ourheritage123@gmail.com +91 0361-2636365

Current issue

লেচাকণীয়া গোবিন্দ আতা আৰু খটৰা সত্ৰ

লেখক - অজয় বৰুৱা

দৰঙৰ ঐতিহাসিক সত্ৰ তথা মহিমামণ্ডিত তীৰ্থক্ষেত্ৰ, পৰম্পৰা, সংহতি, সম্প্ৰীতি আৰু সমন্বয়ৰ পুণ্যভূমি খটৰা সত্ৰৰ প্ৰতিষ্ঠাপক গোবিন্দ আতা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ বাৰ বৈষ্ণাৱাচাৰ্যৰ ভিতৰত আছিল অন্যতম৷ অবিভক্ত কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ লেচাকোণা নামৰ গাঁৱত এটি ক্ষত্ৰিয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল৷ গুৰুচৰিত কথাত গোবিন্দ আতাৰ খটৰা গোবিন্দ, গোমাৰ গোবিন্দ, লেচাকোণীয়া গোবিন্দ আদি নাম উল্লেখ আছে৷ গোবিন্দ আতাৰ পিতৃ আছিল ব্ৰহ্মানন্দ আৰু মাতৃ ৰতিপ্ৰিয়া৷ মহাপুৰুষ মাধৱদেৱৰ আজ্ঞ া অনুসৰি গোবিন্দ আতৈয়ে শাক্ত-শৈৱৰ উপাসনাস্থলী দৰঙত অনেক বিপদ-বিঘিনি অতিক্ৰমি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ-প্ৰসাৰ কৰিছিল৷ ইয়াৰে উজ্জ্বল নিদৰ্শন দৰঙৰ খটৰাত স্থাপিত এই ঐতিহ্যমণ্ডিত খটৰা সত্ৰখন৷ 
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গোবিন্দ আতৈক তেওঁৰ প্ৰসন্ন শিষ্য মাধৱদেৱৰ হাতত গতাই দিছিল৷ গুমনি পৰ্বতত থকা গোবিন্দ আতাই মাধৱদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি তেৰাৰ সংগত থাকিব লোৱাত গৃহৰ পত্নী-পুত্ৰ, দাস-দাসীসকলেও ধৰ্মবস্তুলৈ তেওঁক মাধৱদেৱৰ ওচৰৰ পৰা ঘৰলৈ নিবলৈ খাটিছিল৷ কিন্তু গোবিন্দ আতাই বিষয় অন্ধকাৰত পৰাৰ ভয়ত প্ৰথমে যাবলৈ অমান্তি হৈছিল যদিও মাধৱদেৱৰ বুজনিত ঘৰলৈ গৈ ভক্তিধৰ্ম আচৰণ কৰিলেগৈ৷ গুৰু চৰিতত উল্লিখিত - “আৰু লেচাকণীয়া গোবিন্দঃ খটৰা গোবিন্দঃ গোমাৰ গোবিন্দঃ গুমণি পৰ্বতৰ সমীপে থাকেঃ তাৰ পৰা আহি মহাপুৰুষক গুৰু বুলিলেহি ঃ বুলি গুৰুজনৰ সংগতে ৰহিল৷ ৷ গৃহৰ পত্নী-পুত্ৰ দাস-দাসীৰ সতেও ধৰ্ম ধৰিলেহি ঃ গুৰুজনক তুতি প্ৰাৰ্থনাকৈ আতৈক নিবলৈ ধৈলে ঃ........... বোলে আমি পাচিচো জোৱাগৈ সেৱকলৈ কৃষি কৰা জাই ঃ বোলে বাপ গৰু-গাহৰি ভাৰ্যাপুত্ৰহে পোৱা হ’ব আৰু ঃ......৷ ৷ ”
গুৰুৰ আজ্ঞ া শিৰোধাৰ্য কৰি গোবিন্দ নিজ গৃহলৈ উভতি আহি গৃহকৰ্মৰ মাজেৰেই ভক্তি কৰিব ধৰিলে যদিও বছৰছেৰেক পিছত তেওঁৰ মতি-গতি সলনি হৈ গুৰুজনাৰ নামতে মাছ-মাংস খাবলৈ ল’লে, পশু বধ কৰিব ধৰিলে৷ ভকতৰ মুখে গোবিন্দৰ এনে কথা শুনি খেদ কৰিলে আৰু গুৰুলৈ কৰভাৰ লৈ যাওঁতে এদিন ক’লে, “বোলে অনাচাৰ কৰ তই অপযশ পাওঁ মই ঃ গুচ তোৰ মোৰ দেখা-দেখি নাই ঃ তই আহ কিৱ শিষ্য বুলি কৱ কিয়ঃ যদি আমাৰ গুৰু বোল ৰাজাৰ দোহাই৷ ৷ ”
গোবিন্দই এই অনাচাৰবোৰ কৰিলেও গুৰুধৰ্ম কাহানিও এৰা নাছিল৷ সেয়ে মাধৱদেৱ গুৰুজনাই আতৈৰ প্ৰতি সদয় হৈ তেওঁক শংকৰদেৱৰ শুদ্ধ ধৰ্মত দীক্ষিত হৈ হিংসা বৃত্তি এৰি নাম ল’ব দিলে৷ গোবিন্দ আতৈয়ে বৈষয়িক বাসনা, মায়া-মোহত আবদ্ধ হৈ জীৱ হিংসা কৰিলেও পাছলৈ তেওঁ শুদ্ধ চিত্তে ধৰ্মত ব্ৰতী হৈ মাধৱদেৱৰ একান্ত অনুগত শিষ্য হ’ব পাৰিছিল৷ মাধৱদেৱৰ বাৰজন ধৰ্মাচাৰ্যৰ সপ্তমজনা গোবিন্দ আতা ব্ৰহ্মপুত্ৰৰ উত্তৰ-পূব দিশত ধৰ্ম প্ৰচাৰৰ দায়িত্ব পৰিছিল৷ গোবিন্দৰ লগত ধৰ্মপ্ৰচাৰৰ বাবে শ্ৰীকৃষ্ণদেৱকো পঠাইছিল৷ বৰদোৱা গুৰুচৰিতত পোৱা যায়- “গোবিন্দ তুমি উত্তৰ-পূব দেশলৈ যোৱা....৷ ”
যদি তুমি অকলে যাবলৈ ভয় কৰিছা তেন্তে তোমাৰ দাইন হাতস্বৰূপ শ্ৰীকৃষ্ণ আতৈক লগত দিয়া হ’ল৷ দুইজন আতৈ পুৰুষৰ বাক্য শিৰোগত কৰি গুৱা-পাণ দি প্ৰাৰ্থনা জনাইছে৷ মাধৱ সমূহৰ সমুখে মালা দি আজ্ঞ া কৰিছে৷ এওঁলোক বৰপেটাৰ পৰা পূবমুখে আহি অনেক ঠাইত সত্ৰবন্তি স্থাপন কৰি খটৰাত প্ৰধান সত্ৰ নিৰ্মাণ কৰিছেহি৷ শ্ৰীকৃষ্ণ আতৈ খটৰা সত্ৰত গোবিন্দ আতৈক ধৰ্ম প্ৰচাৰৰ লগতে কৃষি কামতো সহায় কৰি দিছিল৷ 
“কৰিলেক কৃষি সিটো ভকত লগাই৷ 
কৃষিৰ মহিমা গোবিন্দে থাকে চাই৷ ৷ 
গোবিন্দৰ সখা কৃষ্ণদেৱ আছিলন্ত৷ 
তাহাঙ্কগোবিন্দ ধান ৰখিবে দিলন্ত৷ ৷ ”
গোবিন্দ আতাৰ সোঁহাতস্বৰূপ শ্ৰীকৃষ্ণ আতাৰ সহযোগত খটৰাত সত্ৰ পাতি সত্য দক্ষিণ দিশে এটি ঘৰ সাজি নিগাজিকৈ বাস কৰিবলৈ লৈছিল৷ ইয়াক ‘বাপুভেটি’ বোলা হৈছিল৷ ‘গুৰু চৰিত কথা’ত আছে যে গোবিন্দ আতা চাৰিদুৱাৰলৈ যাওঁতে বাটত খোৱা-লোৱা কৰিবলৈ ৰৈ ৰৈ যাবলগীয়া হৈছিল৷ এনেদৰে গৈ থাকোঁতে এঠাইত তিনিকুৰি খাটে তেওঁক মাৰিবলৈ আগচি ধৰাত সেইসকল লোকক আতাই বুজাই-বঢ়াই পাপ-পুণ্যৰ কথা কৈ শৰণ দিয়ালে৷ ‘খট’সকলক বশ কৰি আগেয়ে শৰণ-ভজন দিয়াৰ উপৰিও অন্যান্য লোকসকলকো শৰণ দিছিল৷ দৰঙৰ এই ঠাইখিনিতেই পিছলৈ সত্ৰ কৰি খটৰাত গোবিন্দ আতা ৰৈ গ’ল৷ হৰিনাম ধৰ্মৰ প্ৰতি সকলোকে আকৰ্ষণ কৰিবৰ বাবে তেওঁ চৈধ্য প্ৰসংগ, থিয়নাম, ভাওনা, দধিমথন নৃত্যৰ আয়োজন কৰিছিল৷ বিভিন্ন সময়ত সংগদোষ বা অন্যান্য কাৰণত এইজনা গোবিন্দ আতাৰ মতি-গতি লৰ আছিল যদিও মাধৱদেৱ গুৰুজনাৰ একান্ত শিষ্য আছিল৷ আৰু সেয়ে পৰৱত¹ কালত চৰিতকাৰে মাধৱদেৱৰ আজ্ঞ াপৰ প্ৰধান শিষ্য তথা মহন্ত আচাৰ্যৰ আসনত স্থান দি চৰিত কথা বৰ্ণাইছিল৷ মাধৱদেৱ পুৰুষে পাতি থৈ যোৱা এই আচাৰ্য-মহন্তসকলৰ মাজৰে লেচাকণিয়া খটৰা গোবিন্দই দৰঙত প্ৰতিষ্ঠা কৰিছিল এই খটৰা সত্ৰ৷ সত্ৰখন প্ৰতিষ্ঠা কৰা অন্য এটি কাহিনী লোকমুখত প্ৰচলিত হৈ আছে৷ এদিন আতৈয়ে সত্ৰ পতাৰ বাবে ভক্তসকলক লগাই হাবি-বন কাটি থাকোঁতে এটি ভেকুলীয়ে এডাল প্ৰকাণ্ড সাপ ভক্ষণ কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰে৷ এই অদ্ভুত দৃশ্য দেখি তাৰ মাহাত্ম্য বুজি আতৈ পৰম সন্তোষিত হৈ ধৰ্মৰ খুটিটো সেই ঠাইতে পুতিবলৈ স্থিৰ কৰিলে৷ গোবিন্দ চৰিতত আছে-
“সৰ্পই মণ্ডুক গিলে জানয় সকলে৷ 
কিন্তু অদভূত সৰ্প গিলিছে ভোকলে৷ ৷ 
কালক ভক্ষকে খাই গোবিন্দ দেখিলা৷ 
ধৰ্মৰ নামত এক খুঁটিক পুতিলা৷ ৷ ”
ভেকুলীয়ে সৰ্প ভক্ষণ কৰা বিস্ময়কৰ ঠাইতে আতৈয়ে সত্ৰ পাতি ভক্ত সহিতে নাম-কীৰ্তন কৰি থকা কিছুমান খট [অসৎ] স্বভাৱৰ লোকে অসন্তুষ্ট হৈছিল৷ আতৈয়ে সিহঁতক শৰণ ল’বলৈ কোৱাত অমত হোৱাৰ উপৰিও হাবি ভাঙি পহু খেদা বুলি আতৈক দোষী সাব্যস্তহে কৰে৷ এই অসৎ স্বভাৱৰ লোকবোৰৰ উৎপাত সহিব নোৱাৰি আৰু শৰণ দিব নোৱাৰি আতৈয়ে শেষত মাধৱদেৱ গুৰুজনাৰ ওচৰলৈ গৈ সকলো বিবৰি ক’লে৷ গুৰুৰ পৰামৰ্শ অনুযায়ী আতৈয়ে ৰাম-লক্ষ্মণ-সীতাৰ আৰু হনুমানৰ মূৰ্তি চাৰিটা লৈ আহি মণিকূটত স্থাপন কৰিলে৷ খটবোৰে মূৰ্তিকেইটিক স্বচক্ষে দেখি ঈশ্বৰৰ মূৰ্তি বুলি পতিয়ন গৈ আতৈৰ ওচৰত শৰণ ল’লে৷ মুঠতে অসৎ, দুষ্ট প্ৰবৃত্তিৰ এই লোকসকলৰ স্বভাৱ বশ বা হৰণ কৰাৰ বাবে ঠাইখনৰ নাম খটহৰা বা পিছলৈ খটৰা আৰু সত্ৰখনৰ নাম খটৰা সত্ৰ হিচাপে পৰিচিত হ’ল৷ গোবিন্দ আতাই খটকে ধৰি অন্যান্যসকলক শৰণ-ভজন দি বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰাৰ উপৰিও সত্ৰত আন ভালেমান অনুষ্ঠানৰ আয়োজন কৰিছিল৷ তাৰ ভিতৰত অন্যতম অনুষ্ঠান পাচেতি উৎসৱ আৰু দধিমথন নৃত্যৰ অভিনয়৷ ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনা পাচেতি উৎসৱ অনুষ্ঠিত কৰি তাতেই গোবিন্দ আতাই এই দধিমথনৰ অভিনয় কৰিছিল৷ একেদৰে খটৰা সত্ৰত থিয়নাম কলাশৈলী গোবিন্দ আতাৰ এক অভিনৱ সৃষ্টি৷ এই সত্ৰৰ প্ৰতিষ্ঠাৰ পৰাই স্থায়ীভাৱে থাকি গোবিন্দ আতাই গুৰুজনাৰ ধৰ্ম প্ৰচাৰৰ লগতে নৃত্য-গীত ভাওনা চৰ্চা কৰি ৰজা, প্ৰজা সকলোকে আকৃষ্ট কৰিছিল৷ তেওঁৰ দধিমথন ভাওনা চাই কোচৰজা নৰনাৰায়ণো সন্তুষ্ট হৈছিল৷ 
“গোবিন্দ চৰিত”ত ভবানন্দ মি৷ ই আতৈৰ ধম¹য় তথা সাংস্কৃতিক কৰ্মৰাজিৰ বিস্তৃত বৰ্ণনা আৰু পৰিচয় সুন্দৰভাৱে দি গৈছে৷ দৰঙী ৰজা চন্দ্ৰনাৰায়ণৰ দিনত [১৬৫৩-১৬৭১ খ্ৰী.] ভবানন্দ মি৷ ই এই চৰিত পুথিখন ৰচনা কৰিছিল৷ এই পুথিত গোবিন্দৰ পৰিচয় এনেদৰে দিছে-
“লেচাকোণা নামে গ্ৰাম প্ৰসিদ্ধ লোকত৷ 
গোবিন্দ ঠাকুৰ তথা হন্তে ভৈলা জাত৷ ৷ 
দুৱনী নামত জানা পৰ্বত গহন৷ 
তাহাৰ সমীপে গ্ৰাম অতিকে শোভন৷ ৷ 
পিতৃ নাম ব্ৰহ্মানন্দ ক্ষত্ৰিয় জাতত৷ 
মহা দানশীল অতি বুদ্ধিত পাৰ্গত৷ ৷ 
...................................
স্নেহ কৰি গোবিন্দক শ্ৰীমন্ত শংকৰে৷ 
তাঙ্ক আনি সমৰ্পিলা মাধৱৰ কৰে৷ ৷ ”
গোবিন্দ আতাৰ গংগা, লক্ষ্মী আৰু সুমিত্ৰা নামৰ তিনিগৰাকী ভাৰ্যা আছিল৷ তিনিওগৰাকীৰ কিন্তু এজনীৰো কোনো সতি-সন্ততি নাছিল৷ আতৈৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত ভক্তসকলে সত্ৰৰ পৰা কিচু নিলগত “কাইকুৱা” নামৰ ঠাইত সৎকাৰ কৰে৷ তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈ তাত এটি নামঘৰ সাজিছিল৷ বৰ্তমান ঠাইখনৰ নাম কাইকীয়া পাৰা নামে আৰু নামঘৰটো গোবিন্দ আতা স্মৃতি নামঘৰ হিচাপে পৰিচিত৷ 
লেচাকণীয়া গোবিন্দ আতৈয়ে খটৰাত সত্ৰ প্ৰতিষ্ঠা কৰি যোৱা এই সত্ৰৰ যোগেদি ভক্তিধৰ্মৰ বন্তিগছি দৰঙতোজ্ব লাই বৈষ্ণৱ সমাজত এক সুকীয়া আসনত অধিষ্ঠিত কৰি থৈ গ’ল৷ তেৰাৰ অসাধাৰণ ব্যক্তিত্ব আৰু মাহাত্ম্যৰ বাবে এই সত্ৰই অসমৰ সত্ৰীয়া সংস্কৃতিত স্বকীয়, অদ্বিতীয় মৰ্যাদা আৰু ঐতিহ্যবাহক হৈ বৰ্তি আছে, থাকিব৷ vv
সহায়ক গ্ৰন্থঃ
বৰদোৱা, গুৰুচৰিত, গোবিন্দ চৰিত সমীক্ষিত পাঠ [সম্পাদিত], সেতুবন্ধ [স্মৃতিগ্ৰন্থ], গোবিন্দ সুৰভি [স্মৃতিগ্ৰন্থ], দৰঙী লোক-সাহিত্যৰ ৰূপৰেখা৷ 
লেখকৰ ভ্ৰাম্যভাষঃ ৯৭০৭৭৩০৪২৭