লেখকঃ অমল চন্দ্ৰ কোঁৱৰ
নামঘৰ, এক পবিত্ৰ নাম। ১৪৬৮ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাওঁ জিলাৰ ঐতিহাসিক ক্ষেত্ৰ বৰদোৱাত নামঘৰ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষজনাই একশৰণ, হৰিনাম, দৰ্শন, কলা সংস্কৃতি, সাহিত্য ইত্যাদি মানুহৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই এই নামঘৰৰ জন্ম দিছিল। এতিয়াও এই নামঘৰতেই অসমীয়া সমাজৰ সাহিত্য-সংস্কৃতিৰ লগতে মহাপুৰুষজনাৰ দৰ্শন একশৰণ, হৰিনাম আদিও প্ৰচাৰ হৈ আহিছে। আদিতে একো একোটা খেলত ৰাইজৰ মাজত কিবা খেলি-মেলি হ’লে ৰাইজে নামঘৰতে বিচাৰ কৰি বিচাৰৰ ৰায় অৰ্থাৎ বিচাৰৰ সিদ্ধান্ত লৈছিল আৰু সেইবাবেই অসমীয়া সমাজত নামঘৰক বিচাৰৰ গ্ৰাম্য আদালত বুলি কোৱা হয়। মহাপুৰুষজনাৰ ৰাইজক সৎভাৱনা, সৎকৰ্ম, সৎচিন্তাৰে ঈশ্বৰৰ নাম লৈ ভক্তিৰে ৰাইজক ভাগৱতমুখী কৰিব পৰাটোৱেই নামঘৰ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য আছিল আৰু এতিয়াও নামঘৰ অসমীয়া সমাজত তেনেদৰেই চলি আছে। নামঘৰৰ মূল উদ্দেশ্যৰ লগতে মানুহক বিজ্ঞান আৰু আধ্যাত্মিকভাবে এখন সুস্থ শৃংখলাৰ লগতে সামাজিক সমন্বয়ৰ আধাৰত এখন সমাজ গঠন কৰিব বিচাৰিছিল আৰু বৰ্তমানেও এই ধাৰাতেই অসমৰ প্ৰতিখন সৰু বৰ গাঁৱত অতি ভক্তিভাবেৰে নামঘৰ সমূহ প্ৰতিষ্ঠা হৈ আছে। অসমত ভাওনা, চিত্ৰ-নাট্য, শিল্পকলা, বৰ্ণ-বৈষ্যম নিৰ্মূল কৰি পৰ্বত-ভৈয়ামৰ লগতে বৰাক ব্ৰহ্মপুত্ৰৰ সকলো ৰাইজক একগোট কৰি ঐক্য-সাম্য-মৈত্ৰী-প্ৰগতি আৰু শান্তি-সম্প্ৰীতিৰে ই সৰ্ববৃহৎ অসমীয়া জাতি গঠন হৈছে। যি কাম মহাপুৰুষজনাই আজিৰ পৰা কেইবাশ বছৰৰ পূৰ্বেই কৰি থৈ নোযোৱা হ’লে এতিয়া হয়তো অসমীয়া জাতি ভাগ ভাগ হৈ ধৰ্ম প্ৰচাৰ কৰিলেহেঁতেন।
অসমীয়া সমাজত নামঘৰ পবিত্ৰ অনুষ্ঠান। নামঘৰ মানে প্ৰকৃততে ‘নাম’ৰ ঘৰ। পবিত্ৰ মনেৰে নাম লোৱা হয়। পবিত্ৰ মনেৰে শ্ৰৱণ কীৰ্তন কৰা হয়। কোনেও অপবিত্ৰ মন লৈ নামঘৰলৈ কেতিয়াও নাযায়। সেয়েহে নামঘোষাত কৈছে- পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰক প্ৰকাশ কৰা। নামঘৰত এক শৰণ হৰিনাম ধৰ্মৰ ভকতসকলে মণিকূট সাজি গুৰুৰ আসন প্ৰতিষ্ঠা কৰি পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম লৈ ভকতে শ্ৰৱণ কীৰ্তন কৰে নামঘৰত। মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা নামঘৰৰ প্ৰধান উদ্দেশ্য আছিল ধৰ্ম প্ৰচাৰ কৰা, সাহিত্য, কলা-কৃষ্টি, শিল্প-সাহিত্যৰ বিকাশ সাধন কৰা, সংগীত, চিত্ৰ-নাট্য, নৃত্য-গীত, ভাওনা, বিভিন্ন কলাকৃষ্টিৰ অনুশীলন, অনুসন্ধান, গৱেষণা কৰা আৰু এই বিলাক উত্তৰ পুৰুষলৈ সংৰক্ষণ কৰি ৰখা। এই নামঘৰতে নাম প্ৰসংগৰ লগতে ভাওনা আদি অনুষ্ঠিত কৰি গাঁৱৰ ৰাইজক একগোট কৰি ৰাখিবলৈ সহজ হৈছিল। লগতে গাঁৱৰ ৰাইজৰ মাজত কলা-কৃষ্টিৰ প্ৰশিক্ষণ দিবলৈও নামঘৰত অতি সহজ হৈছিল। সেই কাৰণেই আমি নামঘৰক অতি পবিত্ৰ আৰু গ্ৰাম্য আদালত বুলি ক’ব পাৰোঁ। তদুপৰি নামঘৰ হ’ল অসমীয়া জাতীয় ঐক্যমঞ্চ, সংস্কৃতিৰ ৰংগমঞ্চ, সংগ্ৰাহালয়, পুথিঁভৰাল আৰু চমুকৈ আমি নামঘৰক বিজ্ঞান আৰু আধ্যাত্মিকতাৰ এখন মুক্ত বিদ্যালয় বুলিও ক’ব পাৰোঁ।
অসমত যি নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন হৈছিল তাৰ গুৰি ধৰিছিল আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে আৰু তেৰাৰ প্ৰচেষ্টাতেই বিভাজন হ’ব ধৰা অসমীয়া সমাজক একতাৰ দোলেৰে বান্ধি বিছিন্নতাবাদী অসমীয়াক শৃংখলাবদ্ধ কৰিছিল আৰু এনেবোৰ কাম কৰিবলৈ যাওঁতেই তেৰাই জন্ম দিব লগা হৈছিল নামঘৰৰ। যাক আসমীয়া সমাজে এতিয়াও এক পবিত্ৰ অনুষ্ঠান বুলিয়েই গণ্য কৰি আহিছে। নামঘৰ প্ৰতিষ্ঠা কৰোঁতে গুৰুজনাই জাতি, ধৰ্ম নিৰ্বিশেষে একত্ৰিত কৰিছিল। উদাহৰণস্বৰূপে গুৰুজনাই নামঘৰত লাইখুটা পোতোতে অৰ্থাৎ নগাওঁ জিলাৰ বৰদোৱাত নামঘৰ স্থাপন কৰাৰ সময়ত মুছলমানৰ শিষ্য ‘চান্দসাই’ যে প্ৰথম খুটাটো পুতিছিল। তেওঁ প্ৰথমে খুটাটো পুতোতে ‘লাই ইলাল্লাহ’ বুলি কৈছিল বুলি কথিত আছে। এই খুটাটোক ‘লাই খুটা’ বুলি কোৱা হয়। এই খুটাটোৱে সমন্বয়ৰ আৰু একতাৰ বাৰ্তা বহন কৰিছে। শ্ৰীমন্ত শংকৰদেৱে পতা নামঘৰ, সমন্বয়ৰ প্ৰতীক, একতাৰ প্ৰতীক আৰু ধৰ্মৰ প্ৰতীক হৈ পৰিল।
শংকৰদেৱে নামঘৰ পাতোতে কোনো ধনী বা কোনো দুখীয়া সেই কথা চিন্তা কৰি নামঘৰ প্ৰতিষ্ঠা কৰা নাছিল। তেওঁৰ মতে এক ঈশ্বৰৰ নাম লৈ শ্ৰৱণ-কীৰ্তন কৰাই হ’ল নামধৰ্ম। তেওঁৰ মতে কোনো ভেদাভেদ নাই। মহাপুৰুষজনাই সমাজৰ বিভিন্ন মতানৈক্যৰ মাজত একতাৰ দোলেৰে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই নিছিল। এক বিশৃংখল জীৱন প্ৰণালীবদ্ধভাবে যাপন কৰাত তেওঁ গুৰুত্ব দিছিল। সন্ধ্যা হ’লে এই নামঘৰত ডবা-কাঁহ বজাই ধৰ্মৰ নামত চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰাটো এক নিয়মত পৰিণত কৰিছিল। সমাজত থকা বিভিন্ন খাম-খেয়ালিৰ মাজত চলা একো একোখন সমাজ এক শৃংখলাবদ্ধ সমাজ কৰি তুলিছিল।
মহাপুৰুষ জনাই নামঘৰ সাঁজোতে পূৱা-পশ্চিমাকৈ সাজিছিল। পুৱ ফালে মণিকূট সাজিছিল। তেওঁ নামঘৰত প্ৰতিষ্ঠা কৰা সিংহাসনো এক বিশেষ প্ৰতীকেৰে নিৰ্মাণ কৰিছিল আৰু আজিও অসমত সকলো নামঘৰতেই একেই প্ৰতীকেৰে সিংহাসন নিৰ্মান কৰি আহিছ। এই সিংহাসনৰ তলত থাকে কাছ, কাছৰ ওপৰত হাতী আৰু হাতীৰ ওপৰত থাকে সিংহ। এই ধৰণে নামঘৰ সিংহাসন নিৰ্মাণ কৰাৰ অৰ্থ হ’ল – কাছ প্ৰতীকে বুজাইছে সকলো দুখ-বেদনা সহ্য কৰিব পৰা গুণ। হাতীয়ে ভকতৰ বুজাই যিয়ে পাপক স্পৰ্শ কৰে আৰু সিংহা প্ৰতীকে পাপক দমন কৰি ভকতক উদ্ধৰ কৰি ৰক্ষা কৰাক বুজাইেছ আৰু সেই বাৰ্তা লৈয়ে অসমত সৰু বৰা সকলো নামঘৰত আসন প্ৰতিষ্ঠা হৈ আহিছে। মহাপুৰুষজনাই নাঘঘৰক হিন্দু ধৰ্মৰ প্ৰাৰ্থনাৰ সত্ৰ বুলি কৈছে যদিও এই প্ৰাৰ্থনা কৰোতে কিছুমান ৰীতি-নীতিৰ কথাও কৈছে। নামঘৰত প্ৰৱেশ কৰোঁতে পুৰুষে ধূতি-কুৰ্তা আৰু মহিলাই মেখেলা-চাদৰ পৰিধান কৰি ডিঙিত গামোচা লৈ যোৱাৰো এক নিয়ম আছে। এনেকৈ নামঘৰলৈ গ’লে নিজকে পবিত্ৰ যেন লাগে আৰু সেই বাবেই গুৰুজনাই এই নিয়ম কৰি থৈ গৈছে। গুৰুজনাই এই কথাও কৈ গৈছিল যে, নামঘৰ ৰাজহুৱা সম্পত্তি। ই কোনো লোকৰ ব্যক্তিগত সম্পিত্ত হ’ব নোৱাৰে আৰু সেই বাবেই আজিও নামঘৰ ৰাজহুৱা সম্পত্তি হৈয়েই আৰু আৰু ক’তো ব্যক্তিগত নামঘৰ নহয়। নামনি অসমৰ তুলনাত উজনি অসমৰ নামঘৰৰ সংখ্যা বেছি। মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা এই নামঘৰ পৰিচালনাৰ বাবে একো একোখন পৰিচালনা সমিতি থাকে আৰু নামঘৰ চাফ-চিকুন কৰিবলৈ দেউৰী সমাজ বা নামঘৰীয়া থাকে।
শংকৰদেৱে ধৰ্মৰ নামত চলি থকা কু-সংস্কাৰবিলাক দূৰ কৰিবৰ বাবেই নামঘৰ প্ৰতিষ্ঠা কৰিছিল। নামঘৰ অসমীয়া জাতীয় চিনাকী। আমি যিমান পাৰোঁ নামঘৰৰ ভেঁটি মজবুত কৰিবৰ বাবে চেষ্টা কৰিব লাগে। অসমীয়া সমাজত নামঘৰৰ জৰিয়তে সামাজিক ঐক্যতা বজাই ৰখা হৈছে। নামঘৰে আমাৰ সমাজত মনৰ মলিনতাক আঁতৰ কৰি মনটো পবিত্ৰ কৰি ৰখাত সহায় কৰে। অসমীয়া সমাজৰ নামঘৰত বৰ সবাহ, নাম-প্ৰসংগ, ভাওনা, আইনাম, ভদীয়ানাম আদিৰে ৰাইজৰ একতাৰ দোলেৰে বন্ধাৰ লগতে মনৰ পবিত্ৰতা ৰক্ষা কৰি আহিছে। আমি যিমান পাৰোঁ নামঘৰৰ প্ৰতি সহায়-সহযোগ আগবঢ়াই নামঘৰক সকলো প্ৰকাৰে আগবঢ়াই নিব লাগে। ই অসমীয়া সমাজক একতাৰ দোলেৰে বন্ধাৰ একমাত্ৰ ব্যৱস্থা। সম্প্ৰতি অসমখন চাৰিওফালে অস্থিৰতা, ভীতিগ্ৰস্থতাৰ মাজত আমি নামঘৰত সকলো ৰাইজ একগোট হৈ সমাজৰ ভীতিগ্ৰস্থকাৰীক বাহিৰ কৰিবৰ বাবে চেষ্টা কৰোঁ আহঁক আৰু আমাৰ গুৰুজনাই প্ৰতিষ্ঠা কৰা নামঘৰক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি সমগ্ৰ বিশ্বক বুজাই দিওঁ যে নামঘৰ অসমীয়া সমাজৰ এক পবিত্ৰ অনুষ্ঠান। ইয়াক কোনো কালেই কোনো শক্তিয়েই নিঃশেষ কৰিব নোৱাৰে।