লেখিকা - সবিতা শইকীয়া দত্ত
স্বৰৰ অনুনাসিকতা অসমীয়া ভাষাৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য ৷ এই অনুনাসিকতাসূচক চিহ্নটোৰ নামেই ঁ ( চন্দ্ৰবিন্দু )৷ চন্দ্ৰবিন্দু ব্যৱহাৰ কৰাৰ ওপৰত অসমীয়া ভাষাৰ বহুত শব্দই অর্থৰ বিপর্যয় ঘটায় ৷ সেয়েহে এই চিহ্নসূচক অনুনাসিক স্বৰৰ প্ৰয়োগত যথাসম্ভৱ সতর্ক হোৱা অতি প্ৰয়োজন ৷ ই আখৰ নহয়,উচ্ছাৰণৰ চিন মাথোন ৷ অসমীয়া আখৰ জোঁটনিত চন্দ্রবিন্দুৰ অনেক আহুকাল ৷ কিয়নো ই তাৰ নিজস্ব চেহেৰাৰে শব্দ গঠনত আসন নাপায় ৷ সেয়েহে স্বতন্ত্ৰ বর্ণ নোহোৱা বাবে চন্দ্ৰবিন্দুক লৈ আখৰ জোঁটনিৰ বিবিধ সমস্যাই দেখা দিয়ে ৷ তদুপৰি চন্দ্ৰবিন্দুৰ নিজা উচ্ছাৰণেই নাই ,ইয়াক নাসিক্য বর্ণৰ ঠাইত যুক্ত কৰা হয় ৷ সহজ কথাত নাসিক্য বুলিলে নাকেৰে মতাৰ দৰে বুলি ভাৱিব পাৰি ! সাধাৰণতে ঙ,ঞ,ণ,ন,ম,ং আদি অনুনাসিকসূচক বর্ণকেইটাৰ লগত ঁ সমূলি ব্যৱহাৰ নহয় ৷ আন জটিল কথালৈ নোযোৱাকৈ ঁ যে নিজে অনুনাসিক ,সেই কথা মনত ৰাখিলেও ঁৰ বহু সমস্যা সমাধান হয় ৷ অনুনাসিক বুজাবলৈকে ঁ আন বর্ণৰ ওপৰত বহি শব্দার্থ স্পষ্ট কৰে ৷ ভূঞা,অঙ্ক ,কণ্টক,ৱংশ,গ্রাম , আদি শব্দত ঁ ব্যৱহাৰ নহয় ৷ কিন্তু ৰপান্তৰ হ’লে ঁ হ’ব ৷ মুঠ কথা চন্দ্ৰবিন্দু বর্ণ ৰূপত নহয় ধ্বনি ৰূপতহে ব্যৱহাৰ হয় ৷
মূল সংস্কৃত শব্দত ঙ ঞ ণ ন ম ং আদি নাসিক্য ধ্বনি থকা তৎসম শব্দবিলাক পৰিবর্তন হৈ অসমীয়া হওঁতে চন্দ্ৰবিন্দু ব্যৱহাৰ হয় ৷ যেনে অংশু-আঁহ ,কাংশ-কাঁহ ,অঙ্ক-আঁক,জাম্প-জাঁপ, গ্ৰাম-গাঁও,কুমাৰ-কোঁৱৰ ,স্মৰণ-সোঁৱৰণ আদি ৷
চন্দ্ৰবিন্দু যিহেতু নিজেই নাসিক্য বা অনুনাসিক সেয়ে ভূঞা, গঞা ,শুণো ,গুণো ,শুণোতা,ভ্ৰমোতে ,শুঙোতে,গণোতা ,মা ,আদি শব্দত চন্দ্ৰবিন্দু প্ৰয়োগ নহয় ৷
ধাতু ৰূপত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ মনকৰিবলগীয়া ৷ কৰোঁ , খাওঁ ,যাওঁ ,গাওঁ ,খাওঁতে , বহোঁতে ,দিওঁতে ,শোওঁতে আদিত চন্দ্ৰবিন্দুৰ প্ৰয়োগ অপৰিহার্য্য ৷
অনু বাচক ক্ৰিয়াৰ ক্ষেত্ৰত চন্দ্ৰবিন্দু নালাগে , যেনে খাওক ,চাওক , লওক ,হওক আদি ৷ ও দেখিলেই ঁ নালাগে,নেওতা, নাও,নেওচা ,নেওগ ,হলেও, খালেও আদি ইয়াৰ উদাহৰণ ৷ ই,ঈ,উ,ঊ,ঋ,ঐ,ঔ আদি স্বৰ বর্ণতো চন্দ্ৰবিন্দু ব্যৱহাৰ নহয় ৷
বহুবচন বুজোৱা সর্বনামৰ তৃতীয় পুৰুষত ইহঁত, সিহঁত,তহঁত আদিবুজাবলৈ ঁ দিবই লাগে ৷ কেতিয়াবা স্বভাৱসিদ্ধ ভাৱেও ঁ ব্যৱহাৰ হয়, ইয়াক স্বত: অনুনাসিক (spontaneous nasalisation ) বোলে ৷ পৰম্পৰাগতভাৱে এই ৰীতি চলি আহিছে ,যেনে সত্য-সঁচা,ছা্য়া-ছাঁ,অশ্বত্থ-আঁহত,ঘোটক-ঘোঁৰা,স্ৰোত-সোঁত ,তুষ-তুঁহ , পেছক-ফেঁচা আদি ৷ এই বিলাকত ঁ লিখাৰ কোনো কাৰণ নাই ৷ তথাপি চলি অহাৰ বাবেই ঁ দিলেহে তাৰ যেন গাম্ভীর্য ৰক্ষা পৰে !
অপূর্ণ ভূত কাল আৰু স্বৰূপ ভূত কাল বুজোৱা প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ বিভক্তিতো ঁ ব্যৱহাৰ হয় ৷ যেনে-আছিলোঁ, কৰিলোঁ,কৰিছিলোঁ, খাইছিলোঁ,দিলোঁ,খালোঁ আদি ৷ তদুপৰি আদেশ, অনুৰোধ,নির্দেশ আদি বুজাবলৈও ঁ লাগে ; যেনে-বহাঁ,খোৱাঁ,লিখাঁ, কৰাঁ আদি ৷
অসমীয়া ভাষাৰ একে উচ্চাৰণযুক্ত শব্দবিলাকৰ ক্ষেত্ৰত ঁৰ ব্যৱহাৰ মনকৰিবলগীয়া ৷ এই চিহ্নটোৰ প্ৰতি সচেতনতাৰ অবিহনে সৰহসংখ্যক শব্দৰে অর্থ প্ৰাপ্তিত ব্যাঘাত জন্মিব ৷ যেনে –তেও( তথাপি )- তেওঁ( তেখেত )
বাহ (চৰাইৰ)- বাঁহ ( গছ )
আহত (আঘাত )- আঁহত (গছ )
তাত ( সৌ ঠাইত)- তাঁত ( শাল )
কাহ (ৰোগ ) - কাঁহ (ধাতু ) আদিৰ কথা ক’ব পাৰি ৷ এনে শব্দৰে অসমীয়া ভাষা ওপচ খাই আছে ৷ গতিকে চন্দ্ৰবিন্দুৰ গুৰুত্ব উপলব্ধি নকৰিলে অসমীয়া ভাষাৰ অনেক ক্ষতি ৷
উল্লেখযোগ্য যে ৰেফ বা ৰ কাৰ যুক্ত শব্দতো ঁ ব্যৱহাৰ নহয় ৷ উচ্চাৰণৰ আসোঁৱাহ আঁতৰ কৰি ঁ ৰ অনেক আহুকাল কমাব পাৰি ৷ কাৰণ অসমীয়া শব্দৰে লিখিলেই অসমীয়া ভাষা নহয় ৷ আখৰ জোঁটনিৰ জৰিয়তেহে অসমীয়া ভাষাৰ গৰিমা অটুত ৰাখিব পাৰি ৷
বর্তমান অসমীয়া ভাষাৰ যেন নাজল-নাথল অৱস্থা ! কিয়নো ভাষাটো ব্যৱহাৰৰ ক্ষেত্ৰত নির্দিষ্ট নীতি-নিয়ম পালনৰ প্ৰতি আমি আওকনীয়া ৷ ছপা আৰু বৈদ্যুতিন সকলো প্ৰকাৰ গণমাধ্যমতে লেখন আৰু উচ্চচাৰণৰ অসাৱধানতাই অসমীয়া ভাষালৈ অশনি সংকেত নমাই আনিছে ৷ সংবাদ মাধ্যমৰ বাতৰি- কাকত , আলোচনী , পোষ্টাৰ-চাইনবর্ড , আদি সকলোতে অসমীয়া ভাষাৰ শুদ্ধ ৰূপেহে ভাষাটোৰ ভৱিষ্যৎ অটুত ৰাখিব ৷ তদুপৰি শিক্ষক-ছাত্ৰ সমন্বিতে সমাজৰ সকলোৱে নিজৰ বুলি গৌৰৱ কৰিব পৰাকৈ নিজৰ ভাষাটোৰ প্ৰতি দায়বদ্ধ মনোভাৱ প্ৰকাশ কৰিলে চন্দ্ৰবিন্দুৰে কিয় অনান্য সমস্যাৰো সমাধান হ’ব ৷