ourheritage123@gmail.com +91 0361-2636365

Current issue

নামনি অসমৰ জনপ্ৰিয় পৰিবেশ্য কলা-নাগাৰা নাম

লেখকঃ ধীৰেণ শইকীয়া

নাগাৰা নাম নামনি অসমৰ জনপ্ৰিয় পৰিবেশ্য কলা। প্ৰধানতঃ অসমীয়া সমাজত নাগাৰা নাম, ওজাপালি, ভাওনা আদি পৰিবেশ্য কলাই যুগে যুগে শান্তি তথা আধ্যাত্মিক পৰিৱেশ বৰ্তাই ৰাখিবৈল সক্ষম হৈছে। অসমত মহাপুৰুষ শংকৰদেৱৰ আগৰে পৰা এই নাগাৰা নাম পৰিবেশনৰ পৰম্পৰা আছিল বুলি জনা যায়। নাগৰা নামৰ এটি দলে ৰামায়ন, মহাভাৰত, শ্ৰীমদ্ভাগৱত, বিভিন্ন পুৰাণ-উপপুৰাণৰ বিভিন্ন আধ্যাত্মিক কাহিনীক জনসাধাৰণৰ আগত পৰিকল্পিতভাৱে গীত, কথা, বাদ্য আৰু অভিনয়ৰ মাজেদি প্ৰকাশ কৰে। প্ৰধানতঃ ৰাজহুৱা তথা বিভিন্ন পূজা তথা অন্যান্য উৎসৱ অনুষ্ঠান, ঘৰুৱা সকাম-নিকাম আদিত এই নাগাৰা নাম পৰিৱেশন কৰি আধ্যাত্মিক চিন্তা-চৰ্চাৰ পৰিৱেশ এটা সৃষ্টি কৰা হয়। কেইবাজোৰা তাল, নাগাৰা, দবা হাতচাপৰি আদিৰে নাগাৰা নামৰ দলটিয়ে নাম পৰিৱেশন কৰে।

পোন্ধৰ-বিশজনীয়া পালিৰে নাগাৰা নামৰ দল এটা গঠন হয়। নাগাৰা নাম লগাই দিয়া পাঠকজনে আধ্যাত্মিক কাহিনী এটা জনসাধাৰণৰ মাজত আগবঢ়াই নিয়াৰ স্বাৰ্থত সুন্দৰ গীত, মাত পৰিৱেশনৰ সমান্তৰালভাৱে সুন্দৰ অভিনয় কৰিব পাৰিলে সহজতে জনপ্ৰিয় হোৱা দেখা যায়। পাঠকজনে কাহিনীটো উপস্থাপন কৰোতে কান্দিব, হাঁহিব পৰাৰ লগতে অন্যান্য আনুভৱিক দৃশ্যবোৰ উপস্থাপন কৰিব পাৰিব লাগে। এয়াই দলটোৰ জনপ্ৰিয়তাৰ মূল চাবিকাঠি।

ৰামচৰণ ভৰালী, কৈলাশ তালুকদাৰ, বৈজয়ন্তী তালুকদাৰ আদিৰ নাগাৰা নামৰ দল হ’ল সাম্প্ৰতিক অসমৰ জনপ্ৰিয় নাগাৰা নামৰ দল। একোটা বৃহৎ অঞ্চলৰ ৰাইজে আজিও নাগাৰা নাম শুনিবলৈ অধীৰ আগ্ৰহেৰে গোটেই নিশা উজাগৰে থাকি নাম চোৱা দেখা যায়। বিশেষকৈ গ্ৰাম্যাঞ্চলত এই দৃশ্য সুলভ।

আজিকালি পুৰুষ আৰু মহিলাৰ উভয়ৰে নাগাৰা নামৰ দল আছে। আধ্যাত্মিক জটিল কাহিনী এটা নাম, অভিনয় আদিৰে দৰ্শক ৰাইজৰ আগত প্ৰকাশ কৰি ভাগৱত ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰাই নাগাৰা নামৰ প্ৰধান উদ্দেশ্য। মুদ্ৰা, তাল, মান, লয়, সুৰ, অভিনয় ভাল হ’লে নাগাৰা নাম পৰিৱেশনৰ পিছতে দৰ্শক ৰাইেজ শকত ধনেৰে পাঠক বা দলটোক পুৰষ্কৃত কৰাও দেখা যায়।

নাগাৰা নামে স্বীকৃতি পালে পলমকৈঃ

নাগাৰা নাম অন্যতম লোক সংস্কৃতি যদিও চৰকাৰীভাৱে স্বীকৃতিৰ পৰা বহু বছৰ ধৰি এলাগি হৈ আছিল এই কৃষ্টিবিধ। ১৯৯৮ চনত নাগাৰা নামে পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী স্বীকৃতি হিচাপে নাগাৰা নামৰ যাদুকৰ ৰামচৰণ ভৰালীলৈ শিল্পী-পেঞ্চন আগবঢ়ায়, এয়া নাগাৰা নাম চৰ্চা কৰা পাঠকসকলৰ বাবে গৌৰৱ আৰু উৎসাহৰ কথা। জনামতে ৰামচৰণ ভৰালীদেৱে বৰ্তমানলৈ চাৰে চাৰিকুৰি অডিঅ’ কেছেটত নাম পৰিৱেশন কৰিছে আৰু পাইছে কেইবাটাও পুৰষ্কাৰো। ইয়াৰ উপৰি কেইবাখনো নাগাৰা নামৰ ভি.চি.ডি. নিৰ্মাণ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিছে। নতুন প্ৰজন্মৰ একাংশই ভালদৰে পৰিশীলিত ৰূপত নাগাৰা নাম আয়ত্ব তথা পৰিৱেশন কৰি লোক-সংস্কৃতি বিধৰ প্ৰচাৰ ঘটোৱাত আজি ই বহুলাংশে ব্যৱসায়িক পৰ্যায়লৈ গুছি গৈছে। এয়াও নিঃসন্দেহে ইতিবাচক কথা।

সাম্প্ৰতিক কালত নাগাৰা নাম কোন পথেঃ

সস্তিয়া জনপ্ৰিয়তা লাভৰ বাবে একাংশই এই কৃষ্টিটোক বিকৃত কৰাৰ চেষ্টা চলোৱা দেখা গৈছে। বহুতে বেলেগ সুৰ, বেলেগ ভাৱ-ভংগী আনি বিকৃত কৰিছে নাগাৰা নামক। উদাহৰণস্বৰূপে, কিছুমান পাঠকে নাম পৰিৱেশনৰ সময়ত ‘চাৰ্কাচিয়’ প্ৰথা প্ৰয়োগ কৰি ভৰিৰে বাজনা বজাইছে, কিছুমানে মুখেৰে তাল বজাইছে, কোনোবাই দাঁতেৰে নাগাৰা দাঙি ধৰিছে। বহু সময়ত লঘু কথাও উপস্থাপন কৰিছে নামত।

নাগাৰা নামৰ গীত মাতৰ সুৰতো অসমীয়া জনপ্ৰিয় গীতৰ সুৰ নকল কৰি তাৰ সুৰেৰে নাম পৰিৱেশন কৰি লোক-সংস্কৃতিবিধক একেবাৰে তৰল কৰিব ধৰা দেখা গৈছে ই পৰিতাপৰ কথা।

এনেদৰেই যদি চলি থাকে তেন্তে বিহুগীত বিকৃত হোৱাৰ দৰে নাগাৰা নামো বিকৃত হ’ব।

নাগাৰা নামৰ জনপ্ৰিয়তাৰ কাৰণঃ

উল্লেখ যে, নাগাৰা নামৰ প্ৰতিটো কাহিনীতে শিকিবলগীয়া একো একোটা আদৰ্শমূলক নীতিশিক্ষা ধৰ্মৰ জয়- অৰ্ধমৰ পৰাজয়, কৃষ্ণ প্ৰভাৱ থাকিলে সকলো সম্ভৱ, অহংকাৰ আদি বদ-স্বভাৱ সদায় পতনৰ মূল, পিতৃ-মাতৃৰ প্ৰতি ভক্তি আদি। নাগাৰা নামত থকা হাস্য ৰস, কৰুণ ৰস, বীৰ ৰস আদিয়ে আজিও মানুহক সহজেই আৰ্কষণ কৰে। নাগাৰা নামৰ ভাষা সহজ, সৰল আৰু থলুৱা সুৰ এটাই অনবৰতে নাগাৰা নামৰ মাজত বিৰাজমান হৈ থাকে বাবে ইয়াক সকলো বয়সৰ আৰু সকলো বৃত্তিৰ লোকে সহজে গ্ৰহণ কৰে।

(লেখক পঞ্চদীপ জাতীয় বিদ্যালয়, নুনমাটিৰ অধ্যক্ষ, ফোনঃ ৯১০১৯-১১২৯৪)