অট’খন জয়সাগৰ পুখুৰীৰ সন্মুখত নিৰ্মিত মন্দিৰৰ ওচৰত ৰ’ল। মই মন্দিৰ পৰিসৰত প্ৰৱেশ কৰাৰ আগেয়ে ঘনশ্যাম দৌল চাব বিচাৰিছিলো। কিন্তু তাত তাৰ কোনো চিন চাবেই দেখা পোৱা নগ’ল। পুৰাতত্ব বিভাগৰ কৰ্মচাৰীৰ লগত বহু সোধ পোছ কৰাৰ পাছত উপেক্ষিত ভাৱেৰে তেঁও এনেদৰে ক’লে, ‘জয়সাগৰৰ পিছপিনে তাৰ কিছু অংশ নিৰ্মাণ কৰা হৈছে যদিও তালৈ কোনো নাযায়। তালৈ যোৱাৰ পোন বাটটোত কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ কেম্প এটা আছে। সেয়েহে তালৈ যাবলৈ জয়সাগৰৰ কাষে কাষে ডাঙৰ এটা পাক মাৰি যাব লাগিব। পুৰাতত্ব নাইবা পৰ্যটন বিভাগে এই সম্বন্ধীয় কোনো ধৰণৰ জাননী আঁৰি নিদিয়া বাবে তেঁওলোকৰ ওপৰত মোৰ খঙেই উঠিছিল। অট’ৰিক্সাৱালাই আওকাণ কৰি তালৈ নোযোৱাৰ চেষ্টা এটা চলাইিছল কিয়নো তালৈ যাবৈল জয়সাগৰৰ বাহিৰেদি প্ৰায় ডেৰ-দুই কি.মি. ঘূৰিব লাগিব। অৱশেষত কোনোমতে তেঁওক বুজাই বঢ়াই সন্মত কৰোৱা হ’ল। আমাৰ অটোখন জয়দৌলৰ সন্মুখেৰে আগুৱাই গ’ল। দৌলৰ দেৱালত দেৱ-দেৱীৰ প্ৰতিমাবোৰ স্পষ্টভাবে দেখা পোৱা গৈছে। ৰজা ৰুদ্ৰসিংহই এই দৌলটো নিৰ্মাণ কৰোৱাইছিল। তেঁও এজন কলা-সংস্কৃতি প্ৰেমী ৰজা আছিল। তেখেতে বৈষ্ণৱ মত গ্ৰহণ কৰিছিল আৰু আউনীআটি সত্ৰৰ শিষ্য হৈ পৰিছিল।

আমাৰ অট’খন জয়সাগৰ পুখুৰীৰ পাৰে পাৰে থকা ভঙা-চিঙা পথচোৱাৰে গন্তব্যৰ দিশত আগুৱাই গৈ আছিল। এই পুখুৰীটো ৰুদ্ৰসিংহই ইং ১৬৯৭ চনত নিজৰ মাতৃ জয়মতীৰ অসীম ত্যাগৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যৰে কেৱল ৪৫ দিনৰ ভিতৰতে খন্দোৱাইছিল। আহোম যুগত খন্দোৱা পুখুৰী বিলাকৰ ভিতৰত এইটোয়েই আছিল সৰ্ববৃহৎ। ল’ৰা ৰজাৰ শাসন কালত ৰুদ্ৰসিংহৰ মাতৃ সতী জয়মতীক যি ‘জেৰেঙা’ পথাৰত অসীম যাতনা দি হত্যা কৰা হৈছিল তাতেই এই পুখুৰীটো অৱস্থিত। ইয়াৰ পাৰতে জয় দৌল, শিৱ দৌল আৰু দেৱী দৌল নিৰ্মাণ কৰা হৈছে। অসমীয়া ভাষাত মন্দিৰক দৌল বুলিও বুলিও কোৱা হয়। জয় দৌলক কেশৱৰায় বিষ্ণু দৌল বুলিও কোৱা হয় যি জয়মতৰ স্মৃতিত নিৰ্মিত হোৱা বাবে জয় দৌল ৰূপে প্ৰসিদ্ধ হ’ল। এই পৰিসৰত সূৰ্য আৰু গণেশৰ সৰু দুটা মন্দিৰো আছে। এই মন্দিৰবোৰত সদায় পূজা ভোগ আদি দিয়াৰ ব্যৱস্থা আছে। 

ৰুদ্ৰসিংহই পুৰাতন আহোম পদ্ধতিৰ সলনি শিল আৰু ইটাৰে নৱনিৰ্মাণ কৰোৱাই এখন নতুন ৰাজধানী স্থাপন কৰিব বিচাৰিছিল।সেয়েহে তেওঁ ইং ১৭০০ চনত কোচবিহাৰৰ পৰা ঘনশ্যাম নামৰ শিল্পী এজনক নিজৰ ৰাজ্যলৈ মাতি আনিলে।ঘনশ্যাম হেনো আগতে গণসামুদ্দিন নামৰ এজন ঈচলাম ধৰ্মীয় লোক আছিল।পাছত তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰি ঘনশ্যাম হিচাপে পৰিচিত হয়।আহোমসকল শিল আৰু ইটাৰে ভৱন নিৰ্মাণৰ ক্ষেত্ৰত অগ্ঞ আছিল। তেওঁলোকে প্ৰায় কাঠ আৰু বাহেঁৰহে ব্যৱহাৰ কৰিছিল। আহোম স্থাপত্যত শিল-ইটা-চূণ লালীৰে নৱ-নিৰ্মাণ আৰম্ভ কৰা প্ৰথম শিল্পী হ’ল ঘনশ্যাম।মোৰ মনত সেই ঘনশ্যামৰ নামত নিৰ্মিত স্মাৰক চোৱাৰ তীব্ৰ ইচ্ছা জাগ্ৰত হৈছিল। ঘনশ্যাম দৌলক জীৰ্ণ-শীৰ্ণ অৱস্থাত দেখিলো। ভিতৰখন আৱৰ্জনাৰে ভৰি আছিল।ৰাজকীয় উপেক্ষাৰ সৈতে যুজঁ দি হলেও সি নিজৰ অতীত গৌৰৱৰ বৰ্ণনা দিয়াত সক্ষম আছিল। প্ৰকৃততে ই কোনো মন্দিৰ নাছিল আৰু কোনো পৰম্পৰাগত মন্দিৰৰ আকৃতিতো ইয়াক নিৰ্মাণ কৰা হোৱা নাছিল। ঘনশ্যামৰ স্মৃতিত নিৰ্মিত এই ঘৰটোক তেওঁৰ সন্মানাৰ্থে সকলোৱে দৌল কোৱৱা আৰম্ভ কৰিলে।ৰাজেশ্বৰ সিংহই বোধহয় ইয়াক ঘনশ্যাম আৱাস ৰূপে নামাকৰণ কৰিছিল। ইটাঁৰে  নিৰ্মিত আয়তাকাৰৰ ঘৰটোৰ বাহিৰৰ ফালে অতি সুশোভিত টেৰাকোটাৰ কলাত্মক আৰ্হি আছে। এই কাৰ্য্য আহোম যুগ অন্য সকলো নিৰ্মাণতকৈ উৎকৃষ্ট।

ইয়াৰ মুখ্য প্ৰৱেশদ্বাৰত ৰঙা টেৰাকোটাত ৰামায়ণৰ আখ্যান অতি আকৰ্ষণীয়ভাৱে বৰ্ণোৱা হৈছে।গছৰ ওপৰত বহি থকা বানৰ সেনা,বালি আৰু সুগ্ৰীৱৰ যুদ্ধ, লঙ্কাপতি ৰাৱণ, গছৰ তলত অতি বিষাদ মনেৰে বহি থকা সীতা, বহু শিৱলিংগ ইয়াত দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও বিভিন্ন দেৱ-দেৱী, বিষ্ণুৰ অৱতাৰ আদিৰ উপৰিও শিশুকালৰ কৃষ্ণৰূপ, কুৰ্ম অৱতাৰ, বৰাহৰূপী বিষ্ণু, নৰসিংহ অৱতাৰ, ৰাধা-কৃষ্ণৰ যুগল মূৰ্তি, হাতত হেংদাঙ লৈ হাতীত উঠি থকা আহোম ৰজা, বিষ্ণু, দুৰ্গা আদিৰ মূৰ্তিও দেখিবলৈ পোৱা যায়। ইয়াৰ পূব আৰু পশ্চিমৰ প্ৰাচীনত পদ্মাসনত বহি থকা বুদ্ধদেৱ, পিঠিত টুকুৰী লৈ থিয় হৈ থকা জনজাতীয় ব্যক্তি, গছৰ তলত বিশ্ৰামৰত হাতী আদিৰ অনেক মূৰ্তি আছে। টেৰাকোটাৰ এই সূক্ষ্ম কলা-শিল্প যে সঁচাকৈয়ে অতি উচ্চ মানদণ্ডৰ আছিল তাত কোনো সন্দেহ থাকিব নোৱাৰে। বৰ্তমান এই স্মাৰকটো এপিনে হালি গৈছে। যদি এই দিশত কোনো গুৰুত্ব দিয়া নহয় তেনেহ’লে ই যি কোনো মুৰ্হূতত পৰি যাব পাৰে। ইয়াৰ বাবে চৰকাৰক জগাই তুলিবলৈও গণ-আন্দোলনৰে প্ৰয়োজন হ’ব যেন পাইছো।

এই ঘনশ্যামেই ৰাজেশ্বৰ সিংহৰ আদেশ অনুসৰি গড়গাঁওৰ কাঠেৰে নিৰ্মিত হোলোং ঘৰটোৰ ঠাইত শিল আৰু ইটাৰে কাৰেংঘৰ নিৰ্মাণ কৰি উলিয়াইছিল। ৰূদ্ৰসিংহই ইং ১৭০৭ চনত বৰ্তমানৰ জয়সাগৰ পুথুৰীৰ ওচৰতে ৰংপুৰ ৰাজধানী স্থাপন কৰিছিল। ৰংপুৰক নতুন ৰাজধানী ৰূপে স্থাপন কৰাৰ পাছতো বহু প্ৰশাসনিক কাৰ্য্য গড়গাঁৱৰ পৰাই চলিছিল। এই দিশৰ পৰা চাবলৈ হ’লে গড়গাঁৱৰ গুৰুত্ব কোনোপধ্যে কম হোৱা নাছিল। এতিয়া জয়সাগৰৰ ওচৰত থকা আহোম সকলৰ ৰাজধানী ৰংপুৰত নিৰ্মিত তলাতল ঘৰ নামৰ প্ৰাসাদৰ সন্মুখত গৈ অট’খন ৰ’ল।

তলাতল ঘৰৰ পৰিসৰত আমি এজন গাইডক লগ পোৱা বাবে ইয়াক বুজি পোৱাত আমাৰ যথেষ্ঠ সুবিধা হ’ল। বৰ্তমানে এই ৰাজগৃহৰ ওপৰৰ দুটা মহলাৰ ভগ্নাৱশেষহে ৰৈছেগৈ। বাকীখিনি ভূমিকম্প আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে নষ্ট হৈ গৈছে। ইয়াৰ উত্তৰ দিশে অষ্টকোণীয় পূজা স্থল আছিল। ইয়াৰ পৰা তিনি কি.মি. দূৰত্বৰ পৰিসীমাত বিভিন্ন দুৱাৰ যুক্ত ৰাজমহলটো আছিল। তলাতল ঘৰৰ পৰিসৰতেই গোঁসাই ঘৰ, গুলী বাৰুদ থোৱা ঘৰ আৰু নিমখ থবলৈ খাৰঘৰো বনোৱা হৈছিল। এই তলাতল ঘৰৰ মাজত শিৱৰ ৰংগনাথ দৌল, শ্ৰীকৃষ্ণৰ ফাকুৱা দৌল, হৰ-গৌৰী দেৱালয় আৰু গৌৰীবল্লভ দৌল নামেৰে আৰু চাৰিটা মন্দিৰ আছে। এই তলাতল ঘৰৰ বৰ্ণনা দিবলৈ গৈ অসমৰ ইতিহাসবিদ পদ্মনাথ গোঁহাইবৰুৱাদেৱে এনেদৰে লিখিছে- ‘আহোম সম্ৰাটৰ এই ভূগৰ্ভত কাৰেং নাইবা তলাতল ঘৰত সাত মহলা আছে। সমতলত এটা, ওপৰফালে তিনিটা আৰু মাটিৰ তলত তিনিটা মহলা আছে। সমতলত থকা ঘৰটোত প্ৰৱেশ কৰি বাওঁফালৰ দুৱাৰেৰে ওপৰলৈ উঠি যাব পাৰি। সমতলৰ পৰা সোঁফালে থকা দুৱাৰেৰে তলৰ তিনিটা মহলালৈ নামিব পৰা যায়। যদি কোনোবাই ভিতৰত সোমাই দিশ হেৰাই পেলায় তেনেহ’লে সি ভিতৰতে ঘূৰি থাকিব। নিম্নভাগৰ পূব দিশৰ পৰা এটি সৰু নলা দিখৌ নদীলৈকে যায়। শত্ৰুৰ আক্ৰমণৰ সময়ত এই সুৰঙ্গৰ সহায়ত ৰজা নিৰ্বিঘ্নে বাচি ওলাই যাব পৰা এনে অদ্ভূত ভৱন ভাৰতবৰ্ষত দ্বিতীয়টো পাবলৈ নাই। অষ্টম আশ্চৰ্য্যৰ সৈতে ইয়াকো সংলগ্ন কৰিব পাৰি। এই প্ৰাসাদটো উত্তৰৰ পৰা দক্ষিণলৈ ১৮০ হাত দীঘল, ৬০ হাত বহল, ১৮ টা বিৰাট আকৃতিৰ কোঠালী যুক্ত পকী ঘৰ। ৰজাৰ আলপৈচান ধৰা লগুৱা-লিগিৰী আৰু সেনাৰ বেৰেকক লগ লগাই মুঠ ৩৬ টা কোঠালী আছে।’

এই তলাতল ঘৰ আৰু গড়গাঁৱৰ কাৰেংঘৰক ১২ কি.মি. দীঘল পকী সুৰঙ্গ এটাৰে সংলগ্ন কৰা হৈছে। তলাতল ঘৰৰ কাষতে থকা সোনতলা আৰু জয়সাগৰ পুখুৰীৰ পৰা প্ৰসাদলৈকে একো একোটা পকী নলালে পানী অনাৰ ব্যৱস্থা ৰখা হৈছিল। এই প্ৰসাদবোৰৰ নিৰ্মাণাৰ্থে প্ৰয়োজনীয় শিল নগা পাহাৰৰ পৰা অনা হৈছিল। লোপলেপীয়া এঠাল মাটিৰ লগত চূণ-লালী মিহলাই প্ৰস্তুত কৰা মছলাৰে ইটাবিলাকক জোৰ দিয়া কাম কৰা হৈছিল।

ইয়াৰ পাছত মই অট’ৱালাজনৰ ওচৰত নামডাং সাঁকো চাবলৈ যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলো। নামডাং নদীৰ ওপৰত নিৰ্মিত এই শিলৰ সাঁকোখন চোৱাৰ উদ্দেশ্যেৰে আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰে আগুৱাই গৈ আছো। তাক চোৱাৰ বাবে মোৰ মনটো অতি উৎসুক হৈ পৰিছে। কিন্তু বাটছোৱা ইমান দীঘল যে গৈ নাপওঁহে নাপাওঁ। অৱশেষত আমাৰ অট’খন ১৪ কি.মি. আঁতচৰত থকা নামডাং নদীৰ ওপৰত নিৰ্মিত এখন সাঁকোৰ ওচৰত গৈ ৰ’ল। প্ৰথমে ইয়াক দেখা পাই নিৰাশাই মোক ঘেৰি ধৰিলে। চাৰিওপিনে এটি পুতি দুৰ্গন্ধময় পৰিবেশ নদীৰ ঠাইত দুৰ্গন্ধপূৰ্ণ এটি নলাহে বৈ আছিল। কিন্তু তাৰ ওচৰলৈ গৈ ভালকৈ চোৱাৰ পিছত মই আচৰিত হ’লো। একেটা শিলাখণ্ডেৰে নিৰ্মিত এনে অদ্ভূত সাঁকোৰ কথা মই কল্পনা পৰ্যন্ত কৰিব পৰা নাছিলো।

দৰাচলতে এই ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা যান বাহনবোৰে এই নামডাং সাঁকোৰ ওপৰেৰেই অহা-যোৱা কৰে। নিজৰ সোঁতৰ লগত ৰঙা মাটি বোৱাই অনাৰ বাবেই বোধ হয় এই নদীৰ নাম নামডাং হ’ল। এই শব্দ টাই ভাষাৰ পৰা অসমীয়া ভাষালৈ অহা যেন লাগে।

ৰজা ৰুদ্ৰসিংহই ইং ১৭০৩ চনত নিৰ্মাণ কৰোৱা এই সাঁকোৰ বুকুয়েদি যোৱা তিনিশ বছৰত কিমান কৌটি সৰু-বৰ যান বাহন চলিল তাক ভাবিলে আচৰিত লাগে। বিশ্ব যুদ্ধৰ সময়ত এই সাঁকোৰ ওপৰেদিয়েই অতি গধুৰ টেঙ্ক আদিও হেলাৰঙে পাৰ হৈ গৈছিল যদিও এই সাঁকো এতিয়ালৈকে বৃদ্ধ হৈ পৰা নাই। প্ৰায় ২০২ ফুট দীঘল, ২২ ফুট বহল আৰু চাৰে পাঁচ ফুট ওখ এই বৃহদাকাৰৰ শিলাখণ্ডটি নগা পৰ্বতৰ পৰা কাটি কেনেকৈ ইয়ালৈ অনা হ’ল সেয়া ভাবিবলগীয়া কথা। আকৌ নদীৰ দুয়ো পাৰ সংলগ্ন কৰি ইয়াৰ কেনেকৈ থ’লে? এই দলংখনৰ বিষয়ে কিয় বহুল প্ৰচাৰ নহ’ল সেইটোও বুজি পোৱা নাযায়।

এই সাঁকোৰ স্থাপত্যৰ দিশটো বুজি পোৱাৰ আৱশ্যকতা আছে। দলংখনৰ দুইপাৰত আৰু মধ্য অংশত শিলৰ শক্তিশালী খুটা আছে। স্তম্ভত সংলগ্ন শিলক জোৰা লগাবলৈ বিভিন্ন বস্তুৰ মিশ্ৰণৰ দ্বাৰা তৈয়াৰ কৰা মছলা কামত লগোৱা হৈছে। এই দলংখনৰ স্তম্ভ বিলাকৰ ওপৰত বিভিন্ন ধৰণৰ লতা-ফুল আৰু বহু অনুপন মূৰ্তি খোদিত কৰা হৈছে। ঘোঁৰা নে গাধ এটাক বাহন হিচাপে লৈ তাৰ ওপৰত বহি থকা এটি দেৱীৰ প্ৰতিমাও তাত আছে। এয়া শীতলা দেৱীৰ প্ৰতিমা হ’ব পাৰে। অসমৰ পৰ্যটন বিভাগে কিছু গুৰুত্ব আৰোপ কৰিলে ঠাইডোখৰ এটি পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হ’ব পাৰে। ইয়াক চাফ-চিকুণ কৰাৰ লগতে বিজুলী বাতিৰ ব্যৱস্থা কৰি দি আকৰ্ষণীয় কৰি তুলিব পাৰিলে ৰাত্ৰি সেৱাৰ বাছসমূহ ইয়াত নিশ্চিতভাবে ৰ’ব আৰু ৰাইজে অসমৰ এই অনুপম দলংখন দেখাৰ সুযোগ পাব। এতিয়া ৰাইজ ইয়াৰ ওপৰেদি অহা-যোৱাটো কৰে কিন্তু ইয়াৰ বিষয়ে জনাৰ কোনো উপায় নাই। এই দলংখনে কোনো মেৰামতি নোহাৱাকৈয়ে আজিও এক শক্তিমানৰ দৰে অলৰ-অচৰ হৈ থিয় দি আহোম যুগৰ ইতিহাসৰ সাক্ষ্য বহন কৰি আহিছে। ৰুদ্ৰসিংহই এনেধৰণৰ কেবাটাও শিলৰ সাঁকো নিৰ্মাণ কৰোৱাৰ উপৰিও খৰিকটীয়া পথ, মেটেকা পথ আদিৰ দৰে বিভিন্ন পথ নিৰ্মাণ কাৰ্যও কৰোৱাইছিল। ৰমাকান্তই চৰাইদেউ পথত থকা এনে ধৰণৰে সাঁকো এখন মোক দেখুৱাইছিল।

বৰ ৰজা ফুলেশ্বৰীয়ে নিজৰ নাম প্ৰমথেশ্বৰী ৰাখিলে। তেঁও দেৱীৰ উপাসক আছিল। তেঁও ইং ১৭১৭ চনত গৌৰীসাগৰ পুখুৰী খন্দোৱাই আৰু নিজৰ আৰাধ্য দেৱী গৌৰী অথবা দুৰ্গা দেৱীক সমৰ্পণ কৰে যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তথা নামডাং সাঁকোৰ ওচৰত অৱস্থিত। এতিয়া আমাৰ অট’খন গৌৰীসাগৰত গৈ উপস্থিত হ’ল। ৬১ হেক্টৰ মাটিত বিস্তৃত হৈ থকা সেই জলাশয়ৰ ওচৰতে গৌৰী, শিৱ আৰু বিষ্ণুৰ নামত তিনিটা দৌল আছে।

ৰাণী অম্বিকাই শিৱসাগৰ জলাশয়ৰ ওচৰতে আৰু তিনিটা দৌল নিৰ্মাণ কৰোৱাইছিল। সেইবোৰ চোৱাৰ কাৰ্য পিছ দিনাখনৰ বাবে এৰি থৈ আমাৰ ঘূৰি ফুৰা কামটোও সেইদিনাখনৰ কাৰণে তাতে বিৰাম দিয়া হ’ল।

শিৱসাগৰ জলাশয়ৰ সেউজ জলৰাশি একেবাৰে শান্ত নহয়। তাৰ জলৰাশিত চৌদিশৰ প্ৰাকৃতিক বিম্ব সমূহৰ সেউজ মিহলি হৈ আছে। মই তাৰ পাৰত বহি ঢৌবোৰক অপলক দৃষ্টিৰে চাই আছো। ইয়াৰ বিশাল বুকুত ইয়াৰেই জলাৰাশিৰ আৱৰণ আছে। পুখুৰীটোৰ ইপাৰ-সিপাৰ দেখা নাই বুলি মই নকওঁ যদিও সিপাৰৰ দৃশ্যবোৰ কিন্তু স্পষ্টৈক দেখা পোৱা নাযায়। ৰাতিপুৱা ন বজাতে সেই পুখুৰীটোৰ পাৰত কোননো থাকিব। তাত মই আছো আৰু মোৰ পিছ পিনে থিয় হৈ আছে আহোম যুগৰ তিনিটা মন্দিৰ। মোৰ নিসংগতাৰ সঙ্গী আছিল কেৱল সেই জলাশয়টো। মই অকলে ৰিক্সাৰে তালৈ গুচি আহিছিলো। এই ঠাইখিনি চহৰৰ মাজমজিয়াত আৰু ভূ-পৃষ্ঠাৰ পৰা কিছু উচ্চতাত অৱস্থিত। এইখিনি আহি পোৱাৰ লগে লগে ওখ টিলা এটাত থকা মন্দিৰটো দৃষ্টি গোচৰ হ’ল। বজাৰৰ মাজত থকা মন্দিৰলৈকে যোৱা পোন বাটটো যথেষ্ঠ আহল-বহল। ৰিক্সাৱালাজনে মোক ইয়াতে নমাই দিলে। আহোম সকলে খন্দোৱা পুখুৰীবোৰ বৰ গভীৰ নাছিল। আহোম যুগৰ পুখুৰী বিলাকত যাতে বাৰমাহে পানী থাকে সেই উদ্দেশ্যে পুখুৰীৰ মাজত হেনো গভীৰ কুঁৱা খান্দি দিয়া হৈছিল। এই পুখুৰীবিলাকৰ পানী কেতিয়াও শুকাই নোযোৱাটোৱেই হ’ল এইবোৰৰ বৈশিষ্ট্য।

সম্পূৰ্ণ পুখুৰীটোৰ চাৰিওফালে পাক মৰাৰ বাবে মই এখন ৰিক্সা লৈ ল’লো। চাৰিওফালে নিৰ্মিত প্ৰায় তিনি-চাৰি কি.মি. দীঘল বাটটোৰে ৰিক্সাখন অতি সহজে আগুৱাই গৈ আছে। ১২৯ একৰ ক্ষেত্ৰফলত বিস্তৃত কৈ অধিকাৰী সকলৰ আৱাস গৃহবোৰ নিৰ্মাণ কৰোৱা হৈছে। এইপিনে জিলা কাৰাগাৰ অৱস্থিত। ইয়াৰ গাতে লাগি থকাকৈ পৰ্যটন বিভাগৰ কাৰ্য্যালয় পৰ্যটন আৱাস গৃহ আৰু পুৰাতত্ব বিভাগৰ কাৰ্য্যালয় আছে। ইয়াৰ উপৰিও নৱনিৰ্মিত টাই সংস্কৃতিৰ পৰিচায়ক সংগ্ৰহালয়টোও ইয়াতে দেখিবলৈ পোৱা যায়।

ৰাতিপুৱা দহ বজাত সংগ্ৰহালয় খুলিলত তাৰ ভিতৰত প্ৰৱেশ কৰিলো। ইয়াৰ ভিতৰত আহোম ৰজাসকলৰ বস্ত্ৰ, অস্ত্ৰ, বন্দুক-বাৰুদ আৰু অন্যান্য সামগ্ৰীৰ লগতে টাই ভাষাৰ কেবাখনো গ্ৰন্থৰ নকল দেখিবলৈ পোৱা যায়। ইয়াত থকা বস্তুবোৰ অসমীয়াতে লিখি থোৱা বাবে বাহিৰৰ পৰা অহা মানুহে বুজি পোৱাত অসুবিধাৰ সৃষ্টি হয়। অৱশ্যে সংগ্ৰহালয় ভৱনটো যথেষ্ট আকৰ্ষণীয়।

ইয়াৰ পৰা পুখুৰীৰ পাৰত থকা শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল দেখি মই অবাক হৈ পৰিলো। শিৱ দৌলৰ পশ্চিমে দেৱী দৌল আৰু পূব দিশত বিষ্ণুদৌল আছে। এই মন্দিৰবোৰ শৈৱ, বৈষ্ণৱ আৰু শাক্ত মতাৱলম্বী সকলৰ মাজত থকা সামঞ্জস্যৰ প্ৰতীক। ১০৪ ফুট ওখ এই শিৱ দৌলটো ভাৰতবৰ্ষত থকা ভগৱান শিৱৰ উচ্চতম মন্দিৰবোৰৰ ভিতৰত অন্যতম। মন্দিৰটোৰ শিখৰত ৭.৫ ফুট ওখ সোনৰ কলহ এটি সংযুক্ত হৈ আছে। ইয়াৰ প্ৰাচীৰত বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি খোদিত হৈ আছে। মন্দিৰৰ বিশাল গৰ্ভগৃহৰ তিনিখন দুৱাৰ অতিক্ৰম কৰি ভিতৰলৈ প্ৰৱেশ কৰাৰ লগে লগে স্বয়ম্ভু শিৱলিঙ্গৰ দৰ্শন লাভ কৰিলো। ইয়াৰ মাটিৰ তলত গাঁতত অৱস্থিত শিৱলিঙ্গটো বিশ্বৰ ভিতৰতে অদ্বিতীয়। ঠিক একেধৰণৰ শিৱলিঙ্গ এটা ত্ৰম্বকেশ্বৰত মই দেখা পাইছিলো।

ভগৱান শিৱৰ প্ৰতি সমৰ্পিত শিৱসাগৰ পুখুৰী আৰু শিৱ মন্দিৰৰ পৰাই এই চহৰখনৰ নাম শিৱসাগৰ হ’ল। দিল্লীত যিদৰে পদে-পদে ইতিহাস সিঁচৰিত হৈ আছে ঠিক একেদৰে ইয়াৰো বিন্দু বিন্দুয়ে আহোম ইতিহাসৰ সাক্ষ্য বহন কৰি আহিছে। যদি আমি এই চহৰক আহোম সকলৰ দিল্লী বুলি কওঁ তেন্তে কোনো ধৰণৰ অত্যুক্তি কৰা নহ’ব।

এতিয়া আমি এই পুখুৰীৰ পিছত শিৱসাগৰ চহৰৰ অন্য এক স্মৃতি চিহ্ন ৰংঘৰৰ দিশলৈ প্ৰস্থান কৰিলো। অট’খনে কেইমিনিটমানৰ ভিতৰতে আমাক সেইখিনি পোৱাই দিলে।

ৰংঘৰ অসমীয়াসকল ক্ৰীড়া-প্ৰেমী হোৱাৰ প্ৰতীক। আহোম ৰজা সকলে নিজৰ খেল-ধেমালিত প্ৰজাসকলকো সন্মিলিত কৰিছিল। ৰুদ্ৰসিংহই ১৫-১৬টা হাতী বন্ধাৰ বাবে শিৱসাগৰ চহৰৰ মাজ মজিয়াত নিৰ্মিত ৰংঘৰটোৰ চাৰিওফালে কাঠৰ বেৰ দি তাৰ খুঁটাবোৰৰ ওপৰত লতা-ফুল, জীৱ-জন্তু আদি খোদিত কৰোৱাৰ লগতে অতি উজ্জ্বল ৰঙেৰে ৰং কৰি তাক সু্ন্দৰ ৰূপ দিয়ে। সন্মুখৰ পথাৰখনত ৰাইজৰ বহাৰ ব্যৱস্থা কৰিবলৈ ওখকৈ চাং পাতি দিয়া হৈছিল। তাৰ পিছত তেঁওলোকৰ মাজৰ মুকলি পথাৰখনত ৰাইজৰ বহাৰ ব্যৱস্থ্য কৰিবলৈ ওখকৈ চাং পাতি দিয়া হৈছিল। তাৰ পিছত তেঁওলোকৰ মাজৰ মুকলি পথাৰখনত ম’হ, ষাঁড়, গৰু, হাতী আদিৰ উপৰিও নাহৰফুটুকী বাঘ, বাঘ-ঘঁৰিয়াল, বাঘ-ভালুকৰ যুঁজ আৰু মল্ল যুদ্ধৰ ৰোমাঞ্চকৰ খেল তেঁওলোকে উপভোগ কৰিছিল। হাতীবোৰক খঙাল কৰি তোলাৰ বাবে বিশেষ খাদ্য খুৱোবা হৈছিল। ৰূদ্ৰসিংহই নদীত নাওঁখেল প্ৰতিযোগিতাও আৰম্ভ কৰাইছিল। ইং ১৭৪৫ চনত ৰজা প্ৰমত্তসিংহই কাঠৰ সেই চাংঘৰটোৰ ঠাইত হাঁহৰ কণীৰ আকৃতিৰ বৰ্তমানৰ দুমহলীয়া পকী ৰংঘৰটো নিৰ্মাণ কৰোৱায়। ই প্ৰায় ৩৩ ফুট ওখ, ৩৬ ফুট বহল আৰু ৯০ ফুট দীঘল। ইয়াক আধুনিক ষ্টেডিয়ামৰ পূৰ্ব ধাৰণা (এছিয়াৰ ভিতৰত প্ৰথম) বুলি কোৱা হয়। পিছত ৰজা ৰাজেশ্বৰ সিংহই ইয়াৰ ওচৰতে আৰু এটা ৰংঘৰ নিৰ্মাণ কৰোৱাইছিল। অৱশ্যে এতিয়া তাৰ কোনো চিন চাবেই পাবলৈ নাই। ৰংঘৰত সংলগ্ন শিল আৰু ইটাক জোৰা গাঁথিবলৈ এক বিশেষ ধৰণৰ মছলা ব্যৱহাৰ কৰা হৈছিল। সেই মছলা আঠলীয়া মাটিত সৰিয়হ তেল, গুৰ, শন, ফটা কানি গুড়ি কৰা চূৰ্ণ, বৰালি মাছ, চূণ, চাউলৰ গুড়ি আৰু হাঁহৰ কণী মিহলাই সজা হৈছিল। ইটা প্ৰস্তুত কৰাৰ সময়ত সাঁচতে লতা-ফুল আদিৰ আকৃতি সজাই দিয়া হৈছিল। ইয়াৰ প্ৰতিটো মহলাৰ সোঁমাজত এটা ডাঙৰ কোঠালী আৰু তাৰ দুয়োপিনে দুটা সৰু কোঠালী আছে। সেইবোৰত থকা খিৰিকীৰে ৰজা, ৰাণীসকল আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলে বহি হাতী যুঁজ আৰু অন্য খেল-ধেমালী তথা প্ৰতিযোগিতাৰ আনন্দ ল’ব পাৰিছিল। ওপৰৰ মহলালৈ যোৱাৰ বাবে পশ্চিমপিনে চিৰি আছে। ৰংঘৰৰ ছালত মাজভাগতে তিনিটা বুৰুজ আৰু দুয়ো প্ৰান্তত নিৰ্মিত ঘঁৰিয়ালৰ আকৃতিয়ে ইয়াক এক বিশেষত্ব প্ৰদান কৰিছে। আজি এই ৰংঘৰৰ সমস্ত অতীত কেৱল অতীতৰ কাহিনীহে হৈ ৰৈ গ’ল। তথাপিও এই ৰংঘৰ আহোম সকলৰ আমোদ প্ৰমোদৰ ভাৱনাৰ মুক সাক্ষী হৈ থিয় হৈ আছে।

আহোম যুগৰ মুখ্য ঐতিহাসিক আপুৰুগীয়া সম্পত্তিবোৰ চোৱাৰ পিছতো আৰু বহুতো স্মৃতিচিহ্ন চাবলৈ থাকি গ’ল। একেদৰে আৰু এখন ঠাই চাবলৈ ৰৈ গৈছে। সেয়া হ’ল শিৱসাগৰৰ পৰা ১৯-২০ কি.মি. মান আঁতৰত ব্ৰহ্মপুত্ৰ আৰু দিখৌ নৈৰ সঙ্গমস্থলীৰ ওচৰৰ সৰাগুৰি চাপৰিত থকা অসমীয়া জিকিৰৰ জন্মদাতা হজৰত আজান ফকীৰৰ দৰগাহটো।

আজান ফকীৰৰ দৰগাহৰ পৰিসৰত প্ৰৱেশ কৰাৰ আগত এটা মছিজদ পোৱা যায়। মছজিদৰ পৰা প্ৰায় এশ হাতমান দূৰত্বত থকা ওখ ঠাই ডোখৰেই হ’ল আজান ফকিৰৰ কবৰ। তাৰ পিছপিনে এটা পুখুৰী আছে। ইয়াৰে স’ৰা গছজোপাৰ তলত বহি হেনো আজান ফকিৰে জিকিৰবোৰ ৰচনা কৰিছিল আৰু নিজৰ শিষ্য সকলৰ লগলাগি সেইবোৰ গাইছিল। সেই স’ৰা গছজোপাৰ নামৰ পৰাই চাপৰিটোৰ নামো সৰা গুৰি চাপৰি হ’ল।

আজান ফকীৰৰ আচল নাম আছিল মইমুদ্দিন আৰু তেঁওৰ জন্ম হয় ইৰাকৰ বাগদাদত। তেঁওক আজান ফকীৰ বুলি ক’বলৈ ধৰিলে। ১৭ শতিকাত জন্ম গ্ৰহণ কৰা শাহ মীৰাণ হজৰত মহম্মদ চাহেবৰ ৩২ তম বংশধৰ আছিল বুলি কোৱা হয়। ২৫-৩০ বছৰ বয়সত তেঁও বাগদাদৰ পৰা ইৰাণ আৰু আফগানিস্থান হৈ হিন্দুস্থানলৈ আহে আৰু আজমিৰত থখা মুইনুদ্দিন চিস্তীৰ দৰগাহত কিছুদিন থাকে। তাৰ পৰা গৌড় প্ৰদেশ হৈ তেঁও অসমলৈ আহে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ হাজো স্থিত গিয়াচুদ্দিন ওলিয়াৰ দৰগাহ পোৱা মক্কাত কিছু বছৰ অতিবাহিত কৰে। তাৰপৰাও কোনো নিৰ্জন ঠাই বিচাৰি ঘূৰি-ফুৰি তেঁও এইখিনি আহি ওলাল। ইয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ মনোৰম দৃশ্যই তেঁওক সন্মোহিত কৰিলে আৰু ইয়াতে থাকিবলৈ ধৰিলে। তেখেতে অসমীয়া ভাষাৰ লগতে ওজাপালি নৃত্য-গীত আৰু অন্যান্য লোক সংগীতৰো অধ্যয়ন মনন কৰিলে। তেখেতে পাৰ্চী, আৰবী আৰু উৰ্দু মিশ্ৰিত অসমীয়া ভাষাত আধ্যাত্মিক ভাৱনাৰে পৰিপূৰ্ণ জিকিৰ নামেৰে পৰিচিত ভক্তি গীত সমূহ ৰচনা কৰিলে। ইয়াৰ লগতে তেখেতে ইমাম হুছেইনে কাৰৱালাত দিয়া আত্মত্যাগত শোক সন্তপ্ত হৈ ‘জাৰী’ গীত সমূহো ৰচনা কৰিলে।

জিকিৰ শব্দ ‘আল্লাৰ নাম স্মৰণ কৰা’ অৰ্থত ব্যৱহৃত হৈছে। জিকিৰৰ দুটা ভাগ। প্ৰথম ভাগটোত সহজ সৰল ভাষাত ইছলাম ধৰ্মৰ শিক্ষা সম্বন্ধীয় কথাবোৰ কোৱা হৈছে আৰু আনটো ভাগত ধৰ্মীয় তত্বৰ গূঢ় অৰ্থৰ কথা আছে। চুফী পৰম্পৰাৰ যি ‘জিক্ৰ’ৰ সহায়ত পৰম পিতাক মনত পেলোৱা হয় তাৰ বাবে কণ্ঠৰ নহৈ নাভি-নাদৰ প্ৰয়োজন হয়। নাভিৰ পৰা ওলোৱা নাদেই হ’ল ‘জিক্ৰ’। সম্ভৱত এই ‘জিক্ৰ’ৰ পৰাই অসমীয়া শব্দ ‘জিকিৰ’ৰ সৃষ্টি হৈছে। আজান ফকিৰৰ এটা জিকিৰৰ কেইটামান শাৰী এনেধৰণৰ –

জীৱনৰ সাৰথি নাম

সদগুৰুক ভজিবা,

আল্লাক চিনিবা

সিজিব দিনৰে কাম।

আজান ফকীৰৰ দ্বাৰা বিৰচিত আন এটা জিকিৰ হ’ল-

মোৰ মনত আন ভাব

নাই ও আল্লা,

মোৰ মনত ভিন ভাব

নাই ও আল্লা,

হিন্দু কি মুছলমান

একে আল্লাৰ ফৰমান

মোৰ মনত একেটি ভাব।

ইয়াৰ লগে লগে আহোম সকলৰ দিল্লী স্বৰূপ শিৱসাগৰৰ যাত্ৰা প্ৰায় সমাপ্ত হোৱাৰ পথত আছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ডাঙৰ জীয়াৰী শ্ৰীমতী জয়শ্ৰী চলিহাৰ ঘৰলৈ গৈ পোৱাৰ পিছতহে ই পূৰ্ণতা প্ৰাপ্ত হ’ল। তেখেতক লগ পাই এনে লাগিল যেন স্বয়ং জ্যোতিবাবুহে মোৰ সন্মুখত বহি আছে। ছয়ষষ্ঠি-সাতষষ্ঠি বছৰীয়া শ্বেতা আৰু সুন্দৰ কায়াৰ মহিলাগৰাকী জ্যোতিষ্মতী হৈ আছিল।

কন্যাৰ মুখমণ্ডলত পিতৃৰ ছাঁ স্পষ্টভাবে পৰিলক্ষিত হৈছিল। ‘জ্যোতিকী আলোক যাত্ৰা’ৰ পাত্ৰ ‘পকী’য়ে আমাৰ মাজত এটি সম্বন্ধ স্থাপন কৰি দিলে। ‘পকী’ৰ মনৰ ভাৱনাক মোৰ ভাগিন ডা০ বালকৃষ্ণ জালানে অসমীয়া ৰূপ দি দৈনিক কাকত ‘আমাৰ অসম’ত প্ৰকাশ নকৰাহেঁতেন ‘পকী’ৰ মনৰ পীড়াক তেঁও বোধহয় আত্মসাত কৰিব নোৱাৰিলেহেঁতেন। তেখেতৰ স্বামী অসুস্থ আছিল তথাপিও তেখেতৰ লগত বহু কথাই পাতিলোঁ। ৰাতি গভীৰ হৈ আহিছিল। প্ৰকৃততে তেখেতৰ ঘৰ বিচৰা কামতেই সেই সন্ধিয়াটো ৰাতিৰ গভীৰতাত বিলীন হৈ গৈছিল। তেখেতৰ আত্মীয়তাৰ ৰসালতা মোৰ অল্পাহাৰত দিয়া ৰসগোল্লাৰ ৰসতকৈও অধিক মিঠা আছিল।

ৰাতি বাছেৰে গুৱাহাটী অভিমুখী ৰাস্তা ল’লো। তেতিয়া মনটোক বহু প্ৰশ্নই খুন্দিয়াই আছিল। ৰাজস্থানৰ উদয়পুৰক ‘সৰোবৰৰ চহৰ’ বুলি কোৱা হয়। শিৱসাগৰতো এনে বহু ডাঙৰ অনেক সৰোবৰ আছে যিবোৰৰ সৌন্দৰ্যীকৰণ কৰি পৰ্যটনস্থল হিচাপে বিকশিত কৰি তোলাৰ যথেষ্ট অৱকাশ আছে। এই দিশত পৰ্যটন বিভাগৰ দৃষ্টি পৰিল নে নাই নাইবা অন্য কোনো কাৰণ আছে জনা নাযায়। অৱশ্যে ইয়াৰ উত্তৰ কেৱল অসম চৰকাৰৰ পৰ্যটন বিভাগেই দিব পাৰিব।

এই পথেৰে নিশা যাত্ৰা কৰাৰ আনন্দই বেলেগ। বাছত চকু জপাই থোৱাহে হয়, টোপনি ক’ত আহে। নাইট চুপাৰবোৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বিভিন্ন গাঁও-চহৰবোৰত গঢ়ি উঠা চাহ-মিঠাইৰ দোকান আৰু ধাবাবোৰৰ বাবে অতি লাভজনক ব্যৱসায়ৰ সুবিধা কৰি দিছে। এঠাইত বাছখন ৰাতিৰ আহাৰৰ বাবে ৰখালে। হোটেলবোৰত উচ্চস্বৰে বাজি থকা হিন্দী চিনেমাৰ গানবোৰৰ সৈতে অসমীয়া চিনেমাৰ গানৰ এক বিচিত্ৰ সংমিশ্ৰণ শুনিবলৈ পোৱা গৈছিল। হোটেল, ধাবা, (অচলতে শুদ্ধ শব্দ আছে- ঢাবা। পাঞ্জাব আৰু হিন্দী প্ৰদেশত ঢাবা শব্দৰই প্ৰয়োগ হয়।)পানৰ দোকান আৰু ৰাস্তাৰ কাষত থকা ডাব নাৰিকলৰ দ’মৰ ওপৰত যাত্ৰী সকলৰ ভিৰ লাগিছিল। মই এখন মাৰোৱাৰী ধাবাত সোমালো। তাত আহাৰ গ্ৰহণ কৰি থকা দুই-এজন লোকৰ কাঁহী দেখি মোৰ মনত সন্দেহ উপজিল। তাত কেৱল নিৰামিষ আহাৰৰহে প্ৰচলন হয় নে নহয় সেই কথা নিশ্চিত কৰিবলৈ মই মনেজাৰজনক অলপ আওপকীয়াকৈ সুধিলো- ‘ইয়াত মাছ-মাংস পোৱা যায়নে?’ তেঁও উত্তৰ দিলে- ‘যদি আপোনাৰ প্ৰয়োজন হয় তেনেহ’লে তাৰ ব্যৱস্থাও কৰি দিব পৰা হ’ব।’ মোৰ সন্দেহ প্ৰমাণিত হ’ল। ৰাতিৰ আহাৰৰ সলনি মিঠাই আৰু অকণমান নিমখীয়া খাদ্য খায়েই ৰাতিটো কটাবলগীয়া হ’ল। বাছখন গুৱাহাটীত উপস্থিত হোৱা সময়ত ৰাতিপুৱাৰ সুকোমল সূৰ্যৰ ৰশ্মিয়ে আমাক স্বাগতম জনাইছিল।

" />
ourheritage123@gmail.com +91 0361-2636365

Current issue

আহোমৰ দিল্লীঃ শিৱসাগৰ

লেখকঃ সাঁৱৰমল সাংগানেৰীয়া

ইতিহাসৰ যাত্ৰা সম্পূৰ্ণ কৰা প্ৰক্ৰিয়াত আগুৱাই গৈ থাকোতে একালৰ আহোম সকলৰ ইতিহাসৰ সাক্ষী হিচাপে থকা প্ৰসিদ্ধ ৰাজধানী গড়গাঁও পালোগৈ। গড়গাঁওৰ চৌদিশে পানীৰে পূৰ্ণ গড়খাৱৈ আছিল যিবোৰ আজিও পানীৰে ভৰি আছে। মুখ্য দুৱাৰেৰে প্ৰৱেশ কৰাৰ লগে লগে সন্মুখত দেখিবলৈ পোৱা যায় কাৰেংঘৰ। ইয়াৰ পৰিসৰৰ বাহিৰত বনভোজলৈ বুলি অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ ভোজ চলি আছিল। মোৰ সন্মুখত থকা কাৰেংঘৰটোৱে আমাৰ ইতিহাসৰ সোণালী দিনবোৰৰ কাহিনীৰ বৰ্ণনা দি থকা যেন লাগিছিল।

কাঠেৰে নিৰ্মিত পুৰণি হোলাংঘৰটো ইং ১৭৬২ চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই শিল আৰু ইটাৰে নতুনকৈ নিৰ্মাণ কৰোৱায়। প্ৰকৃততে সাত মহলীয়া এই কাৰেংঘৰটোৰ এতিয়া চাৰিটা মহলাহে দেখিবলৈ পোৱা যায়। মাটিৰ তলত থকা তিনিটা মহলা দেখিবলৈ পোৱা নাযায়। এই কাৰেংঘৰটোৰ তলৰ পৰা একেবাৰে দিখৌ নৈলৈকে যাব পৰা এটা সুৰঙ্গ আছিল যাক ব্ৰিটিছসকলে পাছত বন্ধ কৰি দিয়ে। ভাৰতীয় পুৰাতত্ব বিভাগে ইয়াৰ মেৰামতি কৰোৱাইছে যদিও সেই সুৰঙ্গটো আজিলৈকে কিয় খুলি দিয়া নহ’ল তাক বুজিব পৰা নাযায়। ইয়াৰ বেৰ, স্তম্ভ আৰু কোঠালীবোৰে গড়গাঁওৰ সেই গৌৰৱশালী অতীতৰ কথাই যোন ঘোষণা কৰি আছে। আমি তাৰ অকোৱা-পকোৱা চিৰিৰে চতুৰ্থ মহলালৈ উঠি গ’লো।

এই গড়গাঁওৰ পৰাই আহোম ৰজাসকলে ৰাজ্যৰ শাসন ব্যৱস্থা চলাইছিল। আজি এই কাৰেংঘৰক বাদ দি সকলোখিনি ভগ্নাৱশেষলৈ পৰিণত হৈছে। একালত ইয়াৰ চাৰিওপিনে তিনিটা বৰ্গাকাৰৰ খাৱৈ আছিল। সেই খাৱৈবোৰত লোৰে নিৰ্মিত বৰদুৱাৰ, নগৰ দুৱাৰ, পানী দুৱাৰ, লিগিৰী দুৱাৰ, ন দুৱাৰ আৰু চাউদাং দুৱাৰ সংলগ্ন আছিল।

ইয়াৰ পাছত গড়গাঁওৰ পৰা শিৱসাগৰলৈ যাবলগীয়া আছে। তাৰ আগতে শিমলুগুৰিলৈ গৈ দুৰ্গা প্ৰসাদ মস্কৰা দেৱৰ তালৈ গৈ তেখেতৰ আত্মীয়তাপূৰ্ণ সহযোগিতাৰ বাবে ধন্যবাদ ঞ্জাপন কৰিলো। তাৰ পৰা ১৮ কি.মি. দূৰত থকা শিৱসাগৰলৈ যোৱাৰ বাবে বাছত উঠিলো। শিৱসাগৰ মোৰ বাবে নতুন নহয়। বাছখনে চহৰত প্ৰৱেশ কৰিবলৈ বেছি সময় নল’লে। আহল বহল আলিবাটৰ দুয়োকাষে থকা কাঠ আৰু টিনেৰে নিৰ্মিত ঘৰবোৰৰ ঠাইত এতিয়া যথেষ্ট সংখ্যক আধুনিক পকী ঘৰ দেখিবলৈ পোৱা যায়। বজাৰখন প্ৰায় সকলো বস্তুৰে ভৰি আছে। ৰাস্তাত ৰিক্সা, অট’ৰিক্সা, ট্ৰাক, কাৰ আদিৰ ভিৰ দেখিবলৈ পোৱা যায়। ইয়াত মোৰ খুলশালীৰ জীয়ৰী পায়েলৰ শহুৰৰ ঘৰ বাবে মোৰ তালৈ যোৱাটো প্ৰয়োজনীয় আছিল। তালৈ যোৱাৰ পাছত জোঁৱাই পঙ্কজ আৰু তেঁওলোকৰ অনুৰোধ ৰক্ষা কৰিবলৈ গৈ মই তাতেই থাকিবলৈ বাধ্য হ’লো। তেতিয়ালৈকে দুপৰীয়া বাৰমানহে বাজিছে। সেয়েহে তাৰ কিছু দৰ্শনীয় স্থান চাই আহিব পৰা যাব বুলি ভাবিলো। পায়েলৰ খুড়া শহুৰ বিনোদ কুমাৰ বুকৰেডীয়াৰ ওচৰত মোৰ ইচ্ছা প্ৰকাশ কৰি অট’ৰিক্সা বা গাড়ী এখনৰ ব্যৱস্থা কৰাই দিবলৈ কোৱাত তেখেতে নিজৰ বিহাৰী কৰ্মচাৰী এজনক মোৰ লগত পঠিয়াই দিলে।