লেখিকাঃ জুপিতৰা দেৱী
লোকসাহিত্য হ’ল চহা মনৰ আৱেগ-অনুভূতি, আশা তথা বাস্তৱ অভিজ্ঞ তাৰ মৌখিক প্ৰকাশ৷ লিখিত সাহিত্য সৃষ্টিৰ আগতে সকলো ভাষাৰ সাহিত্যৰেই প্ৰকাশ ঘটে লোকসাহিত্য অথাৰ্ৎ মৌখিক সাহিত্যৰ মাজেৰে৷ সাধাৰণ অৰ্থত লোকসাহিত্য মানে মানুহৰ মুখে মুখে চলি অহা সাহিত্যৰাজিকেই বুজা যায়৷ অৱশ্যে এই লোকসাহিত্যৰাজিৰ ৰচনাৰ সময় তথা ৰচকৰ শুদ্ধ তথ্য পোৱা নাযায়৷ মুখে মুখে চলি অহা বাবে এই সাহিত্যৰাজিৰ পৰিৱৰ্তনো হৈ থাকে৷
অসমীয়া লোকসাহিত্য হ’ল অসমীয়া সংস্কৃতিৰ, অসমীয়া ঐতিহ্যৰ ধাৰক আৰু বাহক৷ চহা, সৰল লোকৰ জীৱনৰ আশা, ভাৱনা, অনুভূতি তথা বাস্তৱ অভিজ্ঞ তা আদিৰ মৌখিক প্ৰকাশেই এই লোকসাহিত্যৰ মুখ্য সমল৷ অসমীয়া সমাজত লোক জীৱনক সমল হিচাপে লৈ নানা সাহিত্যৰাজিৰ সৃষ্টি হৈছে৷ এই ক্ষেত্ৰত অনুষ্ঠানমূলক, আখ্যানমূলক, বিবিধ বিষয়ক লোকগীত, সাধুকথা, প্ৰবাদ-প্ৰবচন, ফঁকৰা-যোজনা, সাঁথৰ আদিক অন্তৰ্ভুক্ত কৰিব পাৰি৷ লোকসাহিত্যৰ এনে এক অন্যতম সম্পদ হ’ল নিচুকনি গীত৷ এই নিচুকনি গীতসমূহ বিবিধ বিষয়ক গীতৰ অন্তৰ্ভুক্ত৷ সাধাৰণতে শিশুৰ মন ভুলাই ৰাখিবলৈ বা টোপনি নিয়াবলৈ গোৱা নাতিদীৰ্ঘ বা নাতিহ্ৰস্ব গীতসমূহকেই নিচুকনি গীত বুলি কোৱা হয়৷ এই গীতবোৰ ‘ধাইনাম’ হিচাপেও পৰিচিত৷ ‘ধাই’ অথাৰ্ৎ অভিজাত পৰিয়ালসমূহত শিশুক লালন-পালন কৰিবলৈ নিয়োগ কৰা পৰিচাৰিকাৰে সম্পৰ্কিত বাবে এই গীতসমূহক ‘ধাইনাম’ বুলিও কোৱা হয়৷ শিশুক কেন্দ্ৰ কৰি ৰচিত এই গীতসমূহত কল্পনাৰ পয়োভৰ লক্ষ্য কৰা যায়৷ এই গীতসমূহ সহজে মনত ৰাখিব পৰা বিধৰ গীত৷ আকৌ প্ৰায়ভাগ গীতেই চুটিকৈ ৰচিত৷ যিহেতু এইবোৰ শিশুকেন্দ্ৰিক গীত, সেয়েহে শিশুৰ মন বান্ধি ৰাখিব পৰাকৈ মোহনীয় সুৰ তথা অপূৰ্ব শব্দচয়নেৰে এই গীতসমূহ ৰচনা কৰা হয়৷ কোনো কোনো গীতত ইতিহাস তথা সমাজ ব্যৱস্থাৰ সজীৱ চিত্ৰও প্ৰতিফলিত হোৱা দেখা যায়৷
নিচুকনি গীতৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Lullaby’৷ অনাখৰী, চহা মনৰ কল্পনাপ্ৰৱণতাৰে ৰচিত এই গীতসমূহত কেতিয়াবা সৰু সৰু লোককাহিনী সোমাই থকাও দেখা যায়৷ মাতৃ হূদয়ৰ স্নেহৰ স্বতঃস্ফূৰ্ত প্ৰকাশ এইসমূহ গীতত সাৰ্থক ৰূপত প্ৰতিফলিত হয়, য’ত কৃত্ৰিমতাৰ প্ৰলেপ লক্ষ্য কৰা নাযায়৷ শিশুক নিচুকাই নিচুকাই টোপনি নিয়াবলৈ মোহনীয় সুৰেৰে গীতবোৰ গোৱাটোৱেই যেন মাক এগৰাকীৰ প্ৰধান দায়িত্ব৷
পৃথিৱীৰ আন ঠাইৰ দৰে অসমতো নিচুকনি গীতৰ প্ৰচলন বহু পুৰণি৷ অসমৰ বিভিন্ন অঞ্চল তথা জনগোষ্ঠীসমূহৰ মাজতো এই নিচুকনি গীতসমূহ পুৰণিকালৰে পৰা প্ৰচলন হৈ আহিছে৷ শিশুক শিয়ালৰ ভয় খুৱাই টোপনি নিয়াবলৈ গোৱা এটি জনপ্ৰিয় নিচুকনি গীত হৈছে-
“শিয়ালী এ’ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি
শিয়ালীৰ মূৰতে মৰুৱা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ৷”
অতীতত অসমীয়া চহা জীৱনত নিশা হ’লেই গাঁৱৰ পথাৰবোৰত শিয়ালৰ অবাধ বিচৰণ দেখা গৈছিল আৰু শিয়ালৰ মাতত শিশুবোৰ আতংকিত হৈ পৰিছিল৷ শিশুবোৰক শিয়ালৰ নাম লৈ ভয় খুৱাই নিচুকাই নিচুকাই টোপনি নিয়াবলৈ এনেদৰে চেষ্টা কৰিছিল৷ ইয়াৰ মাজেৰে অতীতৰ অসমীয়া গ্ৰাম্য সমাজত ঘটা দৈনন্দিন ঘটনাৰ আভাস পাব পাৰি৷ অসমীয়া সমাজত অতীজৰে পৰা প্ৰচলিত আন এক জনপ্ৰিয় নিচুকনি গীত হ’ল-
“আমাৰে মইনা শুব এ’
বাৰীতে বগৰী ৰুব এ’
বাৰীৰে বগৰী পকি সৰিব
আমাৰে মইনাই বুটলি খাব৷”
অসমীয়া সমাজত মৰমতে শিশুক ‘মইনা’ নামেৰে মতা দেখা যায়৷ শিশু এটিক নিচুকাই নিচুকাই টোপনি নিয়াবলৈ মাক বা ঘৰৰ আন মহিলাসকলে এনেদৰে সুৰীয়া কণ্ঠেৰে নিচুকনি গীত গোৱা দেখা যায়৷
শিশুৰ আকাশ, জোনবাই আদি লৈ উৎসুকতা অধিক৷ সৰুৰে পৰাই জোন, তৰা দেখুৱাই শিশুক ওমলাবলৈ চেষ্টা কৰা পৰম্পৰা অসমীয়া সমাজত বিদ্যমান৷ তেনে এক নিচুকনি গীত হৈছে-
“জোনবাই এ, বেজী এটি দিয়া
বেজীনো কেলেই, মোনা সীবলৈ
মোনানো কেলেই, ধন ভৰাবলৈ৷”
আকৌ, আমাৰ অঞ্চলভেদে কেতবোৰ বিশেষ নিচুকনি গীতৰ প্ৰচলন দেখা যায়৷ তেনে এক নলবাৰী অঞ্চলত প্ৰচলিত নিচুকনি গীত হ’ল-
“ফেচু দোলা, মামাথেৰ বাৰীক গেলা
আম খালা, কঁঠাল খালা
মামাথেৰ ঘৰত কি পালা?”
আকৌ গোৱালপাৰা অঞ্চলত প্ৰচলিত এক নিচুকনি গীত হৈছে-
“আহ আহ জোন কাকা
তোৰ চাৰিপোণ মোৰ চাৰিপোণ
ঘুগৰা গাঁথো আহ৷”
এনেদৰে অঞ্চলভেদে তথা জনগোষ্ঠীসমূহৰ মাজতো নানা নিচুকনি গীতৰ প্ৰচলন দেখা যায়৷ অসমীয়া লোকসাহিত্যত এই নিচুকনি গীতসমূহৰ গুৰুত্ব অপৰিসীম৷ অসমীয়া গ্ৰাম্য জীৱনত প্ৰভাৱ পেলোৱা প্ৰায়বোৰ বিষয়েই এই নিচুকনি গীতসমূহত প্ৰকাশ পোৱা পৰিলক্ষিত হয়৷ মুখে মুখে চলি অহা এই সাহিত্যৰাজিয়ে অসমীয়া লোকসাহিত্যৰ ভঁৰাল চহকী কৰি ৰাখিছে৷ এনে নিচুকনি গীতসমূহ অতীজৰে পৰা চলি অহা গীত আৰু অসমীয়া লোকসাহিত্যত ইয়াৰ স্থান বিশেষভাৱে উল্লেখযোগ্য৷ অসমীয়া লোকসাহিত্যত যিহেতু অসমীয়া সমাজ জীৱনৰ এক স্পষ্ট ছবি পৰিস্ফুট হয় সেয়েহে নিচুকনি গীতসমূহতো অসমৰ গ্ৰাম্য ছবিয়েই প্ৰধানতঃ স্পষ্ট ৰূপত প্ৰতিফলিত হোৱা দেখা যায়৷ অতীজৰ চহা মানুহৰ কল্পনা, সৃষ্টিৰ দক্ষতা আদিৰ পূৰ্ণ প্ৰতিফলন এই নিচুকনি গীতৰ মূল উপজীৱ্য৷ লিখিত সাহিত্য সৃষ্টিৰ আগতেই মুখে মুখে সুৰ, লয়ৰ সমাহাৰেৰে এই ধাইনাম বা নিচুকনি গীতসমূহ প্ৰচলিত হৈ আহিছে৷
অসমীয়া লোকসাহিত্যৰ বিশেষ সম্পদস্বৰূপ এই নিচুকনি গীতসমূহৰ বৰ্তমান সময়তো প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷ পৰিৱৰ্তিত সময়ৰ যান্ত্ৰিক পৰিৱেশত এইসমূহ গীতৰ গুৰুত্ব কিছু পৰিমাণে লাঘৱ হ’লেও ইয়াৰ গুৰুত্ব বা প্ৰয়োজনীয়তা বৰ্তমানেও আছে৷ সিশুৰ মন অতি কোমল, কৌতূহলপূৰ্ণ৷ কল্পনাৰ জগতত শিশুৱে উমলি-জামলি ভাল পায়৷ সেয়েহে শিশুৰ মনোজগতক কেন্দ্ৰ কৰি ৰচিত এই গীতসমূহ শিশুৰ বাবে অতি প্ৰয়োজনীয়৷ শিশুৰ কল্পনাত ৰহণ সানি জোন, বেলি, তৰা, ৰাজকুমাৰ আদিক লৈ ৰচিত কাহিনীৰে সুৰীয়াকৈ গোৱা নিচুকনি গীতে শিশুৰ মনঃস্তত্বত ধনাত্মক প্ৰভাৱ পেলায়৷ এনে গীতে শিশুৰ কল্পনাপ্ৰৱণতা অধিক কৰি তোলে আৰু তেনে কল্পনাপ্ৰৱণতাই পিছত শিশু এটিক ডাঙৰ হৈ সৃষ্টিশীল সাহিত্যৰ সৃষ্টি কৰিবলৈ আগ্ৰহী কৰি তোলে৷ জীৱ-জন্তু, খেল-ধেমালি আদিক কেন্দ্ৰ কৰি ৰচিত নিচুকনি গীতসমূহে শিশুৰ মনত সংগোপনে খেল-ধেমালিৰ প্ৰতি আগ্ৰহ জন্মায়৷ শিশুৰ মানসিক উৎকৰ্ষ সাধনত এই নিচুকনি গীতসমূহৰ অৰিহণা নুই কৰিব নোৱাৰি৷ একেবাৰে সৰু কেঁচুৱা এটিয়েও নিচুকনি গীতৰ অৰ্থ নুবুজাকৈয়ে কেৱল গীতটিৰ সুৰৰ লহৰতেই টোপনি যায়৷ এই গীতসমূহৰ সুৰ অতি কোমল, মমতাৰে ভৰা৷ কোমল সুৰেৰে, ধীৰ কণ্ঠস্বৰেৰে গোৱা এই গীতসমূহে শিশু এটিক কান্দোন পাহৰি শান্তিৰে টোপনি যোৱাত সহায় কৰে৷ নিতৌ এনেদৰে নিচুকাবলৈ ব্যৱহাৰ কৰা এই নিচুকনি গীতসমূহ লাহে লাহে শিশু এটিৰ চিনাকি হৈ পৰে আৰু গীতটি গোৱাৰ লগে লগে শিশুটি অভ্যাসবশতঃ টোপনি যায়৷ এইক্ষেত্ৰত শিশুটিৰ মাতৃ বা আন আত্মীয়ৰো শিশুটিক টোপনি নিওৱা বা নিচুকোৱাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয়৷
বৰ্তমান যুগ যান্ত্ৰিক যুগ৷ ইণ্টাৰনেটৰ বহল প্ৰচলনে পৃথিৱীখন হাততে ঢুকি পোৱাত অভূতপূৰ্ব অৰিহণা যোগাইছে৷ বৰ্তমান মানুহে পুৱা শুই উঠাৰে পৰা ৰাতি শোৱালৈকে বিজ্ঞ ানৰ চমৎকাৰতেই সময় অতিবাহিত কৰিছে৷ বৰ্তমান নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহো হৈ পৰিছে যান্ত্ৰিকতাৰ পৰশেৰে সৃষ্ট৷ বিজ্ঞ ান অবিহনে যেন মানুহে এটা খোজো ইফাল-সিফাল কৰিব নোৱাৰে৷ তেনে এক পৰিৱৰ্তিত সময়ত ম’বাইলৰ বহুল ব্যৱহাৰত কিতাপ, বাতৰি-কাকত আদিৰ প্ৰতি মানুহৰ আকৰ্ষণ কিছু পৰিমাণে হ’লেও যেন হ্ৰাস পাইছে৷ ব্যস্ততাৰে ভৰা বৰ্তমানৰ দিনবোৰত সময়ৰ অভাৱত মাতৃ বা অভিভাৱকে শিশু এটিক সময় খৰচ কৰি নিচুকনি গীত গাই গাই টোপনি নিওৱাতকৈ ম’বাইলতে কিবা এটা ছবি বা ভিডিঅ’ দেখুৱাই আন কামত ব্যস্ত হৈ থকা দেখা যায়৷ আকৌ যৌথ পৰিয়ালৰ পৰিৱৰ্তে একক পৰিয়াল হোৱাৰ যি প্ৰৱণতা তাৰ ফলস্বৰূপে আইতা, পেহী, বৰমা আদিৰ অনুপস্থিতিত একমাত্ৰ মাকগৰাকীয়েই শিশু এটিৰ সকলো দায়িত্ব লোৱাৰ বাবেও যেন এই নিচুকনি গীতসমূহৰ গুৰুত্ব বহু পৰিমাণে লাঘৱ হৈছে৷ তাতে আধুনিকতাৰ পৰশত কেতবোৰ নিচুকনি গীতৰ মূল সুন্দৰতাও যেন ক’ৰবাত হেৰাই যোৱা পৰিলক্ষিত হয়৷ তথাপিও ব্যস্ততাৰে ভৰা এই যান্ত্ৰিক দিনবোৰতো কিছু সময় উলিয়াই শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ লগতে আনন্দ দিয়াৰ বাবে এই নিচুকনি গীতসমূহেৰে শিশুক নিচুকোৱাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি যাৰ জৰিয়তে আমি আমাৰ আপুৰুগীয়া সম্পদস্বৰূপলোকসাহিত্যৰ এই অন্যতম সমল নিচুকনি গীতসমূহক জীয়াই ৰাখিব পাৰিম৷
ভ্ৰাম্যভাষ ঃ ৯৪০১৩৮৯০৪৭