ourheritage123@gmail.com +91 0361-2636365

Current issue

তক্ষশীলাৰ ইতিকথা

লেখক - প্ৰশান্ত কুমাৰ কলিতা

ৰাৱালপিণ্ডিৰ চহৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত, বৰ্তমান পাকিস্থানৰ পাঞ্জাৱ প্ৰদেশৰ অন্তৰ্গত তক্ষশীলা, নিঃসন্দেহে প্ৰাচীন ভাৰতৰ অন্যতম শৈক্ষিক কেন্দ্ৰ ৰূপে প্ৰখ্যাত আছিল। “Notwithstanding the power and wealth of Taxila in ancient days, the information we possess regarding its history is singularly meagre, being drawn in the main from the accounts of Greek or Chinese writers, or laboriously pieced together with the help of coins and a few rare inscriptions. The name of the city was takkasila or thakhasila (in Sanskrit takshasitla), which in Greek and Roman Writers was transcribed as taxila.”(page No.9, A Guide to Taxila by John Marshall, 1918)”

শতপথ ব্ৰাহ্মণৰ দৰে বৈদিক সাহিত্যত উল্লেখ আছে যে দাৰ্শনিক উদ্দালক অৰুণিয়ে গান্ধাৰ অঞ্চল ভ্ৰমণ কৰিছিল। বৌদ্ধ সাহিত্য জাতকত অৰুণি আৰু তেওঁৰ পুত্ৰ শ্বেতকেতুয়ে এই নগৰত শিক্ষা লাভ কৰিছিল বুলি উল্লেখ আছে। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত ৰচনা কৰা পাণিণিৰ অষ্টাধ্যয়ীত তক্ষশীলাৰ উল্লেখ আছে।

তক্ষশীলা আছিল গান্ধাৰ প্ৰদেশৰ ৰাজধানী। ৰামায়ণৰ মতে ৰামৰ ভাতৃ ভৰতৰ তক্ষ আৰু পুস্কল নামেৰে দুজন পুত্ৰ আছিল। ভৰতে গন্ধৰ্ব সকলক পৰাজিত কৰি এজন পুত্ৰ তক্ষক তক্ষশীলাত আনজন পুস্কলক পুস্কলাৱত নামেৰে দুখন নগৰত প্ৰতিষ্ঠাপিত কৰিছিল বুলি উত্তৰাকাণ্ডৰ ১০১ সংখ্যক অধ্যায়ৰ ১০ৰ পৰা ১৬ সংখ্যক শ্লোকত উল্লেখ আছে। এইমতে তক্ষ তক্ষশীলাৰ প্ৰথম শাসক আছিল। আকৌ মহাভাৰতৰ আদি পৰ্বৰ তৃতীয় অধ্যায়ৰ ২০ সংখ্যক শ্লোকত পৰিক্ষীতৰ পুত্ৰ জন্মেজয়ে তক্ষশীলা নগৰ অধিকাৰ কৰাৰ উল্লেখ আছে। এই তক্ষশীলাতেই জন্মেজয়ে সৰ্পমেধ যঞ্জ অনুষ্ঠিত কৰিছিল বুলিও কোৱা হয়।

তক্ষশীলাত প্ৰাচীন কালৰ শৈক্ষিক গতিবিধিৰ বিষয়ে কোনো উল্লেখ পোৱা নাযায়। কিন্তু খ্ৰষ্টপূৰ্ব সপ্তম শতিকাৰ পৰা তক্ষশীলা শিক্ষাৰ কেন্দ্ৰ ৰূপে প্ৰসিদ্ধি লাভ কৰিছিল আৰু ৰাজগৃহ, বাৰাণাসী আৰু মিথিল আদি নগৰৰ পণ্ডিত সকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আলেকজেণ্ডাৰৰ সময়তো এই নগৰ দাৰ্শনিক সকলৰ বাবে বিখ্যাত আছিল, কিন্তু জাতকৰ বাহিৰে আন কোনো উৎসত তক্ষশীলাৰ শৈক্ষিক কাৰ্য্যকলাপৰ বিষয়ে কোনো উল্লেখ পোৱা নাযায়। “That Taxila at this time and during the centuries immediately following enjoyed a great reputation as a University town, famous for the arts and sciences of the day, is evident from numerous passages in the Buddhist Jatiakas; but, apart from this fact, virtually nothing is known of its history prior to the invasion of Alexander the Great.” (page No.9, A Guide to Taxila by John Marshall, 1918)

ৰাজনৈতিক উত্থান-পতনঃ

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত পাৰ্চীয়ান (Persian)সকলে তক্ষশীলা আক্ৰমণ কৰি অধিকাৰ কৰিছিল। তাৰ পাছত খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত ইন্দো-বেক্ট্ৰীয় (Indo-Bactrians)সকলে, খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত চিথীয়ান (Scythians)সকলে, খ্ৰীষ্টাব্দ প্ৰথম শতিকাত কুষাণ (Kushanas)সকলে, তাৰ পাছত পঞ্চম শতিকাত অতি কম সময়ৰ বাবে য়ু-চিচ (Yueh-Chis) সকলে (যি সকলক ক্ষদ্ৰ কুষাণ বুলি জনা যায়) আৰু পঞ্চম শতিকাতে হুন (Hunas)সকলে তক্ষশীলা অধিকাৰ কৰিছিল। বাৰে বাৰে হৈ থকা এনে ৰাজনৈতিক পট পৰিৱৰ্তনৰ কালচোৱাত তক্ষশীলাৰ শৈক্ষিক কাম-কাজৰ কোনো বিৱৰণ পোৱা নাযায়। নগৰৰ বিভিন্ন স্থানত থকা ধ্বংসাৱশেষৰ পৰা বেক্ট্ৰীয়ান, চিথীয়ান আৰু কুষাণ কালৰ তিনিখন ভিন ভিন চহৰৰ অৱস্থিতিৰ প্ৰমাণ পোৱা যায়। এনে ধৰণৰ ক্ৰমাগত বিদেশী আক্ৰমণৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে নগৰখন অতিশয় সমৃদ্ধিশালী আছিল, যাৰ প্ৰভাৱ হয়তো শিক্ষা জীৱনৰ ওপৰতো প্ৰতিফলিত হৈছিল। আনহাতে লক্ষণীয়ভাৱে প্ৰত্যেক বিদেশী আক্ৰমণকাৰীয়ে প্ৰশাসনৰ মুখ্য কাৰ্য্যালয় স্থাপন কৰিছিল তক্ষশীলাত।

শিক্ষাত বিদেশী আক্ৰমণৰ প্ৰভাৱঃ

আনুষঙ্গিক প্ৰমাণৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে পাৰ্চীয়ান আৰু গ্ৰীক সকলৰ দখলত থকাৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত সেইসকলৰ যথেষ্ট প্ৰভাৱ পৰিছিল। লিপি আদি প্ৰামাণিক তথ্যৰ পৰা দেখা যায় যে পাৰ্চীয়ান সকলৰ দখলত থকাৰ বাবে ব্ৰাহ্মী লিপিৰ স্থান দখল কৰিছিল বিদেশী খাৰোষ্ঠী (Kharosthi) বৰ্ণমালাই। চিথীয়ান আৰু কুষাণ সকলৰ নিজস্ব কোনো সংস্কীৰ বা সভ্যতা নাছিল, আনহাতে ইণ্ডো-বেক্ট্ৰীয়ান শাসক সকল আছিল সমৃদ্ধ গ্ৰীক সভ্যতাৰ উত্তৰাধিকাৰী। তেওঁলোকে এক শতিকাতকৈও অধিক কাল শাসনত থকাৰ বাবে তক্ষশীলাৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই সুদীৰ্ঘ কালচোৱাত প্ৰশাসনক সহায় কৰিবলৈ নিশ্চিতভাবে গ্ৰীক ভাষাৰ ঞ্জান থকা কৰ্মচাৰীৰ প্ৰয়োজন হৈছিল। এইটো সম্ভৱ হ’ব পাৰে যে গ্ৰীক ভাষা সাহিত্যৰ ঞ্জান আহৰণ কৰি সেই ভাষাৰ পাঠদান কৰিবৰ বাবে শ্ৰেণীৰ ব্যৱস্থা কৰিছিল আৰু এইদৰে শিক্ষা প্ৰাপ্ত ছাত্ৰ সকলে প্ৰশাসনৰ অধীনত সেৱা আগবঢ়াবলৈ সক্ষম হৈছিল। তক্ষশীলাত শিক্ষাদান কৰা ‘চিপ্প’ (Sippa or silpa or Craft) বিলাকৰ ভিতৰত গ্ৰীক সকলৰ মুদ্ৰা আৰু  ভাস্কৰ্য্য তৈয়াৰ কৰাৰ কৌশল পাঠ্যক্ৰমৰ অন্তৰ্গত আছিল বুলি অনুমান কৰিব পাৰি। তেতিয়ালৈকে স্থানীয় জনসাধাৰণৰ বিদেশী সংস্কৃতিৰ বিৰুদ্ধে কোনো পূবধাৰণা নাছিল বুলিয়েই ক’ব পাৰি। কিছুসংখ্যক গ্ৰীক ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ মনোৰঞ্জনৰ বাবে নাটকৰ অভিনয় অনুষ্ঠিত কৰাও অসম্ভৱ নাছিল। নিশ্চিতভাবে ভাৰতীয় সকলৰ কোনো কোনোয়ে চ’ফেক্লিচ আৰু ইউৰিপিদিচচৰ অধ্যয়ন কিৰ তাৰ ঞ্জান আহৰণ কৰিছিল। অৱশ্যে তক্ষশীলা গ্ৰীক সভ্যতাৰ অভিমূখে যাত্ৰা কৰিছিল বুলি ক’ব পৰা নাযায়। তাৰ বিপৰীতে নিজ দেশৰ সভ্যতা সংস্কৃতিৰ পৰা দূৰত থকা বাবে সোনকালেই বহু ভাৰতীয়-গ্ৰীক বিজেতা, ধীৰে-ধীৰে বিজিত সকলৰ ভাষা-সংস্কৃতিৰ মাজত নিমজ্জিত হৈ পৰিছিল। তক্ষশীলাৰ শিক্ষা পদ্ধতিৰ ওপৰত গ্ৰীক সকলৰ প্ৰভাৱ সম্পৰ্কে কোনো প্ৰামাণিক তথ্য পাতি উপলব্ধ নাই।

সংগঠিত অনু্ষ্ঠান নহয়ঃ

“It may be observed at the outset that Taxila did not possess any colleges or university in the modern sense of the term. It was simply a centre of education. (page No.109, Education in Ancient India, Altekar, 1944)” তক্ষশীলাৰ বিখ্যাত শিক্ষকসকলৰ অধীনত শিক্ষা গ্ৰহণ কৰিবৰ বাবে উত্তৰ ভাৰতৰ সকলো অঞ্চলৰ পৰাই শ শ ছাত্ৰৰ আগমন হৈছিল। কিন্তু এই শিক্ষক সকল বৰ্তমান কালৰ শিক্ষকৰ দৰে কোনো নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ শিক্ষক নাছিল নাইবা তেওঁলোকে কোনো বিশ্ববিদ্যালয়ে নিৰ্দ্ধাৰিত কৰি দিয়া পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা নাছিল। প্ৰত্যেকজন শিক্ষকেই, নিজৰ মেধাবী ছা্ত্ৰ সকলৰ সহযোগত, ব্যক্তিগত বাসভৱনত একোটা অনুষ্ঠান গঢ়ি তুলিছিল। কোনো একক ৰাজকীয় শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত নাছিল বাবেই বিভিন্ন শিক্ষক সকলৰ মাজত কোনো সমন্বয় নাছিল। প্ৰতিজন শিক্ষকেই নিজৰ নিজৰ বিষয়ত কৰ্তৃত্ব সম্পন্ন আছিল আৰু সেইকাৰণেই ভিন-ভিন বিষয়ৰ শিক্ষকৰ মাজত প্ৰতিযোগিতা বা মতানৈক্যৰ প্ৰশ্ন নাছিল। নিজৰ নিজৰ শিক্ষক সকলৰ সম্তুষ্টিৰ পৰ্য্যায় প্ৰাপ্তিৰ লগে লগে ছাত্ৰ বিলাকে শিক্ষা জীৱনৰ সামৰণি  মাৰিব পাৰিছিল। কোনো নিৰ্দ্দিষ্ট সময় সীমা নাথাকিলেও সাধাৰণতে এটা বিষয়ত বুৎপত্তি লাভব বাবে আঠ বছৰৰ সময়ৰ প্ৰয়োজন হৈছিল। শিক্ষাদান প্ৰক্ৰিয়াত এটা বিষয়ত প্ৰথম পৰ্য্যায়ৰ পুঙ্খানুপুঙ্খ ঞ্জান আহৰণ নকৰালৈকে তাৰ পাছৰ পৰ্য্যায়লৈ আগবাঢ়িবলৈ অনুমতি দিয়া হোৱা নাছিল। কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ বাবে ছাত্ৰ বিলাকে কোনো উপাধি বা প্ৰমাণ পত্ৰও লাভ কৰা নাছিল।

ব্যক্তিগত বিদ্যালয়ৰ সামৰ্থঃ

জাতকৰ বিভিন্ন কাহিনীত তক্ষশীলাৰ উল্লেখ আছে। কোনো কোনো জাতকৰ পৃথিৱী বিখ্যাত একোজন শিক্ষকৰ অধীনত পাঁচশ ছাত্ৰই অধ্যয়ন কৰা বুলি কোৱা হয় যদিও ইয়াক বাস্তৱত স্বীকাৰ কৰি ল’ব নোৱাৰি। সোতসোম জাতকত উল্লেখ আছে যে এজন শিক্ষকৰ অধীনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ ১০৩ জন ৰাজকুমাৰে ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ লৈছিল। আগতে উল্লেখ কৰাৰ দৰে সম্ভৱতঃ প্ৰধান শিক্ষকৰ অধীনত, নিজৰেই মেধাবী ছাত্ৰক সহকাৰী শিক্ষক ৰূপে নিয়োগ কৰা হৈছিল আৰু সাধাৰণতে এজন শিক্ষকৰ অধীনত ২০জনতকৈ অধিক ছাত্ৰ থকাৰ সম্ভাৱনা কম আছিল। তক্ষশীলাৰ ধ্বংসাৱশেষৰ পৰা ৫০০ ছাত্ৰ একেলগে বাস কৰিব পৰা কোনো ধৰণৰ বৃহৎ আকৰৰ ছাত্ৰাবাস বা বক্তৃতা কক্ষৰ অৱস্থিতি আছিল বুলি ক’ব পৰা নাযায়।

তক্ষশীলাৰ খ্যাতিঃ

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত শিক্ষাৰ কেন্দ্ৰ ৰূপে তক্ষশীলা অপ্ৰতিদ্বন্দী আছিল। সেই কালত যাতায়তৰ ব্যৱস্থা অতি কঠিন আৰু বিপদজনক আছিল যদিও, বাৰাণসী, ৰাজগৃহ, মিথিলা আৰু উজ্জয়িনীৰ দৰে বহু দূৰৰ নগৰ সমূহৰ পৰা তক্ষশীলালৈ শিক্ষাৰ্থীৰ আগমন হৈছিল। কুৰু আৰু কোশল দেশৰ ছাত্ৰক ইয়াত শিক্ষা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছিল। পৰিস্থিতি এনে আছিল যে শিক্ষা গ্ৰহণৰ অন্তত পুত্ৰ ঘৰলৈ ঘূৰি আহিলে পিতৃ মাতৃ অতিশয় আনন্দিত হৈছিল, কিয়নো তেওঁলোকৰ জীৱদ্দশাতেই পুত্ৰই শিক্ষা গ্ৰহণ কৰি ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম হ’ল। আগতে কোৱা হৈছে যে এসময়ত ভাৰতৰ বিভিন্ন স্থানৰ ১০৩ জন ৰাজকুমাৰ সকলক তক্ষশীলালৈ বিদ্যাশিক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উল্লেখ আছে।

তক্ষশীলাৰ প্ৰসিদ্ধ শিক্ষক সকলৰ বিষয়ে বিশেষ জনা নাযায়। জাতক সমূহত তক্ষশীলাৰ উল্লেখ থাকিলেও এই বিষয়ৰ আন তথ্যৰ অভাৱ। বুদ্ধৰ সমসাময়িক কোশলৰ ৰজা প্ৰসেনজিতে গান্ধাৰৰ ৰাজধানীত শিক্ষা গ্ৰহণ কৰিছিল। পৰম্পৰাগতভাৱে কোৱা হয় যে সংস্কৃত ভাষাৰ প্ৰখ্যাত বৈয়াকৰণিক পাণিণি তক্ষশীলাৰ ছাত্ৰ আছিল। সেইদৰে চন্দ্ৰগুপ্ত মৌৰ্য্যৰ মন্ত্ৰী, অৰ্থশাস্ত্ৰৰ ৰচয়িতা আৰু মগধৰ নন্দবংশ উচ্ছন্ন কৰা কৌটিল্য তক্ষশীলাৰ ছাত্ৰ আছিল। বিম্বিসাৰৰ এজন অবৈধ সন্তান জীৱকে চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ওপৰত সাত বছৰ ধৰি পৃথিৱী বিখ্যাত তক্ষশীলাৰ চিকিৎসা বিঞ্জানৰ শিক্ষকৰ অধীনত শিক্ষা গ্ৰহণ কৰিছিল। কথিত আছে যে জীৱকে সম্ৰাট বিম্বিসাৰক ভগন্দৰ বেমাৰৰ পৰা আৰোগ্য কৰিছিল আৰু ফলস্বৰূপে তেওঁক সম্ৰাট বৌদ্ধ সংঘৰ চিকিৎসক ৰূপে নিয়োগ কৰা হৈছিল। জীৱকে উজ্জয়িনীৰ ৰজা প্ৰদ্যুতক জণ্ডিচ বেমাৰৰ পৰা আৰোগ্য কৰিবলৈ সক্ষম হৈছিল। অস্ত্ৰোপচাৰৰ বাবে জীৱক বিখ্যাত আছিল। এওঁ মূৰৰ বিষত ভোগা এজন চহকী সদাগৰক শয্যাত বান্ধি লৈ শিৰৰ অস্ত্ৰোপচাৰৰ জৰিয়তে ক্ষত স্থানত উৎপন্ন হোৱা কীট উলিয়াই আকৌ চিলাই কৰি আৰোগ্য কৰাৰ উদাহৰণ আছে। আন এজনৰ পাক খাই যোৱা অস্ত্ৰৰ চিকিৎসাও জীৱকে সুকলমে সমাধা কৰিছিল।

বসবাসৰ ব্যৱস্থাঃ

কেৱল উচ্চ শিক্ষা লাভ কৰিবৰ বাবেহে ছাত্ৰ বিলাক তক্ষশীলালৈ আহিছিল। সাধাৰণতে ইয়ালৈ অহা ছাত্ৰবিলাকৰ বয়স ষোল্ল বছৰৰ আশে পাশে আছিল। সাধাৰণ নিয়ম অনুসাৰে তেওঁলোকে শিক্ষকৰ গৃহতে বাস কৰিব লাগিছিল। আৰ্থিকভাৱে স্বচ্ছল ছাত্ৰ সকলে নামভৰ্তিৰ সময়তেই থকা খোৱাৰ খৰছ দিব লগা হৈছিল। বাৰাণসীৰ পৰা অধ্যয়নৰ বাবে অহা ৰাজকুমাৰৰ দৰে ধনী পৰিয়ালৰ ছাত্ৰ সকলে নিজৰ বাবে আচুতীয়াকৈ বসবাসৰ ব্যৱস্থা কৰি লৈছিল। দুখীয়া ছাত্ৰ সকলে দিনৰ ভাগত শিক্ষকৰ গৃহত কৰ্মৰত আছিল আৰু তেওঁলোকৰ বাবে নিশাৰ ভাগত বিশেষ শ্ৰেণী অনুষ্ঠিত কৰা হৈছিল।

উচ্চ স্তৰৰ শিক্ষা আৰু পাঠ্যক্ৰমঃ

তক্ষশীলeক সমসাময়িক কালৰ বৌদ্ধিক জগতৰ প্ৰাণ কেন্দ্ৰ আছিল বুলি ক’ব পৰা যায়। আগতেই কোৱা হৈছে যে তক্ষশীলাত কেৱল উচ্চস্তৰৰ শিক্ষাহে প্ৰদান কৰা হৈছিল। আন অনুষ্ঠানত মাধ্যমিক পৰ্য্যায়লৈকে ঞ্জান অৰ্জন কৰাৰ পাছত কোনো বিষয়ৰ বিশেষ (Specialized) ঞ্জান লাভ কৰিবৰ বাবেহে তক্ষশীলালৈ ছাত্ৰৰ আগমণ হৈছিল। এক কথাত ক’বলৈ গ’লে ঘৰত আৰম্ভ হোৱা প্ৰাথমিক শিক্ষা আৰু আশ্ৰমত লাভ কৰা মাধ্যয়মিক পৰ্য্যায়ৰ শিক্ষা সম্পন্ন হয় আঠ বছৰ বয়সৰ ভিতৰত, মাধ্যমিক পৰ্য্যায়ৰ শিক্ষা সম্পন্ন হয় আঠৰ পৰা বাৰ বছৰ বা তাতোকৈ অধিক বয়সৰ ভিতৰত, সেইবাবে বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ অহাৰ সময়ত ছাত্ৰজনৰ বয়স প্ৰায় কুৰি বছৰ হয়গৈ। তক্ষশীলাৰ সুখ্যাতি ইমানেই বিয়পি গৈছিল যে আৰামদায়ক জীৱন আৰু ঘৰুৱা সুৰক্ষাকো আওকাণ কৰি সমগ্ৰ দেশৰ পৰা শ শ ছাত্ৰৰ ইয়ালৈ আগমণ হৈছিল। বিপজ্জনক আৰু অনিশ্চিত যাত্ৰাৰ বাবে সন্তান সকলক আগবঢ়াই দিয়া অভিভাৱক সকলেও বহু ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল।

আগতে কোৱা হৈছে যে জীৱকে ইয়াত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ শিক্ষা ল’বলৈ আহিছিল আৰু আন ৰাজকুমাৰ আহিছিল ধনুৰ্বিদ্যাৰ শিক্ষা ল’বলৈ? তাৰ বাহিৰেও তিনিখন বেদ, ব্যাকৰণ, দৰ্শন আৰু ওঠৰ বিদচিপ্প (Sippa or silpa or Craft) তক্ষশীলাৰ বিশেষ পাঠ্যক্ৰমৰ অন্তৰ্গত আছিল। ইয়াৰ ভিতৰত আছিল- ১) চিকিৎসা আৰু আস্ত্ৰোপচাৰ, ২) অঙ্কশাস্ত্ৰ, ৩) ধনুৰ্বিদ্যা আৰু সমৰকলা, ৪) পশুপালন, ৫) জ্যোতিৰ্বিঞ্জান, ৬) জ্যোতিষ, ৭) ভৱিষ্যবাণী, ৮) হিচাবৰক্ষক, ৯) ব্যৱসায়, ১০) কৃষি, ১১) পৰিবহন, ১২) যাদুবিদ্যা, ১৩) সৰ্পকলা, ১৪) সম্পদ অনুসন্ধান, ১৫) সঙ্গীত, ১৬) নৃত্য আৰু চিত্ৰাঙ্কণ, ১৭) কমাৰ আৰু ১৮) কাঠিমস্ত্ৰী। পূৰ্বে উল্লেখ কৰা মুদ্ৰা আৰু ভাস্কৰ্য্য তৈয়াৰ কৰাৰ কৌশল পাঠ্যক্ৰমৰ অন্তৰ্গত থাকিলেও হয়তো ই ওঠৰ বিধ চিপ্পৰ অন্তৰ্গত নাছিল। বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত জাতিগত বাধানিষেধ নাছিল। ক্ষত্ৰিয় সকলে ব্ৰাহ্মণৰ লগত বেদ অধ্যয়ন আৰু ব্ৰাহ্মণ সকলে ক্ষত্ৰিয়ৰ লগত ধনুৰ্বিদ্যা শিক্ষা লাভত কোনো বাধা নাছিল। এসময়ত বাৰানসীৰ ৰাজকীয় পুৰোহিতৰ পুত্ৰকো ধনুৰ্বিদ্যা শিক্ষাৰ বাবে তক্ষশীলালৈ প্ৰেৰণ কৰাৰো উদাহৰণ আছে। শিক্ষা গ্ৰহণৰ সমগ্ৰ কালচোৱাত পাঠ্যক্ৰমৰ কোনো সালসলনি হোৱা নাছিল। অৱশ্যে ধৰ্মীয়, ৰাজনৈতিক আৰু সামাজিক কাৰণত তক্ষশীলাৰ পোন্ধৰশ বছৰীয়া অস্তিত্বৰ কালত প্ৰয়োজন অনুসাৰে পাঠ্যক্ৰমৰ সালসলনি হৈছিল। ইতিমধ্যে উল্লেখ কৰা হৈছে যে খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত পাৰ্চীয়ান সকলৰ আক্ৰমণৰ কালত ব্ৰাহ্মী লিপিৰ সলনি খাৰোষ্ঠী (Kharoshthi) লিপি ব্যৱহাৰ আৰম্ভ হৈছিল। আকৌ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত গ্ৰীক সকলৰ উত্তৰাধিকাৰী ইণ্ডো-বেক্ট্ৰীয়ান সকলৰ আগমনৰ সময়তো পাঠ্যক্ৰমত সাল-সলনি হৈছিল। বিশেষভাবে কোন বিষয়ত সাল-সলনি হৈছিল সঠিকভাবে ক’ব নোৱাৰিলেও পাঠ্যক্ৰমৰ মাজলৈ গ্ৰীক ভাষাৰ আগমন হোৱাটো নিশ্চিত। স্থানীয় বহু লোকে গ্ৰীক ভাষা বুজি পাইছিল। শিক্ষক সকল উদাৰ মনোবৃত্তিৰ আছিল আৰু সেইবাবে তেওঁলোকে নতুন উৎসৰ পৰা ঞ্জান আহৰণ কৰিবলৈ কোনো আপত্তি কৰা নাছিল।

খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত চিথীয়ান সকল আৰু খ্ৰীষ্টাব্দ প্ৰথম শতিকাৰ কুষান সকলৰ আগমণ হ’লেও এওঁলোকৰ নিজস্ব সভ্যতা সংস্কৃতিৰ অভাৱত পাঠ্যক্ৰমৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল। পঞ্চম শতিকাৰ হুন সকলৰ আক্ৰমণৰ প্ৰভাৱত পাঠ্যক্ৰমৰ সাল-সলনিৰ কোনো প্ৰমাণ পোৱা নাযায়।

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ মাজভাগত জন্ম পোৱা বৌদ্ধধৰ্মৰ জন্মস্থান তক্ষশীলাৰ পৰা বহু আঁতৰত হোৱা বাবে তক্ষশীলাত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা নগৈছিল আৰু ই বৈদিক শিক্ষাৰ কেন্দ্ৰৰূপে নিজৰ স্থিতি অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু ধীৰে ধীৰে পূব দিশৰ পৰা অহা ছাত্ৰৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পাঠ্যক্ৰমত বৌদ্ধধৰ্মৰ প্ৰৱেশ ঘটিল। দ্বিতীয় শতিকাত মহাযান পন্থী সকলৰ জন্মৰ লগে লগে বৌদ্ধধৰ্মই তক্ষশীলাৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে এটা কথা নিশ্চিতভাবে ক’ব পাৰি যে পাঠ্যক্ৰমত বৌদ্ধধৰ্মৰ অন্তৰ্ভূক্তিৰ অৰ্থ বৌদ্ধধৰ্ম প্ৰচাৰত সহায় আগবঢ়োৱা নহয়, ইয়াৰ উদ্দেশ্য আছিল “To enable the scholars studying at the place to disprove effectively Buddhist teaching’’ (page No. 15, Universities of Ancient India by D.G. Apte)”

বিঞ্জান, কলা আৰু কাৰিকৰী বিদ্যা, সকলো বিষয়তে পুথিগত বিদ্যাৰ আলোচনাৰ সমানে সমানে অনুশীলনৰ ওপৰত জোৰ দিয়া হৈছিল। প্ৰতিটো বিষয়তে পৰিপূৰ্ণ ঞ্জান লাভ কৰোঁতাৰ পৰিপক্কতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

নামভৰ্তিঃ

চণ্ডাল সকলৰ বাহিৰে সকলো জাতিৰ ছাত্ৰৰ বাবে নামভৰ্তি মুক্ত আছিল। শিক্ষাৰ মূলমন্ত্ৰ আছিল ঞ্জান অৰ্জন কৰা। পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰাৰ উদ্দেশ্য কেৱল জীৱিকা অৰ্জনৰ বাবেই নাছিল, কিয়নো প্ৰাচীন ভাৰতত ইয়াক এটা সমস্যা ৰূপে গণ্য কৰা হোৱা নাছিল। শিক্ষাৰ গণতন্ত্ৰত (Democracy of Learning) সামাজিক বা আৰ্থিক অৱস্থা নিৰ্বিশেষে সকলো জাতিৰ ছাত্ৰই একেধৰণৰ নিয়ম-কানুনৰ মাজত জীৱন যাপন কৰিব লাগিছিল। লিখিত তথ্যপাতিৰ অভাৱ হ’লেও এইটো নিশ্চিত যে নামভৰ্তিৰ প্ৰক্ৰিয়া অত্যন্ত, সহজ নাছিল। অতিশয় কঠিন পৰীক্ষাৰ অন্ততহে ছাত্ৰৰ নামভত্তি সম্ভৱ হৈছিল। দৰাচলতে শিক্ষকসকল সদায় ভাল ছাত্ৰৰ বাবে লালায়িত আছিল আৰু এনে ছাত্ৰ পাবৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰিছিল। “One such prayer when translated stands thus, "O Creator, Just as water flows to the lower level, just as months pass incessantly, so many Brahmacharins (Young pupil) come to me.’’ (page No. 20, Universities of Ancient India by D.G. Apte)”

আৰ্থিক অৱস্থাঃ

ছাত্ৰ সকলৰ বাবে মাছুল আদায় দিয়াত বাধ্যবাধকতা নাছিল। আৰ্থিকভাবে স্বচ্ছল ছাত্ৰ সকলে নামভৰ্তিৰ সময়তেই থকা খোৱাৰ খৰচ দিব লগা হৈছিল। ৰাজকুমাৰ বা তেনে ধনী শ্ৰেণীৰ লোকে নিজৰ বসবাসৰ বাবে আচুতীয়া ব্যৱস্থা কৰিছিল। দুখীয়া ছাত্ৰ সকলে দিনত গুৰুগৃহত কাম কৰিছিল আৰু তেওঁলোকৰ বাবে নিশা শ্ৰেণীৰ ব্যৱস্থা কৰা হৈছিল। মাছুল লোৱাৰ নিয়ম নাছিল। দৰাচলতে, মাচুল গ্ৰহণ কৰি শিক্ষা দান কৰা কাৰ্যক অধাৰ্মিক বুলি বিবেচিত কৰা হৈছিল আৰু ধৰ্ম গ্ৰন্থত ধনৰ বিনিময়ত ছাত্ৰক শিক্ষা দান কৰা সকলৰ বিৰুদ্ধে বিশেষ নিষেধাঞ্জা সন্নিবিষ্ট আছিল। আনহাতে বাধ্যতামূলকভাবে ধন গ্ৰহণ কৰা অৰ্থাৎ বেতন গ্ৰহণ কৰা শিক্ষক সকলৰ বিৰুদ্ধে সেই কালৰ নিয়ম অনুশাৰে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। মনুসংহিতাত এনে শিক্ষক সকল একে শাৰীতে আসন গ্ৰহণ কৰাৰ অযোগ্য বুলি কোৱা হৈছে। প্ৰকৃততে একোজন শিক্ষক আৰু তেওঁৰ সহকাৰী সকলৰ সৈতে সৃষ্টি হোৱা একোটা গোট এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল। প্ৰয়োজনীয় সকলো সামগ্ৰী সহজভাবে উপলব্ধ হোৱা বাবে এই উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰ আৰ্থিক সঙ্কটৰ সন্মুখীন হোৱা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল। আধ্যাত্মিকতা, ত্যাগ, নিঃস্বাৰ্থ সেৱা আৰু প্ৰগাঢ় ঞ্জানৰ প্ৰতি আকৰ্ষিত হৈ বহু সম্পদশালী লোকে শিক্ষক সকললৈ বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছিল। বহু অভিভাৱকে শিক্ষা গ্ৰহণৰ প্ৰাৰম্ভতে বা শিক্ষাগ্ৰহণৰ অন্তত উদাৰ ভাবে সৱল ছাত্ৰ এজনৰ দৰেই সকলো সা-সুবিধা ভোগ কৰি নিজৰ ইচ্চানুসাৰে শিক্ষা গ্ৰহণ কাৰ্য্য সমাপ্ত কৰিব পাৰিছিল। এইটো সঁচা যে শিক্ষা গ্ৰহণ সম্পূণ হোৱাৰ পাছত শিক্ষাৰ্থীজনে শিক্ষকজনক কৃতঞ্জতাৰ চিনস্বৰূপে যথাসাধ্যে দক্ষিণা দিছিল, কিন্তু তাৰ পৰিমাণ ছাত্ৰজনৰ শিক্ষাৰ বাবে হোৱা খৰচৰ সমানে পৰ্যাপ্ত নাছিল।

অন্তিম পৰ্যায়ঃ

খ্ৰীষ্টীয় শতিকা আৰম্ভ হোৱাৰ পৰা তক্ষশীলাৰ শৈক্ষিক কামকাজ সম্পৰ্কে কোনো তথ্য পোৱা নাযায়। প্ৰথম শতিকাত কুষাণ সকল আহিছিল আৰু তেওঁলোকে খ্ৰীষ্টীয় ২৫০ শতিকালৈকে ৰাজত্ব কৰি আছিল। কুষাণ সকলৰ শিক্ষা বিস্তাৰৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। তথাপিও কুষাণ সকলৰ ৰাজত্ব কাললৈকে তক্ষশীলাৰ গুণ গৰিমা অটুট আছিল বুলি ক’ব পাৰি। কুষাণ সকলৰ পাছত অতি কম সময়ৰ বাবে তক্ষশীলা অধিকাৰ কৰিছিল য়ু-চিচ (Yueh-Chis) সকলে। তেওঁলোকৰো শিক্ষা দীক্ষাৰ প্ৰতি কোনো আগ্ৰহ নাছিল। এওঁলোকৰ শাসনকালত তক্ষশীলা অতিকৈ ক্ষতিগ্ৰস্ত হয়। পঞ্চম শতিকাৰ প্ৰথম ভাগত চীনা পৰিব্ৰাজত ফাহিয়ানে ভ্ৰমণকালত তক্ষশীলাত শিক্ষামূলক কামকাজৰ প্ৰয়োজনীয় কোনোধৰণৰ গতিবিধি দেখা পোৱা নাছিল। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ মাজ ভাগত হুন সকলৰ আগমণ হয় আৰু ইতিমধ্যে মৃতপ্ৰায় তক্ষশীলা বিস্মৃতিৰ গৰ্ভত বিলীন হৈ যায়। সপ্তম শতিকাত ভাৰত ভ্ৰমণ কৰা হিউয়েন চাঙৰ সময়লৈ তক্ষশীলাত একো বাচি থকা নাছিল। এনেদৰেই অকালৰ শিক্ষাৰ উৎকৃষ্ট কেন্দ্ৰ ৰূপে খ্যাত তক্ষশীলা কোনো দিনে উভটি আহিব নোৱাৰাকৈ অতীতৰ বুকুত সোমাই পৰিল।

টোকাঃ

খাৰোষ্ঠীঃ The Kharosthi script, also spelled Kharoshthi or Kharosthi was an ancient Indian script used in Gandhara (Now Pakistan and Eastern Afghanistan) to write Gandhari Prakrit and Sanskrit. It was used in Central Asia as well. An abugida (Which is a writing system that is neither a syllabic nor alphabetic script, but somewhere in between. It has sequences of consonants and vawels that are written as a unit, each based on the consonant letter. Vowels must be written down as well, but they are secondary), it was introduced at least by the middle of the 3rd century BCE, possibly during the 4th century BCE, and remained in use until it died out in its homeland around the 3rd century CE. It was also in use in ude in Bactria, the Kushan Empire, Sogdia (Sogdia or Sogdiana was an ancient Iranian civilization) and along the Silk Road, where there is some evidence it may have survived until the 7th century in Khotan and Niya, both cities in Xinjiang (Officially Xinjiang Uygur Autonomous Region or XUAR, is an autonomous region of the people's Republic of China, located in the northwest of the country).

সহায় লোৱা গ্ৰন্থঃ

১)John Marshall, A Guide to Taxila published by Superintendent Gocernment Printing, India, 1918

২)A.S. Altekar, Education in Ancient India published by Nand Kishore & Brothers, 1944

৩)D.G. Apte, Universities of Ancient India, Published by Faculty of Education and Psychology, Maharaja Sayajirao University of Baroda

৪)Ramayana (Uttarakanda) by Manmatha Nath Dutt, Published by Self, 1894

৫)Hari Prasad Shastri, The Ramayana of Valmiki Published by Shanti Sadan,1952

৬)Mahabharata published by Gita press,

৭)গুৱাহাটী বিশ্ববিদ্যালয়, মহাভাৰত, ২০১৭