লেখকঃ জয়ন্ত ৰাজবংশী
বৈচিত্ৰপূৰ্ণ অসমত ঐতিহ্যই এক সুকীয়া পৰিচয় আগবঢ়াই আহিছে। ইতিহাসে একো একোখন ঠাইক আজিও জনমানসৰ বহল পৃথিৱীত জীৱন্ত কৰি ৰাখিছে। আমি এই সৰু লিখাত আগবঢ়াব বিচাৰিছো এখনি পীঠস্থানৰ সংক্ষিপ্ত পৰিচয়। যিখনি পীঠস্থানক কেন্দ্ৰ কৰি ঐতিহ্যসিক কলাইগাঁওৰ উন্মেষ হৈছিল। যিখনি পীঠস্থানৰ কোচ ৰজা নৰনাৰায়ণৰ এক অধ্যায় জড়িত হৈ আছে। এই পীঠস্থানখনেই হ’ল ওদালগুৰি জিলাৰ অন্তৰ্ভূক্ত মূঢ়াদেৱৰ শক্তিপীঠ।
প্ৰৱাদমতে পোৱা যায় যে এই শক্তিপীঠ খনিৰ লগত তান্ত্ৰিক পূজাৰী কেন্দুকলাইৰ কাহিনী জড়িত হৈ আছে। কেন্দুকলাইৰ মন্ত্ৰৰ জৰিয়তে এই পীঠস্থানখনত কামাখ্যা দেৱীয়ে উন্মাদ হৈ নৃত্য পৰিৱেশন কৰিছিল। এই নৃত্য কেৱল কেন্দুকলাইৰ এই কথা জ্ঞাত হোৱাত ৰজাইও দেৱীৰ নৃত্য চাবলৈ মন আগবঢ়ালে। কেন্দুকলাইয়ে ৰজাৰ খাটনি ৰক্ষা কৰি ৰজাক এই নৃত্য চোৱাৰ সুবিধা কৰি দিছিল। কিন্তু আই ভগৱতী কামাখ্যা দেৱীয়ে কেন্দুকলাইৰ চক্ৰান্ত বুজিব পাৰি একেচৰে কলাইৰ মূৰ চিঙি পেলাইছিল। এই কেন্দুকলাই ব্ৰাহ্মণৰ মূৰ পৰা ঠাইখনকে মূঢ়াদেৱৰ বোলে। ৰজা নৰনাৰায়ণে কেন্দুকলাইৰ স্মৃতিত মন্দিৰ, পুখুৰী আদি নিৰ্মাণ কৰোৱাই দেৱত্তৰো প্ৰদান কৰিছিল বুলি পোৱা যায়। এই ঘটনাসমূহ ১৬ শতিকাৰ বুলি কোৱা হয়।
এই দেৱালয়ত এটি আঠ ফুট গভীৰৰ কুণ্ডৰ ভিতৰত তথা শিলৰ গহ্বৰৰ তল অংশত শিৱলিঙ্গৰ মূল বিগ্ৰহ প্ৰতিষ্ঠিত হৈ আছে। দেৱালয়খনৰ সন্মুখ অংশত নৰনাৰায়ণৰ দিনতে খন্দা ১৩ বিঘা মাটিকালিৰ পুখুৰী এটি আছে। অৱশ্যে এই কথাটিও প্ৰাসংগিক যে পৰিভ্ৰমী চৰাইৰ বিচৰণ ক্ষেত্ৰ হিচাপে পুখুৰীটিৰ জলধাৰৰ স’তে খেলিবলৈ বিভিন্ন প্ৰজাতিৰ চৰাই আহি পৰিৱেশটি অতি বিতুপন কৰি তোলাটো সঁচাই অভিভূত হ’বলগীয়া। সম্প্ৰতি দেৱালয় প্ৰাঙ্গণত শিল আৰু ইটাৰ ভগ্নাৱশেষ থকাৰ উপৰিও বিভিন্ন দেৱ-দেৱতাৰ প্ৰতিষ্ঠাৰ বাবে ব্যৱহাৰ কৰা আধাৰশিলাবোৰ পোৱা যায়। লক্ষণীয়ভাৱে ডাঙৰ শিল এচটাত খোদিত দুডাল সাপৰ মূৰ্ত্তিক স্থানীয় ৰাইজে মনসা আইৰ প্ৰতীক হিচাবে পূজা আগবঢ়াই আছে, আকৌ আন এটি শিলত খোদিত নাৰী মূৰ্ত্তিত মহাশক্তিৰ প্ৰতীক কালীগোঁসানীক পূজা আগবঢ়াই আছে। এই পীঠস্থানত এতিয়াও হাঁহ, পাৰ, ছাগলী বছৰটিৰ প্ৰায় বাৰমাহে বিল দিয়া দেখা যায়। তাৎপৰ্যপূৰ্ণ যে পূৰ্বতে এই দেৱালয়ত নৰবলি দিয়া হৈছিল বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে। নৰবলিৰ বাবে দেৱালয়ৰ অন্তৰ্ভূক্ত শিৱ মন্দিৰৰ সোঁকাষে এখন শিলৰ বলিশাল এতিয়াও দেখা পোৱা যায়। মন্দিৰত থকা কেইবাখনো খড়্গৰ এখন এতিয়াও ব্যৱহাৰ নকৰি আচুতীয়াকৈ ৰখা হৈছে। বিশ্বাস যে এই খড়্গ খনেৰে নৰবলি আগবঢ়োৱা হৈছিল। প্ৰকৃতাৰ্থত তথ্যমতে মূঢ়াদেৱৰ দেৱালয়খন ৯ম/১০ম শতিকাৰ। তথ্যক্ৰমে ৯ম শতিকাত গুৰু পদ্মসম্ভৱে তিব্বত আৰু ভূটানত বিস্তৰভাৱে প্ৰতিষ্ঠা কৰা তান্ত্ৰিক বৌদ্ধ ধমৰ লগত এই দেৱালয়খনৰ সংযোগ থকা বুলি অনুমান কৰা হয়। আনহাতে উল্লেখনীয় যে তিব্বত আৰু ভূটানৰ ৬ষ্ঠ-৭ম শতিকাৰ পণ বা বণ ধৰ্মৰ যিবোৰ মায়াবী দেৱ-দেৱীৰ চৰিত্ৰ আছে, পুৰণি ভাৰতবৰ্ষৰ তান্ত্ৰিক সাধনাৰ মাজতো তেনে দেৱ-দেৱী সোমাই পৰিছে। বৃটিছৰ সময়ত এই দেৱালয় পৰিচালনাৰ বাবে তথ্যমতে ৬৬৯ বিঘা মাটি আধা কৰ দিবলগীয়া হিচাবে ৰখা হৈছিল।
এইখনেই বৈচিত্ৰপূৰ্ণ অসমৰ ইতিহাসত বিশিষ্ট অৰিহণা আগবঢ়োৱা অন্য দেৱাল সমূহৰ দৰে ঐতিহাসিক মূঢ়াদেৱৰ দেৱালয়। এই দেৱালখনৰ যদি পূৰাতত্ববিদ আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগে ভালদৰে গুৰুত্ব প্ৰদান কৰে তেতিয়াহ’লে মূঢ়াদেৱৰ দেৱালয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এখন গুৰুত্বপূৰ্ণ পৰ্যটনৰ পীঠস্থান হিচাপেও প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।