৰি ত্যাগৰ মনোভাৱ৷ বিয়ানামৰ মাজেদি জিলিকি উঠা নাৰী প্ৰাণৰ মন কৰিবলগীয়া আকৰ্ষণীয়তা হৈছে সৌন্দৰ্যপ্ৰিয়তা৷ অসমৰ চিৰশ্যামলী প্ৰকৃতিৰ ৰূপ, সৌন্দৰ্য আজীৱন প্ৰাণ কৰি নিৰক্ষৰ নাৰীসকলৰ মন-প্ৰাণ প্ৰকৃতিৰ প্ৰতি আকৃষ্ট হোৱা বাবেই তেওঁলোকে ৰচনা কৰা গীত-মাতবোৰত মনোৰম প্ৰকৃতিৰ বৰ্ণনা পোৱা যায়৷

বিয়াৰ দিন-বাৰৰ সিদ্ধান্ত লোৱাৰ পাছত দৰাঘৰীয়া লোকে কইনাৰ ঘৰত নিধাৰ্ৰিত দিনত জোৰোণ দিবলৈ যায়৷ জোৰোণ আহি কইনা ঘৰ পোৱাৰ পিছত আয়তীসকলে গায়-

“অ’ মন তৰা         জোৰোণ আহিছে

          আদৰোঁ আহা৷

আজি শুভক্ষণে    অ’ মন তৰা উৰুলি মঙ্গলে

          অ’ মন তৰা৷

আনন্দে নধৰে       হিয়া মন তৰা

          জোৰোণ আহিছে আদৰোঁ আহা৷

দেউতাৰ পদূলি     অ’ মন তৰা

          উদুলি মুদুলি অ’ মন তৰা,

আজি আইদেউৰ হেনো বিয়া মন তৰা

জোৰোণ লৈ আহিছে অযোধ্যাৰ পৰা৷”

পাটৰ বনকৰা সাজপাৰ, সোণ-ৰূপৰ বহুমূলীয়া অলংকাৰ পৰিধান কৰি নিজকে সৌন্দৰ্যময়ী কৰি তুলিবলৈ নাৰীমনৰ মাজত থাকে এক গোপন অভিলাষ৷ এই ৰূপ, এই সৌন্দৰ্যৰ সাৰ্থকতাৰ বাবে কোনো এক উপযুক্ত পাত্ৰ পোৱাৰ নাৰীৰ গোপন হাবিয়াস বিয়ানামৰ মাজেদি আয়তীয়ে প্ৰকাশ কৰে৷

“পাটীত বহি ৰুক্মিণীয়ে মাটিত মঙ্গল চায়

কেতিয়া আহিব কৃষ্ণ সোণৰ বংশী বায়৷

পাটীত বহি ৰুক্মিণীয়ে মনে মনে গুণে

কৃষ্ণ আহিছে বুলি কাণ পাতি শুনে৷”

কৰুণ ৰসেই বিয়ানামৰ মূল ৰস বুলি ক’ব পাৰি৷ বিচ্ছেদৰ কাৰুণ্য ‘বিয়া’ শব্দটিৰ লগত জড়িত ৷ মাক-দেউতাকৰ বুকুৰ ইমত ডাঙৰ-দীঘল হোৱা গৰ্ভস্থ সন্তান এটিক পৰৰ ঘৰলৈ উলিয়াই দিয়াৰ কাৰুণ্য সহিবলৈ বৰ কঠিন৷ এই নিকৰুণ সত্য ব্যক্ত কৰে হিয়াৰ গভীৰ অনুভূতিৰে-

“কেলেই কুটিলা    কোমলকৈ পচলা

          লোকে বাতি ভৰাই খাব,

কেলে তুলিলা        ৰূপহী জীয়েকক

লোকে বনে কৰাই খাব৷”

কন্যা সন্তানৰ প্ৰতি থকা কৰুণতাত উথলি উঠা মাতৃ হূদয়ৰ ভাবানুভূতিৰ এনে হূদয় পৰশা অভিব্যক্তিয়ে যুগে যুগে নাৰীৰ মমতাময়ী মাতৃৰ চিৰন্তন ৰূপটি উজলাই দিয়ে৷ জোৰোণৰ বেছিভাগ বিয়ানামেৰে কইনাক সুখী দাম্পত্য জীৱনৰ দবাবে আশীৰ্বাদ প্ৰদান কৰা হয়-

“আহিছোঁ আনন্দে আমি জোৰোণ দিবলৈ,

কৰিছোঁ আশীৰ্বাদ আমি মংগল হ’বলৈ৷”

জীৱনৰ খলাবমা বাটত উজুটি নোখোৱাকৈ, নাৰীসুলভ স্নেহশীলা মমতাময়ী ৰূপেৰে ত্যাগৰ মনোভাৱেৰে স্বামীগৃহত সকলোৰে প্ৰিয়পাত্ৰী হ’ব পাৰে তাৰ বাবেও বিয়ানামত অনেক সাৰগৰ্ভ উপদেশ দি নাৰী মনৰ ত্যাগৰ মনোভাৱৰ পৰিচয় দিয়ে আয়তীসকলে-

“শহুৰক মানিবা দেউতাৰ দৰে

শাহু আইক মানিবা মাৰাৰ দৰে

দেওৰক যাচিবা ভাইটিৰ মৰম

ননদক কৰিবা ভনীটিৰ মৰম

আলহী অতিথিক সুবিধা সদায়

চেনেহৰ মাত যেন আটায়ে পায়

যতনে কৰিবা বোৱাৰী বন

সেয়েহে জানিবা নাৰীৰ ধৰম৷”

জোৰোণৰ পাছৰ পৰ্ব হৈছে পানী তোলা প্ৰথা৷ জোৰোণৰ দিনাই সন্ধিয়া দৰা-কইনাৰ ঘৰত পানী তোলা হয়৷ দৰা-কইনা নোৱাবলৈ আয়তীসকলে নদী, বিল, পুখুৰী আদিৰ পৰা পানী তুলিবলৈ যায়৷ বিয়ানামত বৰ্ণিত হয় পানী তোলাৰ অতিশয় চিত্ৰধম¹ মুহূৰ্তৰ ছবি-

“ওলাই আহা শশীপ্ৰভা ৰজাৰ মহাদৈ৷

শুভক্ষণে যাত্ৰা কৰি জলে আনোগৈ৷

ওলাই আহা দৈৱকীয়ে যমুনালৈ যাওঁ৷

কৃষ্ণক নোৱাব জলে দিব গংগা মাও৷৷

কাষে ঘট লোৱা মাতা মাথে লোৱা মালা৷

যমুনালৈ যাব লাগে নকৰিবা হেলা৷৷”

আকৌ,

“ৰাম ৰাম পানী তুলিবলৈ

ৰাম ৰাম ওলাইছে দৈৱকী

ৰাম ৰাম কাষতে কলচী লৈয়ে হে

ৰাম ৰাম আগে পিছে কৰি

ৰাম ৰাম গায়নে বায়নে

ৰাম ৰাম ঢুলীয়াই ঢাক ঢোল বায়েহে

ৰাম ৰাম দূৰকৈ পুখুৰী

ৰাম ৰাম খন্দালা দেউতা

ৰাম ৰাম বন্ধালা সেন্দুৰী আলিহে৷”

পানী তুলি আহোঁতে দৈৱকীয়ে পিছলৈ ঘূৰি চাব নাপায়, সেই কথাও নামতিয়ে বিয়ানামেৰে সোঁৱৰাই দিয়ে-

“জলভৰি যশোদা ফুল চন্দন তুলসী,

পিছলৈ নাচাবা ফুল চন্দন তুলসী,

সাগৰো আহিব ভাগি হে, ফুল চন্দন তুলসী,

ভৰিলনে নভৰিল ৰাধা তোমাৰ কলসী৷

সাগৰো ভাগিব জলত গংগাই নাচিছে,

মাণিকো লুকাব জলত গংগাই নাচিছে,

আগলৈ চলোৱা ভৰি হে জলত গংগাই নাচিছে

গংগা জলৰ মহিমা কলসীতে আহিছে৷”

দৰা-কইনাক নোৱাবৰ বাবে ‘বেই’ নিৰ্মাণ কৰা হয়৷ মাহ-হালধি সানি দৰা-কইনাক নোওৱা হয়৷ নোৱাওতে গোৱা বিয়ানামবোৰ এনেধৰণৰ-

“আহা আইদেউ বহাহি

গংগাজল আনিছোঁ শিৰ পাতি লোৱাহি৷”

“বহি আছে আইদেৱে মনত ৰঙ্গে কৰি৷

মাকে আনিছে পানী নোৱাব সাদৰী৷৷

ওলাই আহা আইদেউ দুৱাৰদলিৰ বাজে৷

ঘৰতে নোৱাব লাগে নকৰিবা লাজে৷৷”

ঠিক সেইদৰে দৰা নোৱাবলৈ লওঁতে আয়তীসকলে এনেধৰণে গায়-

“ওলাই আহা ৰামচন্দ্ৰ

এহে দুৱাৰদলি বাজে

ঘৰতে নোৱাব মাৰে

এহে নকৰিবা লাজে৷”

নোওৱাৰ পিছত দৰা বা কইনাৰ মূৰত পাঁচ বা সাতগৰাকী আয়তীয়ে হাতত চাউল লৈ বিয়ানাম গাই ওপৰলৈ চাউল ছটিয়ায়৷ ইয়াক মূৰত চাউল দিয়া বোলে৷

“আগত দিয়া পাছত দিয়া পঞ্চ আয়তীয়ে

          ৰাম ৰাম পঞ্চ আয়তীয়ে৷

দুৰ্বা ঘাটৰ পানী আনি আইদেউৰ মূৰত দিয়ে

          ৰাম ৰাম আইদেউৰ মূৰত দিয়া৷”

বিবাহৰ অন্যতম এটি মাংগলিক কৰ্ম হ’ল অধিবাস৷ শাস্ত্ৰবিহিত এই অনুষ্ঠানত আয়তীয়ে নানাধৰণে বিয়ানাম গায়-

“আজি ঐইদেউৰ অধিবাস, কাইলৈ হ’ব বিয়া৷

পৰহিলৈ লৈয়ে যাব, মাকৰ ভাগে হিয়া৷”

‘দৈয়ন দিয়া’ বিবাহৰ আন এটি মাংগলিক কাৰ্য৷ বিবাহৰ দিনা ব্ৰহ্মপুৱাতে শোৱাঘৰৰ দুৱাৰমুখত দৰা বা কইনাক সিংহপীৰাত বহুৱাই পৰ্দাৰ আঁৰ লৈ পাঁচগৰাকী বা সাতগৰাকী আয়তীয়ে দৈয়ন দিয়ে৷ কইনাক দৈয়ন দিয়া সময়ত এনেধৰণে নাম গায়-

“ওলাই আহা আইদেউ     তোমাক দৈয়ন দিব

          ঐ ৰাম সিংহ দুৱাৰতে লৈ হে৷

হূদয় জুৰায়ে          মায়ে দৈয়ন দিব

          ঐ ৰাম দুই আঠুকাঢ়ি লৈ হে৷৷”

ঠিক সেইদৰে দৰাক দৈয়ন দিয়া সময়ত এনেধৰণে নাম গায়-

“উঠা শ্যাম কানু    মায়ে দৈয়ন দিব

          কিয় কৰি আছা হেলা৷

গোপিনীসকল       বাটে চাই আছে

          যায় ধৰমৰে বেলা৷৷”

কইনাঘৰত কইনাক নোৱাই-ধুৱাই সকলো পালনীয় নিয়ম মানি কইনাক আনি মড়লৰ ওচৰত বহুওৱা হয়৷ কইনাৰ সম্বন্ধীয় মহিলা বা কইনাৰ সমবয়সৰ লগৰীয়াই মূৰ ফণিয়ায়, প্ৰসাধন সানি নতুন সাজেৰে সজাই তোলে৷ আয়তীসকলে বিয়ানাম গায়-

“কুলু কুলু কৰি নৈ জান জুৰি

আইদেউক সজাবা ধুনীয়া কৰি৷

খোপাটো বান্ধিবা ওখকৈ তুলি

সেওঁতা ফালিবা ফণি পোন ধৰি৷৷

কপালত ৰাখিবা কেঁকোৰা চুলি৷

হাততে পিন্ধাবা গামখাৰু যুৰি৷৷

কাণতে পিন্ধাবা সোণৰে ফুলি

চাদৰখন পিন্ধাবা ফেমিনা কৰি৷৷”

আকৌ,

“বহিলে আগুৰি ধৰি আইদেউৰ সখীগণে

পিন্ধালে বিবিধ বস্ত্ৰ পৰম যতনে৷

বান্ধিলে কেশৰ খোপা অতি সুন্দৰ কৰি

পিন্ধাই অলংকাৰ উৰুলি মংগল কৰি৷

চেনেহৰ লগৰী আইদেউৰ সখী

আইদেউক সজাই দিয়া ধুনীয়া কৰি৷”

মড়লৰ ওচৰত কইনা সজোৱা বিয়ানামৰ উপৰিও আয়তীসকলে বিয়ানামৰ জৰিয়তে কইনাগৰাকীক নানা উপদেশ দিয়ে-

“তাঁতৰ দোৰেপতি নাচনীজৰী, দেউতাই কান্দিছে সাৱটি ধৰি৷

নাকান্দা দেউতা সাৱটি ধৰি, সদায় মই নুখুৱাওঁ চাহ-জলপান কৰি৷

নিছিঙি ছিঙিলা ফুলগছৰ পাত, মা মা বুলিনো মাতিবা কাক৷

মাৰাৰ সলনি শাহুকে পাবা, মাৰ নিচিনাকৈ শ্ৰদ্ধা কৰিবা৷

নিছিঙি ছিঙিলা ফুলগছৰ পাত, দেউতা দেউতা বুলি মাতিবা কাক৷

দেউতাৰাৰ সলনি শহুৰক পাবা, দেউতাৰ নিচিনাকৈ ভক্তি কৰিবা৷

ভাই-ভনীৰ সলনি দেওৰ-ননদ পাবা, ভাইটিহঁতৰ দৰে মৰম কৰিবা৷

মৰমে মৰমক কঢ়িয়াই আনে, থাকিব নোৱাৰি মৰম অবিহনে৷”

প্ৰকৃতিৰ ৰূপ অনুপম হৈ উঠে যেতিয়া গছ-লতিকা, ফল-ফুলেৰে জাতিষ্কাৰ হয়, বন-উপবন, বিভিন্ন পখীৰ মধুৰ কাকলিৰে মুখৰিত হয়৷ দৰা আহিবৰ সময়ত বিভিন্ন প্ৰহৰৰ উল্লেখ কৰা এটি সুন্দৰ বিয়ানামেৰে কইনাক দৰা অহাৰ জাননী দিয়া হয়৷

“প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছে চম্পা৷

উঠা সতী গুণৱতী তুলি বান্ধা খোপা৷৷

দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছে তগৰ৷

উঠা সখী ৰুক্মিণী নধৰা জগৰ৷৷

তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিছে কেতেকী৷

কৃষ্ণ বিয়াকুল হৈছে  তোমাক নেদেখি৷৷

চতুৰ্থ প্ৰহৰ ৰাত্ৰি ফুলি আছে জবা৷

উঠা সখী গুণৱতী কৃষ্ণক কৰা সেৱা৷৷

পঞ্চম প্ৰহৰ ৰাত্ৰি ফুলি আছে যুতি৷

শুনা সখী গুণৱতী কৃষ্ণক কৰা স্তুতি৷৷”

সুৱাগুৰি তোলা বিবাহৰ আন এটি গুৰুত্বপূৰ্ণ লোকাচাৰ৷ দৰা আহি কইনাঘৰৰ কলৰ গুৰিত থিয় হোৱাৰ আগমুহূৰ্তত কইনাৰ মাকে অন্য মহিলাৰ সৈতে লগ লাগি পালন কৰে৷ সুৱাগ তোলোতে আয়তীসকলে গায়-

“গুৱাগ তুলিবলৈ ওলাল দৈৱকী

ঐ ৰাম হাতে ঘিঁউৰ চাকি লৈহে৷

আয়তীসকলে কৰে সুমংগল

ঐ ৰাম গুৱাগৰে ডলা লৈহে৷৷

ধূপে ধূনা লগাই যমুনালৈ ওলায়

দৈৱকী দেৱী সুন্দৰী৷

সুৱাগৰে কুলা মূৰত তুলি লোৱা

আখৈ পিঠাগুৰি ভৰি৷৷”

দৰা আহি পোৱাত কইনাঘৰ পোৱাত কইনাঘৰৰ পদূলিত গোৱা নাম-

এটা বাটিতে লাড়ু পৰমাণে

          এটা বাটিতে দৈ৷

জোঁৱাই আদৰিবৰ শাহুৱেক আহিছে

          হাতত গন্ধ পুষ্প লৈ৷৷

দুৱাৰৰ খিৰিকি      শাহু আই টিলিকি

          নেপাই জোঁৱাই ল’ৰা ঢুকি৷

যেনে তেনে কৰি   অলপ ঢুকি পালে

          পখৰা কুকুৰত উঠি৷৷

কপালতে চন্দন দিবা মাথাত দিবা ফুল৷

মুখে ভৰি চুমা দিবা নেযায় জাতি-কুল৷৷”

গোঁসাই পূজাৰ সময়ত আয়তীসকলে এনেধৰণে গায়-

“ ফলে ফুলে জাতিষ্কাৰ

প্ৰথমতে কৰা বোপাই গণেশক নমস্কাৰ৷৷”

হোমৰ গুৰিত দৰাৰ কাষত কইনাক বহুওৱাৰ লগে লগে উৰুলিৰ ধবনিৰে ৰভাঘৰ মুখৰিত হয়৷ আয়তীসকলে বিয়ানাম গায় লগতে দাম্পত্য জীৱন সুখৰ হ’বলৈ আশীৰ্বাদ দিয়ে৷

“আহি পালা হোমৰ ৰভা বহি পালা বৰ৷

কৃষ্ণ হেন স্বামী পালা চিন্তানো কিহৰ৷৷

গছ ৰভা পাতো ৰঙা ৰঙা গোলাপ ফুল৷

ওচৰ চাপি বহা আইদেউ নাযায় জাতি-কুল৷৷”

“পৰ্বত-পাহাৰ শিলাময় মৰুভূমি বালিময়৷

দাম্পত্য জীৱনটো হওঁক তোমাৰ মধুময়৷৷

হোমৰ ভেটি বন্ধালোঁ ৰাম তোমাক মতালোঁ৷

আজিৰ পৰা আমাৰ বাইদেউক তোমাৰ হাতত গতালোঁ৷৷

স্মৃতিৰ পৰশ সৰাপাত৷

তোমালোকৰ মিলনত ৰাইজে কৰে আশীৰ্বাদ৷৷”

বিবাহৰ সময়ত হোমৰ থলীত কইনাৰ ভায়েকে আখৈ তোলোতে কইনা আৰু দৰাঘৰৰ আয়তীসকলে গায়-

“আখৈ তোলা আখৈ তোলা চেনেহৰে ভাই৷

আজিৰ পৰা তোমাৰ লগত গোত্ৰ ছিঙি যায়৷৷”

বিয়া শেষ হোৱাৰ পিছত দৰা-কইনাক ঘৰৰ ভিতৰলৈ নি পাটীত বহিব দি কিছুমান নীতি-নিয়ম কৰি এখৰাহি চাউলত বৰ-কইনাই আঙুঠি লুকুওৱা খেল খেলে৷ খেলোঁতে দৰা-কইনাই নিজৰ নিজৰ আঙুঠি ইজনে সিজনক খুজি লয়৷ আয়তীসকলে এই মুহূৰ্ততো বিয়ানাম গাবলৈ নেৰে-

“শীতল পাটীত বহি খেলে পাশা খেল

ঐ ৰাম নাৰীগণে আছে চাইহে৷

হাতৰে আঙুঠি পাৰ্বতী লুকালে

ঐ ৰাম শংকৰে বিচাৰি নাপায় হে৷৷”

বিবাহ অনুষ্ঠানত নাৰীসকলে দুখ-বেদনাখিনিৰ লগতে একাজঁলি নিৰ্মল হাঁহিৰে আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰাত পটু আয়তীসকলে জাউৰিয়ে জাউৰিয়ে বিয়ানাম গাই ৰভাতলিত হাঁহিৰ জোৱাৰ তোলে৷ এই হাস্য ৰসাত্মক বিয়ানামবোৰক জোৰানাম বুলিও কোৱা হয়৷  এই হাস্যৰসাত্মক গীতসমূহ আয়তীসকলে পৰিৱেশন কৰি ৰভাতলীত হাঁহি খলকনিৰ সৃষ্টি কৰে৷ প্ৰথমতে দৰা বা কইনাপক্ষৰ কোনো এগৰাকী আয়তীয়ে গায়-

“অ’ ৰঘুপতি জোৰানাম গাবলৈ দিয়া অনুমতি৷”

কইনাঘৰ- “বাৰীৰ পাছৰ শিলিখা

          বোপাই তুমি তিলিকা

          আমাৰ বাউদেউক চোৱাচোন

          সমাজতে জিলিকা৷”

দৰাঘৰ- “ৰভাৰ খুটা হেলেকা

          কইনাঘৰৰ মানুহবোৰৰ

          চকুকেইটা টেলেকা৷”

কইনাঘৰ- “অ’ পকা বিলাহী

          বুঢ়া দৰা আহি পাইছে

          তামোল খুন্দি দিয়াহি৷”

দৰাঘৰ- “তালপাতৰ কিনী

          কইনাঘৰৰ নামতী কেইজনীৰ

          একেবাৰে ফুটনি৷”

এইদৰে দুখ-বেদনা, কৰুণ লগতে হাঁহিৰ জোৱাৰ দুয়োটাই বিয়াঘৰৰ ৰভাতলী ৰজনজনাই থাকে অজস্ৰ বিয়ানামে৷ বিয়ানামৰ সুৰে সুৰে নিগৰিত হয় নাৰীৰ বুকুৰ অনুভৱ আৰু হূদয়ৰ ভাষা৷

বিয়ানামৰ ভাষা সহজ আৰু সৰল৷ বিয়ানামসমূহ উপমা, অনুপ্ৰাস আদি বিবিধ অলংকাৰেৰে সুশোভিত৷ প্ৰকৃতি পুৰুষৰ অপৰিহাৰ্য মিলনৰ মাধুৰিমা ব্যক্ত কৰা এই গীতি সাহিত্যৰাজিত নাৰী-পুৰুষ উভয়ৰে জীৱনৰ চিত্ৰ অংকিত হৈছে৷ বিয়ানামে কঢ়িয়াই আনে নাৰী-মনৰ বতৰা, হূদয়ৰ সংবাদ৷ বিবাহিত জীৱনৰ আদৰ্শ, স্বামী-স্ত্ৰী দুয়োৰে পৰস্পৰৰ প্ৰতি কৰ্তব্য, পৰিয়াল আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা দৰা-কইনাক বিয়ানামেৰেই সোঁৱৰাই দিয়া হয়৷ পুৰাণ, মহাকাব্য প্ৰসিদ্ধ চৰিত্ৰ যেনে কৃষ্ণ-ৰুক্মিণী, ৰাম-সীতা, উষা-অনিৰুদ্ধ, হৰ-গৌৰী আদি পৌৰাণিক চৰিত্ৰৰ জীৱনাদৰ্শৰে জীৱন-যাপন কৰিবলৈ উপদেশ দিয়া বিয়ানামবোৰে দৰা-কইনাক সৎ জীৱন-যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে৷

সহায়ক গ্ৰন্থ

১) মহন্ত, ড॰ ৰুবীঃ ‘বিয়ানাম আৰু বিবাহকেন্দ্ৰিক লোকাচাৰ’, প্ৰকাশক বনলতা, ২০১৯৷

২) ‘বিয়ানাম’ঃ সংগ্ৰাহিকাদ্বয় অনিমা নাথ, প্ৰীতি নাথ, প্ৰকাশক ভট্টাচাৰ্য এজেঞ্চী, ২০১৬৷

৩) সিংহ, প্ৰণৱ [সম্পাদনা]ঃ মৰিগাওঁ মহাবিদ্যালয় আলোচনী, ২০১৩-১৪৷

৪) নিজা সংগ্ৰহ

৫) গোস্বামী, প্ৰফুল্ল দত্তঃ ‘বাৰ মাহৰ তেৰ গীত’ [সম্পাদনা], সাহিত্য অকাডেমি, ১৯৯৩

[লেখিকাৰ ভ্ৰাম্যভাষ ঃ ৮৬৩৮২৪৭৮৮৫]