লেখক - উৎপল নাৰায়ণ গোস্বামী
ভাৰতবৰ্ষৰ নৃত্যৰ ঐতিহ্য বিচাৰ কৰিলে বৈদিক যুগৰ পৰা আৰম্ভ কৰিব লাগিব। খ্ৰীষ্টপূৰ্ব ৩৩০০ বছৰৰ পূৰ্বে মিছৰীয়া দেৱাল চিত্ৰ আৰু ভাৰতৰ গুহা চিত্ৰত নৃত্যকলাৰ উৎস বিচাৰি পোৱা যায়। নৃত্য হ’ল আংগিক সঞ্চালনৰ দ্বাৰা মনৰ ভাৱক কলাত্মক ৰূপত প্ৰকাশ কৰাৰ এক মাধ্যম। ভাৰতবৰ্ষত নৃত্য উদ্ভাৱৰ অতীতৰ কেইটামান দৃশ্য যদি মনলৈ আনো তেতিয়া আমি লক্ষ্য কৰোঁ বৈদিক যুগত নৃত্যৰ প্ৰয়োভৰৰ কথা ঋকবেদত বৰুণ আৰু ইন্দৰ কথোপকথন, যম আৰু যমীৰ কথোপকথন, পুৰুৰ বা উৰ্বশীৰ কথোপকথন ক্ৰমে চতুৰ্থ মণ্ডল, দশম মণ্ডলত প্ৰকাশ ঘটিছে। নাটকীয় ভাৱনাৰ প্ৰকাশ হোৱা এয়াও নৃত্যৰ এক ছবিহে। ভৰতমুনিৰ নাট্যশাস্ত্ৰ যদিও নাটকৰ শাস্ত্ৰ তথাপি ই নৃত্য শাস্ত্ৰৰ এখন প্ৰথম গ্ৰন্থ।
বৈদিক সাহিত্যত উল্লেখ থকা দাসী কন্যাৰ প্ৰজ্বলিত মাৰ্জনীয় অগ্নিৰ চৰ্তুদিশে যজ্ঞক উদ্দেশ্যি কৰা নৃত্য। যজ্ঞৰ নৃত্যত বৈদিক যুগত গাইছিল ‘সামগান’। সভা সমিতিত পুৰুষ আৰু স্ত্ৰীৰ নৃত্যৰ উল্লেখ আৰু ‘মহাব্ৰত’ যজ্ঞত ৰঙীন ‘ঘটী’ লৈ কৰা নৃত্য। ‘পুৰন্ধী’ নামৰ ‘সধৱা’ পত্নীৰ সুতা প্ৰদান কৰাৰ সময়ত কৰা নৃত্য আদিবোৰ ভাৰতবৰ্ষৰ প্ৰচীন নৃত্য প্ৰচলনৰ এক উপযুক্ত উদাহৰণ। তদুপৰি Sculpture আৰু Paintings বোৰত ভাৰতৰ বহু আগৰ পৰাই নৃত্য প্ৰচলনৰ প্ৰমাণ পোৱা যায়। ‘খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত প্ৰণিত ভৰতমুনিৰ নাট্যশাস্ত্ৰখনেই নৃত্য-নাট্যৰ যে সৰ্বজন সমাদৃত প্ৰমাণ্য গ্ৰন্থ তাত কোনো সন্দেহ নাই। ইয়াত নাট্যৰ চাৰি প্ৰকাৰৰ প্ৰবৃত্তি বিভাগ কৰা হৈছে এনেদৰে – (১) দাক্ষিণাত্য, (২) আৱন্তী, (৩) পাঞ্চালী, (৪) ওড্ৰমাগধী। পাঞ্চল, কাশ্মীৰ আদি ঠাইত পাঞ্চালী প্ৰবৃত্তি। মানবা, আবন্তী সিন্ধুত আৱন্তী প্ৰবৃত্তি। দাক্ষিণাত্যত দাক্ষিণাত্য প্ৰবৃত্তি আৰু অন্ধ্ৰ, বঙ্গ, কলিঙ্গ, মগধ, প্ৰাগজ্যোতিষ আদি অঞ্চলত প্ৰচলিত ওড্ৰমাগধী প্ৰবৃত্তিয়ে একোটাহঁত নৃত্য শৈলীৰ নিদৰ্শন ডাঙি ধৰে। আনহাতে হিন্দু ভাৱধাৰাত শিৱই হ’ল আদি নৃত্য গুৰু। সৃষ্টি, স্থিতি, সংগতি, তিৰোভাব আৰু অনুগ্ৰহৰ আকাৰ। শিৱৰ নটৰাজৰ স্মৃতিয়েই ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ, মহেশ্বৰ আৰু সদাশিৱৰ কাৰ্যৰ ইঙ্গিত বহন কৰে।
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰাচীন নৃত্যধাৰাৰ বিভিন্ন প্ৰমাণ থকাৰ দৰে ভাৰতৰে উত্তৰ পূবৰ অসমতো ধ্ৰুপদী নৃত্যৰ প্ৰচলনৰ তথ্য পোৱা যায়। যিবোৰ তথ্যৰ দ্বাৰা অসমৰ সাংস্কৃতিক আভিজাত্য ফুটি উঠে। নাট্যশাস্ত্ৰত উল্লিখিত প্ৰাগজ্যোতিষত প্ৰচলিত ওড্ৰ-মাগধী নৃত্যৰ কথাই প্ৰাচীন অসমৰ নৃত্য প্ৰচলনৰ প্ৰথম লিখিত তথ্য প্ৰকাশ কৰায়। সপ্তম শতিকাত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ দিনত চীন পৰিব্ৰাজক হিউৱেন চাঙক নৃত্য-গীত-বাদ্যৰ প্ৰদৰ্শন কৰি দেখুওৱা হৈছিল। নৱম শতিকাতো বনমালা বৰ্মাই তাম্ৰশাসন লিপিত ৰাজধানী শ্ৰী হৰুপ্পেশ্বৰৰ বৰ্ণনাত নটীসকলৰ কথা উল্লেখ কৰিছে। অসমৰ বহুত ভাস্কৰ্য আৰ স্থাপত্য শিল্পৰাজিৰ মাজত নৃত্য-সংগীতৰ ভংগিমা অংকিত কৰা আছে। স্থাপত্য-ভাস্কৰ্যসমূহত অংকিত চিত্ৰসমূহ কেৱল নৃত্যৰে ঐতিহ্যবহনকাৰী নহয়। ই অসমৰ প্ৰাচীন শাসন ব্যৱস্থাৰ সাংস্কৃতিক চেতনাবোধৰো পৰিচায়ক। অসমত বহুতো স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন আছে। তাৰ ভিতৰত শিৱসাগত প্ৰাপ্ত আৰু বৰ্তমানে ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত নাটৰাজ শিৱৰ মূৰ্তি আৰু তেজপুৰত আৱিষ্কৃত নৃত্যৰত গণেশৰ মূৰ্তি আদি উল্লেখ কৰিব পাৰি। একাদশ কি দ্বাদশ শতিকাৰ কামৰূপত ৰচিত ‘কালিকা পুৰাণ’ত কেইবাঠাইতো কণ্ঠ, সংগীত, যন্ত্ৰ-সংগীত আৰু নৃত্যৰ কথা আছে। যি ৰজাই অপৰিসীম ৰাজনৈতিক আৰু সামৰিক শক্তি বাঞ্চা কৰে। তেওঁ সুসজ্জিত নৰ্তকীৰ নৃত্য-গীতেৰে সেনা-বাহিনীক অৰ্চনা কৰিব লাগে বুলি বিধান দিয়া হৈছে। এই তন্ত্ৰখনত ধেনু, সম্পুট, প্ৰাঞ্জলি বিশ্ব, পদ্মক, যোনি, মহামুদ্ৰা আদি হাতৰ ১০৮ প্ৰকাৰ মুদ্ৰাৰ বৰ্ণনা দিয়া হৈছে। এই তান্ত্ৰিক মুদ্ৰা নৃত্যৰ ভিতৰত ব্যৱহৃত হাতৰ ভংগিৰ লগত তুলনীয়। অৱশ্যে নৃত্যৰ ভাষাত ‘মুদ্ৰা’ শব্দ ব্যৱহাৰ্য নহয়। তাৰ পৰিৱৰ্তে ‘হস্ত’ বা অসমীয়াত ‘হাত’ শব্দ নৃত্যত ব্যৱহাৰ কৰিব লাগে।(সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল, পৃ. ৪২) এই সমূহ কীৰ্তিচিহ্নৰ দ্বাৰা অসমত প্ৰাচীনকালৰ পৰাই নৃত্য প্ৰচলনৰ এক চমু আভাস পাওঁ। কালিকা পুৰাণৰ মাজত লিখিত সংগীত নৃত্যৰ বিধানবোৰৰ পিছত অধিক স্পষ্ট হৈ পৰে নৃত্যধাৰাটিৰ প্ৰথা। দেওধাই, ওজাপালি, দেওধনী আদি নৃত্য প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন সম্পদ। জনগোষ্ঠীয় নৃত্যবোৰো পৰম্পৰাগতভাৱে বহু যুগ যুগ ধৰি অসমত প্ৰচলন হৈ আহিছে। বড়ো, কাৰ্বি, দেউৰী, কছাৰী, মিচিং, লালুং, তিৱা আদিৰ উপৰিও কামৰূপৰ ঢুলীয়া নাচ, অসমৰ বিহু নাচবোৰ এটি চলি আছিল। এই নৃত্যৰ কোনো এটা নিৰ্দিষ্ট শৈলী নাছিল। এই শৈলী কেইটিৰ ভিতৰত ওজাপালি আৰু দেওঘৰৰ নটীৰ নৃত্যই নেতৃত্ব প্ৰদান কৰিছিল। অন্যান্য লোকনৃত্যৰ প্ৰয়োভৰ অৱশ্যে খুৱেই আছিল। ওজাপালিৰ ভিতৰতো সভাগোৱা অৰ্থাৎ বিয়াহৰ ওজাপালি আৰু ৰং গোৱা ওজাপালিৰ প্ৰচলন আছিল খুব বেছি। বিয়াহৰ ওজাপালি কামৰূপ আৰু মংগলদৈ অঞ্চলত খুৱ বেছি প্ৰচলন আছিল। যি নহওঁক এই ওজাপালি হ’ল অসমৰ ধ্ৰুপদী নৃত্যৰ প্ৰাচীন চিহ্ন ইয়াৰ লগতে দেওঘৰৰ নটীৰ নৃত্যও অন্যতম। ইয়াৰ পিছতেই উল্লেখ কৰিব লাগিব সত্ৰীয়া নৃত্যৰ কথা। সত্ৰীয়া নৃত্য হ’ল অসমৰ ধ্ৰুপদী নৃত্যৰ অন্যতম ঐতিহ্যবহনকাৰী নৃত্য। মুঠতে তিনিটা শৈলী হ’ল মূলতে অসমৰ ধ্ৰুপদী নৃত্যৰ ধাৰাটি ক্ৰমবৰ্ধমান গতিত লৈ অহা ধাৰা (ক) সত্ৰীয়া নৃত্য, (খ) সভাগোৱা আৰু ৰং গোৱা ওজাপালি, (গ) দেওঘৰৰ নটীৰ নৃত্য।
‘সত্ৰীয়া নৃত্য’ অভিধাটিৰ ঐতিহ্য বিচাৰ কৰিলে আমি পঞ্চদশ-ষোড়শ শতিকাৰ ভক্তি আন্দোলনৰ ফলৰস প্ৰাণ কৰি অনুসন্ধান কৰিব লাগিব। সেই সময়ছোৱাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ অভিন্ন সংযোগত ভাৰতবৰ্ষৰ অন্যান্য দেশৰ দৰে অসমতো ভক্তি আন্দোলন তীব্ৰতৰ হৈ উঠিছিল। ফলস্বৰূপে শ্ৰীমন্ত শংকৰদেৱৰ অভূতপূৰ্ব প্ৰতিভা জাগ্ৰত হৈ সমগ্ৰ অসমত পোহৰৰ কণা সিঁচি দিবলৈ ধৰিলে। সহযোগী মাধৱদেৱে সেই পোহৰৰ কণাক অধিক জ্যোতিময় হোৱাত সহায় কৰিলে। অৱশেষত দুয়োজন মহাপুৰুষৰ মাৰ্গীয় চেতনাই এক নতুন দিশৰ উন্মোচন কৰিলে। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি শংকৰদেৱে জন্ম দিলে এক বিশেষ অনুষ্ঠানৰ সেয়া হ’ল ‘সত্ৰ’। বহু সংঘাত নেওচি শংকৰদেৱে অংকীয়া ভাওনা, নৃত্য, গীত অভিনয় আদিৰ প্ৰচলন কৰিলে। মাধৱদেৱও ধূৱাহাট বেলগুৰিত শংকৰদেৱৰ সংস্পৰ্শ লাভ কৰি নৱবৈষ্ণৱ ধৰ্মৰ ধাৰাটিক অতি সবল ৰূপত বোৱাই দিলে। ধৰ্ম প্ৰচাৰ মহাসংযোজন ঘটোৱা সাংস্কৃতিক সমল হ’ল শংকৰ মাধৱৰ প্ৰধান অস্ত্ৰ স্বৰূপ। সাংস্কৃতিক বা কলাচেতনাৰ যোগেদি কৰা সমাজ সংস্কাৰৰ আঁচিনৰ বাবেই ভাৰতীয় সংস্কাৰকৰ তুলনাত গুৰুজনাৰ স্থান একক আৰু অনন্য। ফলস্বৰূপে পঞ্চদশ শতিকাৰ অসমৰ ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি আদি প্ৰতিটো দিশ নতুন সাজেৰে সজ্জিত হৈ উঠিল। ধৰ্ম চৰ্চাক অধিক ফলপ্ৰসু কৰাৰ বাবে সংগীতক ধৰ্মীয় ধাৰণাৰ সৈতে অঙ্গাঙ্গী কৰা হ’ল। ইয়াৰ বাবেই অসমৰ কোণে কোণে প্ৰতিষ্ঠা কৰা হ’ল সত্ৰানুষ্ঠানুষ্ঠান (সত্ৰীয়া নৃত্যৰ ৰূপ দৰ্শন, পৃ. ৩৯)। শংকৰদেৱৰ ধৰ্মত সাংস্কৃতিক সক্ৰিয়তা ৰক্ষা কৰাত এই সত্ৰানুষ্ঠানসমূহতেই আছিল প্ৰথম অৱদান। নিত্য-নৈমিত্তিকভাৱে সত্ৰসমূহত নানান গীত-বাদ্য নৃত্যৰ চৰ্চা কৰাৰ এই নিয়ম আছিল। শংকৰদেৱে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত ভক্তিধৰ্মৰ ফলস্বৰূপে প্ৰচলন হোৱা নৃত্য-গীত সমূহৰ দৰেই অসমতো মাৰ্গীয় ধাৰণাৰ গীত-নৃত্যৰ সৃষ্টি কৰিলে। শংকৰদেৱৰ আগলৈকে যিসমূহ নৃত্য প্ৰচলন আছিল তাৰ প্ৰমাণবোৰ সিমান সুস্পষ্ট নাছিল। সত্ৰীয়া নৃত্যত শংকৰদেৱে শাস্ত্ৰীয় নৃত্যৰ উপাদানৰ লগত থলুৱা নৃত্যৰ উপাদানো সংযোগ কৰি জনমুখী চিন্তাৰে প্ৰচাৰ কৰিলে। শংকৰদেৱৰ আজ্ঞাপৰ ধৰ্মচাৰ্যসকলৰ ধৰ্মপ্ৰচাৰৰ একান্ত আস্থাৰ বাবে পিছৰ সময়ত প্ৰায় ৬০০ খন মান সত্ৰৰ সৃষ্টি হ’ল। বৰ্তমান ইয়াৰ সংখ্যা প্ৰায় ৯০০ ৰো অধিক। এই সত্ৰসমূহে এক সুন্দৰ সৰল ধৰ্মীয় পৰিবেশ সৃষ্টি কৰিলে। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সত্ৰসমূহে এক আন্দোলন গঢ়ি তুলিলে। সত্ৰত সত্ৰাধিকাৰ, ভকত আৰু শিষ্যৰ সংযোগ ঘটি সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত এই অনন্য মাত্ৰাৰ পৰিবেশৰ সূচনা কৰিলে। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে অংকীয়া নাট সৃ্ষ্টি কৰি অসমীয়া সাহিত্য আৰু সংস্কৃতিক সমানেই চহকী কৰিলে। ‘যি দৰে শংকৰদেৱ-মাধৱদেৱৰ গীতসমূহে অসমত মাৰ্গীয় সংগীতৰ এটা বিশেষ ধাৰাৰ প্ৰৱৰ্তন কৰিলে তেনেদৰে তেওঁলোকৰ নাটসমূহে কেৱল সাহিত্য সৃষ্টিৰ পৰ্যায়তে আৱদ্ধ নাথাকি প্ৰাণৰ প্ৰায়োগিক ধীৰসম্পননতাৰে পুষ্ট এটা নাট্য আন্দোলনৰ দ্যোতক হ’ল। সেই নাট্য আন্দোলনে নাটৰ অভিনয়ৰ আনুষংগিক আন আন কলাৰ ভাস্কৰ্য, চিত্ৰ, গ্ৰামীণ কাৰুকলা, বস্ত্ৰ শিল্পক সামৰি- এক শিল্প জাগৰণৰ সূচনা কৰিলে। এই বিলাকৰ উপৰিও বৰ্তমান অসমৰ সাংস্কৃতিক ঐতিহ্যৰো এটা প্ৰধান ধাৰাৰূপে প্ৰসিদ্ধি লাভ কৰা সত্ৰীয়া নৃত্যৰো গৰ্ভগৃহ শংকৰদেৱ-মাধৱদেৱৰ নাটেই। শংকৰদেৱে মনোময় সৌকুমাৰ্যৰে তেওঁৰ নাট্যকলাত সংগীত নৃত্য-নাট্যৰ সমাহাৰ ঘটাইছিল। (সত্ৰীয়া নৃত্যঃ ঐতিহ্যৰ আভাস, পৃ ৯)। সত্ৰীয়া নৃত্য শব্দটো অৰ্বাচীন। ‘সত্ৰীয়া নৃত্য’ শব্দটোত ব্যৱহৃত ‘সত্ৰীয়া’ শব্দটো বিশেষণ বাচক হ’লেও ইয়াৰ তাৎপৰ্য আৰু পৰিসৰ বিস্তৃত। শংকৰদেৱ-মাধৱদেৱ আৰু পৰৱৰ্তী সত্ৰীয়া অধ্যাপক সকলৰ যি আহোপুৰুষাৰ্থ ত্যাগ আৰু চৰ্চা তাৰ চানেকিত জিলিকি ৰ’ল সত্ৰীয়া নৃত্য। মূল্যায়ণৰ দ্বাৰা পৰম্পৰা কলাসমূহক যিদৰে সামাজিক স্বীকৃতিৰ বাবে উলিয়াই দিয়া হ’ল সেইদৰে সেই কলাসমূহে স্থায়ীত্ব পোৱাৰ লগতে জনসমাজতো লাভ কৰিলে। ভাৰতবৰ্ষৰ অন্যান্য দেশৰ নৃত্যসমূহ যেনে – ভাৰতনাট্যম, ওডিচী, মণিপুৰী, কথাকলি, কথক এইবোৰক লৈও নৱ মূল্যায়ন কৰা হ’ল তাৰ পিছতহে এই নৃত্যসমূহে স্বীকৃতি লাভ কৰিলে। ‘সত্ৰীয়া নৃত্য’ও সেই একেটি ধাৰাতে বোৱা এটি সুঁতি। এই নৃত্যসমূহৰ নিৰ্দিষ্ট শাস্ত্ৰসন্মত ধাৰণা থকাৰ দৰেই সত্ৰীয়া নৃত্যৰো নিৰ্দিষ্ট ধাৰণা বা সূত্ৰ আছে। নৱবৈষ্ণৱ ধৰ্মৰ উপাস্যদেৱতা কৃষ্ণ বা বিষ্ণু উপাসনাৰ বাবে শংকৰদেৱ-মাধৱদেৱৰ দ্বাৰা সৃষ্ট নাচসমূহক পৰৱৰ্তী গুৰু বা আতা বা অধ্যাপকসকলৰ দ্বাৰা সংবৰ্ধন, সংৰক্ষণ কৰি এই সুসংৱদ্ধ গাঁঠিনৰে নিৰ্দিষ্ট ৰূপ প্ৰদান কৰা শাস্ত্ৰসন্মত নৃত্য ধাৰাটিয়েই হ’ল ‘সত্ৰীয় নৃত্য’। সত্ৰয়া নৃত্যৰ নিজস্ব গুণ ৰীতিৰে মহিমামণ্ডিত। ইয়াৰ ব্যাকৰণসন্মত শৈলীবোৰৰ এক বিস্তৃত অধ্যয়নৰ প্ৰয়োজন। ভাৰতৰ নাট্যশাস্ত্ৰৰ নিৰ্দিষ্ট ৰীতি-নীতিৰ সূত্ৰবোৰৰ বিধিগত ব্যৱস্থাৰ মাজত সত্ৰীয়া নৃত্য বন্দী হৈ আছে। যদিও ভাৰতৰ নাট্যশাস্ত্ৰৰ ৰীতি বান্ধোনেৰে ভাৰতবৰ্ষৰ নাট্য-নৃত্যৰ পৰম্পৰাৰ কাঠামো গঠিত হৈছে তথাপি প্ৰত্যেকৰে পৰম্পৰাগত ৰীতি আৰু প্ৰকাশশৈলীত নিজস্ব ধাৰণা ৰক্ষিত হৈ আছে। সত্ৰীয়া নৃত্যও তাৰ ব্যতিক্ৰম নহয়। ‘নৃত্য যিহেতু বিভিন্ন কলা আৰু কাৰিকৰী দিশৰ সুক্ষ্ম সমাহাৰপূৰ্ণ এক প্ৰকাৰৰ ধাম কলা সেইবোৰ, যেনে আংগিক (শৰীৰ চালনা, পদচালনা, হস্তচালনা, শিৰ আৰু গ্ৰীৱকৰ্ম), ৱাচিক (কণ্টসংগীত, বাদ্যসংগীত), আহাৰ্য (বেশ-ভূষা, আ-অলংকাৰ) প্ৰভূতি সকলো দিশতে সুকীয়া সুকীয়া স্তৰত ৰীতিবদ্ধতা সঞ্চিত হৈ আছে। সকলো দিশতে ৰীতিবদ্ধতাৰ সুসংহত বা যৌগ ৰূপান্তৰতহে নৃত্যৰ পূৰ্ণতা প্ৰকাশিত হয়। সত্ৰীয়া নৃত্যৰ বেলিকাও এই সুকীয়া সুকীয়া স্তৰৰ ৰীতিবদ্ধতা মৌখিক পৰম্পৰাৰ মাজেদি প্ৰচলিত হৈ আহিছে। এই ৰীতি বৈচিত্ৰ্য মিলি সত্ৰীয়া নৃত্যৰ মাজত এটা সংহত ব্যাকৰণ গাঁথনি প্ৰতিফলিত হৈছে। নাট্যশাস্ত্ৰত বৰ্ণিত হোৱা ১০৮ বিধ কৰণৰ ভাস্কৰ্যগত প্ৰয়োগ দক্ষিণ ভাৰতৰ বৃহদ্দেশ্বৰ চিদাম্বৰমৰ নটৰাজ মন্দিৰত ঘটাৰ দৰে বা সেই ভাস্কৰ্যসমূহ ভাৰত নাট্যমৰ দৰে নৃত্য পৰম্পৰাৰ ব্যাকৰণৰ আধাৰ হোৱাৰ দৰে সত্ৰীয়া নৃত্য পৰম্পৰাৰে শিক্ষা বা ব্যাকৰণৰ আধাৰ ... মাটি আখৰাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। (সত্ৰীয়া নৃত্যঃ ঐতিহ্যৰ আভাস, পৃ. ১৭) মাটি আখৰা শব্দটোতো অনুধাৱন কৰিব পাৰি ই সত্ৰীয়া নৃত্যৰ প্ৰাৰম্ভিক কুচকাৱাজ। সত্ৰীয়া নৃত্যৰ প্ৰথম ভাগে হ’ল মাটি আখৰা। মাটি আখৰাৰ দ্বাৰা নৃত্য শিকাৰু এগৰাকীৰ নৃত্যৰ জটিল দেহ ভংগীমা আৰ শৰীৰ সঞ্চালনৰ কৌশলসমূহৰ শিক্ষা দিয়া হয়। মাটি আখৰাৰ নাচসমূহ দুটা ভাগত ব্যৱহৃত। এটা হ’ল নৃত্যত ব্যৱহৃত আখৰা আনটো নৃত্যত অব্যহৃত আখৰা। হাড় ভঙা, গোৰোহা চোৱা, বুকু চোৱা, ম’ৰাপানী খোৱা, কামি টনা, কাছই টনা, কাছই পানী খোৱা, কাছ বান্ধ, তেল টুপি, তমাল মোচোৰা, থিয় লন, আঠু লন এইবোৰ হ’ল নৃত্যত সাধাৰণতে ব্যৱহাৰ নোহোৱা আখৰা, এইবোৰৰ দ্বাৰা শৰীৰ সঞ্চালনত অধিক গুৰুত্ব দিয়া হয়। শিকাৰুৰ দেহৰ জঠৰতা নাশ কৰাৰ বাবে এই সমূহ মাটি আখৰা শিকোৱা হয়। আনহাতে বাকী যিমানবোৰ মাটি আখৰা আছে আটাইবোৰেই নৃত্যত ব্যৱহাৰ কৰা হয়। মাটি আখৰা মুঠ ৬৮ খন পোৱা গৈছিল যদিও বৰ্তমান এইক্ষেত্ৰত ন ন গৱেষণাৰ দ্বাৰা ৭৩ খনতকৈ অধিক মাটি আখৰা পোৱা গৈছে। ইয়াৰ আঠটা বেলেগ বেলেগ ভাগ আছে। এই ভাগসমূহৰ অন্তৰালতে মাটি আখৰাসমূহ সন্নিৱিষ্ট হৈ আছে।
(১) ওৰা, (২) চটা, (৩) লন, (৪) খৰ, (৫) জাঁপ, (৬) চিটিকা, (৭) জলক, (৮) পাক। এই আঠটা ভাগৰ মাজতে বহুতো প্ৰকাৰ আছে য’ত ৭৩ খনতকৈ অধিক মাটি আখৰা সন্নিৱিষ্ট হৈ আছে। সত্ৰীয়া নৃত্য যদিও আধ্যাত্মিক স্তৰৰ নৃত্য তথাপি ইয়াৰ মাজত নিহিত আছে শৰীৰ চৰ্চাৰ দৰে এক বিজ্ঞানসন্মত স্বাস্থ্যৰক্ষাৰ যত্ন ব্যৱস্থা। যাৰ দ্বাৰা আধ্যাত্মিকতাৰ লগতে শাৰীৰিক উৎকৰ্ষ সাধনো হোৱা দেখা যায়। ভাৰতবৰ্ষৰ অন্যান্য ধ্ৰুপদী নৃত্যধাৰাসমূহ যদি কেতিয়াৱা ক’ৰবাত স্থবিৰ হোৱাৰ কিবা প্ৰমাণ আছে তথাপি সত্ৰীয়া নৃত্য একেধাৰে ৰক্ষিত চৰ্চিত হৈ অহা এক শাস্ত্ৰ সন্মত মাৰ্গীয় নৃত্য। অসমৰ সত্ৰানুষ্ঠানসমূহে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ এই নৃত্যধাৰাটিক জীয়াই ৰখাত অহোপুষাৰ্থ চেষ্টা কৰি আহিছে। অসমৰ ধ্ৰুপদী নৃত্যধাৰাটিৰ ঐতিহ্য আৰু বিকাশ পৰ্যালোচনাত সত্ৰীয়া নৃত্যৰ স্থায়ীত্ব আৰু ব্যাকৰণ সন্মত প্ৰকাশে আটাইতকৈ দীৰ্ঘকাল ব্যাপ্তি থাকিবলৈ সামৰ্থ হ’ব।
সহায়ক গ্ৰন্থপঞ্জী
(১) নেওগ, মহেশ্বৰ, কেশৱ চাংকাকতীঃ সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল, অসম প্ৰকাশন পৰিষদ, চতুৰ্থ প্ৰকাশ, ২০০৬
(২) মহন্ত, প্ৰদীপজ্যোতি, বৰা, ঘনকান্তঃ সত্ৰীয়া নৃত্যঃ ঐতিহ্যৰ আভাস, অসমৰ প্ৰকাশন পৰিষদ, দ্বিতীয় সংস্কৰণ, ২০১৩
(৩) গোস্বামী, কেশৱানন্দদেৱঃ সত্ৰ-সংস্কৃতিৰ ৰূপৰেখা, বনলতা, ষষ্ঠ সংস্কৰণ, ২০১৪
(৪) বৰা, কৰুণাঃ সত্ৰীয়া নৃত্যৰ ৰূপদৰ্শন, গ্ৰন্থ সংস্কৃতি, চতুৰ্থ প্ৰকাশ, ২০১৩
(বি.দ্ৰ. - ফটোৰ উৎস ইণ্টাৰনেট)