লেখক - অজয় বৰুৱা
নৱবৈষ্ণৱ যুগৰ কেইগৰাকীমান নাৰীয়ে নিজৰ সৎ গুণৰ বলত গুৰু চৰিত্ৰসমূহত বিশেষ স্থান অধিকাৰ কৰিছে। সেইসকলৰ ভিতৰত ভৱানীপুৰীয়া গোপাল আতাৰ মাতৃ বজ্ৰাঙ্গী আই, মথুৰা দাস বুঢ়া আতাৰ পৰিবাৰ সুমতি আই, কণ্ঠ ভূষণৰ পৰিবাৰ, ৰামৰায় আতৈৰ জীয়ৰি ভূৱনেশ্বৰী, যোগমায়া অনন্ত কণ্ডলীৰ পৰিবাৰ, নাৰায়ণ দাস ঠাকুৰ আতাৰ পৰিবাৰ বাৰবাসী আই, ধ্বজা আতৈৰ মাতৃ চন্দৰী আই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিবাৰ কন্দলী আই, গুৰুজনাৰে বুঢ়ীমাক খেৰসূতী আই, তেৰাৰ সৰু নাতি চতুৰ্ভজ ঠাকুৰৰ পৰিবাৰ আই কনকলতা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
সত্ৰশাল বা ৰামৰায় কুঠী সত্ৰ। অসম-পশ্চিমবঙ্গ আৰু বাংলাদেশ তিনিওখন দেশৰ সীমান্তৱৰ্তী অঞ্চলত থকা এখন মহাপুৰুষীয়া প্ৰাচীন সত্ৰ। য’ত এক ঐতিহাসিক ঘটনা জড়িত আৰু পৰ্যটকৰ আকৰ্ষণথলী। এই ঐতিহাসিক ঘটনাটো কি? ইতিহাসৰ সোণালী আখৰেৰে লিখা এক অধ্যায়। কোচৰজা নৰনাৰায়ণৰ ভাতৃ বীৰ চিলাৰায়ৰ সতে ৰাম ৰায়ৰ কন্যা ‘কমলাপ্ৰিয়া’ বা আই ভুৱনেশ্বৰীৰ ব্যতিক্ৰমধৰ্মী বিবাহখন এক ঐতিহাসিক ঘটনা।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ খুড়াকৰ পুতেক জগতানন্দ দলৈ। পেচাত আহোম স্বৰ্গদেউসকলৰ ৰাজবিষয়া। যাৰ বাবে ৰজাঘৰীয়া দা-দস্তুৰ মতে তেঁওক ৰামৰায় উপাধিৰে বিভূষিত কৰিছিল। পিছত সেই নামেৰেই তেঁও জনাজাত হ’ল আৰু তেঁওলোকৰৰ বংশটোক ৰায়বৰুৱাৰ বংশ বুলি জানিলে। মহাপুৰুষজনা তীৰ্থলৈ যোৱাৰ সময়ত শিৰোমনি ভূঞাৰ বিষয়বাবটো এই জনা ৰামৰায় বৰুৱাক অৰ্পন কৰি গৈছিল। এই বৰবৰুৱাৰে কেইবা পুৰুষৰ পাছত একে বংশজাত অসম কেশৰী অম্বিকাগিৰী ৰায়চোধুৰীৰ নামটো পোৱা যায়।
কোচ ৰজা নৰনাৰায়ণ আৰু তেঁওৰ সুযোগ্য ভাতৃ বীৰ চিলাৰায় দেৱানে ৰাজভগনৰ আকাংক্ষাত দৈবঞ্জৰ দিহামতে নিজ ৰাজ্য কোচবিহাৰ এৰি আহি অসমৰ সৰভোগ অঞ্চলত (বৰনগৰ) কিছুদিন শিবিৰ পাতি আছিল আৰু একে সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পাটবাউসীত বসবাস কৰি আছিল। ৰজা নৰনাৰায়ণ আৰু বীৰ চিলাৰায় দেৱানে বৰনগৰত আঢ়ৈ বছৰ থাকি নিজ ৰাজ্যলৈ গুছি যায়। এদিন ছোট দেৱানৰ (শ্ৰীদাম) লিগিৰাই আহি চিলাৰায়ক ৰামৰায় আতাৰ দুহিতা কমলাপ্ৰিয়াৰ অপৰূপ সৌন্দৰ্যৰ কথা, সুন্দৰ বেশ কথা বৰ্ণনা কৰিলে- ‘ত্ৰৈলোক্যমোহনিঃ চুলি মেলাইছে দুকাঠি তৰাত তিনিপাক দি পাৰিছে...।’
বীৰ চিলাৰায়ে কমলাপ্ৰিয়াৰ অপৰূপ সৌন্দৰ্য, বেশৰ কথা শুনি তেতিয়াই ধৰাই নি মুখ্যপটেশ্বৰী কৰিবৰ বাবে ৰামৰায় আতাক পাচিলে। ৰামৰায় আতাই বিবুদ্ধিত পৰি শংকৰদেৱৰ ওচৰ চাপি সমস্ত কথা বিৱৰি ক’লে আৰু বিপদৰ পৰা উদ্ধাৰৰ উপায় বিচাৰিলে। মহাপুৰুষজনাই বহু সময় তলকা মাৰি থাকি থাকি ভায়েকক ক’লে- বোপা খেদ কৰিলে কি হ’ব, ছোৱালী নিদিলে দেৱানে ধৰাই লৈ যাব আৰু আমাকো নানা লটি-ঘটি কৰিব, এতেকে ছোৱালী দিম বুলি সন্মতি জনাই দেৱানৰে স’তে মিত্ৰতা কৰাই ভাল (সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ’ত এনেদৰে আছে।) শংকৰদেৱৰ উপদেশ শুনি ৰামৰায়ে দেৱানলৈ ছোৱালী দিম বুলি খবৰ পঠিয়ালে।
সকলো ঠিক-থাক হোৱাৰ পিছত আন এক নতুন সমস্যাই দেখা দিলে বীৰ চিলাৰায়ক। কোচৰজা নৰনাৰায়ণ তথা ৰাজ পৰিয়াল আছিল দুৰ্ঘোৰ শাক্তধৰ্মী আৰু কন্যাপক্ষ অৰ্থাৎ মহাপুৰুষৰ বংশধৰসকল পৰম বৈষ্ণৱলোক। তাতোকৈ ডাঙৰ কথা হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা স্বয়ং একশৰণ হৰি নামধৰ্মৰ প্ৰৱৰ্তক। গতিকে বৈবাহিক সম্বন্ধটোক সফল ৰূপ দিয়াটো আকাশ কুসুম কল্পনা হৈ পৰিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বংশ কায়স্থ কুলৰ লোক আছিল। সেই দিনত কোচ-কায়স্থৰ মাজত বিবাহ কৰ্ম অপ্ৰচলিত প্ৰথা আছিল। ইয়াৰ উপৰিও ৰজাঘৰীয়া দস্তুৰ মতে ৰাজপৰিয়ালৰ ল’ৰা দৰা সাজি ছোৱালী ঘৰলৈ (প্ৰজাৰ ঘৰলৈ) কইনা আনিবলৈ যোৱাটো নিষেধ আছিল। ইপিনে বীৰ চিলাৰায় দেৱান যিদৰে ৰাজভ্ৰাতা সেইদৰে মহাপুৰুষ জনাৰ ভাতৃ ৰামৰায়ো শিৰোমনি ভূঞা। যাৰ বাবে তেঁওলোকেও জেদ পাতিছে যে বিবাহ কৰি নিনিলে ছোৱালী গতাই দিবলৈও নাযায়। চিলাৰায় এই মহাসংকটত পৰিল আৰু তাৰ পৰিত্ৰাণৰ উপায় বিচাৰি শেষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰ চাপিলে। গুৰুজনা অন্তৰ্যামী, পৰম ঈশ্বৰ সদৃশ, প্ৰত্যুৎপন্নমতি, অতি বিচক্ষণ পণ্ডিত, সেয়ে সাম্ভাব্য বিপদৰ কথা বুজিব পাৰি ধৈৰ্য্য সহকাৰে সকলো চিন্তা কৰি সিদ্ধান্ত দিলে যাতে দুয়োকূল ৰক্ষা পৰে। মহাপুৰুষ জনাই ক’লে তেঁও নিজেই বিবাহ কাৰ্য পৰিচালনা কৰিব যদিহে ভাতৃকন্যাক লগত লৈ কইনাপক্ষই নাৱৰে পাটবাউসীৰ পৰা ভটিয়াই যায় আৰু কোচবিহাৰৰ পৰা চিলাৰায় দেৱানে দৰা সাজি নৌকাৰে উজাই আহিব পাৰে আৰু দুয়োপক্ষ যি ঠাইত মিলিত হ’ব তাতেই অস্থায়ী ৰভা সাজি বিবাহ কাৰ্য সম্পাদন কৰা হ’ব। এনে কৰিলে দুয়োকূলৰ মৰ্যদা আত্ম-সন্মান অটুট থাকিব আৰু কোনো কাৰো অধীন হোৱাটো নুসূচাব। চিলাৰায়ে সমূহ কথা শুনি নৰনাৰায়ণক অৱগত কৰাৰ পিছত ৰজা নৰনাৰায়ণে পৰম আহ্লাদিত হৈ সন্তুষ্ট মনেৰে বিয়াৰ বাবে প্ৰস্তুত হ’বলৈ চিলাৰায়ক নিৰ্দেশ দিলে।
বীৰ চিলাৰায়ে বিবাহৰ শুভ দিন বাৰ চাই এটা শুভক্ষণত বিয়াৰ যাবতীয় দ্ৰব্য-সম্ভাৰ লৈ দৰা সাজি সোণকোষ নদীৰে উজনিমুৱাকৈ নৌকা যাত্ৰা আৰম্ভ কৰিলে আৰু কন্যা সাজেৰে সজাই ভূৱনেশ্বৰী বা কমলাপ্ৰিয়াক ৰামৰায় আতৈয়ে ককায়েকৰ দিহামতে সোণকোষ নদীৰে ভটিয়াই যাত্ৰা আৰম্ভ কৰিলে। দুয়ো পক্ষৰ নাও সোণকোষ নদীৰ এটা স্থানত মিলিত হয় যদিও উপযুক্ত ওখ ঠাই বিচাৰি সোণকোষৰ এটা সুঁতিৰে আহি বৰ্তমানৰ সত্ৰশাল বোলা ঠাইখন পায়হি। তাতেই প্ৰকাণ্ড ঔগছ এডালত পোনপ্ৰথমে গুৰুজনাৰ নাওখন বান্ধে। তাকে দেখি দুয়োপক্ষৰ আনসকলেও নাওবোৰ বান্ধিবলৈ লয়। উল্লেখযোগ্য যে গুৰুজনে যিডাল ঔগছত নাও বান্ধিছিল তাৰ বংশধৰ এতিয়াও দেখা পোৱা যায়। সত্ৰশাললৈ গ’লে আজিও দেখা যায়। এই ঔগছজোপাৰ গাতে লাগি আছে বাংলাদেশৰ কাঁটাতাঁৰৰ বেৰ। যি ঠাইত দুয়ো পক্ষই নাওবোৰ বান্ধিছিল তাৰ সমীপতে থকা হাবি-জংগল মোকলাই লৈ চাফ-চিকুনকৈ ৰজাঘৰীয়া আদব-কায়দাৰে ছত্ৰাকৃতিৰ প্ৰকাণ্ড এখন ৰভা সাজিছিল। এইখন ঠাইত মহাপুৰুষজনাৰ ব্যৱস্থাপনাত ভাগৱতৰ সন্মুখত হৰি-কীৰ্তন, ভাগৱত পাঠ, নাম-প্ৰসঙ্গ, জয়ধ্বনি তথা হৰিধ্বনিৰে উখল-মাখল লগাই বিবাহ মণ্ডপ বৈকুণ্ঠপুৰীত পৰিণত কৰি কন্যা সম্পাদন কাৰ্য সম্পন্ন কৰিছিল। আই ভূৱনেশ্বৰীৰ লগত বীৰ চিলাৰায় দেৱানৰ ব্যতিক্ৰমধৰ্মী বিয়াখন সম্পূৰ্ণ মহাপুৰুষীয়া আৰ্হিত এনেদৰে সম্পন্ন কৰা হৈছিল। গুৰুজনে ভক্ত সমন্বিতে ভাতৃ-কন্যাৰ বিবাহ উপলক্ষে নিশাৰ ভাগত ‘কালিয়াদমন’ নাটখনিৰ অভিনয় কৰি মহা আনন্দ কৰিছিল। ৰামৰায়ে গুৰুজনাৰ নিৰ্দেশত মহাবীৰ জনালৈ নিজহাতে কন্যা সম্পাদন কৰি মহাসন্ত্ৰমেৰে দৰা-কইনাক বিদায় দিছিল। মহাপুৰুষ জনাৰ পাদস্পৰ্শে ঠাই ডোখৰ পবিত্ৰ হৈ এখন তীৰ্থস্থানত পৰিণত হয়। আজিলৈকে ছত্ৰশালৰ ‘শ্ৰীশ্ৰীধাম ৰামৰায়কুঠী সত্ৰ’ বৈষ্ণৱ ভক্তসকলৰ পবিত্ৰ তীৰ্থস্থান ৰূপে পৰিগণিত হৈ আহিছে। ৰজাঘৰীয়া ছত্ৰাকৃতি ৰভাৰ তলত গুৰুজনাই বিবাহখন পৰিচালনা কৰা হেতু ঠাইখনৰ নামটো সত্ৰশাল বা ছত্ৰশাল হ’ল। আনহাতে কন্যাদানত ৰামৰায়ক ‘নিষ্কৰভূমি’ দান দিয়া বাবে ইয়াৰ আন এটা নাম ৰামৰায় কুঠী সত্ৰ বুলিও খ্যাত। ৰজা নৰনাৰায়ণে পঠিওৱা পিতলৰ ৰথত তুলি আই ভুৱনেশ্বৰীক লৈ বীৰ চিলাৰায় দেৱান কোচবিহাৰ পায়গৈ। এই পিতলৰ ৰথখন সত্ৰৰ আন এটি আপুৰুগীয়া প্ৰাচীন সম্পদ। এইখন আঠ ফুট বহল আৰু বাৰ ফুট উচ্চতাৰ। সুন্দৰ কাৰুকাৰ্যযুক্ত পিতলৰ এই ৰথখনত লোহাৰে নিৰ্মিত আঠোটা চকা আৰু ধুৰা আছে। বেহাৰ নৃপতি ৰজা নৰনাৰায়ণে সত্ৰলৈ এই ৰথখন দান কৰিছিল। বৰ্তমানেও ই অক্ষত অৱস্থাতে সুন্দৰভাৱে সত্ৰত আছে।
মধুময় মধুময় (ভেলা-মধুপুৰ ধামৰ ইতিবৃত্ত আৰু মাহাত্ম্য) নামৰ কিতাপখনত বৰ্ণিত অনুসৰি (অমূল্য কুমাৰ কৰ্মকাৰ) কমলাপ্ৰিয়া আৰু বীৰ চিলাৰায়ৰ মিলন এনেধৰণৰ-
মন মেৰি ৰাম চৰণহি লাগু। তই দেখো না অন্তক আগু।।
মন আযু ক্ষণে-ক্ষণে টুটে। দেখ প্ৰাণে কোন দিন ছুটে।।
মন সুখে পাৰ কৈছে নিন্দ। তই চেতিয়া চিন্ত গোবিন্দ।।
মন জানিয়া শংকৰবাহে। দেখ ৰাম বিনে গতি নাহে।।
ধনশ্ৰীৰাগৰ এই বৰগীতটো গুৰুজনাই তীৰ্থ ভ্ৰমণকালত বদৰীকাশ্ৰমত ৰচনা কৰিছিল আৰু এই বৰগীতটো গুৰুজনাৰ ভ্ৰাতুষ্পুত্ৰী ভুৱনেশ্বৰীদেৱীয়ে বা কমলাপ্ৰিয়াই গোৱাৰ অভ্যাস কৰিছিল। সংগীতটো সংযোগ সাধন কৰিছিল শ্ৰীমন্ত শংকৰদেৱৰ লগত কোচৰজা পৰিয়ালৰ। যিদিনা কোচৰজা পৰিয়ালত ভুৱনেশ্বৰীদেৱীৰ কণ্ঠত গীত হৈছিল সিদিনা গুৰুজনাই কোচ ৰাজপ্ৰসাদত স্থায়ী আসন লাভ কৰিছিল। সৰু ৰজা শুক্লধ্বজ সন্মানিত আত্মীয়ৰ পৰিচয় পাই বৰ আনন্দ পাইছিল। তেঁওৰ প্ৰতি অশেষ শ্ৰদ্ধাত অন্ত ভৰি যায়। সংগীতটোৰ প্ৰভাৱ হৈছিল নৱবৈষ্ণৱ আন্দোলনৰ ওপৰত সুদূৰ প্ৰসাৰী। আহোম ৰাজ্য বৈষ্ণৱ ধৰ্মাচাৰণৰ পক্ষে অনুকুল নাছিল। আহোম ৰাজ্যত জোৱাই হৰিৰ শিৰচ্ছেদ আৰু প্ৰাণৰ বান্ধ মাধৱদেৱৰ কাৰাবাসত শ্ৰীমন্ত শংকৰদেৱৰ অন্তৰ ভাঙি পৰিছিল। ধূয়াহাটত থকা শাস্ত্ৰঞ্জ ৰজা নৰনাৰায়ণ আৰু অনুজ শুক্লধ্বজৰ পাণ্ডিত্যৰ কথা শুনা পাইছিল। তেতিয়াই শংকৰ গুৰু আহোম ৰাজ্য এৰি কোচৰাজ্যলৈ গমনৰ কথা ভাবিছিল। বৈষ্ণৱ কবি দৈতাৰি এনেদৰে ঘটনাটো বৰ্ণনা কৰিছে- নৰনাৰায়ণ নামে আছে এক ৰাজা। পৰম পণ্ডিতে ধৰ্ম পথে পালে প্ৰজা।
শুক্লধ্বজ নামে তান ভাই শুভানয়। ঠুঞাহাটৰ হন্তে শুনে লোক সমস্তয় গীত কবিত্ব শুণ-শুণয় ৰাজা তাৰ ৰাজ্যে যাইবে মন সমস্ত প্ৰজাৰ।।
আহোম ৰজাৰ লগত কোচ ৰজাৰ সম্পৰ্ক নাছিল। কোচ সৈন্যকত্তৃক আহোম ৰাজ্য আক্ৰমণৰ প্ৰস্তুতি চলিছিল। 1543 খৃঃ ভূঞাসকলে কোচ ৰজাক আহোম আক্ৰমণত সহায় কৰিছিল। কিন্তু 1546 আৰু 1549 খৃঃ কোচ সৈন্য ব্যৰ্থ হৈ উভতি আহিছিল। ইতিমধ্যে শংকৰদেৱ সপাদৰ্শ ৰাজ্যৰ পাটবাউসীত আহি উপস্থিত হয়। কোচ সেনাপতি শুক্লধ্বজে ৰূপ-গুণ সম্পন্ন শংকৰগুৰুৰ ভ্ৰাতা ৰামৰায়ৰ কন্যা কমলাপ্ৰিয়া তথা ভূৱনেশ্বৰী দেৱীক দৰ্শন কৰি মোহিত হৈ পানি গ্ৰহণৰ প্ৰস্তাৱ দিয়ে।
ইয়াৰ পিছৰ পৰ্ব ওপৰত বৰ্ণনা কৰা হৈছে।