ourheritage123@gmail.com +91 0361-2636365

Current issue

'জীৱশ্ৰেষ্ঠ মানুহতকৈ চৰায়ে বেছি গছ ৰোৱে,আমি কেৱল গছ কাটোহে': যাদৱ পায়েং

লেখক - ধীৰেন শইকীয়া

 

মানুহজনৰ দৈনিক কেইবাডালো গছপুলি ৰোৱাটো এটা অভ্যাস। এতিয়াও তেওঁ দোকমোকালিতে উঠি এফালৰ পৰা সদায় তেওঁৰ সেউজ হাবিখনৰ চৌদিশে ঘুৰি ফুৰে,মাজে মাজে দেশে বিদেশে অৰন্য সংৰক্ষনৰ কথা কবলৈ সভা সমিতিলৈও যায়। তেওঁৰ হাবিখনত গঁড়,হৰিণ,বাঘ, শিয়াল, জহামাল, বান্দৰ, বনকুকুৰা, হাতী,বিবিধ প্ৰজাতিৰ সৰীসৃপ, পখিলা আদিয়ে চৰি ফুৰে,পিছে সকলোবোৰকে তেওঁ নিজৰ পুত্ৰ যেন জ্ঞান কৰে,সিহতেওঁ মূৰ দাঙি এবাৰ চাই একো অপকাৰ নকৰে চিনাকী মানুহজনক। 'মোকেই কাট,তথাপি তহঁতে মোৰ মৰমৰ গছবোৰ নাকাটিবি'- মানুহজনে তাহানি এনেকৈ কৈয়েই নিজহাতে ৰোৱা গছবোৰ কাটিবলৈ অহা এচাম অসাধু লোকক বাধা দি অৰণ্যখন বচাইছিল। মানুহজনে ইমান বছৰে ক'ৰ ক'ৰ পৰা যে গছৰ পুলি,গুটি আনি ৰুইছিল! আজিও মানুহজনৰ বাবে সেয়া সাঁচতীয়া স্মৃতি। ৰ'ব, বেছি দীঘলীয়া নকৰি চিনাকী কৰি দিও মানুহজনৰ লগত।নাম তেওঁৰ যাদৱ পায়েঙ।

অৰণ্য মানৱ,যোৰহাটৰ ককিলামুখৰ নিবাসী, পদ্মশ্ৰী যাদৱ পায়েঙে পত্নী, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত বাস কৰে।1963 চনত জন্ম গ্ৰহন কৰা পায়েঙৰ পিতৃ লক্ষীৰাম পায়েং আৰু মাতৃ আফুলি পায়েং। এইগৰাকী যাদৱ পায়েঙে সৰুৰে পৰা গছগছনি ৰোপনৰ বাবেই জীৱন উচৰ্গা কৰি আহিছে। জনামতে,এটা সময়ত  হাতীৰ বাবে অত বছৰে সুকীয়াকৈ তেওঁ ৰোৱা বিবিধ গছগছনি কাটিব বিছৰাত চাপৰিটোৰ ৰাইজক যাদৱ পায়েঙে বাধা দিছিল। পিছে, যাদৱ পায়েঙক ভাবুকিহে দিছিল ৰাইজে। তেতিয়া তেওঁ হেনো গছবোৰক মৰমেৰে সাৱতি ধৰি কৈছিল— মোকেই কাট,তথাপি তঁহতে গছবোৰ নাকাটিবি। আনকি তেওঁ গাওঁবাসীক বুজাইছিল যে গছ নথকাৰ বাবেই খাদ্যৰ অন্বেষনতহে হাতীবোৰ আহিছে; গতিকে আমি সকলোৱে এনেয়ে চন পৰি থকা মুকলি ঠাইবোৰত হাতীৰ খাদ্যৰ বাবে বাঁহ,কলগছ আদি ৰুবলৈ আৰম্ভ কৰিলে  হাতীৰ আক্ৰমণৰ পৰা বাচিব পাৰিম,তেতিয়াই হস্তী মানুহৰ সংঘাতো নাথাকিব।হাতীয়ে সেইবোৰ গছগছনি খাই নিজেই অন্য ঠাইলৈ গুচি যাব,আগবাঢ়ি নাহে গাঁৱৰ ফালে। পৰৱৰ্তী সময়ত এই কথা ৰাখিয়েই হাতীৰ বাবে ৰোৱা গছগছনিৰ বাবেই চাপৰীটো হাতীৰ আক্ৰমনৰ পৰা বাচিছিল।

বিগত কেইবা দশক ধৰি অকলেই গছ গছনি ৰোপন কাৰ্যত নিজৰ জীৱন উৰ্চগা কৰা উজনি অসমৰ জনপ্ৰিয় যাদৱ পায়েঙক অঞ্চলটোত আগৰে পৰা মুলাই পায়েং বুলিয়েই জানে।তেওঁ নিজে গঢ়ি তোলা 'মূলাই হাবি'ৰ বৰ্তমানে মাটি 1,360 একৰ / 550 হেক্টৰ। এতিয়া সেইখন হাবি গঁড়,হৰিণ,বাঘ, শিয়াল, জহামাল, বান্দৰ, বনকুকুৰা, হাতী,বিবিধ প্ৰজাতিৰ সৰীসৃপ, পখিলা আদিৰ ৰম্যভূমি হৈ পৰিছে। জনামতে, মুলাইৰ কাঠনিবাৰীখনতে গৰু-ম’হৰ খুটিও আছে।প্ৰকৃতি সম্পৰ্কীয় জ্ঞান বিষয়ত নীৰৱ কৰ্মী যাদৱ পায়েং আজি হৈ পৰিছে সমগ্ৰ বিশ্বৰে এক মেটমৰা ভঁৰাল,এক কিংবদন্তি সুপুৰুষ।প্ৰকৃতি আমাৰ আত্মা বুলি বিশ্বাস কৰা এই মানুহজনৰ বিষয়ে নেচনেল জিঅগ্ৰাফি, বিবিচি,ডিস্কভাৰি আদি জনপ্ৰিয় চেনেলবোৰে  বিভিন্ন তথ্যচিত্ৰ তথা প্ৰতিবেদনো সম্প্ৰচাৰ কৰিছে।আনকি ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় স্তৰৰ সংবাদ মাধ্যমটো তেওঁৰ বিষয়ে বহু প্ৰতিবেদন প্ৰকাশ হৈছে যাৰ ফলত কেইবছৰমানৰ ভিতৰতে প্ৰকৃতি সংৰক্ষন বিষয়ত সমগ্ৰ বিশ্বতে তেওঁ বিখ্যাত হৈ পৰিছে।

অৰুণা চাপৰিত মানুহজনে কি দৰে গঢ়িছিল মুলাই কাঠনি

যাদৱ পায়েঙৰ আৰ্থিক অনাটনৰ বাবেই তেওঁৰ  অধ্যয়ন জীৱন আধাতে যতি পৰিল বুলি জনা যায়।তাৰ পিছত নামি পৰিল জীৱন যুঁজত, এটা সময়ত জীৱিকাৰ সন্ধানত বিভিন্ন ঠাই ঘূৰি অৱশেষত নিজৰ চাপৰিটোলৈ উভতি আহি প্ৰথমে তাতেই গৰু-ম'হ পুহি গাখীৰৰ ব্যৱসায় আৰম্ভকৰিছিল।

অৰুণা চাপৰি যোৰহাট জিলাৰ ককিলামুখৰ পৰা পাঁচ কিঃমিঃ দূৰৈত অৱস্থিত এখন বালিময় চাপৰি। বহু বছৰ আগতে, ইয়াত গোলাঘাটৰ ছছিয়েল ফৰেষ্ট্ৰি ডিভিজনে দুশ হেক্টৰ মাটিত এক বনানিকৰণ আঁচনি কৰিছিল, য'ত বিশেষভাৱে জড়িত আছিল যাদৱ পায়েঙ। পাঁচ বছৰীয়া এই প্ৰকল্পটোৰ এগৰাকী শ্ৰমিক হিচাপে জড়িত থকা মূলায়ে অন্তঃকৰণেৰে প্ৰকল্পটোৰ লগত জড়িত থাকি তেওঁ ৰোৱা গছবোৰ প্ৰতিপালন কৰিয়েই দীৰ্ঘদিন থাকিল। তেওঁৰ উদ্যোগতে লাহে লাহে গঢ় ললে এখন অৰণ্যই, যাক পিছলৈ 'মুলাই কাঠনি' ৰূপে বিখ্যাত হৈ পৰিল। তেওঁৰ কাঠনিত অৰ্জুন,এজাৰ,মজ, গুলমোহৰ,কৰৈ,শিমলু,শাল,চেগুন,তিতাচপা আদি অলেখ মূল্যবান গছ আছে, তিনিশ হেক্টৰ মাটিত কেৱল বাহেই ৰুইছে মূলায়ে। প্ৰতি বছৰে হাতীৰ বৃহৎ জাক এটাই এই অৰণ্য খনৰ মাজেদি পাৰ হৈ যায়।1979 চনত চৰকাৰী বন বিভাগৰ ছছিয়েল ফৰেষ্ট্ৰিৰ এই প্ৰকল্পৰ পিছতো মূলাইৰ এই কৰ্মযজ্ঞ তেওঁ চলাই ৰাখিছিল, প্ৰায়েই গছপুলি সংগ্ৰহ কৰি তাৰ ৰোপন কাৰ্য নিয়মীয়াকৈ কৰি আছিল তেওঁ। 2008 চনতহে চৰকাৰী বন বিভাগৰ লোকসকলে অৰুণা চাপৰিৰ পৰা কিছু দূৰৈৰ হাতীৰ জাক এটা খেদিবলৈ গৈ গম পালে ইমান বছৰে নীৰৱে গছপুলি ৰোপন কৰি অৰুণা চাপৰিত গঢ়ি উঠা 'মূলাই কাঠনি'ৰ গঢ়ি তোলা খবৰটো। এটা সময়ত এনেদৰেই সকলোৰে সমুখলৈ আহিল মূলাই অৰ্থাৎ যাদৱ পায়েঙৰ বিষয়টো।

1979 চনৰ কথা,সেইবাৰ জেঠ মাহত বাৰ খৰ মাৰিছিল,চৌদিশে বিগত বছৰতকৈ গৰমৰ উৎপাত বহু বাঢ়িছিল,গ্ৰীষ্মকালৰ অত্যন্ত গৰমৰ সময়ছোৱাত তেওঁ বানপানীত উটি অহা সাপ কেইডালমান পানী শুকাই যোৱাৰ পিছত মুকলি বালিত পৰি থকা দেখিছিল। কিছুমান সাপ ৰ'দত  জঠৰ হৈছিল,কিছুমান মৰিছিল। গৰু ম'হবোৰে উৎকট গৰম সহ্য কৰিব নোৱাৰি পানীলৈ নামি গৈছিল। তেওঁক বহু দিনলৈ সাপকেইডালৰ মৰি পৰি থকাৰ মৰ্মান্তিক দৃশ্যটোৱে খুন্দিয়াই থাকিল,উৎকট গৰমৰ ফলত আৰু পানীৰ অভাৱত কিদৰে দুৰ্বিসহ হব পাৰে জীৱজন্তু তথা মানুহৰ জীৱন বহু সময় ভাবি থাকিল কথাটো। এটা সময়ত তেওঁ এই কথা গাঁৱৰ মানুহকো কৈছিলগৈ। তেতিয়া তেওঁলোকে চাপৰিটোত বাঁহগছ ৰুবলৈ পৰামৰ্শ দিলে।তেওঁলোকৰ কথামতে পায়েঙেও প্ৰথমে ৫০ টা বাঁহৰ মূঢ়াৰ সৈতে অন্যান্য গছপুলি ৰোৱা কাম আৰম্ভ কৰি দিলে।তেতিয়াৰে পৰা তেওঁ অৰুণা চাপৰিত আজিলৈকৈ বিবিধ গছ পুলি ৰোপন আৰু প্ৰতিপালনত দেহেকেহে জড়িত হৈ আহিছে।লাহে লাহে পলসুৱা চাপৰিটোত তেওঁ তাহানিতে ৰোৱা গছপুলিবোৰ ক্ৰমান্বয়ে ডাঙৰ হবলৈ ধৰিলে,এনেকৈয়ে এবছৰ দুবছৰকৈ এই কাম কৰি থাকোতে থাকোতে ঠাইখনত চকুৰ আগত হাবি এখনৰেই সৃষ্টি হ'ল, চাওতে চাওতে হাবিখনৰো পৰিসৰ বৃদ্ধি হৈ যাবলৈ ধৰিলে। হাবিখন গঢ় লোৱা দেখি দূৰৈৰ ঠাইবোৰৰ পৰাও আহিল বহু জীৱ জন্তু, এনেকৈয়ে গঢ়ি উঠিল মানৱ সৃষ্ট এই অৰণ্য এখনৰ। কেতিয়াবা নিজেই এই হাবিত যাদৱ পায়েঙে বাঘে জীৱ জন্তু চিকাৰ কৰি খোৱাও দেখিছে,পিছে সিঁহতে কেতিয়াও তেওঁক আক্ৰমন কৰা নাই বুলিও সংবাদ মাধ্যমক জনাইছিল পায়েঙে। জনামতে,বৰ্তমান তেওঁৰ সেই হাবিখনত প্ৰায় চাৰি হাজাৰ এশ বিঘাতকৈও অধিক মাটি আছে।

বহু স্বীকৃতি আহিল তেওঁলৈ

যাদৱ পায়েঙে কৰা মহৎ কৰ্মৰাজিৰ বাবে তেওঁলৈ ইতিমধ্যে বহুতো বঁটা আহিল।২০১২ চনত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে যাদৱ পায়েঙক 'ভাৰতৰ অৰণ্য মানৱ' উপাধি প্ৰদান কৰে।২০১২ চনত তেওঁক 'চেংচুৱেৰি এছিয়া ৱাইল্ড লাইফ' বঁটাও প্ৰদান কৰা হয়।২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁক ভাৰতবৰ্ষৰ চতুৰ্থ সৰ্বোচ্চ সন্মান 'পদ্মশ্ৰী' প্ৰদান কৰা হয়।২০১৫ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।

যাদৱ পায়েঙৰ কিছুমান কথাৰে
    
বহুতে আত্মপ্ৰচাৰৰ বাবেও আজিকালি প্ৰকৃতি সংৰক্ষণত ব্যস্ত থাকি অত ত'ত অলপ অচৰপ কাম কৰি থকা সময়ত এইগৰাকী নীৰৱ প্ৰকৃতি কৰ্মীয়ে সংবাদ মাধ্যমৰ পৰা দূৰৈত থাকিও পৰিৱেশ বিষয়ক জনসজাগতাৰ বাবেই দেশৰ বহু ভিতৰুৱা অঞ্চললৈ নিজে গৈ ৰাইজক গছগছনি ৰোৱাৰ উপযোগিতা তথা গুৰুত্ব সম্বন্ধে বহু তত্বগধুৰ কথা কৈ আহিছে। তেওঁ কয়ঃ'জীৱশ্ৰেষ্ঠ মানুহতকৈ চৰায়ে বেছি গছ ৰোৱে,আমি কেৱল গছ কাটোহে।'এক বৃক্ষ দশ পুত্ৰ সম'এই বানী আমি পাহৰি আজি যধে মধে  গছ গছনি কাটি নিজৰ বিপদ নিজেই মাটিছো, আমি এই গছ গছনি ৰোপনৰ সজাগতা সৰুৰে পৰা স্কুলতে শিকাব লাগিব।তেতিয়াহে উত্তৰ প্ৰজন্মই এইবোৰ অভ্যাসলৈ মন দিব।' তেওঁ এবাৰ সাংবাদিকক কৈছিলঃ'জীৱ জন্তুক আক্ৰমন নকৰিলে কোনো জীৱজন্তুৱে নিজে পোনতে মানুহক আক্ৰমন নকৰে,সিহঁতে বহু সময়ত ভীতিগ্ৰস্ত হলে বা অজানিতে সিঁহতৰ পথত আমি বাধা দিলে আমাক আক্ৰমন কৰে,আচলতে সিঁহত আমাৰ বন্ধুই,কেৱল আমিহে সিঁহতক বন্ধুভাৱে নলও।

এবাৰ আন এটা সাক্ষাৎকাৰত সাংবাদিকৰ আগত তেওঁ কৈছিল:মানুহে গছ ৰোপণ নকৰি আজিৰ দৰে গছ কাটি থাকিলে ভয়ানক সংকটৰ সন্মুখীন হব লাগিব। মই বহু বিজ্ঞানৰ কথা নাজানো,কিন্তু এটা কথা জানো যে গছ গছনি যুগে যুগে আমাৰ বন্ধু হৈয়েই আছে,হৈ থাকিবও।আমিহে প্ৰকৃতিৰ এই আহ্বান বুজা নাই,কেৱল পাহাৰবোৰ, সাতামপুৰুষীয়া অৰণ্যবোৰ ইমান পঢ়াশুনা কৰিও কাটি তহিলং কৰি আছো। আগতে আমাৰ গাওঁবোৰত কিমান হাবি আছিল,ক'ত গ'ল সেই হাবিবোৰ,আমাৰেই কোনোবাই কাটি ঘৰ দুৱাৰ বনোৱা নাই নে,বহু নগৰ চহৰ আজি পাহাৰ কাটি অৰণ্য কাটি খাষ্টাং কৰি তাত অবাধ বেদখল কৰিহে গঢ়ি উঠিছে।গতিকে আমি  নিজকে ভবিষ্যতে বাচিবলৈ প্ৰকৃতি সংৰক্ষনত ব্যস্ত নাথাকিলে নহব। মোৰ মুঠ কথা আমি গছ কাটিব নালাগে বহু কেইটা কাৰণতঃ গছে বায়ুমণ্ডলক অক্সিজেন দিয়ে, বানপানীৰ সময়ত গৰাখহনীয়া ৰোধ কৰে,গছে বৰষুনৰ পানী মাটিৰ তললৈ বৈ নি সুন্দৰ ভাৱে আমাৰ বাবেই জমা কৰি ৰাখে,গছ কটাৰ ফলত পৃথিৱীজুৰি বতাহৰ সোঁত হ্ৰাস হয়, গছ কাটিলে অক্সিজেন হ্ৰাস হৈ গোলকীয় উষ্ণতা বঢ়াই, গছ গছনি থাকিলে জীৱজন্তুৰ থকাৰ এক আশ্ৰয়স্থলী হয়,গছগছনিয়ে আমাক ফল মূল তথা বিবিধ খাদ্যদ্ৰব্য তথা ঔষধো যোগান ধৰে, বায়ুমণ্ডলত অহৰহ উৎপাদিত কাৰ্বন ডাই অক্সাইড গছগছনিয়ে নিজৰ খাদ্যপ্ৰস্তুত কৰণত ব্যৱহাৰ  কৰি প্ৰাকৃতিক ভাৰসাম্যতা ৰাখি আহিছে,গছে তাৰ পাতত থকা পত্ৰহৰিতৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা সূৰ্যৰ পোহৰত নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰে,সিঁহতে নিজৰ খাদ্য প্ৰস্তুত কৰোতেও আজিৰ পৃথিৱীৰ ডাঙৰ সমস্যা কাৰ্বন ডাই অক্সাইডহে (সমগ্ৰ বিশ্বতেই কাৰ্বন ডাই অক্সাইড বৃদ্ধি ডাঙৰ সমস্যা ৰূপে থিয় দিছে)লয়,পিছে আমি নুবুজি সেই মৰমীয়াল গছগছনি ৰুবলৈ চেষ্টা নকৰি কাটোহে। আমি প্ৰকৃতিক শ্ৰদ্ধা মৰম কৰিলেহে এইখন পৃথিৱী সুন্দৰ হৈ থাকিব। প্ৰকৃতিৰ প্ৰতি মৰম,ভক্তি কৰাৰ কথা অতীজৰে পৰা শংকৰদেৱ আদি মহাপুৰুষসকলেও কৈ গৈছে। 
                  
কেইবাখনো তথ্যচিত্ৰৰ মাজেদি মানুহজন

সাংবাদিক,লেখক জিতু কলিতাই 2012 বৰ্ষত 'দ্য মুলাই ফৰেষ্ট' নামৰ এখন তথ্যচিত্ৰ নিৰ্মান কৰিছিল যিখন জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় পৰ্যন্ত জনপ্ৰিয় হৈছিল। আচলতে এইখনৰ পিছতহে যাদৱ পায়েং বিখ্যাত হৈছিল বুলিব পাৰি। ইয়াৰ পাছতেই যাদৱ পায়েঙৰ কৰ্মজীৱনৰ ওপৰত আৰতি শ্ৰীবাস্তৱে 'ফৰেষ্টিং লাইফ' নামৰ আন এখন তথ্যচিত্ৰ নিৰ্মান কৰে। 2013 চনতে উইলিয়াম ডগলাছ মেকমাষ্টাৰে নিৰ্মান কৰিছিল 'ফৰেষ্ট মেন' নামৰ যাদৱ পায়েং বিষয়ক 23 মিনিটৰ আন এখন তথ্যচিত্ৰ। বিবিচিৰ জনপ্ৰিয় অনুষ্ঠান 'ট্ৰেভল শ্ব'ত 2017 চনৰ মাৰ্চ মাহতে ৰাজন ডটাৰে সম্প্ৰছাৰ কৰিছিল যাদৱ পায়েঙ বিষয়ক এখন প্ৰতিবেদন য'ত তেওঁৰ এই নীৰৱে প্ৰকৃতি সংৰক্ষনত ব্যস্ত থকা জীৱনটো মুকলিভাৱে দেখুৱা হৈছিল। যাদৱ পায়েঙৰ ওপৰত 'Jadav and the Tree-Place'  নামেৰে ইংৰাজী ভাষাত বিনায়ক বাৰ্মাই এখন শিশু গ্ৰন্থও লিখিছে।