প্ৰশান্ত কুমাৰ কলিতা
পাটনাৰ পৰা প্ৰায় ৪০ মাইল দক্ষিণত অৱস্থিত নালন্দা, বুদ্ধৰ প্ৰিয় শিষ্য আৰু সোঁহাত ৰূপে পৰিচিত সাৰিপুত্তৰ জন্ম আৰু মৃত্যু স্থান। আশোকৰ দ্বাৰা ইয়াত এটা মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায়। কিন্তু এই স্থান শিক্ষাৰ কেন্দ্ৰ ৰূপে গঢ় লোৱাৰ সময় আনুমানিক ৪৫০ খ্ৰীষ্টপূৰ্ব। কিয়নো ৪১০ খ্ৰীষ্টাব্দত ভাৰত ভ্ৰমণ কৰা চীনা পৰিব্ৰাজক ফাহিয়ান চাঙৰ বৰ্ণনাত এই স্থানৰ শিক্ষাৰ দিশত কোনো গুৰুত্ব থকাৰ উল্লেখ নাই। অৱশ্যে ইয়াৰ পাছত গুপ্ত সাম্ৰাজ্যৰ বহু কেইজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি ই অতি সোণকালেই এক গুৰুত্বপূণ শিক্ষাকেন্দ্ৰ ৰূপে স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হয়। গোড়া হিন্দু সমৰ্থক হ’লেও, গুপ্ত শাসকসকলে এই বৌদ্ধ বিশ্ববিদ্যালয় খনৰ উন্নয়ন, সা-সৰঞ্জামৰ যোগান আৰু প্ৰতিভা বিকাশৰ বাবে হোৱা খৰচৰ সিংহভাগ বহন কৰিছিল। প্ৰথম কুমাৰগুপ্ত (৪১০-৪৫৪ খ্ৰীষ্টাব্দ) নামেৰে খ্যাত শত্ৰুাদিত্যই ইয়াত এটা মঠ স্থাপন কৰি নালন্দাৰ শৌৰ্য্য-বীৰ্য্য বিকাশৰ ভেটি স্থাপন কৰে। এই মঠত অৱস্থিত আকৰ্ষণীয় বুদ্ধ মন্দিৰ বহু শতিকা ধৰি ধৰ্মসভা সমূহৰ কেন্দ্ৰীয় উপাসনা স্থল ৰূপে প্ৰখ্যা্ত আছিল। তথাগত গুপ্ত, নৰসিংহ গুপ্ত বালাদিত্য আৰু বুধগুপ্ত, প্ৰত্যেকেই এই স্থানত একোটাকৈ মঠ নিৰ্মাণ কৰিছিল। বালাদিত্যৰ উত্তৰাধিকাৰী বজ্ৰ আৰু মধ্য ভাৰতৰ এজন ৰজাই ইয়াত আৰু দুটা মঠ নিৰ্মাণ কৰিছিল। প্ৰায় একাদশ শতিকালৈকে নালন্দাত হিন্দু আৰু বৌদ্ধ সকলৰ দান বৰঙণিৰে নতুন নতুন অট্টালিকাৰ নিৰ্মাণ হৈয়েই আছিল।
আট্টালিকাৰ পৰিকল্পনাঃ খনন কাৰ্যৰ পৰা জানিব পাৰি যে নালন্দা বিশ্ববিদ্যালয় দীঘলে এক মাইল আৰু বহলে আধা মাইল স্থান অধিকাৰ কৰি আছিল। সন্ন্যাসী সকলৰ মঠ আৰু স্তুপবোৰ আগতীয়া পৰিকল্পনা অনুযায়ী নিৰ্মাণ কৰা হৈছিল। সেই সকলোবোৰ এটা শাৰীত সুশৃংখলভাবে নিৰ্মাণ কৰা হৈছিল। কেন্দ্ৰীয় মহাবিদ্যালয়খনত প্ৰেক্ষাগৃহ আছিল আঠটা। বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা প্ৰদানৰ বাবে তিনিশ সৰু সৰু কোঠা আছিল। কেইবা মহলীয়া অট্টালিকাবোৰৰ নিৰ্মাণ কাৰ্য অতি চমৎকাৰ আছিল। সমসাময়িক বৰ্ণনা সমূহৰ পৰা অৱগত হোৱা যায় যে নালন্দাৰ অট্টালিকা সমূহে ডাৱৰ স্পৰ্শ কৰিছিল। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে এই অট্টালিকা সমূহৰ আকাৰ যথেষ্ট বৃহৎ আছিল। ইয়াত বহু সংখ্যক নীল পদ্মৰে সুশোভিত আৰু ফটফটীয়া পানীৰে পৰিপূৰ্ণ জলাশয় আছিল। এই জলাশয়বোৰ সমগ্ৰ বিশ্ববিদ্যালয় পৰিসৰৰ শোভা বৰ্দ্ধনকাৰী হোৱাৰ লগতে পানী যোগানৰ উৎস আছিল। আবাসিক এলেকাটো দেৱালেৰে পৰিবেষ্টিত আছিল আৰু দক্ষিণ দিশলৈ এখন প্ৰৱেশদ্বাৰ আছিল।
থকা খোৱাৰ ব্যৱস্থাঃ ভিক্ষু ছাত্ৰসকল বসবাসৰ উদ্দেশ্যেৰে নিৰ্মিত মঠৰ আবাসী আছিল। খনন কাৰ্যৰ পৰা এনে তেৰটা বা তাতোধিক মঠৰ অৱস্থিতিৰ প্ৰমাণ পোৱা যায়। মঠ সমূহ অতি কমেও দুমহলীয়া আছিল আৰু ইয়াত এজনীয়া আৰু দুজনীয়া, দুয়োধৰণৰ কোঠা আছিল। প্ৰতিটো কোঠাত প্ৰতিজন আবাসীৰ বাবে এখনকৈ শিলেৰে নিৰ্মিত শয্যা আৰু দীপবৰ্তিকা আৰু গ্ৰন্থৰ বাবে যথাযোগ্য স্থানৰ ব্যৱস্থা আছিল। প্ৰতিটো মঠৰ চোতালৰ একাষে পানী যোগানৰ বাবে একোটাকৈ নাদৰ ব্যৱস্থা দেখিলে অনুমান কৰিব পাৰি যে পানী যোগানৰ সমস্যাৰ প্ৰতি যথাযোগ্য ধ্যান দিয়া হৈছিল। জ্যেষ্ঠতাৰ ভিত্তিত কোঠা সমূহ আবণ্টন কৰা হৈছিল আৰু প্ৰতিবছৰে ইয়াৰ পুনৰ নিৰীক্ষণ কৰা হৈছিল। প্ৰতিটো মঠতে এক বিস্তৃত স্থানত আখলৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পৰা প্ৰমাণ হয় যে ছাত্ৰাবাস সমূহত একেলগে খোৱা বোৱাৰ ব্যৱস্থা আছিল। বিশ্ববিদ্যালয়খনে দুশখন সমৃদ্ধিশালী গাঁও দান সূত্ৰে লাভ কৰিছিল আৰু ইয়াৰ সহায়ত ভিক্ষু ছাত্ৰসকলক খাদ্যবস্তু আৰু বস্ত্ৰ বিনামূলীয়াকৈ যোগান ধৰা হৈছিল। বৌদ্ধ মঠৰ নিয়ম অনুসাৰে এই সুবিধা সেইসকল ভিক্ষু ছাত্ৰলৈ আগবঢ়োৱা হৈছিল যিসকলে কিছুমান বিশেষ সেৱা আগবঢ়াবলৈ সন্মত হৈছিল। অৱশ্যে হিন্দু শাসকৰ পৰা প্ৰাপ্ত পৃষ্ঠপোষকতাৰ বাবে হিন্দু ছাত্ৰ সকলকো এনে সুবিধা প্ৰদান কৰা হৈছিল।
শিক্ষার্থীৰ সংখ্যাঃ আনুমানিক ৬৭৫ খ্ৰীষ্টাব্দত, আই-শ্বিং (I-tsing) নালন্দাত বাস কৰাৰ কালচোৱাত তিনি হাজাৰতকৈয়ো অধিক ভিক্ষু এই অনুষ্ঠানত বাস কৰি আছিল। ‘‘In the Nalanda monastery the number of priests is immense, and exceeds three thousand.’’(Page No.154, A Record of the Buddhist Religion, I-tsing,1896)। হিউয়েন চাঙৰ জীৱনীকাৰৰ মতে সেই সময়ত নালন্দাত আবাসীৰ সংখ্যা সদায় দহহাজাৰ স্পৰ্শ কৰিছিলগৈ। প্ৰকৃততে এইজন জীৱনীকাৰ কোনোদিনে ভাৰতলৈ অহা নাছিল আৰু সেইবাবে এই তথ্যত বিশ্বাসযোগ্যতা কম। হিউয়েন চাঙৰ তথ্য অনুসৰি ইয়াত কেইবাহাজাৰ ভিক্ষু ছাত্ৰ বাস কৰিছিল। সকলোখিনি তথ্যৰ পৰা অনুমান কৰিব পাৰি যে খ্ৰীষ্টাব্দ সপ্তম শতিকাৰ মাজভাগত নালন্দাত অতি কমেও পাঁচ হাজাৰ ভীক্ষু ছাত্ৰই বাস কৰিছিল।
মঠ আৰু বিশ্ববিদ্যালয়ঃ নালন্দা কেৱল এটা মঠেই নাছিল, জ্ঞান অৰ্জন কেন্দ্ৰ ৰূপে ইয়াৰ সুনাম বহু দূৰলৈকে বিয়পি পৰিছিল। হিউয়েন চাঙৰ মতে, “The priests, to the number of several thousands, are men of the highest ability and talent.Their distinction is very great at the present time, and there are many hundreds whose fame has rapidly spread through distant regions. Their conduct is pure and unblamable. They follow in sincerity the precepts of the moral low. The rules of this convent are severe, and all the priests are bound to observe them. The countries (States) of India respect them and follow them. The day is not sufficient for asking and answering profound quesstions. From morning till night they engage in discussion; the old and the young mutually help one another. Those who cannot discuss questions out of the Tripitaka and little esteemed, and are obliged to hide themselves for shame. Learned men from different cities, on this account, who desire to acquire quickly a renown in discussion, come here in multitudes to settle their doubts, and then the streams (of their wisdom) spread far and wide. For this reason some persons usurp the name (of Nalanda students), and in going to and fro receive honour in consequence. (Page No.170. Buddhist Record of The Western World, Vol.II, Translated from the Chinese of Hiuen Tsiang A.D.629,1884)”
বিশ্ববিদ্যালয়ৰ বিশিষ্ট বিদ্বান আৰু দক্ষ তাৰ্কিক সকলৰ নাম, সকলো নৱাগত ছাত্ৰ আৰু অতিথি সকলৰ জ্ঞাতাৰ্থে, সু-উচ্চ প্ৰৱেশদ্বাৰত বগা আখৰেৰে লিখি ৰখা হৈছিল। “They receive grants of land, and are advanced to a high rank; their famous names are, as a reward, written in white on their lofty gates. After this they can follow whatever occupation they like.’’ (Page No.178, A Record of the Buddhist Religion, I-tsing, 1896)”
ছাত্ৰৰ নামভৰ্তিঃ নামভৰ্তিৰ পদ্ধতি অতি কঠোৰ আৰু উন্নতমানৰ আছিল। যদি কোনো লোকে ইয়াত নামভৰ্তি কৰিবলৈ ইচ্ছা কৰে, প্ৰথমেই তেওঁলোক সন্মুখীন হ’ব লাগিছিল দ্বাৰ ৰক্ষকৰ কিছুমান কঠিন প্ৰশ্নৰ, বহুতে উত্তৰ দিব নোৱাৰি পশ্চাদপসাৰণ কৰে। ইয়াত নামভৰ্তিৰ পূৰ্বে প্ৰাচীন আৰু আধুনিক দুয়োবিধ গ্ৰন্থ গভীৰভাবে অধ্যয়ন কৰিব লাগিছিল। সেইবাবে ইয়ালৈ অহা নতুন ছাত্ৰসকলে অতি দুৰূহ আলোচনা-বিলোচনাত উৎকৃষ্ট ফল প্ৰদৰ্শন কৰিব লগাত পৰিছিল। অকৃতকাৰ্য সকলৰ সংখ্যা কৃতকাৰ্য হোৱা সকলৰ তুলনাত দহ জনৰ ভিতৰত সাত বা আঠ জন আছিল।
‘‘From the number of unsuccessful students, which was seven or eight out of ten, it is evident the examination must have been very strict. Students of moderate talent were not only bound to fail to get admission but by their non-admission they even forfeited their fame as eminent debators. This entrance examination, as it is clear from words like 'other quarters' and 'strangers' seems to have been held for those students, who had not received their 'primary' and 'secendary' education at Nalanda. But for the students who had received their 'primary' and 'secendary' education at Nalanda and who were generally those who had embraced Buddhism, no such examination was necessary. They had to study, first, the Buddhist works and then works of other faiths and systems. Then in course of time, when they had finished certain works, they were placed in charge of various department of the University, mojority of them being appointed them as Acaryas.’’(Page No.148, The University of Nalanda by H.D. Sankalia,1934) কিন্তু যিসকল বিশিষ্ট মেধাসম্পন্ন, সম্পূৰ্ণ জ্ঞানী, বিশেষ সামৰ্থবান কীৰ্তিমান, গুণী, বিশিষ্ট ব্যক্তি, তেওঁলোকে তেওঁলোকৰ নাম একাদিক্ৰমে এই অনুষ্ঠানৰ যশস্বী লোক সকলৰ নামৰ লগত সংযোগ কৰিব পাৰিছিল।
নামভৰ্তিৰ বয়সঃ (১) নালন্দাত নামভৰ্তিৰ বাবে ক’মেও বিশ বছৰ হ’ব লাগিছিল। কাৰণ পোন্ধৰ বছৰ বয়সত আৰম্ভ কৰা বৃত্তিসূত্ৰৰ (Vrittisutra) অধ্যয়ন কৰিবলৈ পাঁচ বছৰ সময়ৰ প্ৰয়োজন আছিল। চীনৰ পৰা ভাৰতত অধ্যয়ন কৰিবলৈ আহিলে প্ৰথমে এই বিষয়ত (ব্যাকৰণত) বুৎপত্তি লাভ কৰিব লাগিছিল। “They should study hard day and night, without letting a moment pass for idle repose. .... thus instructed by their teachers and instructing others they pass two or three years, generally in the Nalanda monastery in Central India, or in the country of Valabhi in Western India.’’ [Page No.175,177, A Record of the Buddhist Religion,I-tsing,1896] ‘‘But the statement of I-tsing, we think, applies to those students who went to Nalanda to get the Nalanda-seal on the knowledge and culture already obtained by them.’’(Page No.149, The University of Nalanda by H.D. Sankalia,1934)”
(২) সমগ্ৰ জীৱনটো ভিক্ষু হিচাপে কটোৱা ছাত্ৰও নালন্দাত আছিল। এনে ছাত্ৰ সকল বিশ বছৰ বয়সত নহয়, ইয়াৰো পাঁচৰ পৰা সাত বছৰ আগতেই কেৱল ব্যাকৰণৰ জ্ঞান আয়ত্ব কৰিয়েই নালন্দাত প্ৰৱেশ কৰিছিল। এইসকল ছাত্ৰৰ বাবে নালন্দা কেৱল বিশ্ববিদ্যালয়ৰ বাবে বিশ্ববিদ্যালয় নাছিল, ই আছিল মাধ্যমিক শিক্ষাৰ কেন্দ্ৰ, য’ৰ পৰা তেওঁলোক ক্ৰমশঃ আগবাঢ়ি গৈ বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছিল। ওপৰৰ আলোচনাৰ পৰা এইটো পৰিষ্কাৰ হৈ পৰে যে নালন্দাত নামভৰ্তিৰ বাবে বয়সৰ সীমা আছিল দুটা। বাহিৰৰ পৰা অহা ধৰ্মপাল আৰু শীলভদ্ৰৰ দৰে সকলৰ বাবে বয়সৰ সীমা আছিল বিশ বছৰ আৰু বাকী সংঘত যোগ দিয়া কিশোৰ ভিক্ষু সকলৰ বাবে তেৰ বা পোন্ধৰ বছৰ।
উচ্চ মান সম্পন্ন নৈষ্ঠিকতা আৰু পাণ্ডিত্যঃ নালন্দাৰ মঠাধ্যক্ষসকল নিজৰ নৈষ্ঠিকতা আৰু পাণ্ডিত্যৰ বাবে প্ৰখ্যাত আছিল। এইসকলৰ ভিতৰত ধৰ্মপাল আৰু চন্দ্ৰপাল দুয়োজনেই বুদ্ধৰ জ্ঞানৰ আলোকেৰে সকলোকে উদ্ভাসিত কৰিছিল, গুণমতি আৰু স্থিৰমতি, যিসকলৰ উত্তম শিক্ষাৰ ধাৰাৰ সুনাম সমসাময়িক কালত বিস্তৃত হৈ পৰিছিল, প্ৰাঞ্জল ভাষণ প্ৰদান কৰোতা প্ৰভমিত্ৰ, সমুচ্চ বাগ্মিতাৰ জীনমিত্ৰ, জ্ঞানচন্দ্ৰৰ আদৰ্শ আৰু খ্যাতিয়ে, তেওঁ কোৱা আৰু কৰা কামত, দীপ্তিমান কাৰ্যকুশলতা প্ৰতিফলিত কৰিছিল। শীলভদ্ৰৰ নিখুত উৎকৃষ্টতাই অন্ধকাৰৰ মাজতো পোহৰ বিলাব পাৰিছিল। এইসকল প্ৰাতস্মৰণীয় ব্যক্তিক সকলোৱে জানিছিল, তেওঁলোকৰ পূৰ্বগামী উৎকৃষ্টতাৰ সকলকো অতিক্ৰম কৰি শ্ৰেষ্ঠতম উৎকৰ্ষত উপনীত হৈছিল আৰু পাণ্ডিত্যৰ ক্ষেত্ৰখনত পূৰ্বৰ সকলোকে চেৰ পেলাইছিল। এওঁলোকৰ প্ৰত্যেকজনেই প্ৰায় দহখনকৈ গ্ৰন্থ আৰু ভাষ্য ৰচনা কৰিছিল যিসমূহ বিস্তাৰিতভাবে বৰ্ণিত আৰু সুস্পষ্টতাৰ বাবে বৰ্তমানলৈকে চলি আহিছে। ওপৰত উল্লেখ কৰা সাতখন পণ্ডিতৰ সপ্তম শতিকাৰ প্ৰথম ভাগত পূৰ্ণ বিকাশ ঘটিছিল। নালন্দাৰ সাত শ বছৰীয়া ইতিহাসত নিশ্চিতভাবে আৰু বহুসংখ্যক উন্নত মানৰ পণ্ডিতৰ সৃষ্টি হৈছিল। ইতিমধ্যে কোৱা হৈছে যে হিউয়েন চাঙৰ ভ্ৰমণৰ সময়ত ইয়াত পাঁচ হাজাৰ জনলৈকে ভিক্ষু ছাত্ৰ বাস কৰিছিল। ইয়াৰ মাজৰে প্ৰায় এক হাজাৰজনে ত্ৰিশ বিধ সূত্ৰ সংগ্ৰহ ব্যাখ্যা কৰিব পাৰিছিল আৰু প্ৰায় দহজনে পঞ্চাশ বিধ সূত্ৰ সংগ্ৰহ ব্যাখ্যা কৰিবলৈ সক্ষম হৈছিল।
ভাৰত আৰু বহিঃদেশৰ পৰা ছাত্ৰৰ আগমনঃ নালন্দাত নামভৰ্তি কৰিবৰ বাবে ছাত্ৰ সকলৰ ভিৰ লাগিছিল। ভাৰতৰ বিভিন্ন অংশৰ আৰু বিদেশী ৰাষ্ট্ৰৰো বহু সংখ্যক, নালন্দা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী আছিল। ফাহিয়ান, হিউয়েন চাং আৰু আই-শ্বিং, কেৱল যে এই তিনিজন চীনা পণ্ডিতকেই যে নালন্দাই আকৰ্ষণ কৰিছিল তেনে নহয়। হিউয়েন চাং আৰু আই-শ্বিঙৰ ভ্ৰমণৰ মাজৰ ত্ৰিশ বছৰত থম-মি, হিউয়েন-চিউ, তাউ-হি, আৰ্য্যবৰ্মণ, বুদ্ধধৰ্ম, তাউ-চিং, তাং আৰু হুই-লু, এইসকল চীন, কোৰিয়া, তিব্বত, ত’খাৰা আদি দূৰ দেশৰ পৰা নালন্দালৈ আহিছিল। এইসকল লোক নালন্দালৈ আহি দীঘলীয়া সময় ব্যতীত কৰিছিল আৰু বহু সংখ্যক প্ৰাচীন গ্ৰন্থৰ অনুলিপি প্ৰস্তুত কৰিছিল।
পুথিভঁৰালৰ ব্যৱস্থাঃ নালন্দা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বুজি পাইছিল যে পুথিভঁৰাল নোহোৱা এটা মঠ আৰু অস্ত্ৰ-শস্ত্ৰ নথকা দূৰ্গৰ মাজত কোনো পাৰ্থক্য নাই। বিভিন্ন শাখাত অধ্যয়নৰত হাজাৰ হাজাৰ ভিক্ষু ছাত্ৰ নথকা দূৰ্গৰ মাজত কোনো পাৰ্থক্য নাই। বিভিন্ন শাখাত অধ্যয়নৰত হাজাৰ হাজাৰ ভিক্ষু ছাত্ৰ আৰু শ শ শিক্ষকৰ বাবে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এটা অতি উন্নতমানৰ পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিল। চীনৰ পণ্ডিতসকলে শিক্ষা লাভ কৰিবলৈ আহি নালন্দাত মাহৰ পাছত মাহ কটোৱাৰ মূল কাৰণ আছিল পৱিত্ৰ গ্ৰন্থ আৰু বৌদ্ধধমৰ আন গ্ৰন্থ সমূহৰ অনুলিপি কৰা। নালন্দাত থকা কালচোৱাত আই-শ্বিঙে পাঁচ লাখ শ্লোক সম্বলিত পাঁচশ খন সংস্কৃত গ্ৰন্থৰ অনুলিপি প্ৰস্তুত কৰিছিল। পুথিভঁৰাল থকা অঞ্চলটোৰ নাম আছিল ধৰ্ম-গঞ্জ বা ধৰ্মৰ ৰজাৰ (Mart of Religion)। ৰত্নসাগৰ, ৰত্নদধি আৰু ৰত্নৰঞ্জিকা নামেৰে তিনিটা সুসজ্জিত অট্টালিকাত পুথিভঁৰাল অৱস্থিত আছিল। ইয়াৰে এটা অট্টালিকা ন-মহলীয়া আছিল আৰু ইয়াত আটাইতকৈ মূল্যবান গ্ৰন্থসমূহ সংৰক্ষণ কৰা হৈছিল। সংৰক্ষিত গ্ৰন্থৰ সংখ্যা ন নিযুত (৯০,০০,০০০) আছিল বুলি কোৱা হয়।
শিক্ষাদানৰ ব্যৱস্থাঃ আগতেই কোৱা হৈছে যে পাঁচ হাজাৰৰো অধিক ভিক্ষু ছাত্ৰৰ মাজত প্ৰায় এক হাজাৰজনে ত্ৰিশ বিধ সূত্ৰ সংগ্ৰহ ব্যাখ্যা কৰিব পাৰিছিল আৰু দহজন মানে পঞ্চাশবিধ সূত্ৰ সংগ্ৰহ ব্যাখ্যা কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে এক হাজাৰ জন শিক্ষকে প্ৰায় পাঁচ হাজাৰৰো অধিক ছাত্ৰৰ দায়িত্ব লৈছিল। কোনো কাৰণতে ছাত্ৰৰ সংখ্যা দহ হাজাৰৰ অধিক হোৱাৰ সম্ভাৱনা নাছিল। অৰ্থাৎ প্ৰায় দহ হাজাৰ ভিক্ষু ছাত্ৰৰ বাবে এক হাজাৰ জন শিক্ষক বা এজন শিক্ষকৰ তলত দহজন বা তাতকৈ কম ছাত্ৰ থকাটো নিশ্চিত আছিল। এইবাবেই প্ৰতিজন ছাত্ৰক ব্যক্তিগতভাবে মনোযোগ দিয়া সম্ভৱ হৈ উঠিছিল আৰু ইয়াৰ দ্বাৰা শিক্ষাৰ মান অতি উন্নত হৈছিল। আঠটা বৃহৎ আকাৰৰ প্ৰেক্ষাগৃহ আৰু বক্তৃতা প্ৰদানৰ বাবে থকা তিনিশটা কোঠাত দৈনিক অতি কমেও এশটা বক্তৃতাৰ আয়োজন কৰা হৈছিল। বিদ্বান শিক্ষক সকলক অত্যন্ত শ্ৰদ্ধাৰ চকুৰে চোৱা হৈছিল আৰু তেওঁলোকৰ বাবে পৃথক আসনৰ ব্যৱস্থা কৰা হৈছিল। শিক্ষকসকল শিক্ষাদান কলাত সুনিপুণ আছিল আৰু এই কাৰ্যৰে তেওঁলোক সমসাময়িক সমাজখনত উদ্ভাসিত হৈ পৰিছিল। আই-শ্বিঙে কৃতজ্ঞতাৰে স্বীকাৰ কৰিছে, “I have been very glad that I had an opportunity of acquiring knowledge personally from them, which I should otherwise have never possessed.’’(Page No.185, A Record of the Buddhist Religion, I-tsing,1896)”
বিশ্ববিদ্যালয়ত “The worship can only take place separately, as most convenient to each member. Thus, it is customary to send out, every day, one precentor (one teacher who takes the land in chanting) to go round from place to place chanting hymns, being preceded by monastic lay sevant and children carrying with them incense and flowers.’’ (Page No.154, A Record of the Buddhist Religion as practiced in India and the Malay Archipelago by I-tsing,1896)”
‘Monastic lay sevant’’ সকলক ‘Pure man’ বোলা হৈছিল। “A pure man carries a chair and utensils when a priest goes to a reception; he carries away the remnant of the food eaten by a priest; he cultivates the field for the church; the time-drum is beaten by him, but he is not allowed to strike the going announcing the beginning of a service.’’ (Page No.154-155, A Record of the Buddhist Religion as practiced in India and the Malay Archipelago by I-tsing,1896)”
পাঠ্যক্ৰমঃ নালন্দা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম অতি ব্যাপক আৰু উদাৰমনা আছিল। সমগ্ৰ প্ৰশাসন যন্ত্ৰ বৌদ্ধধৰ্মৰ মহাযান পন্থীসকলৰ হাতত থাকিলেও, প্ৰতিদ্বন্ধী হীনযান পন্থী সকলোবোৰ ৰচনা পালি ভাষাত ৰচিত আছিল বাবে পালি ভাষা অধ্যয়ন কৰাটো অত্যাৱশকীয় হৈ পৰিছিল। নাগাৰ্জ্জুন, বসুবন্ধু, অসঙ্গ আৰু ধৰ্মকৃতিৰ দৰে মহাযান পন্থৰ বিখ্যাত পণ্ডিতসকলৰ ৰচনাই বিশেষ গুৰুত্ব লাভ কৰিছিল। কিন্তু উপৰোক্ত কথাবোৰৰ পৰা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম সাম্প্ৰদায়িক আছিল নাইবা হিন্দু সাহিত্য অধ্যয়নত অৱহেলা কৰা বুলি অনুমান কৰি লোৱা উচিত নহ’ব। কাৰণ প্ৰথমেই লক্ষ্য কৰিব লাগিব যে হিন্দু আৰু বৌদ্ধসকলৰ ব্যাকৰণ, যুক্তিবিদ্যা আৰু সাহিত্য আছিল সাৰ্বজনীন। দ্বিতীয়তে, বৌদ্ধ আৰু হিন্দুসকলৰ ধৰ্ম আৰু দৰ্শন ইমান গভীৰভাবে পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ আছে যে কেৱল উচ্চকাংক্ষী তাৰ্কিক সকলৰ বাবেও ইয়াক ভিন্ন দৃষ্টিৰে চোৱাটো অসম্ভৱ হোৱাৰ উপৰিও সত্যক আন্তৰিকতাৰে ভাল পোৱা এজনৰ পক্ষেও সম্ভৱ নাছিল। এই সম্পৰ্কে কোৱা হৈছে, “Buddhists themselves inform us that the three Vedas, Vedanta and Samkhya Philosophy were tought at the University along with 'miscellaneous works'. The later expression probably included the study of subjects like Dharmasatra (sacred law), Puranas, Astronomy, Astrology etc, which were very important for the lay Hindu and Buddhist students.’’ (Page No.121, Education in Ancient India by A.S. Altekar,1896)” ইয়াৰ উপৰিও বৌদ্ধধৰ্মৰ পবিত্ৰ ধৰ্মশাস্ত্ৰত উল্লেখিত চিকিৎসাশাস্ত্ৰৰ অধ্যয়ন ইয়াত প্ৰচলিত আছিল।
বিশ্ববিদ্যালয়ৰ প্ৰশাসনঃ সাধাৰণ প্ৰসাসনৰ মুৰব্বী আছিল মঠাধ্যক্ষ। মুৰব্বীজনক সাধাৰণতে চৰিত্ৰ, পাণ্ডিত্য আৰু জ্যেষ্ঠতাৰ ভিত্তিত সংঘৰ সদস্যসকলে নিৰ্বাচিত কৰে। নৱম শতিকাত জালালাবাদৰ পৰা বিহাৰলৈ ভ্ৰমণ কৰিবলৈ যোৱা ভিক্ষু পণ্ডিত এজনক মঠাধ্যক্ষ ৰূপে নিৰ্বাচন কৰা হৈছিল। ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে স্থানীয় হওঁক বা নহওঁক, নাইবা শিক্ষানুষ্ঠানখনত কৰ্তব্যৰত থাকক বা নাথাকক সেইটো বিচাৰ্য্য বিষয় নাছিল। মঠাধ্যক্ষক সহায় কৰিছিল দুখন পৰিষদে, এখন শৈক্ষিক আৰু আনখন প্ৰশাসনিক। শৈক্ষিক পৰিষদে নামভৰ্তি, পাঠ্যক্ৰম নিৰ্ণয় আৰু শিক্ষক সকলৰ দায়িত্ব বিতৰণ কামবোৰৰ তদাৰক কৰিছিল। এইখন পৰিষদে পুথিভঁৰালৰ কাম-কাজো দেখা শুনা কৰিছিল। ছপাশাল উদ্ভাৱনৰ আগলৈকে পুথিভঁৰালবোৰে গ্ৰন্থ প্ৰকাশৰ কাম-কাজৰো তদাৰক কৰিব লগা হৈছিল। নষ্ট হৈ যোৱা প্ৰাচীন গ্ৰন্থবোৰৰ নতুনকৈ প্ৰতিলিপি কৰা বাহিৰৰ লোকে গ্ৰন্থৰ প্ৰতিলিপিৰ বাবে কৰা অনুৰোধ আদিও পুথিভঁৰাল সমূহৰ দায়িত্বৰ ভিতৰত আছিল। প্ৰতিলিপি কাৰণত শিক্ষক আৰু ছাত্ৰ, কেতিয়াবা কাৰ্যালয়ৰ সহকাৰীসকলেও দায়িত্ব ল’ব লগা হৈছিল।
প্ৰশাসনিক পৰিষদৰ দায়িত্ব আৰু সমগ্ৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক দিশ আৰু বিত্তীয় বিভাগ দেখা শুনা কৰা। ভৱন নিৰ্মাণ আৰু মেৰামতি, খাদ্য যোগান আৰু বিতৰণ, বস্ত্ৰ আৰু ঔষধ, ছাত্ৰাবাসৰ কোঠা আবণ্টন, নিজৰ আওঁতাত পৰা মঠ সম্পৰ্কীয় কাম-কাজবোৰ এই পৰিষদৰ এক্তিয়াৰৰ ভিতৰত আছিল। সৰ্বাধিক দায়িত্ব আছিল, দান সূত্ৰে পোৱা বা সম্পত্তি বোৰৰ পৰা কৰ আদায় কৰি বিত্তীয় বিভাগটো শক্তিশালী কৰা। দান সূত্ৰে পোৱা গাওঁ সমূহৰ প্ৰশাসনিক লেন-দেনৰ দলিল আদি খননৰ সময়ত উদ্ধাৰ হৈছিল। নালন্দাৰ দৰে বিশ্ববিদ্যালয়ে দান সূত্ৰে পোৱা প্ৰায় দুশ গাওঁৰ পৰা হোৱা আয়ৰ দ্বাৰা বিত্তীয় বিভাগ টনকিয়াল কৰা কাৰ্য সহজসাধ্য নাছিল। খেতি পথাৰ সমূহ চুক্তিৰ জৰিয়তে ব্যক্তি বিশেষক প্ৰদান কৰা, উৎপন্ন শস্য সমূহ সংগ্ৰহ কৰি ভাণ্ডাৰত জমা কৰা আৰু সঠিক সময়ত সেইবোৰ বিতৰণ কৰা কাৰ্যত বহু সংখ্যক কৰ্মচাৰীৰ প্ৰয়োজন হৈছিল। পাঁচ হাজাৰৰো অধিক ভিক্ষু ছাত্ৰক বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থা কৰা কামটো অতিশয় জটিল আছিল। ৰাজকীয় পৃষ্ঠপোষকতাৰ অবিহনে এনেধৰণৰ কাম-কাজ অসম্ভৱ আছিল।
বিদেশী ৰাষ্ট্ৰৰ সহায়ঃ দ্বাদশ শতিকাৰ শেষ ভাগলৈকে নালন্দা শৈক্ষিক কেন্দ্ৰ ৰূপে প্ৰখ্যাত আছিল। অষ্টম শতিকাৰ শিলালেখত নালন্দাৰ পণ্ডিত সকলৰ বিদ্যয়তনিক কাম কাজৰ উচ্চ প্ৰশংসা চতুৰ্দ্দিশে বিয়পি পৰাৰ উল্লেখ আছে।
নৱম শতিকাত বিশ্ববিদ্যালয়খনে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল। জাভা আৰু সুমাত্ৰাৰ ৰজা, বালপুত্ৰদেৱে ইয়াৰ যশস্যাৰ দ্বাৰা আকৃষ্ট হৈ ইয়াত এটা মঠ নিৰ্মাণ কৰাৰ উপৰিও তেওঁৰ সুহৃদ বেঙ্গলৰ ৰজা দেৱপালক উদ্বুদ্ধ কৰি ইয়াৰ ভৰণপোষণৰ বাবে পাঁচখন গাঁও দান দিয়াইছিল। এই দানৰ এক অংশ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত থকা গ্ৰন্থসমূহৰ প্ৰতিলিপি কৰা কাৰ্যৰ (ধৰ্মৰত্নস্য লেখনাৰ্থম- Dharmaratnasya lekhanartham) বাবে সংৰক্ষিত কৰি ৰখা হৈছিল।
তিব্বতত কাৰ্যৰ প্ৰসাৰণঃ অষ্টম শতিকাৰ পৰা তিব্বতত বৌদ্ধধৰ্ম আৰু সংস্কৃতিৰ প্ৰচাৰ কাৰ্যত নালন্দাৰ পণ্ডিতসকলে সক্ৰিয় ভূমিকা লৈছিল। ইয়াৰ বাবে নালন্দাত তিব্বতী ভাষা শিকোৱাৰ কাৰ্যক্ৰম লোৱা হৈছিল। অষ্টম শতিকাত নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে খ্যাতি লাভ কৰা ভিক্ষু চন্দ্ৰগমিন (Chandragomin) এই ক্ষেত্ৰত আগৰণুৱা আছিল। তেওঁৰ বহুসংখ্যক ৰচনা তিব্বতী ভাষালৈ অনুবাদ কৰা হৈছিল, প্ৰকৃততে এই কাৰ্যত বহু ওজা ছাত্ৰক নিযুক্ত কৰা হৈছিল। নালন্দাৰ আন এজন ভিক্ষু আৰু পণ্ডিত, শান্তৰক্ষিতক, ৭৪৯ খ্ৰীষ্টাব্দত খ্ৰী-স্ৰোন-দিউ-চান (Khri-sron-deutsan) নামৰ ৰজাজনে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে তিব্বতলৈ নিমন্ত্ৰণ জনাইছিল। তিব্বতত তেওঁক ৰাজকীয় অভ্যৰ্থনাৰে আপ্যায়িত কৰা হৈছিল আৰু তিব্বতৰ প্ৰথম মঠটো তেওঁৰ তত্ত্বাৱধনাত নিৰ্মাণ কৰা হৈছিল। ৭৬২ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যুৰ সময়লৈকে তেওঁ সেই মঠৰ মঠাধ্যক্ষ আছিল আৰু বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে দেহে কেহে লাগিছিল। তেওঁ এই ক্ষেত্ৰত নালন্দাত শিক্ষা লাভ কৰা পদ্মসম্ভৱ নামৰ কাশ্মিৰী ভিক্ষুৰ পৰা বহুখিনি সহায় লাভ কৰিছিল। বৌদ্ধিক আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ নালন্দাৰ অৱদান ধাৰাবাহিকভাবে চলি আহিছিল আৰু দশম, একাদশ আৰু দ্বাদশ শতিকালৈকে ইয়াত গ্ৰন্থসমূহৰ সংৰক্ষণ আৰু অনুলিপিকৰণৰ কাম চলি থখাৰ প্ৰমাণ পোৱা যায়।
বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ দ্বাৰা দমনঃ পাল বংশৰ শাসকসকলে বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ অধ্যাপক সকলক প্ৰায়েই নালন্দাৰ কাম-কাজৰ ওপৰত নজৰ দিবলৈ নিযুক্তি দিছিল। নতুনকৈ স্থাপিত হোৱা বিক্ৰমশীলা বিশ্ববিদ্যালয়ে একাদশ শতিকাৰ পৰা ৰাজকীয় পৃষ্ঠপোষকতাৰ সিংহ ভাগ আদায় কৰিবলৈ সংৰক্ষণ হৈছিল। এনে কাৰণতে একাদশ আৰু দ্বাদশ শতিকাৰ সময়চোৱাত নালন্দা বিশ্ববিদ্যালয়ৰ অধঃপতনৰ পথ মুকলি হৈছিল। তিব্বতীয় উৎসৰ পৰা জনা যায় যে সেই সময়ত বৌদ্ধধৰ্মত তান্ত্ৰিক বিচাৰধাৰাৰ আগমন ঘটিছিল, যাৰ প্ৰভাৱত গুৰু-গম্ভীৰ বিচাৰধাৰাৰ অধ্যয়নৰ গতি ধীৰে ধীৰে স্তিমিত হৈ পৰিছিল। ইয়াৰ স্পষ্ট প্ৰমাণ অৱশ্যে বিচাৰি পোৱা সম্ভৱ নহয়।
বিশ্ববিদ্যালয়ৰ বিনাশঃ দ্বাদশ শতিকাৰ শেষ ভাগলৈ মুছলিম আক্ৰমণকাৰী বক্তিয়াৰ খিলজীৰ আক্ৰমণত নালন্দা সম্পূৰ্ণ ৰূপে ধ্বংসপ্ৰাপ্ত হোৱা বুলি কোৱা হয়। অট্টালিকাবোৰ জুই লগাই ধ্বংস কৰা হৈছিল আৰু সকলো ভিক্ষুক হত্যা কৰা হৈছিল। বিশ্ববিদ্যালয়ৰ অমূল্য পুথিভঁৰালটো অগ্নিত জাহ গৈছিল। “The Muslim chronicler tells us that the onslaught of Bakhtiyar Khilji was so severe and so thorough that the monks (Grahmanas with shaven heads) were killed, one and all, so mush so, that there was no one left to explain the content of books that the victor found at the place.’’ (Page No.207, The University of Nalanda by H.S. Sankalia,1934)” নালন্দা ধ্বংসৰ বুৰঞ্জী প্ৰকৃততে নিজৰ জন্মস্থানত বৌদ্ধধৰ্ম নিঃচিহ্ন হোৱা বুৰঞ্জী। নালন্দা বিশ্ববিদ্যালয় মুছলিম আক্ৰমণকাৰীৰ হাতত ধ্বংস হোৱাৰ উপৰিও আৰু বহু কেইটা কাৰকে নালন্দাৰ পতনত অৱদান যোগাইছিল।
(১) অশোকৰ পুত্ৰ আৰু উত্তৰাধিকাৰীজন নৈষ্ঠিক জৈনধৰ্মী আছিল। মৌৰ্য্য সাম্ৰাজ্য উৎখাট কৰোঁতা পুষ্যমিত্ৰ আছিল গৌতম বুদ্ধৰ বিশ্বাসক হত্যা কৰা প্ৰথমজন ব্যক্তি। কণিষ্কৰ হাতত বৌদ্ধধৰ্ম পুনৰ ৰাজধৰ্ম ৰূপে গঢ় লৈ উঠিছিল যদিও তেওঁ নিজৰ পুৰণি বিশ্বাসৰ প্ৰতি অধিক অনুৰক্ত আছিল। গুপ্তসকলে বৌদ্ধধৰ্মৰ প্ৰতি মনোযোগ প্ৰদৰ্শন কৰিলেও কেতিয়াও সেই ধৰ্মক আঁকোৱালি লোৱা নাছিল। ইয়াৰ পৰিবৰ্তে তেওঁলোকে নিজকে ‘পৰম ভাগৱত’ (Parama Bhagavatas) অৰ্থাৎ বাসুদেৱৰ ভক্ত বুলি উল্লেখ কৰিবলৈ ভাল পাইছিল। মিহিৰকুলৰ হাতত ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা বৌদ্ধধৰ্মই গা কৰি উঠিছিল হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালত। তথাপিও কোনো কোনো ক্ষেত্ৰত হৰ্ষবৰ্দ্ধনৰ পৃষ্ঠপোষকতা কণিষ্কৰ অনুৰূপ আছিল বুলিয়েই ক’ব পাৰি। বৌদ্ধধৰ্মই কোনোদিনে নিজৰ একাধিপত্য স্থাপন কৰিব পৰা নাছিল। তাৰোপৰি একেলেথাৰিয়ে সৰহ দিনৰ কাৰণে বৌদ্ধধৰ্মই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰা নাছিল।
(২) হৰ্ষবৰ্দ্ধনৰ প্ৰস্থানৰ বাবে ৰাজনীতিৰ পথাৰখনত ৰিক্ত স্থান সৃষ্টি হোৱাৰ পাছত আৰু বেঙ্গলত পাল বংশৰ উত্থানৰ কালত প্ৰকৃততে কেনেকৈ আৰু ক ধৰণৰ ধৰ্মীয় ধাৰা প্ৰৱাহমান হৈ আছিল সেইটো পৰিষ্কাৰকৈ জনা নাযায়। ইতিমধ্যে আৰম্ভ হোৱা অধঃপতনৰ পথত শেষৰটো গজাল মাৰিলে ইছলাম আক্ৰমণকাৰীয়ে।
(৩) ৰাজকীয় পৃষ্ঠপোষকতা হ্ৰাস হোৱাটোকেই বৌদ্ধধৰ্ম পতনৰ ঘাই কাৰণ বুলিব নোৱাৰি। ইয়াৰ অন্যান্য কাৰণ সমূহৰ ভিতৰত আছিল ‘সৰ্ব্বম্ দুখম্ সৰ্ব্বম্ অনিত্যম্, সৰ্ব্বম্ অনাত্ম্যম্’ৰ (Sarvam Dukkham, Sarvam Anityam, Sarvam Anatmyam) দৰে জীৱনৰ প্ৰতি থকা হতাশাপূৰ্ণ দৃষ্টিভংগী আৰু বুদ্ধৰ কোনো ধৰণৰ সাকাৰ ৰূপ প্ৰতিষ্ঠাপিত কৰাত অসমৰ্থতা আদি প্ৰাথমিক আৰু মৌলিক বিসংগতি আছিল। সাধাৰণ জনগণৰ, আধ্যাত্মিক বিশ্বাসতকৈ তান্ত্ৰিক বিশ্বাসৰ প্ৰতি ধাউতি অধিক আছিল। আনধৰণে ক’বলৈ গ’লে, যেতিয়া ঘৰৰ ছাদত থিয় হৈ মানুহ বিলাকক কোৱা হয় যে জীৱনটো অবিমিশ্ৰতি বা নিৰ্ভেজাল কলুষতাৰে পৰিপূৰ্ণ আৰু নিৰ্বাণ বা মুক্তি এদিনতে পোৱা বস্তু নহয়, এটা সম্পূৰ্ণ জীৱনৰ কালচক্ৰতহে ইয়াক লাভ কৰিব পৰা যায়, তেতিয়া বৌদ্ধধৰ্মৰ কাষলৈ আহিব খোজা মানুহবোৰৰ আগ্ৰহ স্তিমিত হৈ পৰে। যি সময়ত আন ধৰ্মই বৌদ্ধধৰ্মৰ বিৰুদ্ধে তীব্ৰভাবে প্ৰচাৰ চলাইছিল আৰু ‘আত্মবাদ’ (Atmavada) মানৱ জীৱনৰ বাবে সহজভাবে মানিব পৰা বাস্তিৱক বিষয় আছিল, তেনেস্থলত অতি জ্ঞানী সকলৰো দুৰ্বোধ ‘নৈৰাত্ম্য’ৰ (Nairatmya) দ্বাৰা বৌদ্ধধৰ্মৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিব খুজিলেও অকৃতকাৰ্য হোৱাতো স্বাভাৱিক আছিল। জন্মৰে পৰা, বিভিন্ন দৰ্শনত বিভক্ত হ’লেও, বৌদ্ধধৰ্মৰ ভাষ্যকাৰসকলে, ইয়াৰ দোষ ত্ৰুটিবোৰ আঁতৰাবৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিয়েই আহিছিল। শিক্ষিতই হওঁক বা অশিক্ষিতেই হওঁক, সকলোকে আকৰ্ষণ কৰিবৰ বাবে তেওঁলোকে বিভিন্ন পদ্ধতি অৱলম্বন কৰিছিল। ইয়াৰ ফলত নতুন নতুন, কিছু পৰিমাণে ভিন্ন ভাবধাৰাৰ, যেনে ‘শূণ্যবাদ’ (Sunyavada), আলয়বিজ্ঞানবাদ (Alayavijnanavada) আদিৰ দৰে অন্যান্য দৰ্শনৰ সৃষ্টি নোহাৱাও নহয়।
(৪) যেতিয়া দেখা গ’ল যে এনেধৰণৰ প্ৰচেষ্টাই কোনো সুফল দেখুৱাব পৰা নাই, তেতিয়া তান্ত্ৰিকবাদৰ প্ৰৱৰ্তন কৰা হ’ল। তান্ত্ৰিকবাদৰ সন্তান ৰূপে বজ্ৰযান (Vajrayana), সহজযান (Sahajayana) আদিয়ে ভূমুকি মাৰিলে। এই বাদৰ সৃষ্টিকৰ্তাসকলে মূৰ্তিপূজা, অতীন্দ্ৰীয়বাদ, অন্ধবিশ্বাস, ভীতিপ্ৰদতা আৰু উদ্ভট ধাৰণাৰ প্ৰতি থকা জনসাধাৰণৰ তৃষ্ণা নিবাৰণ কৰিব পাৰিলেও ইয়াক নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিবলৈ সক্ষম নহ’ল। আচাৰ-বিচাৰ, নীতি-নিয়মত ভয়ঙ্কৰ আতিশয্য আৰম্ভ হ’ল। এই সকলো বিলাক মিলি বৌদ্ধধৰ্মৰ পৰাক্ৰম, শক্তিমত্ত্বা আৰু ওজস্বিতাৰ প্ৰাণশক্তি নাশ পাবলৈ ধৰিলে। উপৰোক্ত কাৰণসমূহৰ বাবেই বৌদ্ধধৰ্ম সৰ্বসাধাৰণৰ ধৰ্ম হ’বলৈ গৈয়ো বুদ্ধিজীৱী মহলত নৈতিক সন্মান হেৰুৱাব লগা হ’ল।
(৫) সপ্তম শতিকাৰ পৰাই ধীৰে ধীৰে বৌদ্ধধৰ্মৰ অধঃপতন আৰম্ভ হৈছিল। নৈতিক স্খলনে আভ্যন্তৰীণ বিচাৰ ধাৰাত শিপাবলৈ যোৱাৰ সময়তে বৌদ্ধধৰ্ম এটা অতি ভয়ঙ্কৰ দাৰ্শনিক আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছিল।
কুমাৰিলাই (কুমাৰিলা ভট্ট) অষ্টম শতিকাত আৰু শঙ্কৰে (শংকৰাচাৰ্য্য) নৱম শতিকাত সৰ্বাস্তিবাদী (Sarvastivadins), বিজ্ঞানবাদী (Vijnanavadins) আৰু অন্যান্য সকলৰ এসময়ৰ বিশালাকায় আৰু দুৰ্ভেদ্য দূৰ্গ-বিচূৰ্ণ কৰিছিল। এওঁলোকে বৌদ্ধধৰ্মত ক্ষণিকতাৰ সম্পৰ্কে থকা দ্বন্দ্ববিচাৰমূলক বক্তব্যৰ অসাৰতা আৰু অৰ্থহীনতা দেখুৱাই দিলে আৰু প্ৰমাণো কৰিলে।
বিদেশী শত্ৰুৰ আক্ৰমণঃ নালন্দা ধ্বংসৰ কাহিনী বুৰঞ্জীবিদে বৰ্ণনা কৰিছে এনেদৰে, ‘‘It is related that this Muhammad Bakhtiyar was a Khilji, of Ghor, of the province of Garmsir. He was a very smart, enterprising, bold, courageous, wise, and experienced man. He left his tribe and came to the Court of Sultan Mu'izzu-d din, at Ghaznin, and was placed in the diwan-I'arz (office for petitions), but as the chief of that department was not satisfied with him he was dismissed; and proceeded from Ghaznin to Hindustan. .... Being a bold and enterprising man, he used to make incursions into the disrticts of Munir (Monghir), and Behar, and bring away much plunder, until in this manner he obtained plenty of horses, arms, and men. The fame of his bravery and of his plundering raids spread abroad, and a body of Khiljis joined him from Hindustan. His exploits were reported to sultan Kutu-d din, and he sent him a dress and showed him great honour. Being thus encouraged, he led his army to Behar and ravaged it. In this manner he continued for a year or two to plunder the neighborhood, and at list prepared to invade the country.
It is said by credible persons that he went to the gate of the fort of Behar (Vihar) with only two hundred horses, and began the war by taking the enemy unawares. In the service of Bakhityar there were two brothers of great intelligence. One of them was named Nizamu-d din at Lakhnauti in the year 641 H. (1243 A.D) and heard the following story from him. When Bakhtiyar reached the gate of the fort, and the fighting began, these two wise brothers were active in that army of heroes. Muhammad Bakhtiyar with great vigour and audacity rushed in at the gate of the fort and gained possession of the place. Great plunder fell into the hands of the victors. Most of the inhabitants of the place were Brahmins with shaven heads. They were put to death. Large numbers of books were found there, and when the Muhmmadans saw them, they called for some persons to explain their contents, but all the men had been killed. It was discovered that the whole fort and city was a place of study (Madrasa). In the Hindi language the word Behar (Vihar) means a college. (Page No.305-306, The History of India as told by its own Historians, Vol. II, Edited by H.M. Elliot, 1869)
‘‘Needless to say, the description of the so called fort of Behar refers to the capture and destruction of a Buddhist monastery.’’(Page No.212, The University of Nalanda by H.D. Sankalia,1934)
মহম্মদ বক্তিয়াৰ খিলজীয়ে ১১৯৯ খ্ৰীষ্টাব্দত নালন্দা ধ্বংস কৰা বুলি প্ৰমাণ কৰিব পৰা পোনপটীয়া তথ্যপাতি নাই। কিন্তু লুটপাট চলোৱাৰ বিৱৰণৰ পৰা অনুমান কৰিব পৰা যায় যে মুছলিম বুৰঞ্জীলেখকে যি বিহাৰৰ কথা উল্লেখ কৰিছে তাৰ লগত নালন্দাৰ সাদৃশ্য আছে। কোনো কোনো বুৰঞ্জীবিদে খিলজীয়ে ধ্বংসলীলা চলোৱা বিহাৰটো ৰামপালে প্ৰতিষ্ঠা কৰা ওদান্তপুৰী (Odantapuri) বিহাৰ বুলি ক’ব খোজে। কিন্তু তলত উল্লেখ কৰা কাৰণ সমূহৰ বাবে ইয়াক নালন্দা বুলি ক’ব পৰা যায়।
(১) হিউয়েন চাঙৰ বিৱৰণৰ পৰা পোৱা যায় যে বিক্ৰমশীলা আৰু ওদান্তপুৰীৰৰ দৰেই চতুৰ্দিশৰ পৰা আগুৰি ৰখা বৃহৎ আকাৰৰ ওখ দেৱালৰ বাবে নালন্দাই এটা দুৰ্গৰ (Fort) ৰূপ লৈছিল।
(২) অসংখ্য গ্ৰন্থৰ সৈতে এক সমৃদ্ধ পুথিভঁৰাল নালন্দাত আছিল।
(৩) তাৰোপৰি, প্ৰাচীনত্বৰ ফালৰ পৰা আৰু আকাৰত বৃহৎ হোৱা বাবে ইয়াক সমৃদ্ধিশালী বুলি ভাবি আক্ৰমণৰ লক্ষ্য ৰূপে বাচি লোৱাৰ সকলোখিনি যুক্তিযুক্ততা আছে।
নালন্দা ধ্বংসৰ কালঃ নালন্দা ধ্বংসৰ কাল সম্পৰ্কে বিভিন্ন বুৰঞ্জীকাৰৰ বিভিন্ন মত,
(১) সমাদ্দাৰৰ মতে ১১৯৯ খ্ৰীষ্টাব্দত নালন্দা ধ্বংস কৰা হৈছিল, ‘‘Magadha was attacked after the eighieth regnal year of Laksmana Sen. As the Laksmana era had its commencement in 1119, the date of the conquest falls in 1199. That was the year of the destruction of all the Buddhistic places of learning in Bihar, Nalanda, Vikramasiia and Odandapura. .... The colophan of Panchakara in the library of the University of Combridge contains the fact that Odandapura was destroyed in the thirty-eighth regnal year of Govindapaladeva. .... As Govindaparladeva's accession dates from 1161 (A.D.), the date of the destruction of these monasteries comes to 1199 (A.D.).’’(Page No.132, The Glories of Magadha by J.N. Samaddar,1922)
(২) সঙ্কলিয়াৰ মতে ১২০৫ বা ১২০৬ খ্ৰীষ্টাব্দত নালন্দাৰ ধ্বংস কাৰ্য সংঘটিত হৈছিল, ‘‘From the study of Tabakat-I Nasari, we find that Bakhtiyar went to Sultan kutbuddin to pay him his respects after the conquest of Bihar. And Kutbuddin was made a Sultan after the death of Sultan Ghazi by Sultan Ghiyasuddin. And after becoming a Sultan, in 1205 A.D, he marched to Lahore, while Bakhtiyar seems to have visited him after Kutbuddin was well-established as a Sultan on the throne of Delhi. Secondly, we learn that kutbuddin died in 607 H, i.e.1210 (A.D.), and the chronicler further tells us that he wore the crown for more than 4 Years, that is, from about A.D. 1205, which exactly synchroneses with his march upon Lahore in 1205 A.D. as a Sultan. Kutbuddin thus seems to have had the Sultanate in or about 1205 A.D.;’’ (Page No.213-214, The University of Nalanda by H.D. Sankalia,1934)
ওপৰত উল্লেখ কৰা সকলোখিনি তথ্য-পাতিৰ পৰা এটা সিদ্ধান্তলৈ আহিব পাৰি যে মুছলিম সকলৰ আক্ৰমণেই নালন্দা ধ্বংসৰ মূল কাৰণ আছিল। আক্ৰমণৰ পাছত নালন্দা পুথিভঁৰালৰ জুই তিনি মাহলৈ প্ৰজ্বলিত হৈ আছিল বুলি কোৱা হয়। এনেদৰেই বুদ্ধ, নাগজ্জুৰ্ন, বসুবন্ধু, শান্তৰক্ষিত আৰু দীপাঙ্কৰৰ দিনৰ পৰাই, ৰত্নসাগৰ, ৰত্নদধি আৰু ৰত্নৰঞ্জিকা, এই তিনিটা বহু মহলীয়া পুথিভঁৰালত সঞ্চিত হৈ থকা জ্ঞানৰ বহুমূলীয়া সম্পদ আৰু হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবাসীৰ মাজত ব্যাপ্ত হৈ থকা জ্ঞানৰ ভাণ্ডাৰ, য’ৰ পৰা যাত্ৰা, সূমাত্ৰা, চীন, জাপান আদি দেশলৈ জ্ঞানৰ প্ৰসাৰ ঘটিছিল, সেই নালন্দা বিশ্ববিদ্যালয়, তিনিশ শ্ৰেণীকোঠা, ন নিযুত গ্ৰন্থ আৰু আন বহুমূলীয়া সম্পদৰ সৈতে উচ্ছন্ন হ’ল আৰু ভাৰতবাসীৰ এক সুদীৰ্ঘ জ্ঞানৰ পৰিক্ৰমাৰ পৰিসমাপ্তি ঘটিল।
সহায় লোৱা গ্ৰন্থঃ
[1] The University of Nalanda by Hasmukh D. Sankalia,1934
[2] A Record of the Buddhist Religion, I-tsing, 1896
[3] Buddhist Records of the Western World, Vol. II, Translated from the Chinese of Hiuen Tsiang A.D. 629, 1884
[4] Education in Ancient India by A.S. Altekar, 1944
[5] The Glories of Magadha by J.N. Aamaddar, 1922
[6] A record of the Buddhist Religion as practiced in India and the Malay Archipelago by I-tsing, 1896