প্ৰশান্ত কুমাৰ কলিতা
পাল বংশৰ শাসনকালত প্ৰাচীন বেঙ্গল আৰু মগধত বহুসংখ্যক বৌদ্ধ মঠ থন ধৰি উঠিছিল। তিব্বতীয় উৎসৰ পৰা জানিব পাৰি যে এই অঞ্চলত সেই সময়ত পাঁচটা মহাবিহাৰ আছিল। বিক্ৰমশীল, নালন্দা, সোমপূৰা, ওদন্তপুৰী আৰু জগদ্দল এই পাঁচটা মহাবিহাৰ বা মঠৰ মাজত এক পাৰস্পৰিক সম্পৰ্কই গঢ় লৈ উঠিছিল। এই আটাইকেইখন বিশ্ববিদ্যালয় পৰ্য্যায়ৰ অনুষ্ঠান ৰজাঘৰীয়া ৰক্ষণাবেক্ষণত আছিল আৰু গোটেই কেইখনৰ মাজত কাৰ্যৰো সমন্বয় আছিল। তথা প্ৰমাণ আদিৰ পৰা গম পোৱা যায় যে পাল বংশৰ ৰজাসকলৰ তত্বাৱধানত থকা উত্তৰ পূবৰ এই বৌদ্ধ শিক্ষাকেন্দ্ৰ কেইটাৰ মাজত আভ্যন্তৰীণ যোগসূত্ৰ আছিল আৰু ইয়াৰ মহান পণ্ডিতসকলে সহজেই ইখনৰ পৰা সিখনলৈ স্থানান্তৰিত হ’ব পাৰিছিল।
নালন্দা বিশ্ববিদ্যালয়ৰ শৌৰ্য্য বীৰ্য্য হ্ৰাস হৈ অহাৰ সময়তেই ওদন্তপুৰী বা ওদন্তপুৰাত গোপাল বা লোকপাল নামৰ এজন ৰজাই এটা বিহাৰ নিৰ্মাণ কৰিছিল। এইজন ৰজা গোপাল আনুমানিক ৭৩০ খ্ৰীষ্টাব্দত বেঙ্গলৰ সিংহাসনত বহিছিল। নালন্দাৰ পাছতেই এই ওদন্তপুৰী বিহাৰক আটাইতকৈ প্ৰাচীন বুলি ধৰা হয়। এই বিহাৰেটা সম্ভৱতঃ বৰ্তমান বিহাৰৰ পাটনাত স্থাপন কৰা হৈছিল আৰু ইয়াত বৌদ্ধ আৰু ব্ৰাহ্মণ্য দুয়ো প্ৰকাৰৰ গ্ৰন্থেৰে পৰিপূৰ্ণ এই বিশালাকাৰ পুথিভঁৰাল আছিল। পাটনাৰ পৰা ৰাজগীৰলৈ যোৱা ৰেল লাইনৰ মাজত বিহাৰ চৰিফ নামৰ এটা ষ্টেচন আছে। ইয়াৰ পশ্চিম দিশলৈ কিছুমান মাটিৰ ঢিপ দেখিবলৈ পোৱা যায়। ইয়াতেই ওদন্তপুৰী বিহাৰ আছিল বুলি অনুমান কৰা হয়। এই বিহাৰৰ নক্সাৰ দ্বাৰা প্ৰভাৱাম্বিত হৈ তিব্বতৰ বিহাৰ সমূহ নিৰ্মাণ কৰিছিল বুলি তিব্বতীয় উৎসৰ পৰা জানিব পৰা যায়। কোৱা হয় যে এই স্থানতেই ভাৰতীয় বৌদ্ধ মহাসিন্ধ নাৰোপাই বাস কৰিছিল আৰু ইয়াৰ নাম আছিল ফুল্লহৰি। তিব্বতীয় বৌদ্ধধৰ্মৰ আধ্যাত্মিক জীৱনী নামথাৰ (Namtar or Namthar) বা সন্তচৰিতত (Hagiography) পোৱা যায় যে নালন্দাৰ পৰা উত্তৰদিশলৈ আধা দিন খোজ কাঢ়ি যাব পৰা দূৰত্বত এটা পাহাৰ আছিল। নালন্দাৰ উত্তৰদিশলৈ ফুল্লহৰিৰ বাহিৰে আন কোনো পাহাৰ দেখা নাযায়। ইয়াৰ উপৰিও নামথাৰত দিয়া বৰ্ণনা অনুসাৰে পাহাৰটো তিব্বতৰ দিশলৈ হেলনীয়া হৈ আছিল। তিব্বতীয় বুৰঞ্জী কালচক্ৰ তন্ত্ৰৰ মতে ওদন্তপুৰী মহাবিহাৰ শ্ৰাৱকযান পন্থী বৌদ্ধ (Sravakayana Buddhist School) সেন্ধাপা (Sendha-pa) সকলৰ দ্বাৰা পৰিচালিত হৈছিল। তিব্বতৰ বুৰঞ্জীকাৰ তাৰানাথৰ মতে ৰজা মহাপালে ওদন্তপুৰী মহাবিহাৰৰ ৫০০ জন শ্ৰাৱকসঙ্ঘী ভিক্ষুৰ সকলো খৰচ বহন কৰিছিল। মূল মঠৰ কাষতে তেওঁ উৰুবশ (Uruvasa) নামেৰে আন এটা মঠ সংযোজন কৰিছিল। সেই মঠত তেওঁ আন ৫০০ জন সেন্ধাপা বা সেন্ধাৱা শ্ৰাৱকক আশ্ৰয় দান দিছিল। সেন্ধাপা শব্দটো সংস্কৃত সৈন্ধৱ (Saindhava) শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে সিন্ধৰ বাসিন্দা (Residents of Sindh)। সিন্ধ প্ৰদেশত সামতীয় (Sammatiya-s) সকল প্ৰভাৱশালী আছিল। তাৰানাথে কিন্তু বুদ্ধগয়াৰ মহাবোধি মন্দিৰৰ সেন্ধাপা বা সেন্ধাৱা (Sendha-pa or) শ্ৰাৱক ভিক্ষুসকলক সিংহ দ্বীপ অৰ্থাৎ শ্ৰীলঙ্কা বা অন্যান্য স্থানৰ লগত জড়িত কৰিছে। ৰজা ৰামপালৰ ৰাজত্বকালত হাজাৰৰ সংখ্যাত হীনযান আৰু মহাযান পন্থী ভিক্ষু ওদন্তপুৰীত বাস কৰিছিল।
কথিত আছে যে ওদন্তপুৰীৰ মঠটো সোণেৰে নিৰ্মিত আছিল আৰু ইয়াৰ বিষয়ে এটা পৰম্পৰাগত কাহিনী আছে।
কাহিনীটো এনেধৰণৰঃ (এই কাহিনীটো দেৱী প্ৰসাদ চট্টোপাধ্যায় সম্পাদিত লামা চিম্পা আৰু অলকা চট্টোপাধ্যায়ৰ দ্বাৰা তিব্বতী ভাষাৰ পৰা অনুদিত Taranath’s History of Buddhism in India আৰু দীপক কুমাৰ বৰুৱাৰ Viharas in Ancient India ৰ পৰা লোৱা হৈছে।)
গোপাল (আনুমানিক শাসনকাল ৭৫০-৭৭০ খ্ৰীষ্টাব্দ) আৰু দেৱপালৰ (আনুমানিক শাসনকাল ৮১০-৮৫০ খ্ৰীষ্টাব্দ) ৰাজত্বৰ মাজৰ সময়চোৱাত ওদন্তপুৰী মহাবিহাৰৰ নিৰ্মাণ হৈছিল। মগধত নাৰদ নামৰ এজন অতি সৎ চৰিত্ৰৰ আলৌকিক শক্তিৰ অধিকাৰী তীৰ্থিক যোগী আছিল। তেওঁ এবাৰ শৱ-সাধনা কৰিব বিচাৰিছিল আৰু তাৰবাবে তেওঁক এজন শাৰীৰিকভাবে শক্তিশালী, নিৰোগী, ন-বিধ সাহসী গুণ সম্পন্ন, সত্যবাদী, তীক্ষ্ণ বৌদ্ধক জ্ঞান সম্পন্ন, সৎ আৰু সকলো ধৰণৰ কাৰুশিল্প আৰু জ্ঞানৰ সকলো শাখাত দক্ষ এজন সহযোগীৰ প্ৰয়োজন হৈছিল। এজন বৌদ্ধ উপাসকৰ বাহিৰে তেওঁ আন কোনো এনে এজন ব্যক্তিৰ সন্ধান নাপালে। তেওঁ উপাসকক শৱ-সাধনাত সহযোগী হ’বৰ বাবে অনুৰোধ জনালে। উপাসকজনে তীৰ্থিক এজনৰ সহযোগী হ’বলৈ মান্তি নহ’ল। নাৰদে উত্তৰত ক’লে, ‘তুমি নিজে তীৰ্থিক হোৱাৰ প্ৰয়োজন নাই। তাৰোপৰি মোক সহায় কৰাৰ বিনিময়ত অফুৰন্ত ধন সম্পত্তিৰ অধিকাৰী হ’ব পাৰিব, যাৰ সহায়ত তুমি নিজৰ ধৰ্মৰ প্ৰচাৰ কৰিবলৈ সক্ষম হ’বা।’
উপাসকে উত্তৰ দিলে, ‘তেন্তে মই মোৰ গুৰুৰ অনুমতি ল’ব লাগিব।’
উপাসক তেওঁৰ গুৰুৰ কাষলৈ গ’ল আৰু তেওঁৰ অনুমতি অনুসাৰে নাৰদৰ সহকাৰী ৰূপে কাম কৰিবলৈ মান্তি হ’ল। শৱ-সাধনা অনুষ্ঠানৰ অন্তিম পৰ্য্যায় প্ৰাপ্তি কালত নাৰদে উপাসকক ক’লে, ‘এতিয়া মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলাব, এনে অৱস্থাত প্ৰথমবাৰতেই যদি জিভাখন থাপ মাৰি ধৰিব পাৰা, তেন্তে তুমি মহাসিদ্ধি লাভ কৰিবা। যদি দ্বিতীয়বাৰত থাপ মাৰি ধৰিব পাৰা, তেতিয়া তুমি মধ্যমীয়া সিদ্ধি লাভ কৰিবা আৰু যদি তৃতীয়বাৰতহে জিভাখন ধৰিব পাৰা তুমি কম পৰিমাণৰ সিদ্ধি লাভ কৰিবা। যদি তৃতীয়বাৰতো জিভাখন থাপ মাৰি ধৰিবলৈ সক্ষম নোহোৱা, তেন্তে মৃতদেহটোৱে আমাক দুয়োকে গ্ৰাস কৰিব আৰু সমগ্ৰ পৃথিৱী নাশ হ’ব।’
উপাসকজনে প্ৰথম আৰু দ্বিতীয়বাৰত জিভাখন থাপ মাৰি ধৰিবলৈ সক্ষম নহ’ল। সেইবাবে তেওঁ মৃতদেহটোৰ মুখৰ ওচৰতে নিজৰ মুখখন ৰাখি বহি পৰিল যাতে জিভাখন ওলালেই কামোৰ মাৰি ধৰিব পাৰে। তৃতীয়বাৰত মৃতদেহটোৰ জিভাখন বাহিৰলৈ ওলোৱাৰ লগে লগে উপাসকে কামোৰ মাৰি ধৰিলে আৰু লগে লগে জিভাখন এখন তৰোৱাললৈ আৰু মৃতদেহটো সোণলৈ পৰিবৰ্তিত হ’ল। উপাসকজনে তৰোৱালখন লৈ মৃতদেহটোৰ চতুৰ্দিশে পৰিভ্ৰমণ কৰিলে আৰু হাতত তৰোৱালখন লোৱাৰ লগে লগে তেওঁ আকাশত উৰিবলৈ ধৰিলে। তাকে দেখা পাই তীৰ্থিকজনে ক’বলৈ ধৰিলে, ‘মই পৃথিৱীৰ কল্যাণৰ বাবে এই অনুষ্ঠান কৰিছো। সেইবাবে তৰোৱালখন মোক দিয়া। উপাসকে ক’লে, ‘মই কিছুদূৰ পৰিভ্ৰমণ কৰাৰ পাছত তোমাক তৰোৱালখন দিম।’
উপাসকজনে সুমেৰুৰ ওপৰলৈ উৰা মাৰিলে আৰু চাৰিটা দ্বীপ আৰু তাৰ উপদ্বীপৰ চাৰিওফালে পাক মাৰিলে। ক্ষন্তেক পাছতে তেওঁ উলটি আহি তৰোৱালখন তীৰ্থিকৰ হাতত গটাই দিলে। তীৰ্থিকে উপাসকক ক’লে, ‘তুমি সোণৰ শৰীৰটো গ্ৰহণ কৰা। যেতিয়ালৈকে তুমি ইয়াৰ হাড়বোৰ স্পৰ্শ নকৰা, তেতিয়ালৈকে ইয়াৰপৰা সোণ ওলাই থাকিব। কিন্তু নাৰী আৰু সুৰাৰ দৰে অশুভ কৰ্মত সোণবোৰ ব্যয় নকৰিবা, কেৱল নিজৰ বাবে আৰু আন শুভ কামৰ বাবে ইয়াক খৰছ কৰিব পাৰা। তেনে কৰিলে দিনটোত তুমি যিখিনি সোণ ব্যয় কৰিবা, ৰাতিটোৰ ভিতৰত সেইখিনি আকৌ সম্পূৰ্ণ হৈ থাকিব।’ এনেদৰে কৈ তীৰ্থিকই তৰোৱালখন লৈ আকাশলৈ উৰা মাৰিলে। উপাসকে সেই সোণখিনিৰে ওদন্তপুৰীত এক বিশালাকায় বিহাৰ নিৰ্মাণ কৰিলে। ওদন্ত (ওড়ন্ত) শব্দৰ অৰ্থ হ’ল ‘ওপৰেদি উৰি যোৱা’, উপাসকে সুমেৰুৰ লগতে চাৰিটা দ্বীপ আৰু উপদ্বীপৰ উপৰেদি উৰি গৈছিল আৰু সকলো বিলাক নিজ চকুৰে দেখিছিল, সেইবাবে তেওঁ সুমেৰু আৰু চাৰিটা দ্বীপৰ নক্সাৰে ওদন্তপুৰী বিহাৰ নিৰ্মাণ কৰিছিল। এই কাহিনী অনুসাৰে ওদন্তপুৰী মহাবিহাৰ কোনো ৰজাৰ দ্বাৰা নিৰ্মিত হোৱা নাছিল। উপাসকে পোৱা সোণৰ দ্বাৰাই এই বিহাৰ নিৰ্মাণ কৰাৰ উপৰিও ৫০০ ভিক্ষু ৫০০ উপাসকৰ ভৰণ পোষণ ইয়াৰ পৰাই চলিছিল। মৃত্যু পৰ্য্যন্ত উপাসকে নিজ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত আছিল। তেওঁৰ মৃত্যুৰ পাছত আনৰ দ্বাৰা সোণখিনি ব্যৱহাৰ কৰা সম্ভৱ নহ’ব বুলি জানি জীৱকুলৰ কুশলাৰ্থে প্ৰাৰ্থনা কৰি সোণখিনি মাটিত পুতি থলে আৰু ওদন্তপুৰী বিহাৰটো দেৱপালক চমজাই দিলে।
আন এক কাহিনী মতে, পাল বংশৰ ৰজা ধৰ্মপালৰ (আনুমানিক শাসনকাল ৭৭০-৮১০ খ্ৰীষ্টাব্দ) দ্বাৰা ওদন্তপৰী বিহাৰ নিৰ্মাণ কৰা হৈছিল। এই কাহিনীৰ লগত ওপৰত উল্লেখ কৰা পৰম্পৰাগত কাহিনীৰ সংগতি দেখা নাযায়। ৰজা গোপালে এদিন শুভ ক্ষণত তেওঁৰ পুত্ৰ ধৰ্মপালৰ কল্যাণাৰ্থে এক ধাৰ্মিক অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই সময়তে এডাল সাপে মূৰ ডাঙি উঠাত ৰজাই তাক বধ কৰিব খোজোতেই নাগ চিহ্ন অঙ্কিত এটা আঙুঠি দৃষ্টিগোচৰ হ’ল। তাৰ পাছত ৰজাই নিৰন্তৰ নিজকে পূজা পাতলত নিমগ্ন ৰাখিবলৈ ধৰিলে আৰু তাৰ লগতে পুত্ৰ ধৰ্মপালৰ শিক্ষা-দীক্ষাত নিজকে উৎসৰ্গা কৰিলে।
কালক্ৰমত ধৰ্মপালৰ বয়স বাঢ়ি অহাত তেওঁ সকলোতকৈ সুন্দৰ আৰু বিশাল মঠ এটা নিৰ্মাণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। সেইবাবে তেওঁ সেই বিষয়ৰ ভৱিষ্যৎ বক্তা এজনৰ সন্ধান কৰিলে। ভৱিষ্যৎ বক্তাজনৰ উপদেশ মতে সাধু আৰু ব্ৰাহ্মণৰ ঘৰৰ কপাহেৰে শলিতা প্ৰস্তুত কৰিব লাগিব, ৰজা আৰু সদাগৰৰ ঘৰৰ তেল সংগ্ৰহ কৰিব লাগিব, চাকি আনিব লাগিব তপস্বীৰ ঘৰৰ পৰা। সেই চাকিগছি প্ৰজ্বলিত কৰি ৰক্ষাকৰ্তা সৰ্পদেৱতাক প্ৰাৰ্থনা কৰিব লাগিব যেন তেওঁ সেই বন্তিগছ কোনো এক বিশেষ স্থানলৈ নিক্ষেপ কৰে। ভৱিষ্যৎ বক্তাজনে ক’লে যে তেনেদৰে নিক্ষেপ কৰা স্থানতেই মঠটো নিৰ্মাণ কৰিব লাগিব। এনেদৰেই সকলোখিনি কাম সম্পন্ন কৰাৰ পাছত হঠাতে কাউৰী এটা আহি চাকিটো নি এটা হ্ৰদলৈ নিক্ষেপ কৰিলে। এই কথাত ধৰ্মপাল হতাশ হ’ল। নিশালৈ তেওঁক সপোনত পাঁচখন ফনা যুক্ত নাগৰাজ আহি ক’লেহি, ‘মই তোমাৰ পিতৃস্বৰূপ আৰু মই এই হ্ৰদটো শুকুৱাই পেলাম। তুমি মঠটো এই স্থানতেই নিৰ্মাণ কৰিব পাৰিবা। সেই কামৰ বাবে তুমি সাত সপ্তাহ ধৰি পূজা কৰিব লাগিব।’ সেই অনুসাৰে পূজা আৰম্ভ কৰা হ’ল, কিন্তু ২১ দিনৰ দিনাই হ্ৰদটো শুকাই গ’ল আৰু সেই স্থানতেই ওদন্তপুৰী মঠটো নিৰ্মাণ কৰা হ’ল। (Page No. 156-157, History of Buddhism by Bu-ston, 1932)
এই মঠটো নিশ্চিতভাবে অষ্টম শতিকাৰ আগভাগতেই স্থাপিত হৈছিল। কিয়নো ৭৪৯ খ্ৰীষ্টাব্দত ওদন্তপুৰী বিহাৰৰ অনুকৰণ কৰি তিব্বতত অতিন্ত্য বিহাৰ নামেৰে এটা বৌদ্ধ মঠ নিৰ্মাণ হৈছিল। ওদন্তপুৰী বিহাৰৰ সৈতে জড়িত থকা বিখ্যাত পণ্ডিত সকলৰ ভিতৰত আছে অটিচ বা দীপাঙ্কৰ শ্ৰীজ্ঞান (৯৮০-১০৫৪ খ্ৰীষ্টাব্দ)। তেওঁ ওদন্তপুৰীৰ হীনযান পন্থাৰ শিক্ষক ধৰ্মৰক্ষিতৰ তত্ত্বাৱধানত দুবছৰ অধ্যয়ন কৰিছিল। তেওঁ ১৯ বছৰ বয়সত ওদন্তপুৰীৰ মহাসঙ্ঘীক আচাৰ্য্য শীলৰক্ষিতৰ পৰা দীক্ষা গ্ৰহণ কৰিছিল আৰু পাছত তেওঁ দীপাঙ্কৰ শ্ৰীজ্ঞান নামেৰে জনাজাত হৈছিল। ইয়াৰ পৰা তেওঁ বিক্ৰমশীলা বিশ্ববিদ্যালয়লৈ গৈছিল আৰু তিব্বতলৈ যোৱাৰ আগলৈকে তাৰ মঠাধ্যক্ষ ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছিল। আন এজন প্ৰখ্যাত পণ্ডিত ৰত্নাকৰশান্তিয়ে ওদন্তপুৰীৰ পৰাই সৰ্বাস্তবাদদৰ দীক্ষা গ্ৰহণ কৰিছিল। পাছৰ ফালে তেওঁ বিক্ৰমশীলা বিশ্ববিদ্যালয়ত যোগ দিছিল। তেওঁ সংস্কৃত ভাষাত তেৰখন গ্ৰন্থ প্ৰণয়ণ কৰিছিল আৰু সিংহলত বৌদ্ধধৰ্মৰ প্ৰচাৰ কৰিছিল। মহাযানপন্থীৰ অধ্যক্ষ মহান লেখক অভয়ঙ্কৰগুপ্তই ওদন্তপুৰীত থাকিয়েই বহু সংখ্যক গ্ৰন্থ তিব্বতী ভাষালৈ অনুবাদ কৰিছিল।
তিব্বতী উৎসৰ মতে ওদন্তপুৰী মহাবিহাৰত ১২,০০০ ছাত্ৰই বাস কৰিছিল। (Page No. 1031, The Blue Annals, Vol II by George N. Roerich) ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ই অত্যন্ত বৃহৎ আকাৰৰ আছিল। কিন্তু অতিশয় দুখৰ বিষয় যে এই মহাবিহাৰ সুদীৰ্ঘ কালৰ বাবে টিকি নাথাকিল। একাদশ শতিকাৰ শেষ ভাগলৈ এই বিহাৰত মাথো একাৱন্ন জন ভিক্ষুহে বাস কৰি আছিল আৰু সেই সময়ত ওদন্তপুৰী অৱনতিৰ শেষ সীমাত উপনীত হৈছিল।(Page No. 1031, The Blue Annals, Vol II by George N. Roerich)
১১১৯ খ্ৰীষ্টাব্দত ইখিটয়াৰ উদ্দিন খিলজি আৰু তেওঁৰ সেনাবাহিনীয়ে ওদন্তপুৰী বিহাৰত লুণ্ঠন চলাইছিল। তাৰানাথৰ মতে মগধৰ সম্ৰাটে বিহাৰটোৰ সুৰক্ষাৰ বাবে কিছু সৈন্য মোতায়েন কৰিছিল আৰু তাত বসবাস কৰি থকা ভিক্ষু সকলেও আক্ৰমণকাৰীসকলক প্ৰতিৰোদ কৰাত সহায় কৰিছিল। অৱশ্যে গোবিন্দপালদেৱে সিংহাসন আৰোহণ কৰাৰ ৩৮ সংখ্যাক বছৰত অৰ্থাৎ ১১১৯ খ্ৰীষ্টাব্দত ওদন্তপুৰী বিহাৰ আৰু ইয়াৰ পুথিভঁৰালটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়। খিলজি বংশৰ বখিটয়াৰৰ পুত্ৰ আৰু কুতুবুদ্দিন আইবকৰ তলতীয়া বিষয়া ইখিটয়াৰ উদ্দিন খিলজিয়ে এই আক্ৰমণ চলাইছিল। "From this advanced base he led raids into Bihar and Tirhut and took so much booty that large numbers of his own tribe, eager to serve under so fortunate a leader, Joined him. With this accession of strength, he invaded Bihar, took its capital, Odantapuri, put to death the Buddhist monks dwelling in its great monastery, and returned with his plunder, which included the library of the monastery."(Page No. 43, the Cambridge History of India, Volume-III)
আন এজন গ্ৰন্থকাৰৰ বৰ্ণনাৰ পৰা, "They were fast sweeping down south. These mid-Asian tribesman had seen no edifices in their desert homeland and knew but little about architectural styles and distinctions. The tall towers of the monasteries, soaring above the circuit walls, arrested attention that easily caused the buildings to be mistaken for military fastnesses, so the monasteries became targets of fierce attack. After the razing of the Odantapura monastery in AD 1199 by Ikhtyar Khilji's soldiers, it was discovered by the marauders that inside were only heaps of books and no hidden arms of treasures and that the place was merely a modrasa (educational establishment) and not a fort. But all the monks have been killed and there was no one to explain to the victors what the books were about. Wholesale massacre was the order of the day, monks and monasteries perished together in a terrible holocaust."(Page No. 32, Buddhist Monks and Monasteries of India by Sukumar Dutt)
এই ঘটনাৰ সাক্ষী এজনৰ বৰ্ণনা অনুসাৰে, "When Bakhtyar (Ikhtiar Khilji) reached the gate of the fort and the fighting began, these two wise brothers were active in that army of Heros. Mahammad Bakhtyar (Ilhtiar Khilji) with great vigour and audacity rushed in at the gate of the fort and gained possession of the place. Great Plunder fell into the hands of the victors. Most of the inhabitants of the place were Brahmans with shaven heads (i.e. the Buddhist Monks). They were put to death. Large numbers of books were found there. And when the Mahmmadans sow them, they call for some persons to explain there contents. But all of the men had been killed. It was discovered that the whole fort and city was a place of study (madrasa) - in the Hindi language the word Bihar (i.e. Vihara) means a college." (Page No. 156-157, Viharas in Ancient India by Dipak Kumar Barua)
এই ধ্বংস কাৰ্য্যৰ মাজত যি দুই এজন ভিক্ষু বাচি গৈছিল তেওঁলোকে নিজৰ সাধ্যানুসাৰে কিছু ধৰ্ম গ্ৰন্থ লগত লৈ পলাবলৈ বাধ্য হৈছিল। কোনো কোনো ভিক্ষু সাগৰ পথেৰে গৈ আৰাকান বা ব্ৰহ্মদেশত উপস্থিত হ’লগৈ। বহু সংখ্যক ভিক্ষু উত্তৰৰ দিশলৈ গৈ হিমালয়ৰ পাদদেশৰ নেপাল আৰু তিব্বতত উপস্থিত হ’লগৈ। নালন্দাৰ অৱনতিৰ লগে লগে ওদন্তপুৰীৰ সমসামিয়ক ৰূপে গঢ় লৈ উঠিছিল বিক্ৰমশীল। এই দুয়োটা অনুষ্ঠানেৰে প্ৰায় একেসময়তে পতন ঘটিছিল আৰু তাৰ লগে লগে ভাৰতবৰ্ষৰ পৰা বৌদ্ধধৰ্মই মেলানি মাগিলে।
টোকাঃ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তাইবানৰ পৰা অহা ৩০ জনীয়া প্ৰতিনিধি মণ্ডলীৰ দ্বাৰা চলোৱা অনুসন্ধানৰ অন্তত ওদন্তপুৰীৰ প্ৰাচীন অৱস্থিতিৰ চিনাক্ত কৰিবলৈ সক্ষম নহ’ল।
সহায় লোৱা গ্ৰন্থঃ
(1) History of Buddhism by Bu-ston
(2) The Blue Annals, Vol II by George N. Roerich
(3) The Blue Annals, Vol I by George N. Roerich
(4) The Cambridge History of India, Volume- III
(5) Viharas in Ancient India by Dipak Kumar Barua
(6) Taranath's History of Buddhism in India