প্ৰশান্ত কুমাৰ কলিতা
মগধৰ বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ দৰে, সোমপূৰা বা সোমপুৰী মহাবিহাৰে প্ৰচীন বেঙ্গলৰ ধৰ্মপালৰ শাসনকালত সৰ্বোৎকৃষ্ট স্থান অধিকাৰ কৰি আছিল। ৰাজশাহী জিলাৰ জামালগঞ্জ ৰেল ষ্টেচনৰ পৰা তিনি মাইল দূৰত অৱস্থিত এই সোমপূৰা (বৰ্তমান বাংলাদেশৰ পাহাৰপুৰ) মহাবিহাৰ সেইকালৰ লেখত ল’বলগীয়া মহান শিক্ষাকেন্দ্ৰ সমূহৰ মাজৰে এখন আছিল। বিক্ৰমশীলাৰ বাহিৰেও নালন্দা, ওদন্তপুৰী আৰু জগদ্দল বিশ্ববিদ্যালয় বা মহাবিহাৰৰ সমপৰ্য্যায়ৰ আছিল এই সোমপূৰা মহাবিহাৰ। খ্ৰীষ্টীয় অষ্টম শতিকাৰ শেষৰ পৰা নৱম শতিকাৰ আৰম্ভণিৰ মাজভাগৰ পাল বংশৰ দ্বিতীয় আৰু তৃতীয় ৰজা ধৰ্মপাল আৰু দেৱপালৰ ৰাজত্ব কালত তেওঁলোকৰ সাম্ৰাজ্যই বৃহৎ আকাৰ ধাৰণ কৰিছিল। সেই সময়তে ৰাজকীয় পৃষ্ঠপোষকতাত বহু কেইটা বৌদ্ধ মঠ আৰু বিহাৰ নিৰ্মাণ কৰা হৈছিল। এই আটাইকেইটা মঠ আৰু মহাবিহাৰৰ মাজত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত সোমপূৰা (পাহাৰপুৰ) মহাবিহাৰে পাল বংশৰ ৰজা সকলৰ পৰা ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। দশম শতিকাৰ শেষৰফাললৈ পাল বংশৰে প্ৰথম মহীপালৰ ৰাজত্বকালত ইতিমধ্যে কিছু স্তিমিত হৈ পৰা সম্পদশালী দিনবোৰ ঘূৰি আহিছিল। দশম শতিকাৰ শেষ ভাগ আৰু একাদশ শতিকাৰ প্ৰথম ভাগত বহু মূল মন্দিৰৰ পুননিৰ্মাণ আৰু সংস্কাৰ সাধন কৰা হৈছিল। বহুসংখ্যক মঠ আৰু বিহাৰৰ আলঙ্কাৰিত পাদভূমি আৰু সত্যপিৰ ভিটাৰ (Satyapir Bhita) তাৰা মন্দিৰত বহুসংখ্যক শপত স্তম্ভ (Votive Stupa) নিৰ্মাণ কৰা হৈছিল। মহীপালৰ পাছত তেওঁৰ পুত্ৰ ন্যায়পালৰ শাসন কালত পাল সাম্ৰাজ্যৰ দুৰ্দিন আৰম্ভ হয় আৰু ক্ৰমান্বয়ে মধ্য ভাৰতৰ ছেদীৰাজ কৰ্ণ, চোল বংশৰ ৰজা ৰাজেন্দ্ৰ আৰু স্থানীয় কৈৰ্বত্ত সম্প্ৰদায়ৰ দিব্য নামৰ এজন লোকে পাল বংশৰ ৰজাসকলক নিজৰ তলতীয়া কৰিবলৈ লয়। দ্বাদশ শতিকাত বেঙ্গলৰ সাৰ্বভৌমত্ব সেন বংশৰ হাতলৈ যায়। ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত উত্তৰ বঙ্গ অঞ্চলটো মহমেদিয়ান সকলৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ আগে আগে সোমপূৰা (পাহাৰপুৰ) মহাবিহাৰ শৌৰ্য্য বীৰ্য্যৰ শিখৰত আৰোহণ কৰিছিল আৰু ই সহজেই বহিঃ আক্ৰমণকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছতেই সোমপূৰা মহাবিহাৰৰ শৌৰ্য্য বীৰ্য্য স্তিমিত হৈ পৰে। বেঙ্গলৰ বিখ্যাত বৌদ্ধ ভিক্ষু দীপাঙ্কৰ শ্ৰীজন অটিচে সোমপূৰা মহাবিহাৰৰ আধ্যাত্মিক গৰু আৰু স্থৱিৰ ৰত্নাকৰ শান্তিৰ অধীনত বহু বছৰ কটাইছিল। আটিছে বীৰ্য্যসিংহ (Viryasimha) আৰু তেওঁৰ নিজৰ তিব্বতী শিষ্য নাগ-চ’ৰ (Nag-tsho)সহযোগিতাৰে ভাব্যৰ মাধ্যমকৰত্নপ্ৰদীপ (Madhyamakaratnapradipa of Bhavya) তিব্বতী ভাষালৈ অনুবাদ কৰিছিল। ভগ্নাৱশেষৰ পৰা ইয়াত পুথিভঁৰাল অৱিস্থিতৰ কোনো তথ্য উপলব্ধ নহ’লেও বহুসংখ্যক পণ্ডিত আৰু শিক্ষকে এই মহাবিহাৰত বিভিন্ন ধৰণৰ গ্ৰন্থ প্ৰণয়ন আৰু অধ্যয়ন কৰাৰ উল্লেখ থকাৰ পৰা এই মহাবিহাৰত পুথিভঁৰালৰ ৰূপত গ্ৰন্থৰ সংগ্ৰহ থকাৰ বিষয়ে অনুমান কৰিব পৰা যায়। দ্বাদশ শতিকাৰ মাজভাগত বৌদ্ধ ভিক্ষু বিপুলশ্ৰী মিত্ৰই তাৰাৰ নামত এটা মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ ইতিমধ্যে উল্লেখ কৰা পাহাৰপুৰৰ সত্যপিৰ ভিটা (Satyapir Bhita) বুলিয়েই বুৰঞ্জীবিদসকলে অনুমান কৰে। এওঁ এজন বৌদ্ধ দেৱতা, খচৰপণৰ (Khasarpana or Khasarpani or Sky Flier) মন্দিৰত প্ৰাজ্ঞপাৰমিতাৰ (Prajnaparamita) পাণ্ডুলিপিৰ বাবে এটা কাৰুকাৰ্য্যখচিত আধাৰ (Casket or Manjusha) অৰ্পণ কৰিছিল। প্ৰজ্ঞাশ্ৰীজ্ঞানকীৰ্তিয়ে (Prajnasrijnanakirti) এই সোমপূৰা মহাবিহাৰতে ৰচিত ধৰ্মকায়-দীপ-বিধি (Dharmakayadipa-Vidhi) নামৰ গ্ৰন্থ তিব্বতী ভাষালৈ অনুবাদ কৰিছিল। আন এজন তান্ত্ৰিক পৰিভ্ৰমণকাৰী ভিক্ষু বৈৰোচন ৰক্ষিতে জ্ঞান অৰ্জনৰ বাবে নালন্দা আৰু বিক্ৰমশীল বিশ্ববিদ্যালয়ত অৱস্থান কৰিছিল। পণ্ডিত শৰণে তেওঁক ‘সোমপূৰা নগৰৰ যোগী সম্প্ৰদায়ৰ নেতা’ বুলি কৈছিল। দক্ষিণ পূব বেঙ্গলৰ সামতট নিবাসী বীৰ্য্যেন্দ্ৰই বুদ্ধগয়া মন্দিৰলৈ দান আগবঢ়াইছিল আৰু তেওঁ নিজকে সোমপূৰাৰ বাসিন্দা বুলি উল্লেখ কৰিছিল। সেই কালত সুখ্যাতি লভা সোমপূৰা মহাবিহাৰ জৈন মঠ এটাৰ ওপৰত পুণনিৰ্মাণ কৰা হৈছিল বুলিও কোৱা হয়। ৪৭৯ খ্ৰীষ্টাব্দৰ পাহাৰপুৰ তামৰ ফলিৰ পৰা জনা যায় যে ব্ৰাক্ষ্মণ সম্প্ৰদায়ৰ এহাল দম্পতীয়ে জৈন অৰ্হৎ এজনৰ পূজা পাতালৰ বাবে ভূমি দান দিছিল। এই দম্পতীহাল আছিল নাথশৰ্মা আৰু ৰামি (Nathasarma and Rami)। সেই স্থানত অৱস্থিত জৈন মঠটোৰ পূজাৰী আছিল গুহনন্দী (Guhanandi)। [Page No. 59-61, Epigraphia India, Vol - 20]
“The entire establishment, occupying a quadrangle measusring more than 900 feet externally on each side, has high enclosure walls lined on the inside with nearly 177 cells, excluding the cells of the central block in each direction. The wallings, though not preserved to a very great height, envisage, from their thickness and massiveness, a storeyed structure, exactly commensurate with the terraced form of the main temple in the centre of the enclosure. As K.N. Dikshit has justly remarked : No single monastery of such dimensions has come to light in India and the appellation, mahavihara ‘the great monastery’, as designating the place, can be considered entirely appropriate.’’ (Page no. 490, History of Bengal, Vol - I, Edited by R.C. Majumder]
সোমপূৰা মহাবিহাৰৰ মুঠ মাটিকালি আছিল ১১ হেক্টৰ (২৭ একৰ)। ইয়াৰে ৮.৫ হেক্টৰ (২১ একৰ) ব্যাপি মূল বিহাৰৰ নিৰ্মাণ হৈছিল। এই বিহাৰৰ চাৰিওদিশে চাৰি শাৰী আয়তাকাৰ কোঠা আছিল। উত্তৰ দিশৰ বাহিৰে চাৰিওকাষৰ মধ্যস্থলত তিনিটা কোঠাৰ বিশেষ সমষ্টি আছিল। মহাবিহাৰৰ বাহিৰৰ ফালে চতুৰ্দিশে পকা বুৰুজ নিৰ্মাণ কৰা হৈছিল। ভিতৰৰফালে চাৰিওদিশ ব্যাপি দীঘলীয়া বাৰাণ্ডা এখন আছিল। খটকটীৰে প্ৰৱেশ কৰিয়েই এটা ৫০' x ৪৭' আকাৰৰ প্ৰেক্ষাগৃহ পোৱা গৈছিল। ইয়াৰ পাছতেই আছিল হাত মুখ ধুবৰ বাবে এটা জলাধাৰ। পূব দিশলৈ মুঠতে ৪৪টা কোঠা আছিল। ভীক্ষু সকলৰ বাবে থকা কোঠাবোৰ আয়তাকাৰ আছিল আৰু কোনো শয্যাৰ ব্যৱস্থা নাছিল। সম্ভৱতঃ ইয়াত বৈ থকা পানীৰ নলাৰ ব্যৱস্থা আছিল। পূব দিশত থকা প্ৰসাধন গৃহৰ পৰা চতুৰ্দিশে থকা দেৱালৰ কাষে কাষে পানীৰ নলা বোৱাই অনা হৈছিল। দেৱালৰ লগতে লগাকৈ সুৰক্ষা কৰ্মী আৰু প্ৰশাসনিক বিষয়াৰ বাবেও পৃথক কোঠা আছিল। বিহাৰৰ মাজত এটা সমূহীয়া ৰন্ধনশালা আৰু ভোজনগৃহ আছিল।
সমসাময়িক অন্যান্য মহাবিহাৰ বা বিশ্ববিদ্যালয়ৰ সমূহৰ সৈতে সোমপূৰাৰ সম্পৰ্কৰ বিষয়ে কোৱা হয়, ‘‘It was observed that a regular intercourse between the mahavihara of Somapura and that of Nalanda was maintained. Epigraphic evidences testified to this fact.’’ (Page no. 167, Viharas in Ancient India, Dipak Kumar Barua)
তিব্বতীয় পৰম্পৰামতে ৰজা ধৰ্মপালৰ পুত্ৰ আৰু উত্তৰাধিকাৰী দেৱপালৰ (৮১০-৮৫০ খ্ৰীষ্টাব্দ) দ্বাৰা সোমপূৰা মহাবিহাৰ প্ৰতিষ্ঠা কৰা হৈছিল। তাৰানাথৰ মতে দেৱপালক নাগপুত্ৰ বুলি কোৱা হয়। প্ৰকৃতত তেওঁ ৰজা গোপালৰ বংশধৰ। পাহাৰপুৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হোৱা লিপি সমূহৰ পৰা দেখা পোৱা যায় যে এই মঠটোক প্ৰথমে ‘ধৰ্মপাল মহাবিহাৰ’ বুলি কোৱা হৈছিল। বুৰঞ্জীবিদ ৰমেশ চন্দ্ৰ মজুমদাৰৰ মতে ৰাজশাহী জিলাৰ পাহাৰপুৰত পোৱা ধ্বংসাৱশেষ সোমপুৰা বিহাৰৰ বাহিৰে আন একো নহয়। সেই অঞ্চলত ওমপুৰ নামৰ গাওঁ এখনৰ অস্তিত্ব আছে। সোমপূৰা মহাবিহাৰ সম্পৰ্কে কোৱা হৈছে, ‘‘It is easily the biggest single Sangharama that was ever erected in India for Buddhist monks.’’(Page No. 18, Excavation at Paharpur by K.N.Dikshit) এই মহাবিহাৰত ৬০০ৰ পৰা ৮০০ জন ভীক্ষুয়ে বাস কৰিছিল। এই মহাবিহাৰৰ মূল প্ৰৱেশ পথ উত্তৰ দিশত আছিল আৰু বাকী তিনিওদিশ শক্তিশালী দেৱালেৰে আগুৰা আছিল। সৰু প্ৰেক্ষাগৃহটোৰ প্ৰৱেশ পথ আছিল দক্ষিণ দিশলৈ। এই প্ৰেক্ষাগৃহ পাৰ হৈ বাৰাণ্ডাৰ মাজেৰে মূল মঠৰ সন্মুখ ভাগত উপনীত হ’ব পৰা যায়। মূল মঠৰ সোঁ আৰু বাওঁকাষে গছৰ শাখা প্ৰশাখাৰ দৰে প্ৰায় ১৩ ফুট ৬ ইঞ্চিৰ এশাৰী কোঠা আছিল আৰু ইয়াৰ লগত প্ৰায় ৮ৰ পৰা ৯ ফুট বহল এখন বাৰাণ্ডা সংযোগ আছিল। ভীক্ষু বিপুলশ্ৰীমিত্ৰই মেৰামতি কৰা এই বিহাৰক চাৰিটা শাৰীত বিভক্ত বুলি কোৱা হয়, ইয়াৰ অৰ্থ হৈছে চাৰিওকাষে চাৰিটা শাৰীত কোঠাবোৰ অৱস্থিত আছিল। মুঠতে এই বিহাৰৰ নিৰ্মাণ কাৰ্য্য অতিশয় চমৎকাৰ আছিল বুলি ক’ব পাৰি। বুৰঞ্জীকাৰৰ মতে, ‘‘A singular feast to the eyes of the world’’।
এই বিহাৰ চাৰি শতিকা জুৰি কৰ্মক্ষম হৈ আছিল। শৌৰ্য্য বীৰ্য্যৰে মহিমাণ্ডিত হৈ থকা এই মহাবিহাৰত প্ৰথম আক্ৰমণ হৈছিল একাদশ শতিকাত। পূব বেঙ্গলৰ বৰ্মণ বংশৰ শাসনকৰ্তা জাতবৰ্ম্মা বৌদ্ধধৰ্মৰ প্ৰতি শত্ৰুভাবাপন্ন আছিল। জাতবৰ্ম্মাৰ সেনাবাহিনীয়ে সোমপূৰা মহাবিহাৰত অগ্নিসংযোগ কৰে আৰু ই ধ্বংসস্তুপত পৰিণত হয়। কথিত আছে যে ভীক্ষু কৰুণাশ্ৰীমিত্ৰ পলাই যাবলৈ অমান্তি হৈছিল আৰু সমগ্ৰ দেশ ভস্মীভূত নোহোৱালৈকে বুদ্ধৰ মূৰ্ত্তিৰ পাদদেশতে অৱস্থান কৰি আছিল। এই ধ্বংস কাৰ্য্যৰ পাছতো এই মহাবিহাৰৰ কিছু পৰিমাণে মেৰামতি কৰি কাৰ্য্যক্ষম কৰি তোলা হৈছিল।
ইতিমধ্যে উল্লেখ কৰা হৈছে যে প্ৰথম মহীপালৰ ৰাজত্বকালৰ পাছৰ পৰাই পাল সাম্ৰাজ্যৰ সম্পদশালী দিনবোৰ ঘূৰি আহিছিল। এয়োদশ শতিকাৰ প্ৰথম ভাগত মহমেদিয়ান সকলৰ আক্ৰমণত সোমপূৰা মহাবিহাৰ শৌৰ্য্য বীৰ্য্য স্তিমিত হৈ পৰে। প্ৰত্নতাত্ত্বিক ধ্বংসাৱসে,ৰ মাজত পোৱা চুলতান আৰু বেঙ্গলৰ অন্তিম স্বাধীন শাসনকৰ্তাৰ মুদ্ৰা সমূহৰ পৰা বুৰঞ্জীবিদসকলে অনুমান কৰে যে এই মহাবিহাৰক ধন সুৰক্ষিত কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল। মহাবিহাৰৰ আবেষ্টনীৰ বাহিৰত অৱস্থিত এটা মন্দিৰৰ নিৰ্মাণশৈলী (সত্যপিৰ ভিটাৰ তাৰা মন্দিৰ) আৰু সেই স্থানত প্ৰাপ্ত প্ৰমাণ সমূহৰ পৰা কোৱা হয় যে পঞ্চদশ আৰু ষোড়শ শতিকাৰ মাজে সময়ে হয়তো ইয়াৰ মেৰামতি কৰা হৈছিল আৰু অস্থায়ীভাবে অহা দেশী বিদেশী ভ্ৰমণকাৰীৰ বাসস্থান ৰূপে ইয়াক ব্যৱহাৰ কৰা হৈছিল।
আন এজন বুৰঞ্জীবিদৰ মতে, ‘‘The ruins of the temple and monasteries at Paharpur do not bear any evident marks of large scale destruction. The downfall of the establishment, by desertion or destruction must have been sometimes in the midst of the widespread unrest and displacement of population consequent on the Muslim invasion.’’ (Page no. 376, Buddhist Monks and Monasteries of India by Sukumar Dutt)
১৯৩৮ চনত এই মহাবিহাৰৰ খনন কাৰ্য্যৰ বিষয়ে ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ দ্বাৰা প্ৰকাশিত হৈছিল ‘Excavations at Paharpur Bengal’ নামৰ গ্ৰন্থত। তাৰ পাছত এই বিহাৰৰ বিষয়ে প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ হয় ১৬৬৯ চনত। ১৯৮৫ চনত এই বিহাৰক UNESCOৰ ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ত অন্তৰ্ভূক্ত কৰা হয়। তাৰ পাছত ১৯৯৯ চনত খুলনা বিশ্ববিদ্যালয়ৰ মহম্মদ আলি নাকিৰ নেতৃত্বত এই বিহাৰৰ বিষয়ে দ্বিতীয়খন গৱেষণা পত্ৰ প্ৰকাশ পায়। ২০০৪ চনত UNESCO আৰু বাংলাদেশৰ প্ৰত্নতাত্ত্বিক বিভাগৰ দ্বাৰা অনুষ্ঠিত ‘‘International Seminer on Elaboration of an Archaeological Research Strategy for Paharpur World Heritage site and its Environment’’ত এই গৱেষণা পত্ৰ উপস্থাপন কৰা হয়।
সোমপূৰা মহাবিহাৰ সম্পৰ্কে তথ্য পাতিৰ অভাৱ। এই মহাবিহাৰৰ পণ্ডিত সকলৰ বিষয়ে নাইবা ইয়াৰ শিক্ষাপদ্ধতিৰ বিষয়েও তথ্যপাতি পোৱা নাযায়।
টোকাঃ
(১) ভব্যঃ Bhavivela, also called Bhavya or Bhavaviveka was a sisth century Madhyamaka Buddhist. In Tibetan Buddhism Bhaviveka is regarded as the founder of the Svatantrika tradition of the Madhyamaka school of Buddhism, which is seen as antagonistic to Prasangika Madhyamaka.
(২) খচৰপণঃ (Khasarpana or Khasarapani of Sky Flier): Khasarapana is a type of God in Buddhism invariably accomponied by four divinites viz. Tara, SudhanKumara, Bhrkuti and Hayagriva.
সহায় লোৱা গ্ৰন্থঃ
(১) Epigraphia India, Vol 20
(২) History of Bengal, Vol I, Edited by R.C. Majumder
(৩) Viharas in Ancient India, Dipak Kumar Barua
(৪) Excavation at Paharpur by K.N.Dishit
(৫) Buddhist Monks and Monasteries of India by Sukumar Dutt