লেখক - দিলীপ ৰাভা
মেঘালয় ৰাজ্যৰ উত্তৰ গাৰো পাহাৰ জিলাৰ ৰিচুবেলপাৰা মহকুমাৰ খাচ দেউৰীপাৰা গাঁৱত এই মহাদেৱ পাহাৰ। ঘৰ বান্ধিবলৈ ঠাই নথকাত, ইং ১৯৫৪ চনৰ পিছৰ পৰা এতিয়ালৈ ৮টা পৰিয়াল ওপৰ দেউৰীপাৰা চুবুৰীটোৰ পৰা এই মহাদেৱ পাহাৰ দক্ষিণ অংশত ৰাভা জনজাতীয় লোক সকলে ঘৰ বান্ধি বসবাস কৰি আছে আৰু সৰ্বমুঠ ১৮টা পৰিয়াল মেঘালয়ৰ অন্তৰ্গত সোমাই পৰা বাবে ‘খাচ দেউৰীপাৰা’ নামলৈ গাওঁ পাতিলে। ইং ২০০৫ চনৰ পৰা এই পাহাৰৰ দক্ষিণ-পূব অংশত গাৰো লোক সকলেও ঘৰ সাজি বসবাস কৰিবলৈ লয়। ইং ২০১৮ চনত ৪টা পৰিয়াললৈ বৃদ্ধি পায়। আঞ্চলিক ভাষাত স্থানীয় লোক সকলে ‘মাহাদেৱ’ পাহাৰ বুলি কয়। এই পাহাৰৰ দক্ষিণত এটি শিলৰ গুহাত বাঘ, ভালুক আৰু কেটেলা পহুৰ আশ্ৰয়স্থল আছিল। আনুমানিক ভালুকে বেচিকৈ আশ্ৰয় লৈছিল বাবে ৰংদানি ৰাভা সকলে এই পাহাৰক ‘মাদা হাচু’ বুলিও কয়। মাদা মানে ভালুক, হাচু মানে পাহাৰ, মাদা>হাচু ভালুক পাহাৰ। অসমৰ গোৱালপাৰা জিলা আৰু মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাৰ সীমাত অৱস্থিত যদিও উত্তৰ গাৰোপাহাৰ জিলাৰ অন্তৰ্গত। এই পাহাৰৰ কিছু কিম্বদিন্ত আছে –
কিম্বদন্তি সমূহঃ
(১) এই পাহাৰৰ উত্তৰ-পূব কোণত নাতিদূৰত শ্ৰীশ্ৰী আই ভাগৱতীৰ তীৰ্থস্থান। শ্ৰীশ্ৰী আই ভগৱতী তীৰ্থস্থানৰ পাহাৰটোক আইথান পাহাৰ বোলে। এই পাহাৰ টিঙত থকা মহাদেৱৰ থাপনা (থান)টো হেনো আদিতে এই মহাদেৱ পাহাৰৰ টিঙত আছিল, সেইবাবে এই পাহাৰৰ নাম ‘মহাদেৱ পাহাৰ’।
(২) শ্ৰীশ্ৰী আই ভগৱতী তীৰ্থস্থানৰ পাহাৰৰ টিঙত থকা মহাদেৱৰ থাপনা (থান)টো কেনেকৈ মহাদেৱ পাহাৰৰ পৰা আইথান পাহাৰত আহিল?
কিম্বদন্তি মতে – দেউৰী (পুৰোহিত)জনে বুঢ়া হৈ অহাত ওখ পাহাৰত উঠানমা কৰাত কষ্ট হোৱাৰ বাবে আইথান পাহাৰৰ টিঙত স্থিতি ল’বলৈ কাতৰ প্ৰাৰ্থনা কৰি থকাত প্ৰৱল বৰষুণ পানীত মহাদেৱ পাহাৰত থকা মহাদেৱৰ বিগ্ৰৰূপী শিলটো ভূমিস্খলন হৈ পানীৰ সতে ভাহি আহে আৰু তেতিয়াই বুঢ়া দেউৰী (পুৰোহিত)জনে আইথান পাহাৰৰ টিঙত স্থাপন কৰি মহাদেৱক পূজা-অৰ্চনা কৰিবলৈ লয় আৰু ভাবেই আজিলৈ চলি আছে। মহাদেৱ পাহাৰৰ মহাদেৱৰ থাপনা (থান)টো বৰষুণ পানীত ভূমিস্খলন হৈ পানীৰ সোঁতত উটি অহাৰ চিহ্ন এতিয়াও ভূমিস্খলনৰ চিহ্ন প্ৰমাণ স্বৰূপ আমি দেখিবলৈ পাওঁহক। ভূমিস্খলনৰ পিছত গজি উঠা গছ-গছনিৰ বয়সবোৰ দেখিয়ে ঠাৱৰ কৰিব পৰা গৈছিল যে ইং ১৯৮৫/৮৬ চনত চেগুণ বাগান কৰাৰ আগতে থকা পুৰণা গছ-গছিনবোৰৰ বয়স ৩০০/৪০০ বছৰৰ কম নহ’ব। সেয়ে ইং ১৬০০ চনৰ আগত মহাদেৱ পাহাৰৰ মহাদেৱৰ বিগ্ৰৰূপী শিলাটো পানীৰ সোঁতত বাগৰি অহা বুলি ঠাৱৰ কৰিব পাৰি।
(৩) মহাদেৱ পাহাৰত মহাদেৱৰ থানত গজা বেলগছ আৰু তুলসী গছ আজিও জীয়াই আছে। কিম্বদন্তি মতে- বহুচামৰ বুঢ়া (পূৰ্বৰ বুঢ়া সকল) মৃত্যু হ’ল; কিন্তু কোনো বুঢ়াই বেলগছ আৰু তুলসী গছক ৰুই দিয়াৰ কথা ক’ব নোৱাৰে। তুলসী গছক কিছুমানে ভাগ্যৰ বলত দেখে বুলি এটি জনৰৱ আছে।
(৪) এই পাহাৰত জংচিত চৰাই কান্দিলে হেনো কাৰোৱাৰ মৃত্যু বা কিবা বিপদ দেখা দিয়ে। আজিকালি জংচিত চৰাই নাই বাবে জংচিত চৰাইৰ কান্দন শুনিবলৈ নোপোৱা হ’ল।
(৫) কোনো বতাহ বা ধুমুহা নোহোৱাকৈ এই পাহাৰৰ হোহাৱনিৰ শব্দ হৈ থাকিলে অঞ্চলটোত বিপদ আৰু বিপদৰ খবৰ শুনা যায়।
জনৰৱ আৰু দৃশ্যমানঃ
(১) আনুমানিক ইং ১৯৮৫/৮৬ চনত নলবাৰীৰ গাৰো খুক্চিমাহাৰী সকলে এই মহাদেৱ পাহাৰত Social forest(বনিন কৰণৰ) বাবে চেগুণৰ বাগান কৰিবৰ বাবে গোটেই পাহাৰটোৰ গছবন কাটি চেগুণৰ পুলি ৰুৱলৈ আৰম্ভ কৰিছিল; কিন্তু পাহাৰটোৰ টিঙত কাম কৰোঁতে খোক্ চি মাহাৰিৰ কোনোৱা কোনোৱাই বিভিন্ন সপোন দেখাৰ বাবে লগতে জ্বৰ আদি হোৱাত গছবন জংঘল আদি চাফা কৰাৰ কাম হেনো এৰিবলগীয়া হ’ল। এইটো আমাৰ জীৱিত কালৰ দৃশ্যমান।
(২) আনুমানিক ইং ২০০০ চনত এই পাহাৰটোৰ পূব আৰু দক্ষিণ অংশ সম্পূৰ্ণ ৰবৰ খেতিৰ বাবে Mr. Jowash এ কাম কৰিলে। গছবন কাটি জংঘল চাফা কৰি ৰবৰৰ পুলি ৰোপন কৰিলে। আজিও সেই ৰবৰ পুলিৰ ৰবৰ গছৰ বাগান তজবজীয়া; কিন্তু পাহাৰৰ টিঙৰ অংশ গছবন আৰ জংঘল চাফা কৰোঁতে বিভিন্ন সপোন আৰু বেমাৰ আজাৰে দেখা দিয়াত কাম এৰিবলগীয়া হ’ল। এইটো আমাৰ জীৱত কালৰ দৃশ্যমান।
(৩) ইং ২০০৪ চনত মেঘা বিস্ফোৰণৰ বৰষুণত পানীত এই মহাদেৱ পাহাৰৰ দক্ষিণ-পূব অংশত ককাল চিঙাত পাহাৰ খহি পৰে (ভূমিস্খলন হয়) তেতিয়া গোৱালপাৰা জিলাৰ বলবলাৰ ডাঙৰ বানপানী। এইটো আমাৰ জীৱিত কালৰ দৃশ্যমান। তেতিয়া এই পাহাৰৰ বতাহ বিহীন অৱস্থতো হোহোৱানিৰ শব্দ আমি শুনিব পাইিছলো
সহায়ক গ্ৰন্থপঞ্জী –
(ক) গ্ৰন্থঃ আইথান পূজাৰ ইতিবৃত্ত। লিখক ও প্ৰকাশক – সুৰেশ চন্দ্ৰ ৰাভা। প্ৰথম প্ৰকশ ইং ৬ জানুৱাৰী, ১৯৯৬ চন।
(খ) গ্ৰন্থঃ শ্ৰীশ্ৰী ভগৱতী আই তীৰ্থস্থান। লিখক-হৰেশ্বৰ বসুমতাৰী। প্ৰকাশক- বান্দশ্ৰী মৌজা পূজা সমিতিৰ দ্বাৰা প্ৰচাৰিত আৰু সম্পাদিত। প্ৰথম প্ৰকাশ-১৯৯১ চন।